মই তোমাক কেনেকৈ ভাল পাওঁ – মেঘালী চলিহা

মোৰ এগৰাকী প্ৰিয় কবি এলিজাবেথ বেৰেট ব্ৰাউনিঙৰ এটা জনপ্ৰিয় কবিতা how do I love theeৰ মই কৰা অসমীয়া ভাৱানুবাদ আপোনালোকলৈ আগবঢ়াইছোঁ৷

 

মই তোমাক কেনেকৈ ভাল পাওঁ

মেঘালী চলিহা

 

মই তোমাক কেনেকৈ ভাল পাওঁ?

মোক গণনা কৰিবলৈ দিয়া,

মই তোমাক ভাল পাওঁ মোৰ আত্মাই ঢুকি পোৱা

অতল গভীৰতা, সমুদ্ৰ বিস্তৃতি

আৰু উচ্চতম শিখৰ পৰ্যন্ত।

যেতিয়া তোমাক অনুভৱ কৰোঁ দৃষ্টিৰ অগোচৰে,

মোৰ অস্তিত্ব আৰু আদৰ্শ সৌন্দৰ্যবোধৰ

শেষ সীমনালে,

মই তোমাক ভাল পাওঁ

প্ৰতিদিনৰ উৰ্দ্ধতম পৰ্যায়ত

সবাতোকৈ নীৰৱ প্ৰয়োজন ৰূপে,

সূৰ্য্যৰ প্ৰখৰতাত বা মমৰ স্নিগ্ধতাত

মই তোমাক ভাল পাওঁ মুক্তভাৱে।

যেনেকৈ মানুহে অক্লান্তভাৱে

নিজৰ প্ৰাপ্যৰ সন্ধান কৰে,

মই তোমাক ভাল পাওঁ

মুগ্ধতাৰ পৰা উদ্ভৱ হোৱা নিৰ্মলতাৰে

ভাল পাওঁ তোমাক পুৰণি শোকৰপৰা

জন্ম হোৱা আসক্তিৰে

আৰু মোৰ আশৈশৱ বিশ্বাসেৰে।

মই তোমাক ভাল পাওঁ

মোৰ মানস পটত হেৰাই যোৱা দেৱোপম সকলৰ প্ৰতি

লুপ্ত পোৱা প্ৰেমেৰে,

ভাল পাওঁ তোমাক সমগ্ৰ জীৱনৰ

শ্বাস-প্ৰশ্বাস, হাঁহি আৰু চকুলোৰে,

আৰু অধিক ভাল পাম মই তোমাক

মোৰ মৃত্যুৰ পৰৱৰ্তী কালছোৱাত

যদি ঈশ্বৰে বিচাৰে…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!