“মডার্ণ ৰামায়ণ” (লোচন জুমন বৰদলৈ)
“মডার্ণ ৰামায়ণ”
লোচন জুমন বৰদলৈ
পূজা আহিল
দাম বাঢ়িল
শৰৎ গৈ ভৰত হ’ল
ৰামৰ আকৌ বনবাস হ’ল।
সীতায়ে দিলে উচুপি
লক্ষণে চালে জুপি জুপি
ৰামৰ আকৌ টেনচন হ’ল
কিয়নো এতিয়া বনতো বোলে বহুত দোকান হ’ল।
তাতে হনুমানকো আজিকালি দেখিবলে নাই
চৰকাৰৰ “ৰোজগাৰ” যোজনাত অন্তর্ভুক্তি পাই!
সীতায়েও কৈ দিছে নবনাই বোলে ভাত জুইত
লাগিলে খাব অকল ফ্রুইট।
তাকে শুনি ৰামৰ থিয় হৈ যায় চুলি পকা,
এ’ ফৰ আপেলৰে দাম দেখোন এতিয়া ৩০০টকা!
কিবা এটা ভাবি ৰাম ওলাই যায় খোজকাঢ়ি
সীতাৰ সন্মুখেদি পাৰ হৈ যায় ‘চিটিগ’ল্ড’ৰ বেপাৰী।
সীতায়ে লক্ষণক কৰে জোৰ,
লক্ষণে কয় সাৱধান, হ’ব পাৰে সেইটো কোনোবা ৰাৱণ-চোৰ!
সীতায়ে দিলে ফেঁকুৰি
লক্ষণো গ’ল আঁতৰি
লক্ষণৰেখা বুলি সীতাৰ হাতত দি গ’ল এখন খুকুৰি।
তেনেতে দুৱাৰত পৰিল টোকৰ,
সীতাৰ লৰি গ’ল গোটেই গাৰ ভৰ
লাহেকৈ দিলে দুৱাৰ খুলি
দেখিলে এজন চিনাকি ভিখাৰী।
সোমাই আহিল ৰাৱন
পিছে পিছে দেখোন ৰাম-লক্ষণ!
ৰাৱনে বোলে মোক পুজিবা নিতে
তেতিয়াহে থাকিবা সুখে
এতিয়া মই নকৰো একো আপি চুৰি
মনুষ্যৰ সংগেই থাকো ঘুৰি-ফুৰি
কাৰণ মইয়েই ৰাৱন ৰূপী মূল্যবৃদ্ধি!!
Bor bhal