মহিম বৰালৈ শ্ৰদ্ধাৰে………… — নিবিড় অনুৰাগ মানস
মহিম বৰালৈ শ্ৰদ্ধাৰে…………
-নিবিড় অনুৰাগ মানস
সেউজীয়া সপোনত ডুবা
কাঠনিবাৰীখন হঠাতে উদং হ’ল
‘ৰঙা জিঞা’ খেদা সপোন এটা
আইৰ শীতল কোলাত থমকি ৰ’ল
‘এধানী মাহী’য়ে এমোকোৰা হাঁহিৰে
সাধু কথাৰ পাত আওঁৰোৱা মানুহজন
ফুল নুফুলা ৰাতি এটা হ’ল
‘পুতলা ঘৰ’ৰ দৰেই কঁপি কঁপি
উশাহবোৰত জী উঠিল ‘মাছ’
আৰু চিৰন্তন অজস্ৰ মাছৰ চিঠি
শেষজাক বৰষুণত তিতিব খোজা মানুহজন
‘বহুভূজী ত্ৰিভুজ’ৰ পাৰ বিছাৰি
‘এখন নদীৰ পাৰত’ নোহোৱা হ’ল
হেৰোৱা দিগন্তৰ মায়া লাগি
‘মোমাইদেউৰ বলীয়া ঘোঁৰা’তো
নাজানো কাৰ ‘বৰযাত্ৰী’ হ’ল
(নৈখনে এতিয়াও চাই আছে
পাখিলগা মনৰ চৰাই
আৰু ‘কাঠনীবাৰী ঘাট’ত
উমলা ‘দেহা গৰকা প্ৰেম’ )