মহিলা খেলুৱৈসকলৰ পাৰদৰ্শিতা – শৰ্মিলা বৰুৱা
বৰ্তমান সময়ত পঢ়াশুনাৰ লগতে খেলা-ধূলা বিষয়টোও গুৰত্বপূৰ্ণ হৈ পৰিছে৷ এই খেলা-ধূলাই আমাৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আৱেগিক সৰ্বাংগীণ বিকাশ সাধন কৰে৷ সেয়ে খেলা-ধূলাটো আজিৰ দিনত প্ৰয়োজনীয় হৈ পৰিছে৷ দৈনিক অনুশীলনৰ জৰিয়তে এজন ভাল খেলুৱৈ হোৱাটো সম্ভৱ৷ কিন্তু আমাৰ মহিলাসকলৰ ক্ষেত্ৰত দৈনিক অনুশীলন কৰাটো সম্ভৱ হৈ নুঠে৷ তথাপি মহিলাসকলে যদি সেই বাধা অতিক্ৰম কৰি আগুৱাই যোৱা যায়, তেন্তে তেওঁলোকে জীৱনত নিশ্চয় সফলতা লাভ কৰিব পাৰিব৷
আজিৰ দিনত পুৰুষসকলৰ লগে লগে মহিলাসকলো বহুদূৰ আগুৱাই গৈছে৷ কিছু কিছু ক্ষেত্ৰত শাৰীৰিক দিশৰ দুৰ্বলতা হেতুকে যদিও পুৰুষৰ সমানে সমানে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম নহয়, তথাপি অনুশীলনৰ জৰিয়তে মহিলাসকল বহুদূৰ আগুৱাই গৈছে৷
এজন ভাল খেলুৱৈয়ে নিজৰ পাৰদৰ্শিতাৰ বলত অতি সহজে এজন মেধাৱী ছাত্ৰৰ দৰে ভাল কলেজ এখনত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰে৷ বৰ্তমান সময়ত আমাৰ সমাজত প্ৰচলিত শিক্ষা ব্যৱস্থাই এইটো বৰ ভাল সুবিধা আগবঢ়াইছে৷ বছৰটোৰ বেছিভাগ সময় অনুশীলন কৰি তথা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খেলুৱৈসকলে অধ্যয়নৰ কাৰণে যথোপযুক্ত সময় পাঠ্যপুথিৰ বাবে উলিয়াব নোৱাৰে৷ আৰু এটা ভাল সুবিধা এয়ে যে ৰাষ্ট্ৰীয়পৰ্য্যায়ৰ খেলুৱৈ বা তাত পুৰস্কাৰ প্ৰাপ্ত খেলুৱৈ সকলক চৰকাৰে তেওঁলোকৰ ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰি স্থানপ্ৰাপ্ত খেলুৱৈসকলক বিভিন্ন বিভাগত একো একোটা চাকৰিৰ সুবিধা কৰি দিয়ে৷ এই ক্ষেত্ৰত চৰকাৰখনৰ পদক্ষেপ প্ৰশংসনীয়৷ তদুপৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহুতো ভাল ভাল মহিলা ক্ৰীড়াবিদে বিভিন্ন ঠাইত নিজে একো একোখন প্ৰশিক্ষণ কেন্দ্ৰ খুলি কণ কণ লৰাছোৱালীবোৰক প্ৰশিক্ষণ দি নিজেও স্বাৱলম্বী হৈছে৷
খেল-ধেমালিয়ে মহিলাসকলক আৰু এটা দিশত অৰিহণা যোগায়৷ সাধাৰণতে এগৰাকী মহিলা এজন পুৰুষতকৈ শাৰীৰিকভাৱে দুৰ্বল হয়৷ কিন্তু এই খেলধেমালিৰ মাধ্যমেৰে যি শাৰীৰিক অনুশীলন কৰা হয়, সেই অনুশীলনৰ জৰিয়তে আমাৰ মাংসপেশীবিলাক শক্তিশালী হৈ থাকে আৰু তেজৰ চলাচল সুস্থিৰ হৈ থাকে৷ ইয়াৰ ফলত শাৰীৰিকভাৱেও সুস্থ হোৱা যায়৷ শৰীৰটো সুস্থ সবল হৈ থাকিলেহে মানুহৰ মনটো সুস্থ হৈ থাকে৷ সেয়েহে কোৱা হয়, এটা সুস্থ মনতহে সুস্থ মানসিকতাৰ সৃষ্টি হয়৷ এই বিলাক কাৰণতে খেলা-ধূলাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ এগৰাকী খেলুৱৈয়ে কোনো প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন আগবঢ়ালে খেলুৱৈ গৰাকীৰ লগতে অঞ্চলটোৰ তথা দেশখনৰ মান বহুখিনি আগবাঢ়ি যায়৷ উদাহৰণস্বৰূপে মেৰী কম নামটো শুনাৰ লগে লগে আমি প্ৰথমে মণিপুৰ ৰাজ্যৰ আৰু দ্বিতীয়তে ভাৰতৰ কথা মনলৈ আনো৷
আন্তঃৰাজ্যিক পৰ্য্যায়ৰ এজনী খেলু্ৱৈয়ে আৰ্থিকভাৱে সুন্দৰকৈ স্বাৱলম্বী হ’ব পাৰে৷ মাথোঁ ইয়াৰ বাবে লাগে কঠোৰ অনুশীলন৷ তথাপিতো সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাসে মহিলাসকলক ক্ৰীড়াক্ষেত্ৰত আগবঢ়াত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে৷ এবাৰ দুগৰাকী খুব পাৰ্গত ‘খো’’খো’ খেলুৱৈ বিদ্যালয়ৰ পৰা উচ্চপৰ্য্যায়ত খেলিবলৈ সুবিধা লাভ কৰিছিল৷ পিছত দুয়োজনী আহি মোক ক’লে যে তেওঁলোকক অভিভাৱকে ঘৰৰ পৰা হাফপেণ্ট পিন্ধি খেলাৰ অনুমতি প্ৰদান নকৰে৷ কাৰণ এগৰাকীৰ দেউতাক কামাখ্যাৰ পূজাৰী আছিল আৰু আনজনী এগৰাকী মুছলমান সম্প্ৰদায়ৰ ছোৱালী আছিল৷ সমাজৰ প্ৰচলিত কুসংস্কাৰসমূহে এনেদৰেই প্ৰতিভাৱান ছোৱালীকেইজনীৰ ক্ৰীড়াৰ প্ৰতি থকা মনোভাৱটো সম্পূৰ্ণৰূপে বিপৰীতমুখী কৰি তুলিলে৷
অৱশ্যে এনে কুসংস্কাৰ আৰু সামাজিক ব্যাধিসমূহ আঁতৰাই আমাৰ মহিলাসকল যদি আগবাঢ়ি যায় তেন্তে সমাজৰ যথেষ্ট উন্নতি হ’ব৷
ক্ৰীড়াৰ দ্বাৰা আমাৰ সমাজত সহযোগিতা, বন্ধুত্ব, মিলাপ্ৰীতি, আত্মীয়তা আদি মনোভাৱৰ প্ৰচাৰ হয়৷ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই ঘাট প্ৰতিঘাট থাকেই৷ এগৰাকী প্ৰতিযোগীয়ে যদি এই সকলোবোৰ প্ৰতিহত কৰি নিয়মিত অনুশীলনৰ জৰিয়তে খেলৰ প্ৰতি আসক্ত হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে, তেতিয়াহ’লে তেওঁলোকৰ জৰিয়তেই এখন সুস্থ সমাজ গঢ় লৈ উঠিব৷