মাছুৱৈৰ দুখ (- যজ্ঞেশ্বৰ নাথ)


ওৰে দিনটো জালখন লৈ নৈতে কটালে
মাছটোহে জালত নপৰে
নপৰেহে নপৰে!
তথাপিতো মাছুৱৈৰ দুখ নাই
ভাবিলে, এহ নৈখনতে মাছ নাই।
যেতিয়াই গাৰ বোকা-লেতেৰা ধুই বামত উঠিলে
তেতিয়াই এজাক পানী ছিটিকাই মাছটো জঁপিয়াই উঠিলে!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!