মাছৰ কণী সৰিয়হৰ সৈতে–সাধনা দেৱী দাস

উপকৰণঃ

মাছৰ কণী ২৫০ গ্ৰাম
নিমখ, হালধি সোৱাদ অনুযায়ী
পিয়াজ ২টা
আদা দীঘলীয়াকৈ এটুকুৰা
নহৰু ৫, ৬ ফুটা
বিলাহী ২টা
জলকীয়া ৩টা
জিৰা ১চাহ চামুচ
ধনিয়া ১চাহ চামুচ
জলকীয়া গুৰি ১চাহ চামুচ
ধনীয়া পাত ৫, ৬ ডাল মান

প্ৰণালীঃ

মাছৰ কণীখিনি এটা পাত্ৰত পানী অলপ দি সিদ্ধ কৰি ল’ব। পানীৰ পৰা টুকি লৈ টুকুৰা-টুকুৰ কৰি কাটি লʼব। ‌এতিয়া কেৰাহীত তেল গৰম কৰি কণী পিচ বোৰ নিমখ হালধি সানি অলপ ফ্ৰাই কৰি উঠাই লʼব। প্ৰয়োজন অনুসৰি তেল দি মিহিকৈ কুটা পিয়াজ, আদা, নহৰুৰ পেষ্ট দি ভাজি লʼব। বিলাহী, কেঁচা জলকীয়া মিক্সিত পেষ্ট বনাই তাতে দি জিৰা, ধনীয়া, জলকীয়া গুৰি অলপ দি পৰিমাণ মতে হালধি আৰু সৰিয়হ বটা দুচামুচ দি মছলাখিনি তেল বিৰিঙালৈকে ভাজি লʼব। তাৰপিছত পানী অলপ দি, সোৱাদ অনুসৰি নিমখ দি, ফ্ৰাই কৰা কণীখিনি দিব। তাৰপিছত অলপ সময় উতলিবলৈ দিব। উতলা গ্ৰেভিখিনি নিজৰ আন্দাজমতে ৰখাই ধনিয়া পাত কাটি নমাই পৰিবেশন কৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!