অভিনন্দন ইউ এ ই [এম বি আৰ এচ চি]—-ৰঞ্জন ভূঞা

ৱাও! ..প্ৰথমবাৰৰ বাবে আৰবে মঙ্গল গ্ৰহলৈ যান পঠাইছে। যদিহে এই ধনৱন্ত দেশখনে অযৌক্তিকতা তথা ধৰ্মৰ পৰিৱৰ্তে যুক্তিবাদ আৰু বিজ্ঞানৰ বাবে বেছি সময় দিয়ে আৰু তাৰ নৱপ্ৰজন্মক আকৰ্ষিত কৰিব পাৰে তেনেহলে সঁচাকৈয়ে এইয়া বহুত ভাল কথা।
আজিলৈকে মঙ্গল যাত্ৰাৰ একচেটিয়া গৰ্ব আছিল মাৰ্কিন মহাকাশ গৱেষণা সংস্থা “NASA”, ইউৰোপীয়ান স্পেচ এজেন্সি (ESA), ভাৰতৰ “ISRO” আৰু ৰাছিয়াৰ “Roscosmos”। শেহতীয়াকৈ আমিৰশাহিৰ “মহম্মদ বিন ৰশিদ স্পেচ চেণ্টাৰ(MBRSC)”য়েও ইয়াত নাম অন্তৰ্ভুক্ত কৰিছে।
উল্লেখযোগ্য যে এতিয়ালৈকে কোনো এখন মুছলিম প্ৰধান দেশে মঙ্গললৈ যান পঠিওৱা নাই, যদিহে এই অভিযান সফল হয় তেন্তে UAE হ’ব মঙ্গলত গৈ পোৱা বিশ্বৰ প্ৰথমখন মুছলিম প্ৰধান দেশ।
জাপানৰ তানেগশিমা স্পেচ চেণ্টাৰৰ পৰা তাৰ স্থানীয় সময় অনুযায়ী যোৱা ১৯ জুলাই ২০২০ তাৰিখে ৬ বাজি ৫৮ মিনিটত জাপানৰ পৰা তৈয়াৰী এটি ৰকেটৰ সহায়ত এই মহাকাশ যানখনে মঙ্গল অভিমুখে উৰা মাৰে। ৰকেটৰ উৎক্ষেপণ ও মহাকাশত তাৰ নিয়ন্ত্ৰণৰ দায়িত্বত থাকে জাপানৰ কণ্ট্ৰোল ৰুম।
আৰবী ভাষাত এই মহাকাশযানখনৰ নাম দিয়া হৈছে ‘আল-আমাল’ অৰ্থাৎ ‘আশা’।
আমিৰশাহিৰ মঙ্গল-অভিযানত ইয়াৰ নাম ৰখা হৈছে ‘Hope Mars Mission’।
যানখনৰ দৈৰ্ঘ্য ২.৩ মিটাৰ আৰু উচ্চতা ২.৯ মিটাৰ, ওজন প্ৰায় ১৩৫০ কেজি।
”আশা”য়ে মঙ্গল গ্ৰহত গৈ পাবলৈ সময় ল’ব প্ৰায় ২০০ দিন।
আনহাতে, ২৩ জুলাই ২০২০ লৈকে চীনেও “China National Space Administration(CNSA)ৰ সহায়ত প্ৰথমবাৰৰ বাবে মঙ্গললৈ মহাকাশযান পঠিওৱাৰ কথা আছে। এই মিছনটোৰ নাম হ’ল “তিয়ানওয়েন-১”(Tianwen-1)।
২০৩০ চনত মঙ্গল গ্ৰহলৈ মানুহ নিব পৰা হ’ব বুলি নাচা খুবেই আশাবাদী।
যিকোনো এখন দেশেই যদিহে ধৰ্মতকৈ বিজ্ঞান-যুক্তিবাদৰ দিশত বেছি গুৰুত্ব দিয়ে তেন্তে সেইখন দেশত সভ্য নাগৰিকৰ সংখ্যা বৃদ্ধি পাব আৰু সমাজ ব্যৱস্থা সু-শৃংখলিতভাৱে পৰিচালিত হোৱাৰ লগতে বিশ্বৰ মানচিত্ৰত সগৌৰৱেৰে নিজকে সুখ-শান্তিৰ দেশ বুলি পৰিচয় দিবলৈ সক্ষম হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!