মাটিৰ মানুহে বয় শিলৰ বোজা ( বিশাল অনুৰাগ )
শিলৰ বোজা বৈ ভাগৰি জিৰায় মাটিৰ মানুহ
জোনাকে জাল গোঁঠে পাছবাৰীৰ তামোলনিত
টোকোৰাৰ বাহত শুই পৰে এমা-ডিমা সপোন
কুঁৱাত ডুবি মৰে এধানি আকাশ
নুমায় চাকি
নুনুমায় ভোক
বাঁহনি ডৰাৰ বুকু কুৰুকি
চেঁচা বতাহজাকে বোৱাই আনে এটি সুহুৰি
কঁপি উঠে জুপুৰিৰ উশাহ
কেৰমেৰাই সৰে শোৱা চাঙৰ ঘুণ
খৰমৰাই ছিগে ফিচিকা কেঁথাৰ খাঁকৰু
বাদুলিৰ ডেউকা বান্ধি ঢপঢপায়
গোঁসাই ঘৰৰ মূধৰ কলপাত
খেচনিত পিতপিতায় বাৰীৰ কালিকা
শেৱালিৰ স’তে সৰে এৰাতিৰ সুখ নে দুখ
অভাৱী অসুখ এটাই ছটফটায় নিয়তিৰ কাৰুণ্যত
ঘিটমিট এচোতাল ছাঁই
ছানি ধৰে আশাৰ তুলসী
চহৰৰ আকাশত নক্ষত্ৰ
ইয়াত মৰা জোন
চহৰবোৰ শিল আৰু পোহৰৰ
গাঁওবোৰ মাটি আৰু এন্ধাৰৰ ।