মানুহ, লুইত আৰু যাযাবৰ সত্তা : ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত গীতৰ এক সামাজিক পাঠ (ড° ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি হিচাপে)

লেখক- ড° মৃণাল জ্যোতি গোস্বামী

প্ৰস্তাৱনা

ড° ভূপেন হাজৰিকাৰ গীত কেৱল সুৰ, কণ্ঠ আৰু কবিতাৰ সমষ্টি নহয়; সেইবোৰ আধুনিক অসমীয়া সমাজ-চিন্তাৰো এক জীৱন্ত সাংস্কৃতিক দলিল। তেওঁৰ গীতত নদী, পথ, শ্ৰমিক, দুখী মানুহ, মাক, ভ্ৰমণকাৰী, কৃষক, নাও, দোলা—এই সকলো চিনাকি দৃশ্যৰ মাজেৰে ডাঙৰ সামাজিক প্ৰশ্ন উত্থাপিত হয়। এই অৰ্থত ভূপেন হাজৰিকাৰ গীতক “জনতাৰ কণ্ঠ” বুলি কোৱাটো কোনো ৰোমাণ্টিক বিশেষণ নহয়; ই তেওঁৰ শিল্পীসত্তাৰ নৈতিক স্থান নিৰ্ণয় কৰে।

এই নৈতিক স্থানৰ শিপা তেওঁৰ জীৱন-দৰ্শনতে নিহিত। ভূপেন হাজৰিকাই বহুবাৰ কৈছিল যে তেওঁ সামাজিক সচেতনতাৰ সৈতে জন্ম লাভ কৰিছিল, সেই সচেতনতাৰে সৃষ্টি কৰি গৈছে আৰু সেয়া বৰ্তাই ৰাখিয়েই মৃত্যুবৰণ কৰিব (Assam Tribune, 2021)। কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কালত ১৯৪৯ চনত আমেৰিকাৰ কৃষ্ণাঙ্গ গায়ক তথা নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী পল ৰবছনৰ সৈতে তেওঁৰ পৰিচয় হয়। ৰবছনৰ এষাৰ কথা— গীটাৰ কেৱল এটা বাদ্যযন্ত্ৰ নহয়, ই এটা সামাজিক যন্ত্ৰ—ভূপেন হাজৰিকাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়; তাৰ পিছত তেওঁ সংগীতক সমাজ সংস্কাৰৰ অন্যতম প্ৰধান হাতিয়াৰ হিচাপে গ্ৰহণ কৰে (Assam Tribune, 2021)।

দেশলৈ উভতি আহি ১৯৫৩ চনত তেওঁ ভাৰতীয় গণনাট্য সংঘ (IPTA)ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হয় আৰু ১৯৫৫ চনত ইয়াৰ তৃতীয় নিখিল অসম সন্মিলনৰ সম্পাদকৰ দায়িত্ব বহন কৰে (Mahabahu, 2025)। ঠিক এই গণমুখী শিল্প-আন্দোলনৰ পটভূমিতে তেওঁৰ গীতবোৰে শ্ৰমিক, কৃষক, দলিত আৰু প্ৰান্তীয় মানুহৰ কণ্ঠ হৈ উঠে। ২০১৯ চনৰ ২৫ জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতি সচিবালয়ে ড° ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ ঘোষণা কৰে (Press Information Bureau [PIB], 2019)। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পিছত তেৱেঁই দ্বিতীয়জন অসমীয়া, যিজনে এই সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰে (Northeast Live, 2019)। কিন্তু এই ৰাজকীয় স্বীকৃতিৰ বহু আগতেই তেওঁৰ গীতে সাধাৰণ মানুহৰ স্মৃতি, সভা, শোক, প্ৰতিবাদ আৰু উৎসৱত স্থায়ী স্থান লাভ কৰিছিল।

এই প্ৰবন্ধটিত তেওঁৰ মাত্ৰ চাৰিটা গীত—“মানুহে মানুহৰ বাবে,” “বিস্তীৰ্ণ পাৰৰে,” “ডোলা হে ডোলা,” আৰু “মই এটি যাযাবৰ”—সামাজিক পাঠ হিচাপে পঢ়িবলৈ চেষ্টা কৰা হৈছে। পাঠভিত্তিক আলোচনাৰ কেন্দ্ৰত থাকিব মানুহৰ প্ৰতি দায়িত্ব, নদীৰ নীৰৱ সাক্ষ্য, শ্ৰমজীৱী দেহৰ ইতিহাস, আৰু যাযাবৰ শিল্পীসত্তাৰ মানৱিক বিস্তাৰ। ভূপেন হাজৰিকাৰ গীতত নদী, শ্ৰমিক, পথ আৰু ভ্ৰমণকাৰীৰ দৰে চিত্ৰই কেৱল অলংকাৰৰ কাম নকৰে; সেইবোৰে সমাজৰ অৰ্থ, ক্ষমতা, বেদনা আৰু আশা বুজাৰ সাংস্কৃতিক চিহ্ন হিচাপে কাম কৰে৷

মানুহৰ বাবে মানুহ : নৈতিকতাৰ সহজ কিন্তু কঠিন ভাষা

১৯৬৪ চনত ৰচিত “মানুহে মানুহৰ বাবে” ভূপেন হাজৰিকাৰ অন্যতম সৰ্বজনীন গীত (AssameseLyrical, 2025)। গীতটোৰ কেন্দ্ৰীয় উচ্চাৰণ অতি সহজ, কিন্তু তাৰ নৈতিক দাবী অতি গভীৰ। “মানুহে মানুহৰ বাবে”—এই কথাটোৱে দান, সহানুভূতি বা দুখ প্ৰকাশৰ সৰল আহ্বানত সীমাবদ্ধ হৈ নাথাকে; ই মানুহে মানুহৰ দুখ, অধিকাৰ আৰু অস্তিত্বক স্বীকাৰ কৰাৰ সামাজিক দায়িত্ব ঘোষণা কৰে (হাজৰিকা, ২০১০)। গীতটোৰ মূল উৎকণ্ঠা সহজ অথচ তীক্ষ্ণ—মানুহে যদি মানুহৰ কথা অলপো নাভাবে, তেন্তে আৰু কোনে ভাবিব?

গীতটোৰ শক্তি ইয়াৰ ভাষাগত সহজতাত। ভূপেন হাজৰিকাই জটিল দাৰ্শনিক ভাষা ব্যৱহাৰ কৰা নাই; কিন্তু তেওঁ মানুহক মানুহৰ প্ৰতি জবাবদিহি হ’বলৈ বাধ্য কৰিছে। সমাজত জাতি, ধৰ্ম, ভাষা, শ্ৰেণী, অঞ্চল, ক্ষমতা আৰু সম্পদৰ ভিত্তিত যে দূৰত্ব সৃষ্টি হয়, এই গীতে সেই দূৰত্বক নৈতিকভাৱে প্ৰশ্ন কৰে। “মানুহে মানুহৰ বাবে”ত মানুহ কেৱল ব্যক্তি নহয়; মানুহ সামাজিক সত্তা। সেয়েহে আনৰ বেদনা দেখি নিৰ্লিপ্ত হৈ থকা মানে কেৱল ব্যক্তিগত হৃদয়হীনতা নহয়, সমাজৰ নৈতিক ব্যৰ্থতাও।

এই মানৱতাবাদ তেওঁৰ জীৱনতো কাৰ্যকৰী আছিল। পঞ্চাশৰ দশকৰ সাম্প্ৰদায়িক অশান্তিৰ সময়ত ভূপেন হাজৰিকা আৰু হেমাঙ্গ বিশ্বাস, দুয়োজন গণনাট্য সংঘৰ সদস্য একগোট হৈ ভ্ৰাতৃঘাতী হিংসা ৰোধৰ বাবে অসমীয়া, বঙালী, নেপালী আৰু খাছী শিল্পীৰে গঠিত সাংস্কৃতিক দল লৈ ৰাজ্যজুৰি ভ্ৰমণ কৰিছিল (India Study Channel, 2019)। ৰাজনীতিয়ে যি ঐক্য গঢ়িব নোৱাৰিছিল, গীতে সেই ঐক্য গঢ়াৰ চেষ্টা কৰিছিল, এয়াই আছিল তেওঁৰ শিল্পীসত্তাৰ মূল বিশ্বাস।

এই গীতৰ জনপ্ৰিয়তাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল, ই যিকোনো সামাজিক প্ৰেক্ষাপটত নতুন অৰ্থ গ্ৰহণ কৰিব পাৰে। বিদ্যালয়ৰ অনুষ্ঠান, শোকসভা, বন্যা-পীড়িতৰ সহায় আহ্বান, জনসভা বা সাংস্কৃতিক মঞ্চ প্ৰতিটো ক্ষেত্ৰতে গীতটোৱে মানুহৰ প্ৰতি মানুহৰ দায়িত্বক পুনৰ স্মৰণ কৰায়। এইদৰে ভূপেন হাজৰিকাৰ মানৱতাবাদ ভাবুকিৰ পৰা পৃথক হৈ জীৱনৰ বাস্তৱ পৰিসৰত উপস্থিত হয়। গীতটোৰ এই সাৰ্বজনীন আবেদন সীমা পাৰ হৈ গৈছে: ইয়াৰ বঙালী ৰূপ “মানুষ মানুষের জন্যে” বাংলাদেশত জাতীয় সংগীতৰ পিছতে দ্বিতীয় জনপ্ৰিয় গীত হিচাপে বিবেচিত হয় (India Study Channel, 2019), আৰু এক জনমত জৰীপত বিশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ গীত বুলিও ইয়াক চিহ্নিত কৰা হৈছে (Patgiri, 2018, পৃ. ৭৭)।

সাম্প্ৰতিক সময়তো গীতটোৰ প্ৰাসংগিকতাই ইয়াৰ নৈতিক দৃষ্টিভংগীয়ে প্ৰমাণ কৰে। ২০২৫ চনত অসম চৰকাৰে “মানুহে মানুহৰ বাবে”ক সমগ্ৰ মানৱজাতিৰ বাবে “মানৱতাৰ সংগীত” হিচাপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘৰ ওচৰত আবেদন কৰাৰ সিদ্ধান্ত লৈছিল (The Shillong Times, 2025)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুই লাখতকৈ অধিক মানুহে একেলগে এই গীত গাই, মানৱ শৃঙ্খল ৰচি শিল্পীজনাক শ্ৰদ্ধা জনোৱাটোৱে দেখুৱায় যে গীতটো এতিয়াও মানুহৰ যৌথ নৈতিক চেতনাৰ অংশ (Northeast Live, 2025)।

নদীৰ নীৰৱতা আৰু শ্ৰমৰ দেহ : “বিস্তীৰ্ণ পাৰৰে” আৰু “ডোলা হে ডোলা”

“বিস্তীৰ্ণ পাৰৰে”ত লুইত বা ব্ৰহ্মপুত্ৰ কেৱল প্ৰাকৃতিক নদী নহয়; ই ইতিহাস, স্মৃতি আৰু ন্যায়বোধৰ সাক্ষী। গীতটোত নদীৰ বিস্তৃত পাৰত মানুহৰ হাহাকাৰ আছে, কিন্তু নদী নীৰৱ। এই নীৰৱতাই গীতটোত গভীৰ নৈতিক উত্তেজনা প্ৰদান কৰিছে। নদী কিয় নিৰ্লিপ্ত? নে ই যুগযুগান্তৰৰ বেদনা বহন কৰা বৃদ্ধ সাক্ষী? এই দ্ব্যৰ্থকতাই গীতটোক শক্তিশালী কৰি তোলে। গীতটোত শিল্পীয়ে নদীক প্ৰশ্ন কৰে—নৈতিকতাৰ স্খলন আৰু মানৱতাৰ পতন দেখিও কিয় নিৰ্লজ্জভাৱে নীৰৱে বৈ যায়; জ্ঞানহীন, খাদ্যহীন আৰু নেতৃত্বহীন নাগৰিকৰ মাজত থকিও কিয় নিৰ্বাক (onlineAssam, 2010)। ষ্টুতি গোস্বামীয়ে দেখুৱাইছে যে ভূপেন হাজৰিকাই “লুইত” নাম ব্যৱহাৰ কৰোঁতে এক ঘনিষ্ঠ, স্থানীয় আৰু সামূহিক অনুভূতি সৃষ্টি কৰে; “বিস্তীৰ্ণ পাৰৰে”ত এই লুইত মানুহৰ যন্ত্ৰণাৰ নৈতিক সাক্ষী হিচাপে উদ্ভাসিত হয় (S. Goswami, 2026, pp.184-186) ।

এই গীতৰ জন্ম-ইতিহাসেও ইয়াৰ বিশ্বজনীন চৰিত্ৰ প্ৰকাশ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই ভূপেন হাজৰিকাক আমেৰিকা যাত্ৰাৰ আগতে পৰামৰ্শ দিছিল: কেৱল হলিউড চাবলৈ নাযাবা, কৃষ্ণাঙ্গ মানুহৰ অসাধাৰণ প্ৰতিভাও চোৱা; আগৰৱালাই তেওঁক ৰবছনক লগ ধৰিবলৈও পৰামৰ্শ দিছিল (Assam Tribune, 2021)। পল ৰবছনৰ “Ol’ Man River” যিটো নিজেই মিছিছিপি অঞ্চলৰ এক আমেৰিকান লোকগীতৰ পৰা গঢ় লোৱা আৰু পৰম্পৰাগতভাৱে যাক “Song of the Volga Boatmen”ৰ আমেৰিকান ৰূপ বুলি গণ্য কৰা হয়৷ এই গীতৰ সুৰ, চিত্ৰ আৰু বিষয়ৰ পৰা প্ৰেৰণা লৈ হাজৰিকাই “বিস্তীৰ্ণ পাৰৰে” ৰচনা কৰে (Kafila, 2011)। তেওঁ আমেৰিকাৰ কৃষ্ণাঙ্গ শ্ৰম-ইতিহাসৰ স্মৃতিক অসমৰ নদীপাৰীয়া জনজীৱনৰ বেদনা, বান, ক্ষয়, দৰিদ্ৰতা আৰু সামাজিক অন্যায়ৰ সৈতে পুনৰ সংলগ্ন কৰিছে। সেয়েহে ই অনুকৰণ নহয়; ই পুনঃপ্ৰসংগায়ন (recontextualisation)। এই প্ৰসংগতে উল্লেখযোগ্য যে ৰবছনৰ আন এটা গীত “We Are in the Same Boat, Brother”ও তেওঁ অসমীয়ালৈ অনুবাদ কৰি নিজৰ মঞ্চ-পৰিৱেশনৰ স্থায়ী অংগ কৰি তুলিছিল।

গীতটোৰ পৰৱৰ্তী যাত্ৰাইও ইয়াৰ বহুভাষিক, বহুজাতিক আবেদন প্ৰমাণ কৰে। অসমীয়াৰ পৰা ই হিন্দী (“ও গংগা বহতী হো ক্যোঁ,” ১৯৭০ চনৰ গংগোৎসৱ এলবাম) আৰু বঙালী (“বিস্তীৰ্ণ দুপাৰে”)লৈ অনূদিত হয় (The Federal, 2025; The Daily Star, 2025)। লক্ষণীয় কথা যে, হিন্দী আৰু বঙালী সংস্কৰণত মহাবাহু ব্ৰহ্মপুত্ৰৰ ঠাইত পৱিত্ৰ গংগাক প্ৰতীক হিচাপে লোৱা হৈছে (onlineAssam, 2010)। ফলত “বিস্তীৰ্ণ পাৰৰে” স্থানীয় হৈয়ো বিশ্বজনীন; অসমীয়া হৈয়ো মানৱজাতিৰ দুখৰ ভাষা।

“ডোলা হে ডোলা” গীতটোৱে এই সামাজিক চেতনাক শ্ৰম আৰু শ্ৰেণী-বৈষম্যৰ স্তৰত অধিক তীক্ষ্ণ কৰে। আয়ুষ্মান দেৱৰাজৰ আলোচনাত উল্লেখ কৰা মতে, ১৯৫৩ চনত IPTA-ৰ সৈতে জড়িত সময়ৰ এই গীতত দোলাবাহকৰ দেহ শোষণৰ কেন্দ্ৰীয় চিহ্নত পৰিণত হৈছে (Devraj, 2026, pp. 203-205)। দোলা এটা সামন্তীয় বস্তু; ৰজা-মহাৰজা আৰু জমিদাৰে যাৰ ভিতৰত আৰাম কৰি যায়; কিন্তু তাৰ ভৰি বহন কৰে সাধাৰণ শ্ৰমিকৰ বেঁকা কান্ধ, ক্লান্ত ভৰি আৰু ঘামত তিতা দেহ। গীতটোৰ এটা মৰ্মস্পৰ্শী চিত্ৰই এই বৈষম্যক জীৱন্ত কৰি তোলে: দোলাৰ ভিতৰত ৰেচমী সাজ আৰু মূৰৰ ওপৰত ৰেচমী পাগ জিলিকি থাকে, অথচ বহনকাৰীৰ নিজৰ সন্তানৰ গাত বিহুত পিন্ধিবলৈ এখন সাজো নাই; চকুলো ওলালেও মন বান্ধি লৈ সি দোলা কঢ়িয়াই নিয়ে (EastMojo, 2025)। অৰ্থনৈতিক দ্বৈততা (economic dualism)ৰ এনে চিত্ৰই দেখুৱায় যে এদলৰ আৰাম আন দলৰ কষ্টৰ ওপৰত থিয় হৈ আছে।

দোলা এটা সামন্তীয় বস্তু; কিন্তু তাৰ অৰ্থ আজিও শেষ হোৱা নাই। আজি সামন্ততন্ত্ৰ নাই, দোলাও বিৰল; কিন্তু সমাজত শোষকৰ অভাৱ নাই (Global Research Network, 2021, p.333)। আজিও বহু মানুহে সুবিধাৰ বাবে আন বহু অদৃশ্য শ্ৰমিকৰ দেহ, সময় আৰু কষ্টৰ ওপৰত নিৰ্ভৰ কৰে: হাতেৰে টনা ৰিক্সা, ইটাভাটাৰ শ্ৰমিক, চাহ বাগিচাৰ কুলি, নিৰ্মাণ-শ্ৰমিক। সেয়েহে গীতটোৰ বিষয় পুৰণি হ’লেও তাৰ যুক্তি আধুনিক সমাজতো সমানে প্ৰাসংগিক।

“ডোলা হে ডোলা”ত ভূপেন হাজৰিকা শ্ৰমিকৰ বিষয়ে বাহিৰৰ পৰা ভাষণ দিয়া শিল্পী নহয়; তেওঁ সুৰ, ছন্দ আৰু পুনৰাবৃত্তিৰ মাজেৰে শ্ৰমৰ গতি নিজেই অনুভৱ কৰায়। “হেইয়া না হেইয়া” পুনৰাবৃত্তিৰ ছন্দেৰে দোলা কঢ়িওৱাৰ শাৰীৰিক পৰিশ্ৰমৰ তাল যেন শ্ৰোতাৰ দেহটো সংক্ৰমিত হয়। গীতটো শ্ৰমিকৰ দুখৰ বৰ্ণনা নহয়; ই শ্ৰমৰ দেহক সংগীতৰ কেন্দ্ৰত স্থাপন কৰা এক সাংস্কৃতিক-ৰাজনৈতিক কাৰ্য।

যাযাবৰী সত্তা 

“মই এটি যাযাবৰ” গীতটোত ভূপেন হাজৰিকাৰ শিল্পীসত্তাৰ আন এক গুৰুত্বপূৰ্ণ দিশ প্ৰকাশ পায়। ইয়াত যাযাবৰ হোৱাটো লক্ষ্যহীন নহয়; এয়া মানুহ, ভাষা, ভূগোল, সংস্কৃতি আৰু বেদনা আহৰণ কৰিব বিছৰা এক শৈল্পীক যাত্ৰা। গীতটোত শিল্পীয়ে নিজকে এনে এজন যাযাবৰ বুলি ঘোষণা কৰিছে যিজনে ধৰাৰ দিহিঙে-দিপাঙে নিজা ঘৰ নিবিচাৰাকৈ ঘূৰি ফুৰে।

গীতটোৰ ভৌগোলিক বিস্তাৰেই ইয়াৰ মানৱীয় দিগন্ত স্পষ্ট কৰে। শিল্পীয়ে লুইতৰ পৰা মিছিছিপি হৈ ভলগালৈ, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছলৈ, ইলোৰাৰ পৰা চিকাগোলৈ যাত্ৰা কৰে; দুশান্বেৰ মিনাৰত গালিবৰ শ্বেৰ শুনে আৰু মাৰ্ক টোৱেইনৰ সমাধিত বহি গৰ্কীৰ কথা কয়—আৰু এই সকলো ঠাইৰ অচিনাকি মানুহক “আপোন” বুলি আঁকোৱালি লয় (Sentinel Assam, 2024)। এই বিশ্বভ্ৰমণ ভৌগোলিক নহয়, ই মানসিক; মানৱ-মনৰ একত্ৰীকৰণৰ এক সাধনা। উল্লেখযোগ্য যে ভূপেন হাজৰিকাৰ আত্মজীৱনীৰ নামো “মই এটি যাযাবৰ”, যিয়ে দেখুৱায় যে যাযাবৰ সত্তা তেওঁৰ আত্ম-পৰিচয়ৰ মূল সূত্ৰ (The Voices, 2021)। পিছলৈ এই গীত গুলজাৰৰ হিন্দী ৰূপান্তৰ “হাঁ আৱাৰা হুঁ” হৈ ‘মেঁ আউৰ মেৰা সায়া’ ছবিতো বিস্তৃত হয় (লিৰিক্স আৰ্কাইভ, ২০১১)।

“মানুহে মানুহৰ বাবে” যদি নৈতিক ঘোষণা, “বিস্তীৰ্ণ পাৰৰে” যদি নদীৰ নীৰৱ সাক্ষ্য, আৰু “ডোলা হে ডোলা” যদি শ্ৰমজীৱী দেহৰ ইতিহাস, তেন্তে “মই এটি যাযাবৰ” সেই সকলো অভিজ্ঞতাৰ মাজেৰে চলি থকা শিল্পীৰ আত্ম-স্বীকৃতি। এই গীতত অসমীয়া শিল্পীসত্তাই নিজৰ ভূমিক এৰি নাযায়, কিন্তু নিজৰ ভূমিক সীমা বুলিও নধৰে। ভূপেন হাজৰিকাৰ যাযাবৰ সত্তা সেয়েহে ভ্ৰমণৰ ৰোমাণ্টিকতা নহয়; ই মানুহৰ দুখ, প্ৰেম, প্ৰতিবাদ, ভাষা আৰু সংস্কৃতিৰ মাজেৰে গঢ় লৈ উঠা মানৱিক দিগন্ত। 

জন্মশতবৰ্ষত ভূপেন হাজৰিকাক স্মৰণ কৰা মানে কেৱল এজন মহান গায়কক স্মৰণ কৰা নহয়। ইয়াৰ অৰ্থ হৈছে তেওঁৰ গীতে যি প্ৰশ্ন আজিও আমাক সোধে, সেই প্ৰশ্নৰ সন্মুখীন হোৱা: মানুহ মানুহৰ বাবে কি? নদীৰ পাৰৰ হাহাকাৰ শুনি সমাজ কিমান সজাগ? আনৰ আৰামৰ দোলা আজিও কাৰ কান্ধত? আৰু শিল্পী কিমান দূৰলৈ যাযাবৰ হ’ব পাৰে? এই চাৰিটা গীতৰ সামাজিক পাঠে দেখুৱায় যে ভূপেন হাজৰিকাৰ গীত অতীতৰ স্মৃতি নহয়; ই বৰ্তমানৰ নৈতিক দায়িত্ব।

প্ৰসংগপুথি

Assam Tribune. (2021, April 9). From Ol’ Man River to Burha Luit. https://assamtribune.com/from-ol-man-river-to-burha-luit

AssameseLyrical. (2025). Manuhe Manuhar Babe lyrics by Dr. Bhupen Hazarika. https://www.assameselyrical.com/2020/02/manuhe-manuhor-babe-lyrics-dr-bhupen.html

Devraj, A. (2026). The labouring body and the poetics of class in “Dola He Dola”. In M. J. Goswami (Comp.), Jajabor Bhupen Hazarika/The Wandering Minstrel (pp. 203-210). Sangeet Natak Akademi.

EastMojo. (2025, September 8). Echoes of inequality: Economic dualism in songs of Bhupen Hazarika. https://eastmojo.com/opinion/2025/09/08/echoes-of-inequality-economic-dualism-in-songs-of-bhupen-hazarika/

Global Research Network. (2021). Social consciousness in the songs of Dr. Bhupen Hazarika. Asian Journal of Social Sciences and Humanities Research, 2(10), pp. 331-336. https://globalresearchnetwork.us/index.php/ajshr/article/download/2871/3189/6033

Goswami, M. J. (Comp.) (2026). (Comp.). Jajabor Bhupen Hazarika/The Wandering Minstrel. Sangeet Natak Akademi.

Goswami, S. (2026). The river that remembers. In M. J. Goswami (Comp.), Jajabor Bhupen Hazarika/The Wandering Minstrel (pp.184-189). Sangeet Natak Akademi.

Hazarika, B. (2010). Dr. Bhupen Hazarikar geet samagra (S. Hazarika, Ed. & Comp.). Bani Mandir.

India Study Channel. (2019, May 14). The message of unity in Bhupen Hazarika’s songs. https://www.indiastudychannel.com/resources/176453-the-message-of-unity-in-bhupen-hazarikas-songs

Kafila. (2011, November 9). Bistirno Parore: A tribute to Bhupen Hazarika. https://kafila.online/2011/11/09/bistirno-parore-a-tribute-to-bhupen-hazarika/

Mahabahu. (2025, September 8). Bhupen Hazarika: The voice of Mahabahu and the soul of Assam. https://mahabahu.com/bhupen-hazarika-the-voice-of-mahabahu/

Northeast Live. (2019, January 26). Dr Bhupen Hazarika conferred Bharat Ratna. https://northeastlivetv.com/topnews/dr-bhupen-hazarika-conferred-bharat-ratna/

Northeast Live. (2025, November 5). Dr Bhupen Hazarika’s ‘Manuhe Manuhor Babe’ as ‘Song of Humanity’, Assam Govt to approach UN. https://northeastlivetv.com/around-ne/assam/

onlineAssam. (2010, December). Assamese song Bistirna Parore by Dr Bhupen Hazarika. http://onlineassam.blogspot.com/2010/12/assamese-song-bistirna-parore-by-dr.html

Patgiri, J. (2018). The human values and the lyrics of Dr. Bhupen Hazarika. Proceedings of the XXIII World Congress of Philosophy, 39, pp.71-81. Philosophy Documentation Center.

Press Information Bureau. (2019, January 25). Press communique. President’s Secretariat, Government of India.

Sentinel Assam. (2024, September 8). Bhupen Hazarika’s melodies of human compassion. https://www.sentinelassam.com/more-news/editorial/bhupen-hazarikas-melodies-of-human-compassion

The Daily Star. (2025, September 9). Bhupen Hazarika centenary sets sail on Brahmaputra with musical river voyage. https://www.thedailystar.net/entertainment/music/news/bhupen-hazarika-centenary-sets-sail-brahmaputra-musical-river-voyage-3980926

The Federal. (2025, September 14). Bhupen Hazarika at 100: The jajabor who sang of Assam, its people and the world. https://thefederal.com/category/features/

The Shillong Times. (2025, November 5). Assam to urge UN to recognise Bhupen Hazarika’s Manuhe Manuhor Babe as ‘Anthem of Humanity’. https://theshillongtimes.com/2025/11/05/

The Voices. (2021, April 11). Dr. Bhupen Hazarika: A harbinger of social change and universalism. https://medialit.in/thevoices/dr-bhupen-hazarika-a-harbinger-of-social-change-and-universalism/



শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments