পৃথিৱীৰ আশ্চৰ্য পিৰামিড; কালপুৰুষ, এপল', আৰ্টেমিছৰ কাহিনী

লেখক- -লক্ষ্য জ্যোতি নাথ

পৃথিৱীৰ আশ্চৰ্যকৰ বস্তুসমূহে সৰুৰে পৰা মনত কৌতূহল সৃষ্টি কৰি আহিছে। আমি সৰু থাকোঁতে এতিয়াৰ দৰে ইণ্টাৰনেট, গুগুল, ChatGPT নাছিল, ‘সাধাৰণ জ্ঞান’ বুলি সৰু-সৰু কিতাপ আছিল তাতেই এই বস্তুবোৰৰ বিষয়ে পঢ়িছিলোঁ আৰু কথাবোৰ কল্পনা কৰিছিলোঁ। কোনোবা দুই-এখন কিতাপত ইয়াৰ ফটো আছিল। পৃথিৱীৰ প্ৰাচীন যুগৰ সপ্তম আশ্চৰ্য আছিল ১) গিজাৰ বৃহৎ পিৰামিড (ইজিপ্ত) ২) বেবিলনৰ ওলমি থকা উদ্যান (ইৰাক) ৩) ইফিচত থকা আৰ্টেমিছৰ মন্দিৰ (তুৰ্কী) ৪) অলিম্পিয়াৰ জিউচৰ মূৰ্তি (গ্ৰীচ) ৫) হালিকাৰ্নাছাছত ৰজা মাউছলাছৰৰ সমাধিক্ষেত্ৰ (তুৰস্ক) ৬) ৰোডছৰ কলছাছ- সূৰ্য্য দেৱতা হেলিঅ’ছৰ এটা বিশাল ব্ৰঞ্জৰ মূৰ্তি (গ্ৰীচ) আৰু ৭) আলেকজেণ্ড্ৰিয়াৰ লাইটহাউচ (ইজিপ্ত)।

 

           ইয়াৰে ইজিপ্তৰ গিজাৰ বৃহৎ পিৰামিডৰ বাহিৰে আন ৬ টা আশ্চৰ্যকৰ বস্তু এতিয়া নাই, বিভিন্ন কাৰণত সেই কেইটা ধ্বংস হৈছে। ইজিপ্তৰ গিজাৰ বৃহৎ পিৰামিডলৈ নিজেই যোৱা নাই কিন্তু বিভিন্ন ভিডিঅ’বোৰত পিৰামিডৰ বহুত ভিডিঅ’ মনোযোগৰে চাইছোঁ। ইজিপ্ত বুলি ক’লেই ভাৰতৰ পশ্চিম দিশত থকা বালিৰ মৰুভূমিৰ এখন ঠাইত। মৰুভূমি যেতিয়া গছ নাই সেইবাবে গৰমত অতি গৰম আৰু ঠাণ্ডা দিনত ঠাণ্ডা পৰা এখন ঠাই। নীল নদীৰ পশ্চিম পাৰত থকা গিজা নামৰ এই ঠাইত এই বৃহৎ পিৰামিডসমূহ আজিৰে পৰা ৪৫০০ বছৰৰ আগতে মানুহে ডাঙৰ ডাঙৰ শিলৰ সহায়ত নিৰ্মাণ কৰিছিল। ইয়াৰে সকলোতকৈ ডাঙৰ, ওখ গিজাৰ বৃহৎ পিৰামিডৰ উচ্চতা ১৪৬ মিটাৰ আৰু বহল ২৩০ মিটাৰ। পিৰামিড বনাবলৈ ব্যৱহাৰ কৰা আয়ত আকাৰৰ শিলবোৰৰ ওজন প্ৰায় ২-১৫ টনৰ অৰ্থাৎ ২০০০-১৫০০০ কেজিৰ। অৱশ্যেই ২ হাজাৰ পৰা ১৫ হাজাৰ কেজি শিল এটা এজন নালাগে ১০ জন মানুহে মিলিও দাঙিব নোৱাৰে। বিভিন্ন উৎসত পঢ়া তথ্য মতে তেতিয়া এই ওজন শিলবোৰক বহুত মানুহে মিলি টানি আনিছিল, শিলবোৰ টানিবলৈ তলত মাটিত পানী ঢালি লৈছিল যাতে পিছল হয়, লগতে তলৰ বাঁহ জাতীয় বস্তু দি লৈছিল যাতে তাৰ ওপৰত টানিবলৈ সহজ হয়। বহুত শিল নীল নদীৰে নাওত অনা হৈছিল। বৰ বিশেষ আৰু কষ্টকৰ প্ৰক্ৰিয়াৰ মাজেৰে ইমান ওজন শিলবোৰ ইমান উচ্চতালৈ তোলা হৈছিল। মন কৰিব এতিয়া নহয় ৪৫০০ বছৰ আগৰ কথা এইবোৰ। 

      এতিয়া প্ৰশ্ন হয় এই পিৰামিডবোৰ বনালে কিয়! আচলতে পিৰামিডবোৰ হৈছে তেওঁলোকৰ ৰজাৰ সমাধি। তেতিয়াৰ ইজিপ্তৰ মানুহে মানিছিল যে ৰজাজন মৃত্যু হোৱা পাছত স্বৰ্গলৈ যায় আৰু আকৌ ৰজা হৈ জন্মগ্ৰহণ কৰে। তাৰ বাবে তেওঁলোকৰ ৰজাৰ মৃত শৰীৰটো সুৰক্ষিত ঠাইত ৰাখিব লাগে। সেইবাবে ৰজাৰ মৃত শৰীৰ ৰাখি তাৰ ওপৰত পিৰামিড বনাই দিয়া হৈছিল। মৃত শৰীৰৰ লগতে ৰজাৰ বাবে সোণ-অলংকাৰ আদিও থৈছিল। যিমান প্ৰতাপী ৰজা সিমান ডাঙৰ পিৰামিড।

 

           আচলতে পিৰামিডবোৰক ওচৰৰ পৰা চালে জাপি থোৱা আয়ত আকাৰৰ শিলৰ দমৰ বাহিৰে অন্য একো নহয়। তথাপিও ইমান ওখ, সু-সজ্জিত ওজন শিলৰ দম তেতিয়াৰ দিনতে নিৰ্মাণ হোৱা বাবে কথাবোৰ ভাবিয়ে চাবলৈ মনত আগ্ৰহ জন্মে। 

 

        গিজা তিনিটা  পিৰামিড ক্ৰমে ১) খুফুৰ মহান পিৰামিড (Pyramid of Khufu) ২) খাফ্ৰেৰ পিৰামিড (Pyramid of Khafre) আৰু ৩) মেনকাউৰেৰ পিৰামিডক (Pyramid of Menkaure) আকাশৰ কালপুৰুষ তৰামণ্ডলৰ (Orion Constellation) ৰ কালপুৰুষৰ বেল্টডালত থকা তিনিটা উজ্জ্বল তৰা বা নক্ষত্ৰ ১) অলনিতক ২) আলনিলাম আৰু ৩) মিন্টকা (Alnitak, Alnilam & Mintaka) লগত ৰিজোৱা হয়। গ্ৰীক পৌৰাণিক শাস্ত্ৰৰ মতে কালপুৰুষ তৰামণ্ডলৰ কালপুৰুষ হৈছে এজন দুৰ্দান্ত, শক্তিশালী আৰু সুদৰ্শন চিকাৰী। তেওঁলোকে বিশ্বাস কৰিছিল যে কালপুৰুষ ইমানেই শক্তিশালী আছিল যে কালপুৰুষে পৃথিৱীৰ যিকোনো শক্তিশালী জন্তুক চিকাৰ কৰি হত্যা কৰিবলৈ সক্ষম। কালপুৰুষে চিকাৰ, বন, চন্দ্ৰ আৰু সন্তান জন্ম দিয়াৰ দেৱী আৰ্টেমিছৰ (Artemis- Goddess of hunting, moon, forests, and childbirth) সৈতে বনত চিকাৰ কৰিছিল। আৰ্টেমিছৰ এজন ভায়েক আছিল যাৰ নাম আছিল এপল’। এপল’ আছিল সূৰ্য্য, সংগীত, পোহৰ, নিৰাময়, ধনুৰ্বিদ আৰু ভৱিষ্যদ্বাণীৰ দেৱতা (Apollo- God of sun, music, light, healing, archery, and prophecy)। এপল’য়ে আৰ্টেমিছ কালপুৰুষৰ লগত চিকাৰ কৰা কাৰ্যক বেয়া পাইছিল। এদিন বহু দূৰত কালপুৰুষে সাগৰত সাঁতুৰি আছিল, দূৰৰ পৰা কালপুৰুষক মাত্ৰ সৰু বিন্দু এটাৰ দৰে দেখা পোৱা গৈছিল। তাৰে ফাইডা উঠাই ঈৰ্ষাত এপল’য়ে আৰ্টেমিছক কৈছিল যে তুমি নিজকে বৰ পাৰ্গত ধনুৰ্বিদ বুলি ভবা নহয়, পাৰা যদি সেই বিন্দুত তোমাৰ ধনুৰ কাঁড়ৰ লগাই দেখুওৱাচোন। এপল’ৰ জেদত আৰ্টেমিছে সেই বিন্দুত কাঁড় মাৰি দিয়ে আৰু ভুলতে নজনাকৈ আৰ্টেমিছৰ হাততে কালপুৰুষৰ মৃত্যু হয়। কালপুৰুষৰ মৃত্যুৰ পাছতে আৰ্টেমিছে বৰ দুখ পাই আৰু ভগৱানক জিউচক প্ৰাৰ্থনা কৰে যে কালপুৰুষক যাতে উচিত সন্মান দিয়ে আৰু সকলোৱে সদায় দেখাকৈ ৰাখে। ভগৱানক জিউচে আৰ্টেমিছৰ কথা ৰাখি কালপুৰুষক এটা তৰা মণ্ডল বনাই আকাশত স্থান দিয়ে। যাক আজি গোটেই বিশ্বৰ পৰা সকলোৱে স্পষ্টকৈ দেখা পাই। সেই কালপুৰুষৰ বেল্টডালত থকা তিনিটা উজ্জ্বল তৰাক প্ৰতিনিধিত্ব কৰি গিজা তিনিটা  পিৰামিড নিৰ্মাণ কৰা হয় বুলি প্ৰবাদ আছে।

 

         আৰ্টেমিছ আৰু এপল’ৰ মাক-দেউতাকৰ নাম আছিল; দেউতাকৰ নাম জিউচ- ভগৱানৰ ৰজা (Zeus- king of the Gods) আৰু মাকৰ নাম লেটো- এগৰাকী টাইটান দেৱী (Leto-a Titan goddess)। এইয়া আছিল গ্ৰীক পৌৰাণিক শাস্ত্ৰৰ কথা। বিজ্ঞানৰ মতে কালপুৰুষ এটা তৰামণ্ডল আৰু সেই তিনিটা তিনিটা তৰা।

 

   বিজ্ঞান আৰু পৌৰাণিক শাস্ত্ৰৰ মাজত এটা বিবাদ সদায় হৈ আহিছে যদিও গ্ৰীক হওক বা হিন্দু হওক বা বেলেগ দৰ্শনৰ হওক পৌৰাণিক শাস্ত্ৰৰ নামত বিজ্ঞান আৰু মহাকাশৰ বিভিন্ন নাম ৰখা হৈছে। কালপুৰুষ তাৰে এটা উদাহৰণ। আমাৰ আকাশৰ বেছিভাগ তৰামণ্ডলৰ নাম গ্ৰীক পৌৰাণিক আখ্যান মতেই ৰখা। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ NASA ৰ যি চন্দ্ৰৰ মানৱ অভিযান হৈছিল এপল’ অভিযান (Apollo Mission), এতিয়া চলি থকা আৰ্টেমিছ অভিযান (Artemis Mission) এই নাম গ্ৰীক পৌৰাণিক শাস্ত্ৰৰ মই ওপৰত উল্লেখ কৰা সেই এপল’ আৰু আৰ্টেমিছে। NASA য়ে এবাৰ ভায়েকৰ নামত অভিযানৰ নাম ৰাখিলে এইবাৰ বায়েকৰ নামত অভিযানৰ নাম ৰাখিছে।

          এইয়া আছিল পৃথিৱীৰ প্ৰাচীন যুগৰ সপ্তম আশ্চৰ্যৰ এক আশ্চৰ্য পিৰামিডৰ লগত সংযোগ থকা কিছু কথা। বৰ্তমান আধুনিক যুগৰ সপ্তম আশ্চৰ্য হৈছে-

১) চীনৰ মহান প্ৰাচীৰ ২) পেৰুৰ এণ্ডিজ পৰ্বতমালাত ওখকৈ নিৰ্মিত মাচু পিচ্ছু ৩) ভাৰতৰ তাজমহল ৪) ইটালীৰ গ্লেডিয়েটৰ যুদ্ধৰ বাবে প্ৰাচীন ৰোমান খেলপথাৰ- কলোছিয়াম ৫) জৰ্ডানৰ শিলত খোদিত কৰা প্ৰাচীন চহৰ- পেট্ৰা ৬) মেক্সিকোৰ কুকুলকান মন্দিৰৰ বাবে বিখ্যাত মায়ান পিৰামিড চহৰ- চিচেন ইট্‌জা আৰু ৭) ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ৰ ওপৰেৰে চাই থকা যীচুৰ বিশাল মূৰ্তি- মুক্তিদাতা খ্ৰীষ্ট।




শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments