মামাথেৰ গাঁওত চুৰৰ বিলে (২) (সম্পূর্ণ নলবৰীয়া ঠাঁচত লিখা) (মিতালী বৰ্মন)
(সম্পূর্ণ নলবৰীয়া ঠাঁচত লিখা) – মিতালী বৰ্মন
লাৰু চুৰৰ কথা শুনি আৰু আকদিন মাইক ধোইল্লু টানি ৷
আৰু এটা ক’চুন মা, মামাথেৰ গাঁউৰ চুৰৰ কাহিনী ৷৷
মাই ক’লাক শুন তেইতাহ’লি আৰু এটা কাহিনী ৷
আমাৰ গাঁউৰ চুৰৰ কাহিনী এটাতকে এটা জমেনী ৷৷
মামাথেৰ গাঁউত নামঘৰৰ কাইন্ধ্যাত আছিল এটা ৰাজৈহা পুখৰী ৷
এনাই পুখৰীৰ মাছ কায়ো নাখোই বিহুদ্দিনা খাই মিলিজুলি ৷৷
হ’লিও বুলে নামঘৰৰ কান্ধ্যাৰ কুমবা মানহে ৷
ৰাতি হ’লি পুখৰীটুত জাল মাৰা শুনে ৷৷
কিহে বা ৰাতি মাছ মাৰে, ইতাহে লাগিল লেঠা ৷
গাউৰ পুখৰীত ঘৰাপাক অলচি বুলি মানহে কৰে গুণা-গাঁথা ৷৷
মানহুগিলাইও কি কৰবোঁ আৰ ঘৰাপাকৰ ভয়তে ৷
কাইণ সাঁজতে ভাত খাই কানি-কাঁথা লৈ ঘুমে থাকে ৷৷
গাঁউতে আছিল চাইট্টামান মহা ধুৰন্ধৰ ছ’লি ৷
আকদিন ৰাতি চুপ পাইতলাক ঘৰাপাক চাম বুলি ৷৷
অলপ পাচোত আহিল ঘৰাপাক কান্ধোত জাল লৈ ৷
এহুন তাৰ পিচ ধ’ইল্লাক হাতত দা লৈ ৷৷
ই…য়া…ই… বধ্ধুইছু ! ঘৰাপাকে দুখুন জালখান থৈ বিড়ি টাইনবা ধোচ্ছি ৷
ঘৰাপাকেও জানে নিকি বিড়িৰ টেষ্ট, আক্কাবাৰে বান্দাৰ বিড়িত ধোচ্ছি ৷৷
যেই ঘৰাপাকে মাইল্লাক জাল এন্থে ধোল্লাক তাক গবৰা মাৰি ৷
ল’ৰবা নৰাকে ঘৰাপাকক বাইন্ধলাক পাঘাইদি পেৰি পেৰি ৷৷
গটাই ৰাতি তাতে পৰ্দ্দিলাক ৰাতিও পহৰ হ’ল ৷
পুৱা ছ’লিকেটাৰ ঘৰাপাকক দেখি মুখৰ মাত নল’ হ’ল ৷৷
ৰাইজো আহিল বিচাৰো হ’ল এই ঘৰাপাক আৰ কুনো নহয় ৷
গাঁউৰ গভাইত মদন চুৰ বুলি হাতে-লাতে প্ৰমাণ হ’ল ৷৷
মদন চুৰে সিদ্না ৰাতি পাইছিল এটা মস্ত চিতল ৷
মাছৰ খখোত পৰি ইতা তাৰ হ’ব হান পাইছু পিঠি বহল ৷৷
গাঁওবুঢ়ায়ো বিচাৰ ক’ইল্লাক মাৰা-ধৰা কৰি লাভ নাই ইয়াক ৷
সেই কাৰণে গাঁওবুঢ়া আতাই অন্য শাস্তিৰ কথাহে ভাইবলাক ৷৷
পঞ্চায়তে বিচাৰ কোইল্লাক ৷
আমাৰ ৰাইজেও হৰিবোল দিলাক ৷৷
মদন চুৰোক আগত লৈ গটাই গাঁউতে মস্ত এটা প্ৰচেচন হ’ল ৷
কপলোত বাচাৰ চূণৰ ফঁটা দি বথ্থোউগাকে মেক-আপো ক’ইদ্দে হ’ল ৷৷
আৰু বাচাৰ অলংকাৰ কৰি চিতলটুকে গলত দিলাক আলে ৷
ছলিমাখাই ঢেমা-টিং বাজে তাক লৈ গেল গাঁউৰ ফালে ৷৷
ঘৰোৰ পে তিৰি-ছ’লিও অলে আহি মদন চুৰক চালাক ৷
তাৰে মাজতে কুমবা-কানি তাক ‘মান্নাইমাৰা’ বুলি গালিও পাল্লাক ৷৷
আমাৰো মাইহাঁতে বাটক লোগি আহি ঘৰাপাক মদনক চালাক ৷
ছ’লি মাখাইও চাঞ্চ পাই মদন ঘৰাপাকক টানি ধুহি মাইল্লাক ৷৷
চেৰেং-বেৰেং ৰ’দত প্ৰচেচন কৰি ঘৰাপাক প’ইল্লাক বাগাৰ খাই ৷
আৰ কিত্তেও চুৰ নকৰু বুলি সঁইত সঁইত কাৰি তিনি সঁইত খাই ৷৷
এই হ’ল চুৰৰ বিলে মাই আমাক ক’লাক ৷
হাঁহি হাঁহি আমাৰো চকুৰ পানী অল্লাক ৷৷
(শব্দার্থ : ধোইল্লু -> ধৰিলোঁ, তেইতাহ’লি -> তেনেহ’লে, কাইন্ধ্যাত -> কাষত, ৰাজৈহা পুখৰী -> ৰাজহুৱা পুখুৰী, কায়ো -> কোনেও, কুমবা মানহে -> কোনোবা মানুহে, ইতাহে -> এতিয়াহে, ঘৰাপাক -> বাক, অলচি -> ওলাইছে, মানহুগিলাইও -> মানুহবোৰেও, কাইণ সাঁজতে -> ফুট গধূলিতে, ঘুমে থাকে -> শুই থাকে, চাইট্টামান -> চাৰিজনমান, আকদিন -> এদিন, এহুন -> ইহঁত, পাচ ধ’ইল্লাক -> পাচ ল’লে, আক্কাবাৰে -> একেবাৰে, এন্থে -> ইহঁতে, পৰ্দ্দিলাক -> পৰ দিলে, মাত নল’ হ’ল -> মাত নোলোৱা হ’ল, সিদ্না-> সিদিনা, কোইল্লাক -> কৰিলে, কপলোত -> কপালত, ফঁটা -> ফোঁট, বথ্থোউগাকে -> বৰ ধুনীয়াকৈ, ক’ইদ্দে হ’ল -> কৰি দিয়া হ’ল, পাল্লাক-> পাৰিলে, প’ইল্লাক -> পৰিলে, আৰ কিত্তেও -> আৰু কেতিয়াও, ক’লাক -> ক’লে,ৱ, অল্লাক -> ওলাল,
“ই…য়া…ই… বধ্ধুইছু!” নামনি অঞ্চলৰ মহিলা সমাজৰ মাজত অতিকৈ জনপ্রিয় বাক্যাংশ ।)