মাৰ্ক্সবাদৰ বৰ্তমান ধাৰণা
মাৰ্ক্সবাদৰ বৰ্তমান ধাৰণা
সুশান্ত কৰঃ মার্ক্সবাদ এটি দর্শন। ছোভিয়েট পতনৰ ব্যাখ্যাটোও এই দর্শনেৰেই ভাল পাব পাৰি, আনকি ভৱিষ্যতে চীনৰ পতনৰ সম্ভাবনাৰ কথাও মার্ক্সবাদতকৈ কোনেও ভালকৈ দিবই নোৱাৰে। যিসকলে মার্ক্সবাদৰ বিৰোধিতা কৰে তেওঁলোকৰ দর্শনটো সম্পর্কে বস্তুত কোনো ধাৰণাই নাই। কেনেকৈ ইয়াৰ চর্চা আৰু বিকাশ হয় সেই সম্পর্কেও কোন ধাৰণা নাই। চীন বিপ্লৱৰ পাছত ‘পার্টক্লাছ’ৰ এনে এক দলিল সকলোকে পঢ়িবলৈ অনুৰোধ জনালো। টাইপ ৰাইটাৰেৰে অনুবাদ কৰা আপোনালোকক পুৰণি প্রযুক্তিৰ দিনবোৰৰ কথাও মনত পেলাই দিব। http://marxistphilosophy.org/wang.pdf
দেৱব্ৰত গগৈঃ ক’ৰবাত পঢ়িছিলো, মাৰ্ক্সবাদ মানুহৰ বাবে নহয়, মানুহতকৈও উন্নত কোনো জীৱৰ বাবেহে। কথাটো হয়নেকি Sushanta Kar ডাঙৰীয়া?
উদ্দীপ তালুকদাৰঃ দেৱব্ৰত গগৈ, সেই কথাটো মোৰো তেনে যেনেই লাগে। কাৰণ মাৰ্ক্সবাদত আদৰ্শবাদৰ যিটো মান লাগে, সেইটো সাধাৰণ মানুহে আয়ত্ত্ব কৰা অসম্ভৱ। মাৰ্ক্সবাদৰ প্ৰতি মোৰ পিছে কোনো বিৰোধ নাই। মই শ্ৰদ্ধা কৰোঁ, কিন্তু প্ৰায়োগিক ভাৱ কিমান ফলপ্ৰসূ হয়, সেইটোত মোৰ সন্দেহ আছে। এটা কথা পিছে মই মাৰ্ক্সবাদৰ কথা দেখি থকা কথাখিনিৰ পৰাহে কৈছোঁ। এখনো কিতাপ পঢ়া নাই।
দেৱব্ৰত গগৈঃ কিমান সচাঁ নাজানো, কিন্ত শুনিবলৈ পোৱা মতে অসম আন্দোলন হেনো অসমত মাৰ্ক্সবাদক (আচলতে কমিউনিজিমক) ভেটিবলৈ CIAৰ দ্বাৰা সৃষ্ট আন্দোলন আছিল। অসম আন্দোলনৰ প্ৰাকমূৰ্হুতৰ পৰিস্থিতিটো লক্ষ্য কৰিলে, অৰ্থাৎ আন্দোলনটো আৰম্ভ হোৱাৰ পৰা প্ৰায় দহ বছৰৰ আগৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিটোক অধ্যয়ন কৰিলে এই সন্দেহটো একেবাৰে অমূলক যেন নালাগে।
ধ্ৰুৱজ্যোতি শৰ্মাঃ আনকি সেই সময়ৰ কিছুমান আলোচনীত অসম আন্দোলনত মাৰ্ক্সবাদৰ প্ৰভাৱৰ কথাও উল্লেখ থকা মনত পৰে। অৱশ্যে এই প্ৰভাৱ পশ্চাদমুখী আছিল। নেলীৰ ঘটনাৰ আঁৰত ইয়াৰ হাত থকাৰ সন্দেহো কোনো-কোনোৱে কৰিব খোজে।
সুশান্ত কৰঃ মার্ক্সবাদী সকলে বিশ্বাস কৰে, এদিন এনে এক সমাজ আহিব, যেতিয়া মানুহৰ জীবনযাপনৰ বাবে প্রয়োজনীয়খিনিৰ বাবে একো কৰিব নেলাগিব, মানে যুঁজিব নেলাগিব। তেতিয়া মানুহে সকলো কাম কৰিব অপ্রয়োজনৰ বাবে। তেতিয়াহে অইন জীৱতকৈ মানুহ একেবাৰে বেলেগ হৈ যাব। অপ্রয়োজন কথাটোত আচৰিত হ’ব নেলাগে। যিখন সমাজে আমাৰ আজিৰ দিনতো খোৱা-বহাৰ বাবে কষ্ট কৰিব নেলাগে, তেওঁলোকে কি কৰে চালেই বুজা যাব। খোৱাঘৰখনক ধুনীয়াকৈ সজায়, খোৱাবস্তুকো শিল্পৰ মর্যাদা নিদিয়াকৈ নেথাকে। সাম্যবাদী পর্যায়ত হে (আজিৰ চীন নাইবা ছোভিয়েট নহয়, সাম্যবাদত ৰাষ্ট্র নেথাকে) সকলো মানুহে সকলো কাম তেনেকৈ কৰিব। Debabrot Gogoiৰ প্রথম প্রশ্নৰ উত্তৰ সেয়াই। অসম আন্দোলনৰ আঁৰত cia থকাৰ কথা এটা পক্ষই কয়। কিন্তু সাম্রাজ্যবাদীসকল থকাৰ বাবে এটা গোৱেন্দা সংস্থাহে থাকিব এনে মত যিসকলৰ তেওঁলোকে সাম্রাজ্যবাদৰ চৰিত্রহে বুজি নেপায়। আমাৰ ৰাজনৈতিক দল আমোলা সকলোৱে দেখুন চিধা-চিধি সাম্রাজ্যবাদী সকলৰ হৈ কাম কৰে। নদীবাঁন্ধৰ আঁৰত কোন বাৰু? অসম আন্দোলনৰ আঁৰত মোৰ মতে ইতিমধ্যে এক পুঁজিবাদী আৰু সাম্রাজ্যবাদী ৰূপ লাভ কৰা ছোভিয়েট সাম্রাজ্যবাদীসকলো আছিল। ইন্দিৰা গান্ধী আৰু তেওঁৰ কংগ্রেছ এটা সময়ত ছোভিয়েটৰ অনুগত দল আছিল। আৰু জৰুৰী অৱস্থাৰ পাছত যেতিয়া ক্ষমতাৰ পৰা আঁতৰি গ’ল তেতিয়া ইন্দিৰা গান্ধীয়ে আকৌ ক্ষমতালৈ আহিবলৈ এক ফালে ভিন্দ্রেওয়ালেৰ আন্দোলন, অইন ফালে অসম আন্দোলনক উচটনি দিছিল। আৰু ইয়াৰ আগতে অসমত সকলো জনগোষ্ঠীৰ শাসিত শ্রেণীবোৰে মিলি সর্বভাৰতীয় পুঁজিবাদ আৰু সাম্রাজ্যবাদৰ বিৰুদ্ধে যুঁজি আছিল, য’ত নেকি আছুও আছিল এক নেতৃত্বদায়ী অৱস্থাত, সেই পৰিবেশ নাইকীয়া হৈ গ’ল। থানবান হৈ গ’ল অসমৰ সকলো সামাজিক ঐক্য। লাভ কাৰ হ’ল আৰু কিয় আজিৰ দিনত আছু-কৃষকমুক্তি একেলগ নহয় নিজেই ভাবি লওঁক। কিন্তু এইবোৰ হ’ল ৰাজনীতিৰ কথা। তাত মার্ক্সবাদীসকলৰ মাজতো বহুতো মত আৰু পথ আছে। এতিয়া আমি আহক দর্শন সম্পর্কে কথা পাতো। আজিকালি উত্তৰ আধুনিকতাৰ কথা শুনো, উত্তৰ ঔপনিবেশিকতাৰ কথাও। ভাবকচোন, মার্ক্সবাদ থাকোতে সেইবোৰৰ দৰকাৰ আছেনে?