মুক্তিত নিস্পৃহ মই( – মধুচন্দা চলিহা ভূঞা )
হেৰুৱাম শ্ৰুতি;
হেৰুৱাম স্পৰ্শ
হেৰুৱাম তৃপ্তি
হেৰুৱাম মন মোৰ
নাথাকিব ‘মই’ বুলি একো,
তেনে প্ৰাপ্তি ‘নামাগো কদাপি’ ৷
‘মইযে চিন্তা কৰোঁ
সেয়ে, মই হেনো আছোঁ’
সকলো দেখোন মিছা মুক্তিত;
বিন্দুৰ প্ৰাপ্তিত
হেৰুৱাম তোমাক ।
হে ডেকাৰ্টে !
ভুল নহ’ব জানো, তোমাৰ সিদ্ধান্ত;
বিন্দুতযে নাথাকে চিন্তা
গতিকে নাথাকিম ‘মই’ ৷
সেয়ে লক্ষ্য মোৰ স্থিৰ,
বহু যুগ হ’ল সেই পৰম বিন্দুৰ
জ্যোতিত প্লাৱিত ধৰাৰ মানৱ মই ৷
প্লাৱনহে প্ৰিয় মোৰ
মানৱ মোৰ প্ৰিয়,
নালাগে সৰগ নালাগে নৰক,
বিন্দুতযে হেৰুৱাম তোমাক,
হেৰুৱাম মোক;
ময়েই যদি বিন্দু,
কাৰ সৈতে পাতিমনো হেঁপাহৰ কথা ?
তুমি বুলি মাতিমনো কাক ?
শুনিব কোনেনো বেদনাবোৰ ?
থাকিব পাৰে অশ্ৰুহীন আনন্দ বিন্দুত
নিবিচাৰোঁ তেনে আনন্দ
য’ত নাথাকিবা তুমি
নাথাকিম মই,
তাতোকৈ অশ্ৰুৱেই প্ৰিয় ৷
দৃষ্টিহীন
সঙ্গীহীন
উপলদ্ধিবোৰ
লক্ষ্য নহয় নহয় ৷
নিজকে ভাল পাওঁ মই,
ভাল পাওঁ ধৰাক,
ভাল পাওঁ তোমাক ।
আমাৰ মাজতেই
ক্ষণে ক্ষণে
কত প্ৰতিবিম্ব
সেই পৰম আত্মাৰ;
আইৰ মৰম
দেউতাৰ হৃদয়
মিমলীৰ হাঁহি
মিলৰ পৰশ
তোমালোকৰ আশ্বাস
তোমালোকৰ মৰম
সকলো মাথোঁ প্ৰতিবিম্ব
একেই জ্যোতিৰ ।
নালাগে সেই পৰম স্থান
য’ত হেৰুৱাম সকলো
নাথাকিম আমি;
নাথাকিব প্ৰভু মোৰ,
‘সুহৃদ আত্মা প্ৰিয়তম’
হেৰুৱাম মোৰ লক্ষ্যৰ সাৰথি ‘ঘোষা’ক,
সেয়ে লক্ষ্যহে প্ৰিয় মোৰ,
‘মুক্তিত নিস্পৃহ মই’ ৷
বাৰে বাৰে জনম ল’ম
এইখন ধৰাত;
পৰম জ্যোতিৰ প্লাৱনত
উটি যাম তুমি আৰু মই,
‘ৰাম ৰাম ৰাম ৰাম ৰাম’
সাগৰৰ মাণিকেৰে,
সজাম ধৰাক ৷৷
(ঘোষাৰ তাত্বিক উপলব্ধিৰ এক প্ৰয়াস