মূলধন — মণ্টু কুমাৰ বৰঠাকুৰ
এওঁ ভালকৈ বহি লৈ দুৱাৰখন বন্ধ কৰাৰ পিছতে এইবাৰ নিশ্চিন্তমনেই ক্লাট্ছডাল লাহে লাহে এৰি দিলোঁ আৰু লগে লগে গাড়ীয়ে গতি ল’লে।
তাতে, আজিৰ অনুষ্ঠানটো সুকলমেই পাৰ হৈ যোৱাৰ বাবে মোৰ মনটো যথেষ্ট ভাল লাগি আছিল।
এওঁৰ মুখখন দেখি বুজিলোঁ, এওঁৰো মনটো নিশ্চয় ভালেই লাগি আছিল।
এই ভাল লগাখিনি আৰু অধিক বঢ়াই তুলিবৰ বাবেই দুই-এটা গানকে বজাই দিবৰ বাবে এওঁক এইবাৰ লাহেকৈ নিৰ্দেশ এটা দিলোঁ।
এওঁ পিছে বোলে, “এ, ৰ’বচোন! এটা কথা নহয়! সেই শকতকৈ মানুহগৰাকী দেখোন চিনাকি চিনাকি যেনেই লাগিছিল। মই পিছে তেওঁৰ লগত বেলেগকৈ চিনাকি হ’বলৈ নহ’ল আৰু! আৰু, তেওঁৱোতো মোক চিনি পোৱা যেন নেদেখুৱালে। হয়তো, বেলেগ কোনোবাও হ’ব পাৰে!”
এওঁ অৱশ্যে ঠিকেই কৈছে।
মানে, মানুহগৰাকী এওঁৰ চিনাকি যেন লাগিবৰে কথা।
তেওঁতো গাঁওঘৰীয়া হিচাপত মোৰ মামীয়েই হয়।
অৱশ্যে, আজি বহুবছৰ ধৰি দেখা-সাক্ষাৎ নোহোৱাৰ কাৰণে এওঁলোক দুয়ো গৰাকীয়েই চিন পাহৰি যোৱাটো একো আচৰিত হ’বলগীয়া কথা নহয়।
তাতে, মামীক শেষ বাৰৰ বাবে যিটো সময়ত আমি দেখিছিলোঁ, সেই সময়ত তেওঁতো সাজে-পোচাকে সধবাৰ ৰূপত আছিল আৰু লগতে কিছু পৰিমাণে আৰ্থিক সচ্ছলতাৰ মাজত থকাৰ বাবে মানসিকভাৱেও যথেষ্ট সবলেই আছিল।
এতিয়া পিছে দেহৰ পূৰ্বৰ সেই ৰূপ-জেউটি আঁতৰাৰ লগতে পৰিস্থিতিত পৰাৰ বাবেই হয়তো তেওঁৰ মনৰ সাহ-পিতো নিশ্চয় বহুখিনি কমি গৈছে। সেয়ে হয়তো, মামীয়েও এওঁৰ আগত নিজৰ চিনাকি দিবলৈ বেয়া পালে।
চাবলৈ গ’লে, তেওঁৰ জীৱনৰ পৰিস্থিতি যিয়েই নহওক, তেওঁ আজি এইদৰে এই বৃদ্ধাশ্ৰমখনিত থাকিবলগীয়া হোৱাৰ কথাটো একালৰ একে গাঁৱৰে বোৱাৰীগৰাকীৰ আগত প্ৰকাশ কৰিবলৈ তেওঁৰ নিশ্চয় এক সংকোচেই হ’ল।
আৰু, এই একেটা কাৰণতেই নিশ্চয় তেওঁ মোৰ পৰাও গোটেই সময়খিনি আঁতৰি আঁতৰিয়েই থাকিল।
নহ’লে, তাহানি পেণ্ট নিপিন্ধা দিনৰ পৰাই দেখি অহা ল’ৰাটোক তেওঁ চিনি নোপোৱাৰ কথা থাকেনে!
থাকিব পাৰেনে?
মই অৱশ্যে মাজতে তেওঁৰ লগত কথা কিছুমান পাতিব নিবিচৰাও নহয়।
কিন্তু, সময় আৰু পৰিস্থিতিয়ে তাৰ বাবে অনুমতি নিদিলে।
মানে, আজি আমাৰ উদেশ্যটো যিহেতু এই বৃদ্ধ-বৃদ্ধাসকলৰ লগত কিছু সময় ব্যতিক্ৰমীভাৱে হাঁহি-আনন্দৰ মাজত কটোৱাহে, গতিকে তাৰ মাজত কাৰো ব্যক্তিগত জীৱনৰ দুখ-বেদনাৰ বুৰঞ্জী এখন মেলি লোৱাৰ ইচ্ছা নহ’ল আৰু!
কি ঠিক, ঘৰ-পৰিয়ালৰ কাৰোবালৈ, প্ৰধানকৈ কোনোবা নাতি-নাতিনীলৈ মনত পৰি আৱেগৰ বশৱৰ্তী হৈ কোনোবা এগৰাকীয়ে হঠাৎ কন্দা- কটাওতো কৰি দিব পাৰে। তেতিয়া?
তাতে, এই ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিবৰ বাবে আশ্ৰম কৰ্তৃপক্ষৰ ফালৰ পৰা আমাক আগতেই এক প্ৰকাৰে সাৱধানেই কৰি দিয়া হৈছিল।
তাৰ পিছত আৰু এনে ধৰণৰ ভুল এটা কৰাৰ অৱকাশেই নাথাকে।
“এৰা পাই! বুঢ়া কালত আমাৰ অৱস্থাও বা কি হয়গৈ! ভাবিলে ভয়েই লাগে দেখোন!”
আঁহতগুৰিৰ Y (ওৱাই) ইণ্টাৰচেকশ্বনটোত সোঁফালৰ পথটোৰে ষ্টিয়েৰিংডাল পোনাবৰ সময়তেই এওঁৰ সেই কথাষাৰ আহি কাণত পৰাত ক্ষন্তেকৰ বাবে মোৰো মনটো দুৰ্বল হৈ উঠা নাছিল বুলি ক’ব নোৱাৰোঁ।
এনে লাগিল, আমাৰ জীৱনৰ পথটোও যেন এসময়ত এটা Y (ওৱাই) ইণ্টাৰচেকশ্বনত ফাটি যাবঃ এটা পথ নিজৰ আপোন ঘৰখনলৈ আৰু আনটো পথ কোনোবা এখন বৃদ্ধাশ্ৰমলৈ!
কেতিয়া কোনটো উপপথেৰে ষ্টিয়েৰিং পোনাব লাগিব, ঠিক নাই।
অৱশ্যে, মোৰ মনত এটা আশা আছে, আমি নিজৰ ঘৰখনতেই থাকিম।
চাবলৈ গ’লে, আমি দুয়োটা জীয়াই থকালৈকেতো সমস্যা হ’ব নালাগে।
কিন্তু, যদি কেনেবাকৈ আমাৰ দুয়োৰে যিকোনো এটা হঠাৎ অকলশৰীয়া হৈ যাওঁ, তেতিয়া?
তেনেকুৱা হ’লে এওঁ কি কৰিব নাজানো।
মই কিন্তু নিজেই কিবা এটা…
হঠাৎ পিছে সমুখৰ পৰা আহি থকা গাড়ীখনৰ হে’ড লাইটে চকুত জলক-তবক লগাই দিয়াতহে মোৰ সম্বিত ঘূৰি আহিল আৰু লগে লগেই বিশেষ দক্ষতাৰে ষ্টিয়েৰিং বাওঁফালে কাটি গাড়ীখন যেনিবা নিৰাপদেই পাৰ কৰাই আনিলোঁ।
“এ ৰাম, ভাল বাচিলোঁ দেই! কি-ই-নো কৰি আছে? সাৱধানে চলাওক আক’!”
এওঁৰ এই প্ৰত্যাশিত ধমকটো খায়ে নিজৰ মনতে বহুত আফচোচ হ’ল। আজিয়েই যদি কিবা কাৰণে ঘটনা এটা হৈ গ’লহেঁতেন, তেতিয়া? কিন্তু, এওঁকতো মোৰ মনৰ দুশ্চিন্তাবোৰৰ কথা কৈ দিব নোৱাৰোঁ। মাইকী মানুহৰ মন। ভয়েই খাব।
সেয়ে হাঁহি এটা মাৰি বোলো, চিন্তা নাই। মই সাৱধানেৰেই চলাই আছোঁ।
তেওঁক চিন্তা নকৰিবলৈ ক’লোঁ যদিও মোৰ মনলৈ কিন্তু চিন্তাবোৰ এটা এটাকৈ আহিয়েই থাকিল।
কি যে হ’ব! কি যে কৰিম!
নাই নাই, সেইবোৰ একো নহয়।
মানুহ সদায় আশাবাদী হ’ব লাগে।
আৰু, আমিতো আজিলৈকে কাৰো অন্যায় কৰি থোৱা নাই।
আন কিছুমানৰ দৰে জী-জোঁৱাইক বেয়া ব্যৱহাৰ কৰি থোৱা নাই।
গতিকে, কাইলৈ অইন নহ’লেও সহানুভূতি অকণতো নিশ্চয় পাম।
আৰু চাবলৈ গ’লে, যিসকল বৃদ্ধ-বৃদ্ধা লোক আজি বৃদ্ধাশ্ৰমত আছেহি, তেওঁলোকৰ ঘৰ-পৰিয়ালৰ বা কি সমস্যা, কি ব্যৱস্থা!
কাৰোবাৰ হয়তো পুত্ৰ-বোৱাৰী দুয়ো পুৱাতেই চাকৰিলৈ বুলি ওলাই যায় আৰু ভাগৰে-জোগৰে উভতি আহি ঘৰ সোমায়হি সন্ধ্যা লগাৰ পিছতহে। নাতি-নাতিনীহঁতো চাগে পঢ়া-শুনাৰ খাতিৰত কলেজে-হোষ্টেলে বাহিৰে বাহিৰেই থাকিবলগীয়া হয়।
তাতে, দুয়ো পক্ষৰ মাজৰ ‘জেনেৰেশ্বন গেপ’ৰ কথাটোতো আছেই।
ইপিনে, স্মৃতিভংগকে আদি কৰি বৃদ্ধকালৰ আন আন অসুখ-বিসুখলৈকে এওঁলোকৰো বা কি কি সমস্যা! এতিয়া, এওঁলোকৰ দায়িত্ব বা ল’ব কোনে?
চাকৰ-নাকৰৰ ওপৰতো বিশ্বাস ৰাখিব পাৰে কিমান!
গতিকে, শেষ সিদ্ধান্তটো হয়গৈ বৃদ্ধ মাক- দেউতাকক কলেজ হোষ্টেল একোটাৰ দৰেই কোনোবা এখন বৃদ্ধাশ্ৰমতে নিৰাপদে ৰাখি থৈ নিশ্চিন্ত হোৱাটো।
অকল নিৰাপত্তাই নহয়, তেওঁলোকে ইয়াত লগ-ভাগোতো পায়।
এই লগ-ভাগ নাপালেতো তেওঁলোক একাকীত্বত ভুগি কষ্ট খাব।
তেতিয়া পৰিস্থিতি বেছি বেয়াহে হ’ব।
কিন্তু, এই কথাবোৰতো বাহিৰা মানুহে নুবুজে।
হয়তো, বুজিলেও তেওঁলোকে নুবুজাৰ দৰেই আচৰণ কৰে আৰু পুত্ৰ-বোৱাৰীৰে বদনাম গাই ফুৰি তেওঁলোকৰ মুখৰ খজুৱটিখিনি মাৰে।
মই পিছে কথাবোৰ বুজি পাওঁ।
ভালকৈয়ে বুজি পাওঁ।
“এটা কথা কি, জানে?”
প্ৰধান পথটো এৰি এইবাৰ ট্ৰেফিক কম থকা গ্ৰাম্য পথ এটাৰে ষ্টিয়েৰিং পোনাবলৈ লওঁতেই এওঁ মাজতে মাতষাৰ লগালে।
“কিছুমান বুঢ়া-বুঢ়ীও কম নহয়, বুইছে?
কিমানে যে ঘৰৰ বোৱাৰীজনীক গালি-শপনি পাৰি অশান্তি কৰি থাকে! আমাৰ খুৰীয়েই এতিয়া, নবৌক এসাঁজ ভাত শান্তিৰে খাবলৈ নিদিলে। শেষত যেনিবা নয়নদাহঁত টাউনৰ ভাৰাঘৰ এটালৈকে গুচি গ’লগৈ। হেৰ’, তোৰ ছোৱালীজনীকো গিৰিয়েকৰ ঘৰত এনেকৈ নাকনি-কাননি কৰি থাকিলে তোৰ কেনেকুৱা লাগিব, হাঃ”
এই শেষৰ কথাষাৰ যে এওঁ মোক উদেশ্য কৰি কোৱা নাই, বুজি পালোঁ।
তথাপিও কিন্তু হাঁহিটো ৰখাব নোৱাৰিলোঁ।
তাতে, এওঁতো বৰ মিছা কথা এটাও কোৱা নাই।
আৰু সঁচা কথাটো ক’বলৈ হ’লে, আমাৰ মা বৰ্তমান জীয়াই থকা হ’লেও এওঁৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলেহেঁতেন, খাটাংকৈ ক’ব নোৱাৰি।
তাতে, মাহঁত হৈছে তাহানিৰ কৌটিকলীয়া ধ্যান-ধাৰণাৰে পুষ্ট মহিলা।
শাহুৱে গৰকা বোৱাৰী এজনী পোৱাৰ আশা এটা মনত পুহি ৰখা মহিলা।
কিন্তু¸ চাবলৈ গ’লে, যিগৰাকী মহিলাক এওঁ দেখিবলৈকে নাপালে, তেওঁৰ বিষয়ে বেয়া ধাৰণা এটা এওঁৰ মনত গঢ় ল’বলৈ দিয়াটোতো বেয়া কথাই হ’ব।
সেয়ে, এওঁ যেতিয়াই কিবাকিবি প্ৰসংগত মোৰ মাৰ কথা উলিয়ায়, মায়ে এওঁক লৈ কিমান সুখী হ’লহেঁতেন, সেই বিষয়েহে দুই-এটা কথা কওঁ।
যিহেতু মোৰ মা বৰ্তমান এই পৃথিৱীত নাই, তেওঁৰ বিষয়ে মোৰ কথাখিনি ঠিক সঁচাও নহয়, মিছাও নহয় পৰ্য্যায়তে থাকে আৰু সেই বাবেই হয়তো মোৰ মাৰ প্ৰতি এওঁৰ মনত গঢ় লৈ উঠা শ্ৰদ্ধাৰ ভাবটো আজিও অটুট হৈয়ে আছে। এই শ্ৰদ্ধাৰ বাবেই হয়তো মাৰ মৃত্যু-বাৰ্ষিকীৰ দিনটো এখন বৃদ্ধাশ্ৰমতে ব্যতিক্ৰমী ধৰণেৰে উদ্যাপন কৰাৰ প্ৰস্তাৱটো এদিন এওঁ নিজেই আগবঢ়াইছিল।
“আপোনাৰ মা জীয়াই থকা হ’লে আমি পিছে লগতে ৰাখিলোঁহেঁতেন।”
উস! ৰক্ষা!