মূল-পিঁপড়া/ গল্পকাৰ-হুমায়ূন আহমেদ/ অনুবাদ — মুনমুন সৰকাৰ শইকীয়া

পৰুৱা

আপোনাৰ বেমাৰটোনো কি‌ কওক।
বেমাৰীয়ে একো নক’লে, কাষতে বহি থকা লগৰজনৰ পিনে চালে।
ডক্টৰ নুৰুল আফছাৰ, এম. আৰ. ছি. পি. ডি পি এস. খুব বিৰক্ত হ’ল। তেওঁৰ বিৰক্তিৰ মূলত: তিনিটা কাৰণ:
প্ৰথম হ’ল আঠ বাজি গৈছে, তেওঁ সদ্যহতে বেমাৰীক চোৱা বন্ধ কৰি ঘৰলৈ যাবগৈ লাগে আজি খুলশালিয়েকৰ জন্মদিন।
দ্বিতীয় কাৰণ হ’ল গাঁৱৰ পৰা অহা ৰোগী তেওঁ পছন্দ নকৰে। তেওঁলোকে হয় বৰকৈ কথা পাতে, নহ’লে একেবাৰেই নাপাতে। ভিজিটৰ সময় হ’লে দৰদাম কৰিবলৈ আৰম্ভ কৰে। চুচুক চামাককৈ বিবৰ্ণ চেহেৰা কৰি সোধে,
: অলপ কম দিলে হ’ব নে বাৰু, আমি দুখীয়া মানুহ যে?
আজিৰ এই ৰোগীক বেয়া পোৱাৰ তৃতীয় কাৰণটো ইমান গুৰুত্বপূৰ্ণ নহয়। তথাপিও নুৰুল আফছাৰ চাহাবৰ কাৰণে এই কাৰণটোৱেই আটাইতকৈ বেছি গুৰুত্ব বহন কৰা দৰে লাগিল।
মানুহজনৰ চেহেৰা নিৰ্বোধৰ দৰে। এনে লোকে নিজৰ বেমাৰৰ বিষয়েও সবিশেষ ক’ব নোৱাৰে। বেলেগৰ সাহায্য লাগে।
: কওক, সোনকাল কৰক। মোৰ বেলেগ কাম‌ আছে।
মানুহজনে একোৱেই নকৰে। গলখেকাৰি মাৰি এনে এক ভংগীৰে লগৰজনৰ পিনে চালে যেন বেমাৰৰ কথাটো তেওঁহে ক’ব। সিয়ো মুখেৰে একো নাই মতা।
ডক্টৰ নুৰুলে এবাৰ নিজৰ হাতঘড়ীৰ ফালে চাই ক’লে,
: গৰু ছাগলীয়ে নিজৰ কি বেমাৰ সেয়া ক’ব নোৱাৰে, অনুমান কৰি ল’বলগীয়া হয়। আপুনিতো গৰু ছাগলী নহয়। মনে মনে কিয় আছে?
আপোনাৰ নাম কি?
ৰোগীয়ে একো নক’লে। লগত অহাজনে ক’লে,
: তেওঁৰ নাম মকবুল।
: মহম্মদ মকবুল হুছেইন ভূঞা।
: নামটোও বেলেগে কৈ দিবলগীয়া হৈছে, আপুনি বোবা নেকি? কথা ক’ব পাৰেনে নাই?
: পাৰোঁ
: কি নাম আপোনাৰ?
: মহম্মদ মকবুল হুছেইন ভূঞা।
: বয়স কিমান?
: বাৱন
: আপোনাৰ সমস্যাটো কি?
ৰোগীয়ে তললৈ মূৰ কৰি বহি থাকিল। নুৰুল আফছাৰ চাহাবৰ এনে লাগিল যেন‌ অস্বস্তিকৰ কিবা ৰোগ যাৰ বিৱৰণ পোনপটীয়াকৈ দিব নোৱাৰি।
: আৰু সময় দিব নোৱাৰিম। মোৰ বেলেগ কাম এটা আছে। যদি কিবা ক’বলগীয়া আছে এতিয়াই কওক নহ’লে যাব পাৰে।
ৰোগীয়ে পুনৰ গলখেকাৰি মাৰিলে, তেওঁৰ লগত অহাজনে ক’লে,
: তেওঁৰ কোনো অসুখেই নাই।
: তেন্তে কিয় আহিছে?
: তেওঁক পৰুৱাই কামুৰে।
” কি ক’লে, পৰুৱাই কামুৰে? পিপীলিকা?
ডক্টৰ হ’লে অধৈৰ্য হ’ব নোৱাৰি। ৰোগীক খং কৰিব নোৱাৰি। দেখিবলৈ বেয়া হয়। বেমাৰৰ বিৱৰণ শুনি বিস্মিত হোৱাও নিষিদ্ধ। বেমাৰৰ ৰেহৰূপ যিমানেই আচহুৱা নহওক লাগিলে, এনে ভাব কৰি দেখুৱাব লাগে যেন তেওঁ এনে বেমাৰৰ কথা আগতেও শুনিছে আৰু তেনে বেমাৰী সুস্থও কৰি তুলিছে, আফছাৰ চাহাবে চিকিৎসা শাস্ত্ৰৰ এই নিয়মবোৰ নিষ্ঠাৰে পালন কৰে। আজি কিন্তু নোৱাৰিলে ধমকিৰ সুৰত ক’লে,
: পৰুৱাই কামোৰে মানে?
বেমাৰীয়ে জেপৰ পৰা এটুকুৰা কাগজ উলিয়াই ক’লে,
: চিঠিখন পঢ়ক, সব লিখা আছে ইয়াত।
: কাৰ চিঠি?
: কাচেম চাহাবৰ।
: কাচেম চাহাব কোন?
: এম.বি.বি.এছ ডাক্টৰ, আমাৰ অঞ্চলৰ নাম থকা ডাক্টৰ। তেখেতেই মোক আপোনাৰ ওচৰলৈ পঠাইছে। কৈছে নাম ক’লেই চিনি পাব। তেওঁ হেনো আপোনাৰ ছাত্ৰ আছিল।
: নুৰুল আফছাৰ চাহাবে কাচেম নামৰ কাকোৱেই মনত পেলাব নোৱাৰিলে। কাচেম বহুপ্ৰচলিত নামৰ ভিতৰৰ এটা। ক্লাছত প্ৰতি বছৰেই কাচেম নামৰ দুই তিনিজন থাকেই, এওঁ বা কোন কাচেম?
: ছাৰ, চিনি পাইছেনে?
চিনি নাই পোৱা বুলিলে ঠিক নহ’ব। পুৰণা ছাত্ৰবোৰে বেমাৰী পঠায় মাজে মাজে, ইহঁতক ভালৰি লগাই থাকিব লাগে সেয়ে।
আফছাৰ চাহাবে খীন হাঁহি এটা মাৰি ক’লে,
: চাওঁ কি লিখিছে।
: তেওঁ আপোনাক নমস্কাৰ জনাইছে।
: বাৰু, বাৰু, চাওঁ চিঠিখন।
চিঠিখন পাই তেওঁ ভ্ৰুকূটি কৰিলে। বঙালীয়ে কথা চমুৱাই ক’ব নিশিকিলে, দুই পৃষ্ঠাৰ এখন চিঠি পঠাইছে।
তেওঁ পঢ়িলে,
: পৰম শ্ৰদ্ধাভাজন,
ছাৰ,
প্ৰণাম ল’ব। মই তেসত্তৰৰ শিক্ষাবৰ্ষৰ ছাত্ৰ। আপুনিয়েই আমাক ফাৰ্মাক’ল’জি পঢ়ুৱাইছিল। মই আমাৰ শিক্ষাবৰ্ষৰ আটাইতকৈ চোকা ছাত্ৰ আছিলোঁ। আপোনাৰ বিষয়ত মই সৰ্বোচ্চ নম্বৰ পাইছিলোঁ। সেই উপলক্ষে আপুনি আপোনাৰ ঘৰলৈ মোক চাহ খোৱাকৈ মাতিছিল। আশাকৰোঁ আপোনাৰ মনত পৰিছে। যি কি নহওক মই মকবুল চাহাবক আপোনাৰ ওচৰলৈ পঠালোঁ। মকবুল বোলাজন এই অঞ্চলৰ এজন আঢ্যৱন্ত ব্যক্তি। যোৱা চাৰিটা বছৰে তেওঁ এক অদ্ভুত বেমাৰত ভুগি আছে, ইয়াক অৱশ্যে বেমাৰ বুলিও ক’ব নোৱাৰি কিন্তু বেলেগ একো নাম মই বিচাৰিও পোৱা নাই। কথাটো হ’ল তেওঁক সকলো সময়তেই পৰুৱাই কামোৰে।
ধৰিব পাৰিছো কথাটো আপোনাৰ কাৰণে নিতান্তই হাস্যকৰ। দৰাচলতে প্ৰথমে মোৰো তেনেকুৱা এটা ভাবেই মনলৈ আহিছিল, ভাবিছিলো ই এক মানসিক ব্যাধি। বৰ্তমান মোৰ সেই ধাৰণা সমূলি পৰিৱৰ্তন হৈছে। মই নিজেই দেখিছোঁ তেওঁ কৰ’বাত বহিলেই শাৰী শাৰী পৰুৱা তেওঁৰ গালৈ গতি কৰা। বেজ, মাদুলি, তন্ত্ৰ মন্ত্ৰ সব কৰাই চাইছে। একো লাভ হোৱা‌ নাই, মই একো উপায় নেদেখি আপোনাৰ ওচৰলৈ পঠালো। আপুনি দয়া কৰি হাঁহি উৰুৱাই নিদিব কথাটো।
ইতি
আপোনাৰ একান্ত বাধ্য ছাত্ৰ
আবুল কাচেম
ব্লু ষ্টাৰ ফাৰ্মাছি। নন্দাইল, কেন্দুৱা।
ডাক্টৰে বেমাৰীৰ পিনে চালে, জুপুকা লাগি বহি আছে তেওঁ। গাত বনিয়ন, পিন্ধনত লুঙী। আঢ্যৱন্ত পৰিয়ালৰ মানুহে পিন্ধা পোছাক নহয় এয়া। ডাক্টৰৰ মুখৰ পৰা এষাৰ শুনিবলৈ তেওঁ ৰৈ থাকিল। এনে উদ্ভট যন্ত্ৰণা অৰ্থহীন।
: পৰুৱাই কামোৰে নে আপোনাক?
: হয়, ছাৰ। এঠাইত বহিলেই পৰুৱাই আহি মোক ছানি ধৰে।
নুৰুল আফছাৰ চাহাবে এবাৰ ভাবিলে যে ক’ব, “আপুনি কি ৰসগোল্লা নেকি যে পৰুৱাই আহি ধৰিবহি”।
কিন্তু তেওঁ তেনেকৈ নক’লে।
: বৰ কষ্টত আছোঁ ছাৰ। যদি মোক সুস্থ কৰি তোলে আজীৱন আপোনাৰ দাস হৈ থাকিম। টকা – পইচাৰ কথা চিন্তা নকৰিব। যিমান লাগে লাগক।
: আপোনাৰ বহুত সা-সম্পত্তি নেকি?
: হয় ছাৰ।
: কিমান পইচা আছে?
বেমাৰীয়ে একো উত্তৰ নিদিলে, লগত অহাজনে ক’লে,
: মকবুল ভাইৰ পইচাৰ অভাৱ নাই, লাখ দুইলাখ তেওঁৰ বাবে তেনেই কম টকা।
নুৰুল আফছাৰ চাহাবে প্ৰথম বাৰৰ বাবে কৌতূহল অনুভৱ কৰিলে।
লাখ টকা এই সাধাৰণ বনিয়ন আৰু লুঙী পিন্ধি থকা মানুহজনৰ বাবে তেনেই নগণ্য সেইটো বিশ্বাস কৰিবলৈ তেওঁৰ অলপ কষ্ট হ’ল। তেওঁ নিজেও ধনী ব্যক্তিয়েই। ফিক্সড ডেপোজিটত তেওঁৰ এঘাৰ লাখমান টকা আছে। এইখিনি সঞ্চয়ৰ বিনিময়ত তেওঁ অশেষ কষ্ট কৰিবলগীয়া হৈছিল। পুৱা ৬ বজাৰ পৰা ৰাতি ১২ বজালৈ এক মিনিট সময় তেওঁ বিশ্ৰাম ল’ব পৰা নাছিল। একমাত্ৰ বন্ধবাৰটোও তেওঁ কামত লগাইছিল। ৰাতিপুৱা ফ্লাইটত চট্টগ্ৰাম যায়, লাষ্ট‌ ফ্লাইটত ঘূৰি আহে। তাৰেই এখন ক্লিনিকৰ তেওঁ কনছাল্টিং ফিজিছিয়ান। এই মানুহজনক দেখি লগা নাই মুঠেও যে তেওঁ কিবা কাম কৰে, নিৰ্বোধৰ দৰে দেখিবলৈ এই মানুহজনৰ হাতত ইমান পইচা থাকে কেনেকৈ? নুৰুল আফছাৰৰ খং উঠিল।
মকবুলে আকৌ খীন স্বৰত ক’লে,
: বেমাৰটো যদি ভাল কৰি দিব পাৰে।
: এইটো আৰু বেমাৰ হ’ল নেকি? মই এনে কোনো বেমাৰৰ বিষয়ে নাজানো য’ত বেমাৰীক আহি পৰুৱাই কামোৰে। মনোচিকিৎসক এজনৰ ঠিকনা লিখি দিলোঁ, তেখেতক এবাৰ দেখুৱাই ল’ব। আপোনাৰ যি সমস্যা তাৰ সমাধানৰ পথ মোৰ হাতত নাই।
নুৰুল আফছাৰে বাক্যটো শেষ কৰিবৰ আগতেই অদ্ভুত দৃশ্য এটাই তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিলে, মেজৰ ওপৰত ৰখা মকবুলৰ সোঁহাতৰ ফালে এলানি ৰঙা পৰুৱা আগবাঢ়িছে। ডাক্টৰৰ দৃষ্টিলৈ লক্ষ্য কৰি মকবুলেও পৰুৱাবোৰৰ পিনে চাই থাকিল একেথিৰে, একো নকৰাকৈ আনকি হাতখন আঁতৰাই নিয়াৰ প্ৰয়োজন বোধ নকৰিলে।
নুৰুল আফছাৰ চাহাবে সুধিলে,
: এই পৰুৱাবোৰ আপোনাৰ পিনে আহি আছে নেকি?
: হয় ছাৰ।
: কি কয় হে?
: ভৰিতো পৰুৱা লাগিছে। এঠাইত বহুত দেৰিলৈকে বহি থাকিব নোৱাৰোঁ, ছাৰ।
নুৰুল আফছাৰ চাহাব আগুৱাই আহিল, অলপ ওখত বহি ল’লে, দেখিলে সঁচাকৈয়ে দুলানি পৰুৱা মানুহজনৰ ভৰিৰ ফালে আগুৱাই গৈ আছে।
: মকবুল চাহাব।
: কওক ছাৰ।
: মোৰ আজি এটা জৰুৰী কাম আছে, আপুনি কাইলৈ এবাৰ আহিব পাৰিব নেকি?
: পাৰিম ছাৰ, য’লৈ যাবলৈ কয় যাম, খুবেই কষ্টত আছোঁ ছাৰ, ৰাতি টোপনি যাব নোৱাৰোঁ, নাকেৰেও পৰুৱা সোমাই যায়।
: আপুনি কাইলৈ আহক, কাইলৈ কথা পাতিম।
: বাৰু।
মকবুল থিয় হ’ল। পিছ মুহূৰ্ত্তত যিটো ঘটনা ঘটিল নুৰুল চাহাব তাৰ বাবে মুঠেও প্ৰস্তুত নাছিল। তেওঁৰ এনে লাগিল যেন মকবুল কিছু সময়ৰ বাবে বদ্ধ পাগল হৈ উঠিছে। চিন্তা আৰু বিচাৰ শক্তি লোপ পাইছে। তেওঁ দেখিলে যে মকবুলে হিংস্ৰ পশুৰ দৰে জঁপিয়াই জঁপিয়াই ভৰিৰে পৰুৱাবোৰ পিহি পেলাইছে। এবাৰ উজুটি খাই টেবুলৰ ওপৰত পৰি গ’ল আৰু হাতেৰে মোহাৰি পেলাবলৈ লাগিল হাতত থকা পৰুৱাবোৰ। মকবুল প্ৰচণ্ড ঘামি গৈছে, চকুৰ মণি দুটা ৰঙা হৈ উঠিছে, মুখেৰে অদ্ভুত শব্দ কৰি কৈছে,
: হাৰামজাদা, হাৰামজাদা।
মকবুলৰ লগত অহাজনে একো কেৰেপেই কৰা নাই, তেওঁৰ কাৰণে যেন এয়া নিত্য নৈমিত্তিক ঘটি থকা ঘটনা এটা, দিয়াচলাইৰ কাঠি এটাৰে দাঁত খুঁচৰি তেওঁ ৰৈ আছে।
নুৰুল আফছাৰ চাহাবে নিজৰ খুলশালীৰ জন্মদিনৰ কথা সমূলি পাহৰি গ’ল। বেমাৰীৰ ফালে হতভম্ব হৈ চাই থাকিল। তেওঁৰ এছিছটেণ্ট দুজনো দৌৰি আহিল। দুৱাৰখনত ধৰি তেওঁলোক থিয় হৈ থাকিল। বিস্ময়তকৈও তেওঁলোকৰ চকু মুখত ভয় বেছি।
মকবুল হঠাতে শান্ত হৈ পৰিল। খীন স্বৰত ক’লে,
: ছাৰ, মোক ভুল নুবুজিব, এই পৰুৱাবোৰে মোৰ জীৱন শেষ কৰি দিছে।
ডাক্টৰ চাহাবৰ এছিছটেণ্টে দৌৰি গৈ পানী লৈ আনিলে। এজন ভয়ংকৰ পাগলৰ পাগলামি বন্ধ হৈ গ’ল এই আনন্দতেই সি আনন্দিত।
মকবুলে পানীৰ গিলাচ হাতত লৈ বহি থাকিল, পানী নাখালে, বিৰবিৰাই ক’বলৈ ধৰিলে,
: যলৈকে যাওঁ, তাতেই পৰুৱা কি কৰিম কওক। যিখন বিছনাত শুই থাকো তাৰ খুটাত চাৰিটা ডাঙৰ ডাঙৰ মাটিৰ পাত্ৰ, পানী ভৰ্তি তথাপি ৰাতি পৰুৱা বগাই ছানি ধৰে, লাভ নহয় একো৷
: লাভ নহয়?
: নহয়, কেনেকৈনো বিছনাৰ চাদৰত উঠে, ঘণ্টাই ঘণ্টাই বিছনাৰ চাদৰ সলাবলগীয়া হয়।
: কি কয় হে?
: একদম সঁচা কথা, এটা শব্দও মিছা নাই মতা। যদি মিছা মাতো, মোৰ যেন কুষ্ঠ হয়। মই এঠাইত থিৰেৰে থাকিব নোৱাৰোঁ, ঠাই সলাই থাকিবলগীয়া হয়। মোৰ জীৱন ধ্বংস হৈ গৈছে।
ডাক্টৰ চাহাবে একেথিৰে চাই থাকিল, যিজন মানুহক প্ৰথম দেখোঁতে এনে লাগিছিল যে তেওঁ মুখেৰে মাতিব নোৱাৰে, সেইজনেই অনৰ্গল কথা পাতি আছে। এইটোৱেই স্বাভাৱিক, গাঁৱৰ মানুহবোৰৰ প্ৰাৰম্ভিক জড়তা কাটি গ’লে খুব কথা পাতে। প্ৰয়োজনীয় কথাতকৈ অপ্ৰয়োজনীয় কথাই বেছি পাতে।
: চিকিৎসাৰ ত্ৰুটি কৰা নাই ছাৰ, কেৰোচিন তেলত কাপোৰ জুবুৰিয়াই গোটেই গাত ঘহিঁছো যাতে গোন্ধত পৰুৱা নাহে, প্ৰথম দুই এদিন কামত দিয়ে, তাৰ পিছত নিদিয়ে, পৰুৱা আহে। এনে কোনো বস্তু নাই গাত ঘঁহা নাই। কোনোবাই ক’লে বাদুলীৰ বিষ্ঠা সানিলে পৰুৱা নাহে, সেয়াও কৰি চালোঁ। ইয়াতকৈ মই মৰি যোৱাই ভাল।
ডাক্টৰ চাহাবে নিজৰ এছিছটেণ্টক ক’লে,
: ঘৰলৈ ফোন কৰি কৈ দিয়া, মই ডাঙৰ অসুবিধা এটাত পৰিছো, গৈ পাওঁতে পলম হ’ব আৰু আমাৰ দুজনলৈ দুকাপ চাহ দিয়া। আপুনি চাহ খাই নহয়?
: খাওঁ।
: চাহ খাই খাই কওক, কেতিয়াৰ পৰা ইয়াৰ আৰম্ভণি, কেতিয়াৰ পৰা পৰুৱা আপোনাৰ প্ৰতি আকৃষ্ট হ’ল।
: অলপ গোপনীয়তা বজাই ক’ব পাৰিলে ভাল আছিল।
: গোপন কথা কিবা আছে নেকি?
: হয় আছে।
: হ’ব গোপনেই ক’ব। আগতে চাহ খাই লওক।
মানুহজনে মনে মনে চাহ খালে, টু শব্দ এটাও নকৰিলে। তেওঁৰ কথা ক’বলৈ চাগে হঠাৎ হে মন যায়, ঢেউৰ দৰে। ঢেউ আহিলে খুব পেকপেকায় ঢেউ গুচি গ’লে আকৌ শান্ত হৈ পৰে। তেতিয়া লগৰজনে পাতে। এতিয়া লগৰজনেই কৈ আছে,
: ছাৰ সকলোতকৈ ভাল ফলাফল দেখুওৱা চিকিৎসাটোৰ কথা আপোনাক ক’বলৈ থাকিয়েই গৈছে। মকবুল ভাই, সেই চিকিৎসাৰ কথাটো কওক।
: তুমিয়েই কোৱা।
: এই চিকিৎসা পদ্ধতি মকবুল ভাইয়ে নিজেই ভাবি উলিয়াইছিল, লোহাই লোহাক কাটে বুলি যে কয়, গুড়ৰ গোন্ধত পৰুৱা বেছিকৈ আহে, মকবুল ভাইয়ে গোটেই গাত গুড় সানি থৈ দিলে। এই চিকিৎসাই কাম দিছিল, সাতদিন এটা পৰুৱাও অহা নাছিল।
: সাতদিন নহয় পাঁচদিন, মকবুলে গম্ভীৰ স্বৰত ক’লে।
ডাক্টৰ চাহাবে সুধিলে,
: পাঁচ দিনৰ পিছৰ পৰা আকৌ পৰুৱা আহিবলৈ লাগিল?
: হয়। নদীৰ মাজমজিয়াত নাৱ লৈ কেইবাদিনো থাকিলো। তিনিদিনমান আৰামত আছিলোঁ, চাৰি নম্বৰ দিন পৰুৱা ওলালহি।
: তালৈ পৰুৱা গ’ল কেনেকৈ?
: নাজানো, ছাৰ। হয়তো। অভিশাপ।
: কিহৰ অভিশাপ? কাৰ অভিশাপ?
: আপোনাক গোপনে ক’ব খোজোঁ।
ডাক্টৰ চাহাবে গোপনে ক’বলৈ ব্যৱস্থা কৰি দিলে। গোটেই ঘটনাটোত তেওঁৰ কিবা কৌতূহল বাঢ়ি বাঢ়ি গৈ আছে। খুলশালীৰ জন্মদিনৰ কথাও মাজে মাজে মনলৈ আহি আছে, সেয়ে অলপ অস্বস্তিবোধ নকৰাও নহয় কিন্তু এনে কৌতূহল তেওঁ আগতে কেতিয়াও কোনো বেমাৰীৰ প্ৰতি অনুভৱ কৰা নাছিল। অৱশ্যে এইজনক বেমাৰী বুলি ক’বলৈও মন নাযায় পৰুৱাই ছানি ধৰাটো কোনো বেমাৰ নহয়।
ঘৰৰ পৰা সবকে বাহিৰলৈ উলিয়াই দিয়া হ’ল, মকবুলৰ লগৰজনকো। ঘৰৰ দুৱাৰখন জপাই দিয়া হ’ল। মকবুলে সৰু সৰুকৈ মাতিবলৈ ল’লে,
: মহাশয়, আপোনাক আগতেই কৈছিলোঁ, মোৰ ঢেৰ সা-সম্পত্তি আছে, এয়া এতিয়াৰ নহয় বৃটিছ আমোলৰ পৰাই আমাৰ সা-সম্পত্তি আছিল। মোৰ ককাদেউতাই তেওঁৰ দিনতেই পকী দালান বনাইছিল, তেওঁৰ দুজনী হাতীও আছিল, এজনীৰ নাম ময়না আনজনীৰ নাম সুৰভি।
: সেইটো প্ৰসংগ থাকক দিয়ক, পৰুৱাৰ প্ৰসংগলৈ আহক।
: আহি আছোঁ, মই মা-দেউতাৰ একমাত্ৰ সন্তান। বহুত সা-সম্পত্তিৰ মালিক। পইচা-পাতি, ক্ষমতা বেছি হ’লে মানুহৰ চৰিত্ৰ ঠিক হৈ নাথাকে, মোৰো থকা নাছিল। আপোনালোকে যাক অসৎ চৰিত্ৰ বুলি কয়, মোৰো সেয়াই আছিল। পোন্ধৰ-ষোল্ল বছৰ বয়সৰ পৰাই। ডাঙৰ ঘৰ-দুৱাৰ, নাৰী কাৰোৰেই অভাৱ নাছিল। দাসী আছিল। দুখীয়া আত্মীয় সকলৰ ঘৈণীয়েক, জীয়েকসকল আছিল। মোক টানকৈ এষাৰ ক’বলৈও কোনো নাছিল। মোৰ মা জীয়াই আছিল কিন্তু তেওঁৰ ওচৰলৈ বিচাৰ লৈ গলেই মই ধমকি দিছিলোঁ।
: আপুনি বিয়া নাই পতা?
: পাতিছো, দুজনীক আনিছো, সন্তানো আছে, কিন্তু স্বভাৱ নষ্ট হ’লে যি হয় আৰু, মাইকী মানুহ দেখিলেই…
: আপুনি আচল কথালৈ আহক, উল্টা পুল্টা কথা পাতি সম‌য় নষ্ট কৰি আছে।
: আহি আছোঁ, পাঁচ বছৰমান আগতে মোৰ দূৰসম্পৰ্কীয় ভনীয়েক এজনীৰ জীয়েকৰ ওপৰত মোৰ চকু পৰিল। চৈধ্য – পোন্ধৰ বছৰমান হ’ব। অলপ অপৰিষ্কাৰ গাৰ ৰং কিন্তু স্বাস্থ্য পাতি ভাল। মোৰ চৰিত্ৰৰ বিষয়ে কোনো অজ্ঞাত নহয়। ছোৱালীজনীৰ মাকে তাইক লগে লগে ৰাখে, খুবেই বদমাছ মানুহজনী,সুযোগ এটাও নিদিয়ে, তাইক লৈ মোৰ মাৰ কোঠালীৰ মজিয়াত শোৱে। ইমান খিনিৰ পিছতো লাভ নহ’ল, এদিন ৰাতি ঘটনা ঘটিল গ’ল।
: কি বুলি ক’লে, ঘটনা ঘটিল?
: হয়।
: আচৰিত, যেনেকৈ সহজভাৱে আপুনি কথাটো কৈ দিলে এনে লাগিল যেন খুবেই তুচ্ছ কিবা এটাহে ঘটিছিল।
: তুচ্ছ বুলিয়েই ধৰক। তেনে একো ডাঙৰ কথা হোৱা নাছিল। হা হা হা।
: নাহাঁহিব। একো হাঁহিউঠা কথা হোৱা নাই।
: বাৰু, বাৰু। তাৰ পিছত সিদিনাখন ৰাতিয়েই মানুহজনীয়ে ছোৱালীক নিগনি মৰা দৰৱ খুৱাই মাৰি পেলালে, লগতে নিজেও বাৰীৰ পাছফালে আমগছ এজোপাত চিপ ল’লে। মোক বিপদত পেলাবলৈকে তাই সেইখন কৰিলে। অসৎ মাইকী মানুহ কৰোবাৰ। মই ভীষন চিন্তাত পৰিলোঁ।
থানা পুলিচ হ’ব, খুনৰ কেছ হ’বলৈও আছে, দুটা দুটা মৃতদেহ।
: আপুনি খুন কৰা নাছিলে তেন্তে?
: নাই মই কিয় মাৰিম, মাৰিবলৈ হ’লে ঘৰৰ ভিতৰত কিয় মাৰিম? মাৰিবলৈ মন থাকিলে বেলেগলৈ নি মাৰিম। খুন কৰিব লাগে নদীৰ কাষত, খুন কৰাৰ পিছত সব ধুই নিকা কৰি ল’ব পাৰি। তাৰপিছত লাশ বস্তাত ভৰাই চুণ সানি চাৰিটা মান ইটা বস্তাত ভৰাই মুখ বান্ধি নদীত পেলাই দিব লাগে, গোটেই জীৱনৰ বাবে নিশ্চিন্ত। কোনেও গম নাপায়।
: আপুনি তেতিয়াহ’লে খুনো কৰিছে?
: নাই, দৰকাৰ পৰা নাই। যিটো কৈ আছিলো, সেইটো শুনক। ঘৰত দুটাকৈ মৃতদেহ। মই সবকে সতৰ্ক কৰি দিছিলোঁ, খবৰদাৰ, মৃতদেহৰ গাত যেন কোনেও হাত নিদিয়ে, যেনেকৈ য’ত আছে থাকক, মই নিজে গৈ অ.ছি. চাহাবক মাতি আনিমগৈ, তেওঁ আহি যি কৰে কৰিব।
থানা মোৰ ঘৰৰ পৰা পোন্ধৰ কিলোমিটাৰ আঁতৰত, নাৱলৈ গলোঁ, লগত পাঁচ হেজাৰ টকা ঘুচ লৈ গলোঁ, গৈ দেখিলোঁ মহা বিপদ। দাৰোগা চাহাব গৈছে বোয়ালখালি ডকাইতি মামলাৰ তদন্তত। ঘূৰি আহিল পিছদিনা। তেওঁক লৈ ঘূৰি আহোঁতে লাগিল তিনি দিন।
বাৰিষাকালি। গৰমদিন। তিনিদিনতেই মৃতদেহ গেলি গ’ল। বিকট গোন্ধ। দাৰোগা চাহাবক লৈ গছজোপাৰ ওচৰলৈ যাওঁতে অদ্ভুত দৃশ্য এটা দেখিলোঁ, মানুহজনীৰ গাত লাখ লাখ ৰঙা পৰুৱা বগাই আছে যেন ৰঙা শ্বল এখন গাত মেৰিয়াই লৈছে।
ছোৱালীজনীৰো একেই অৱস্থা, মুখ, হাত, ভৰি পৰুৱাৰে ঢাকি ধৰা, যেতিয়া গোটেইবোৰ পৰুৱা একেলগে লৰফৰ কৰি দিয়ে এনে লাগে যেন ৰঙা চাদৰখন কোনোবাই টানি জোকাৰি দিলে।
ডাক্টৰ চাহাবে তিক্ততাৰ স্বৰত ক’লে,
: আপুনি দেখোন খুব বেয়া মানুহহে।
: নাই, মোৰ দৰে যিসকলৰ সা-সম্পত্তি আছে সেইসকল মোতকৈও বেয়া। মই সিমানো বেয়া নহয়, তাৰ পিছত কি হ’ল শুনক, মই এডাল চিগাৰেট জ্বলালো, চিগাৰেটৰ জুই তলত পৰিলত, সববোৰ পৰুৱা এবাৰ লৰফৰ কৰি উঠি ছোৱালীজনীৰ গাৰ পৰা নামি আহিল। তাইৰ মুখখন পৰুৱাই খাই পেলাইছিল, য’ত ত’ত হাড় ওলাই গৈছিল, দাৰোগা বাবুয়ে এই বীভৎস দৃশ্য চাব নোৱাৰি চকু মুখ ৰুমালেৰে ঢাকি পেলালে, আসস্। তাৰ পিছত পৰুৱাবোৰ মোৰ ফালে পোনালে, ভয়তে মই চোতাললৈ ওলাই আহিলো, পিছে পিছে পৰুৱাবোৰ আহিল, তেতিয়াৰ পৰাই আৰম্ভ, যলৈকে যাওঁ তালৈকে যায়। আপোনাৰ ইয়াত চিগাৰেট এটা খাব পৰা হ’বনে? খাব পৰা হ’লে চিগাৰেট এটা খালোঁ হয়।
: হমম্ খাওক।
: শুকুৰ আলহীমদুলিল্লাহ! মকবুলে চিগাৰেট জ্বলালে, তাৰ মুখ বিষণ্ণ, সি পাগলৰ দৰে চিগাৰেট হুপিবলৈ ল’লে, আৰু খুকখুকাই কাঁহিব ধৰিলে। অলপ উশাহ সলাই ক’লে,
: আগতে মোৰ কাহ নাছিল, এতিয়া হৈছে, নাকেৰে সোমাই সিহঁত মোৰ হাওঁফাওঁ পাইছেগৈ। তাতেই থাকে। কেনেকৈ গম পালোঁ, জানেনে? কাহৰ লগত তেজ ওলায় আৰু ওলায় মৰা পৰুৱা।
ডক্টৰ চাহাবে একেথিৰে চাই থাকিল।
: চিগাৰেট হুপি আছোঁ যাতে কাহে ধৰে, কাহিলে পৰুৱা ওলাব আৰু পৰুৱাৰ ডিম ওলাব। আপুনি নিজ চকুৰে চাব পাৰিব। মই ঘোষণা কৰিছোঁ যিজনে মোক পৰুৱাৰ হাতৰ পৰা ৰক্ষা কৰিব তাক মই নগদ দুই লাখ টকা দিম। মই বেয়া মানুহ হ’ব পাৰোঁ কিন্তু কথা দিলে কথা ৰাখোঁ, টকা মই লগতেই লৈ আনিছো, আপুনি মোক বচাওক।
ডাক্টৰ চাহাবে একো নক’লে। তেওঁ নিজৰ বিশাল ছেক্ৰেটেৰিয়াট টেবুলখনৰ ওপৰৰ চিচাঁৰ ফালে চাই আছে। মকবুলৰ বাওঁ হাতখন টেবুলৰ ওপৰত। দুই ফালৰ পৰা দুলানি পৰুৱা সেইহাতখনৰ ফালে আগুৱাই গৈ আছে। মকবুলৰো সেইপিনে চকু গ’ল। সি হুমুনিয়াহ কাঢ়ি সুধিলে,
: আপোনাৰ একো কৰিবলগীয়া নাই ন’?
: হয়, ঠিক তেনেকুৱাই।
: মই জানিছিলো, মোৰ মৃত্যু পৰুৱাৰ হাতত, মকবুলে মন্ত্ৰমুগ্ধৰ দৰে পৰুৱাবোৰলৈ চাই আছে, তাৰ চকু জিলিকি উঠিছে, সি নিজৰ বাওঁহাতখন আৰু অলপ আগুৱাই দি ক’লে,
: ল, খা।
পৰুৱাবোৰ অলপদেৰি ৰল, বগাই ওপৰলৈ নুঠিল, অলপ যেন অনিশ্চয়তাত ভুগিছে তেনে লাগিল।
: নিজে উপযাচি দিলে ইহঁতবোৰে অলপ দেৰি চিন্তা-চৰ্চা কৰি লয় পটকৈ নবগায়। চাওক বগোৱা নাই।
: এৰা, ঠিকেইতো, নাই বগোৱা।
: চিন্তা-চৰ্চা শেষ হ’লেই বগোৱা কামটো আৰম্ভ হ’ব।
সেয়াই হ’ল।
ডাক্টৰ চাহাবে লক্ষ্য কৰিলে, পৰুৱাৰ দ’ল মকবুলৰ বাওঁহাতত বগাবলৈ আৰম্ভ কৰিছে, আগৰ দুলানিৰ সৈতে নতুন এলানিও আহি যোগ দিছেহি। পৰুৱা বোৰৰ মুখত ডিম। ডাক্টৰ চাহাবে ভাবি নাপালে, মুখত ডিমবোৰ লৈ পৰুৱাবোৰ কিয় আগবাঢ়ি গৈছে? ইহঁতক লাগে কি? কোনে সিহঁতক পৰিচালনা কৰি আছে? সূত্ৰধাৰ কোন?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments