ধৰমপাল গুলাটী: আত্মবিশ্বাস আৰু কৰ্মোদ্যমৰ এক অনন্য গাথা –নিলাক্ষী দেৱী ডেকা

ভাৰতৰ জনপ্ৰিয় মচলা ব্ৰেণ্ড এম ডি এইছৰ স্বত্বাধিকাৰী ধৰমপাল গুলাটীৰ জন্ম হৈছিল ২৭ মাৰ্চ ১৯২৩ চনত বৰ্তমান পাকিস্তানৰ শিয়ালকোটত। পাঁচ বছৰ বয়সত শিশু ধৰমপালক স্কুলত নাম লগাই দিয়া হয় যদিও স্কুলত তেওঁৰ সমূলি মন বহা নাছিল। কোনোমতে পঞ্চম শ্ৰেণীলৈকে পঢ়াৰ পাছত তেওঁ স্কুল যোৱা বাদ দিয়ে। তাৰপাছত দেউতাকে ধৰমপালক নিজৰ মছলা ব্যৱসায়ৰ কামত লগাই দিয়ে। সেইখিনি সময় আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়। ১৯৪৭ চনত দেশৰ বিভাজনৰ সময়ত ধৰমপালৰ পৰিয়ালে শিয়ালকোট এৰিব লগা হয়। চাৰিওফালৰ সাম্প্ৰদায়িক হিংসা আৰু অশান্তিৰ মাজত কিবাকৈ প্ৰাণ বচাই তেওঁলোকৰ পৰিয়াল আহি অমৃতসৰত উপস্থিত হয়। অমৃতসৰৰ ৰিফিউজী কেম্পত কিছুসময় অতিবাহিত কৰাৰ পাছত জীৱিকাৰ সন্ধানত ধৰমপাল তেওঁৰ ককায়েক ধৰ্মবীৰ আৰু দুই এজন সম্পৰ্কীয় মানুহৰ লগত লাগি দিল্লীলৈ আহে। দিল্লীলৈ অহাৰ পাছত তেওঁলোক কেৰল বাগ অঞ্চলৰ এজন সম্পৰ্কীয়ৰ ঘৰত আহি উঠেহি। ঘৰটোত বিজুলী, পানী নতুবা শৌচাগাৰৰ সুবিধাও নাছিল। দিল্লীলৈ অহাৰ সময়ত দেউতাকে সাঁচতীয়া ধনৰ পৰা দি পঠিওৱা টকাৰে ধৰমপালে এখন টাংগা কিনে আৰু কনাট প্লেচ আৰু কেৰল বাগৰ মাজত ভাড়া মাৰিবলৈ আৰম্ভ কৰে। কিন্তু এনেদৰে টাংগা চলাই তেওঁ পৰ্যাপ্ত আৰ্জন কৰিব পৰা নাছিল গতিকে তেওঁ নিজৰ টাংগাখন বিক্ৰী কৰি কেৰল বাগত এখন সৰু দোকান দি ১৯৪৮ চনত তেওঁলোকৰ পৰিয়ালৰ মচলাৰ ব্যৱসায় পুনৰ আৰম্ভ কৰে। এইক্ষেত্ৰত তেওঁৰ পুৰণি অভিজ্ঞতাও বহুত কামত আহে আৰু দোকানখন ভালকৈয়ে চলিবলৈ আৰম্ভ কৰে। ১৯৫৩ চনত তেওঁ দিল্লীৰ চান্দনী চকত আৰু এখন দোকান ভাৰালৈ লয়। ১৯৫৪ চনত তেখেতে কেৰল বাগত ‘ৰূপক ষ্ট’ৰ’ৰ স্থাপন কৰে। এইখনেই ভাৰতৰ প্ৰথম আধুনিক মচলাৰ দোকান আছিল। পাছত তেওঁ এইখন নিজৰ সৰু ভায়েক সত্যপাল গুলাটীক দি দিয়ে। ১৯৫৯ চনত তেখেতে কিৰ্তী নগৰত এডোখৰ মাটি কিনি তাত নিজৰ প্ৰথমটো মছলাৰ ফেক্টৰীৰ স্থাপন কৰে। এম ডি এইছ বা ‘মহাশিয়াঁ ডী হট্টী’লিমিটেড নামৰ এই প্ৰতিষ্ঠানটোৰ পাঞ্জাবী ভাষাত অৰ্থ হ’ল, “The shop of a magnanimous man।” এই মচলাৰ ব্ৰেণ্ডে গোটেই দেশতে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে। বৰ্তমান এম ডি এইছৰ ৬০ টাতকৈও অধিক প্ৰডাক্ট বজাৰত উপলব্ধ। এই কোম্পানীৰ দিল্লীৰ উপৰিও গুৰুগ্ৰাম আৰু নাগোৰত তিনিটাকৈ কাৰখানা আছে। বৰ্তমান এম ডি এইছৰ মছলা বিশ্বৰ এশতকৈয়ো বেছি দেশলৈ ৰপ্তানি কৰা হয়। ধৰমপাল গুলাটী নিজৰ কোম্পানীৰ নিজেই ব্ৰেণ্ড এম্বেচাদৰ আছিল। শুভ্ৰ মোচকোঁচা আৰু পাগুৰী পৰিহিত তেখেতৰ চেহেৰা সকলোৰেই পৰিচিত। “অচলী মচালে সচ্ সচ্” আৰু “য়হী হ্যে অছলী ইণ্ডিয়া” এম ডি এইছৰ জনপ্ৰিয় সংলাপ। ২০১৯ চনত ভাৰত চৰকাৰে তেখেতক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। জীৱনৰ শেষ বয়সতো তেখেতে নিজৰ কোম্পানীৰ CEO হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু বাৰ্ষিক ২১ কোটিৰ অধিক টকা দৰমহা হিচাপে লাভ কৰিছিল। তেখেতে নিজৰ আৰ্জনৰ ৯০% ধনৰাশি পিতৃৰ নামত প্ৰতিষ্ঠা কৰা “চুন্নীলাল চেৰিটেবল ট্ৰাষ্ট”লৈ দান দি আহিছিল। এই ট্ৰাষ্টে দিল্লীত ২৫০খন বিছনাযুক্ত এখন হস্পিতাল আৰু বস্তি অঞ্চলৰ বাসিন্দাৰ বাবে আন এখন ভ্ৰাম্যমান হস্পিতাল চলাই আহিছে। এই ট্ৰাষ্টে এখন ইণ্টাৰনেশ্যনেল স্কুলো পৰিচালনা কৰে। সামাজিক দুৰ্দশাগ্ৰস্ত লোকলৈয়ো এই ট্ৰাষ্টৰ জৰিয়তে আৰ্থিক সাহায্য আগবঢ়োৱা হয়।

ধৰমপাল গুলাটীদেৱৰ ৩ ডিচেম্বৰৰ পুৱা দিল্লীৰ ‘মাতা চানন দেৱী’ চিকিৎসালয়ত ৯৭ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!