মেডিকেল কলেজৰ হাঁহি চকুলো- ২৪ (দীপুল হালৈ)

লাহে লাহে ল’ৰা-ছোৱালীবোৰ ঘৰৰ পৰা আহিবলৈ লৈছে। ছাৰ সকলো দীঘলীয়া ছুটি কটাই ক্লাছলৈ আহিছে। বহুদিনৰ পাচত ক্লাছ কৰি ভাল লাগিছে। আমাৰ শ্ৰেণী প্ৰতিনিধি নতুন হ’ল। প্ৰদীপ হাতীমতাক এইবাৰ প্ৰতিনিধি পাতিলে। মাজুলীৰ ল’ৰা। আমাৰ গ্ৰুপৰে। আগতকৈ ব্যস্ততা বাঢ়িল। আগতে সন্ধিয়াটো মুক্ত আছিলোঁ। এতিয়া ৱাৰ্ডত ক্লিনিকছৰ ক্লাছ থাকে। কেতিয়াবা স্নাতোকত্তৰ দাদা বা বাইদেউৱে কোনো এটা বিষয়ৰ ওপৰত ৱাৰ্ডত ক্লাছ লয়। পঞ্জীয়কেও ক্লাছ লয়। আমাৰো আড্ডা জমে।

এদিন আমাৰ লগৰ ছোৱালী এজনীয়ে ৱাৰ্ডৰ ৰোগী এগৰাকীক বুৰঞ্জী লওঁতে শুধিলে : আপোনাৰ ল’ৰা-ছোৱালী কেইটা ?

:“ ৫-৬টা মান হ’ব বাইদেউ ”। আমি হাঁহি ৰখাব নোৱাৰিলোঁ। মানুহজনে বৰ লাজ পালে আৰু ক’লে,
: যিটো সঁচা তাকেহে কৈছোঁ। আচলতে ৰোগীগৰাকীয়ে কি ভুল কৰিছে ধৰিব পৰা নাই। বেয়া লাগিল; মানুহজনে বেয়া পালে। এটা কম বয়সৰ ল’ৰা মেডিকেল -২ ত বহুদিন আছিল। আমাৰ লগত প্ৰায় চিনাকি হৈ গৈছিল। লগৰ ছোৱালীবিলাকৰ লগত হাঁহি ধেমালি কৰি কথা পাতিছিল; কেতিয়াবা বদমাছিও কৰিছিল। ৰাউণ্ডৰ সময়ত পলায়। সেয়েহে তাক এদিন দলে বাইদেৱে ধমকি দিলে। তাৰ তেজৰ সমস্যা- এপ্লাষ্টিক এনিমিয়া আছিল। তেজৰ হিমোগ্ল’বিন কমি গৈ থাকে। কিছুদিনৰ অন্তৰে অন্তৰে তেজ দিব লগা হয়। এই মিছিং চেমনীয়াজন মেডিকেল-২ ৰ প্ৰায় নিয়মীয়া আলহী আছিল। প্ৰথমে নাকৰ পৰা তেজ ওলোৱা সমস্যা লৈ মেডিকেললৈ আহিছিল আৰু ৰক্তৰ পৰীক্ষাত ধৰা পৰিছিল এই ৰোগটো।

মেডিকেলত সাহিত্য চ’ৰা এটাও আছিল। মাজে মাজে কবিতাৰ গধূলি একোটা হয়। নিজৰ আনৰ কবিতা পাঠ হয়। ভাল লাগিছিল। সাহিত্যক ভালপোৱা বন্ধু-বান্ধৱীখিনি একগোট হৈছিল। এবাৰ তেনে এক “কবিতাৰ গধূলি”ত মইোও এটা স্বৰচিত কবিতা পাঠ কৰিছিলোঁ। পাঠৰ অন্তত সকলোৱে হাত চাপৰি বজাইছিল- নাজানো ভাল হোৱা বাবে এই চাপৰি নে এনেয়ে বজাব লাগে কাৰণে বজাইছে। মোৰ কিন্তু বৰ লাজ লাগিছিল কিয়নো কবিতাটো প্ৰেমৰ কবিতা আছিল। সকলোৱে মোৰ ফালে বৰকৈ চাইছিল। তেতিয়ালৈ পিচে মোৰ কোনো প্ৰেমিকা নাছিল ! লগৰ হককো এটা প্ৰেমৰ কবিতা লিখি দিছিলোঁ। সি কবিতাটো দেখি ক’লে : হালৈ, বেছি প্ৰেম আছেহে এইটোত অলপ কমাব নোৱাৰিনে। মই ও অলপ টানি টুনি প্ৰেম কমাই দিছিলোঁ। সি আচলতে ছোৱালী এজনীক ইম্প্ৰেছ কৰিবলৈহে এই কবিতাৰ আশ্ৰয় লৈছিল। হায়াৰ চেকেন্ডাৰীত আদা এটুকুৰাৰ ছবি আঁকিব নোৱাৰা এইজনা প্ৰেম গুৰুৱে প্ৰেমিকাৰ বেক ভিউৰ ছবি আঁকিছিল ক্লাছৰ বহীত ! বাহ , প্ৰেমৰ কি শক্তি !

 

(আগলৈ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!