মোহন — জিমি শইকীয়া

আমাৰ ঘৰৰ ওচৰৰ মোহন বোলাটোক ঘৰৰ মানুহখিনিয়ে মানসিক ভাৱে ভাঙি পেলাইছে আৰু৷
—-“কিবা এটা কৰ গৰু, কিবা এটা কৰ গাধ, হেৰৌ ধোদৰ পচলা, লাটচাহাবৰ বেটা, হেৰৌ হাত তিয়াই ভাত খোৱাৰ জাত, কেলেহুৱাৰ সঁচ” আদি বিশেষ্য, বিশেষণ পদেৰে বিভূষিত মোহনৰ এনে সন্মান লৈ লৈ আমনি লাগিল আৰু৷
কেতিয়াবা কয়-জ্যোতিষীক চোৱালে আকৌ মোহনৰ কপালত ৰাজভোগ থকা বুলিহে কয়৷ সেয়ে চোৱা চিতা বিশ্বাস নহয়৷ হেৰৌ ৰাজভোগ বাদেই ভিক্ষাৰীৰ ভোগো নাই ইয়াৰ!”

মোহনৰ দেউতাকৰো অসমীয়াত গালি পাৰি পাৰি আমনি লাগিল হবলা৷ আজিকালি আকৌ হিন্দীতে পাৰে- বাপকী হোটেল মে খায়া হাই তৌ কাহেকা চিন্তা৷ নালায়ক কা বেটা৷
মোহন আহে মোৰ ওচৰলৈ৷ কাৰণ সৰুৰ পৰাই ম‌ই তাক সহায় সহযোগিতা কৰি আহিছো বাপেকৰ গালিৰ পৰা আমাৰ চুবুৰীটো ৰক্ষা কৰিবলৈ৷ মানে জন্মৰ চন হিচাপে মোহন মোতকৈ ডাঙৰ যদিও হাইস্কুলত পৰীক্ষা ৰাক্ষসীৰ কবলত পৰি মোহন মোৰ সহপাঠী হ’ল৷ দৰাচলতে এল.পি.স্কুলতে সি মোৰ সহপাঠী হ’ব লাগিছিল৷ পিছে আমাৰ এল.পি.স্কুলখন মোহনৰ দেউতাকৰ অমাইক (কথা ক‌ওঁতে মাইক অবিহনে দূৰলৈকে শুনা) গালিয়ে ঢুকি পোৱা দূৰত্বতে আছিল৷ ছাৰ-বাইদেৱে চাগৈ বেচেৰা মোহনৰ মুখলৈ চায়ে যেনতেন তাক এল.পি.ৰ দেওনাটো পাৰ কৰাই দিলে৷ এনেও সি দেখাত কাশ্মীৰী আপেল হেন৷ পিছে হাইস্কুলখন দূৰত হোৱাৰে পৰা মোহনৰ স্কুল গাড়ীয়ে ব্ৰেক মাৰি মাৰি ৰ’বলৈ ধৰিলে৷ মোহন মোৰ লগৰীয়া হৈ পৰিল৷
কোৱা শুনো বোলে চৰাইৰ মাতত বা কুকুৰাৰ ডাকত ৰাতিপুৱাই৷ কিন্তু আমাৰ চুবুৰীত মোহনৰ দেউতাকৰ গালিমালা পাঠেৰে চৰাই চিৰিকটিয়েও সাৰ পায়৷ সিহঁতেও চাগৈ কথা পাতে দেই-ঐ বাহ এৰিবৰ হ’ল দেই! মোহনৰ দেউতাকে গালি পাৰিলেই৷ ”
মানে এক কথাত ক’বলৈ গ’লে আমাৰ চুবুৰীত কোনোদিনেই গুডমৰ্ণিং নহৈ গালিমৰ্ণিঙহে হয়৷
মোহনৰ দেউতাকৰ গালিমৰ্ণিঙৰ প্ৰভাৱ আমাৰ ঘৰতো পৰিল৷ আধা ৰাতিতে উঠি মোহনৰ দেউতাকে মোহনক পঢ়িবলৈ যিটো ভলিউমত উঠাই মোহনৰ নুঠি উপায় নাই৷ সিয়ো বাপেকৰ পুতেকহৈ অমাইক মাতেৰে চিঞৰি চিঞৰি পঢ়ে৷ যেই মোহনে পঢ়িব লয় মোক বাৰু ঘৰত শুই থাকিবলৈ সুবিধা দিবনে? আমাৰ ঘৰৰ চাউণ্ড চিষ্টেম দুজনেও আৰম্ভ কৰে-“হেৰৌ মোহনেই উঠি পঢ়ি আছে৷ আমাৰ গৰাকীৰ সাৰসুৰ নাই৷ এইবাৰ চাবিছোন মোহনে পাছ কৰিব আৰু ত‌ই ফেল!”
ৰাতিপুৱাই এই অভিশপ্ত কথাবোৰ শুনি মোৰো টেমা-চেমা নষ্ট হৈ যায়৷ মোহনৰ বাপেকলৈ খং উঠি যায়৷ এই মোহনডালৰ পৰা মোৰো উপায় নাইকিয়া হ’ল আৰু৷
কপাল ভাল পঢ়াত ম‌ই নিমখহেন চোকা নহ’লেও সৰস্বতী মাৰ আৰ্শীবাদ নাপালেও বগী ৰাজহাঁহজনীৰ আৰ্শীবাদতে মোহনতকৈ অলপ হ’লেও পাৰোঁ৷ মোহনৰ লগত এটা চুক্তি কৰিলোঁ-“বোলো মোহন ঐ! ত‌ই পঢ়িব মন নগ’লেও এনেই কিতাপখনৰ ওচৰতে বহি থাকিবি৷ বাপেৰক দেখুৱাই অলপ পঢ়াৰ এক্টিং হ’লেও কৰিবি৷ লাগিলে পঢ়া কিতাপ -বহি মেলি লৈ হৰেশ্বৰ বৰ্তাৰ ঘৰৰ জলফাইজোপাতে মনটো দি থ’বি তবু বহি থাকিবি বুইছনে৷ পৰীক্ষাত ত‌ই মোৰ ওচৰতে পৰিবি, গতিকে তোক পাছ কৰাই নিয়াৰ দায়িত্ব মোৰ৷”
সি কয় -দেউতাইযে চিঞৰি নপঢ়িলে গালি পাৰে৷
ম‌ই ক‌ওঁ-দেউতাৰক মুখখন খুলি তয়ো ক’বি ইমান দিনে চিঞৰি পঢ়ি কিনো কচুপাত ফালিলো৷ এইবাৰ মনে মনে পঢ়ি পাছ কৰিম বুলি তোৰ দেউতাৰক কথা দিবি৷
মোহনৰ ছমহীয়াত আগতকৈ উন্নতি হ’ল৷ মোৰ ফেচেলেটি বাঢ়িল৷ মোহনৰ চাইকেলখনৰ কেৰিয়াখন মোৰ দখললৈ আহিল, ৰাস্তাত চানা খোৱা, মহালেক্টৰ খোৱাৰ খৰচো তাৰ৷ মাত্ৰ ম‌ই পৰীক্ষাত তাক অলপ পাছ কৰাৰ জোখাৰে শিকাই দিব লাগে৷
সেইবছৰ ডেডেৰিয়াই মেডেৰিয়াই মোহন পাছ৷ কিন্তু পিছৰ বছৰ ম‌ই আৰু সি লগ এৰিলোঁ‌৷ কিন্তু আচৰিত কথা মোহনে মোৰ সহায় নোলোৱাকৈয়ে পাছ কৰিলে৷ মোহনে অৱশেষত টুকুৰা মাৰিবলৈকে শিকিলে৷ বাপেকৰ গালি শুনাতকৈ টুকুৰা মৰাই ভাল৷ পিছে মেট্ৰিকত ফেল৷ এদিন মোক ক’লে -“তাৰ বোলে ইংৰাজীত সোপাকে কমন পৰিছিল৷ পিছে এছেখন নকল মাৰি পাহৰণিতে ষ্টেপলডাল নকলৰ সৈতেই মাৰি দিলে৷ মোহনে বাৰু কেনেকৈ পাছ কৰে!
যা নহ‌ওঁক মোহনৰ অসীম সাধনাৰ বলত দুইবছৰৰ মূৰত মেট্ৰিক পাছ কৰিলে৷ পিছে হায়াৰচেকেণ্ডাৰীটো আজিলৈকে নহ’লগৈ আৰু৷
বাপেকৰ মতে পঢ়া-শুনা নোৱাৰ যদি কিবা এটা কৰ৷ কিন্তু মোহনে কৰিব কি?
গৰু, গাধ যিমান ঘৰচীয়া জন্তু আছে সবেই মোহনৰ বাপেকৰ গালিত স্থান পায়৷ মোহনলৈ মোৰ বেয়াও লাগে এদিন ক’লো-ঐ তোকযে বাপেৰে গৰু গৰুকৈ গালি পাৰি থাকে, ত‌ই ক’ব নোৱাৰ নেকি গৰুৰে হালহে বায়৷ তোক যুঁটি লৈ হালকে বাব ক’বি৷
পিছদিনা মোহনৰ বাপেকৰ গালি-অ’ আমাৰ নালায়কৰ বেটাই কথা কৈছে চোৱা৷ বাপেৰৰ মুখে মুখে কথা……..
এদিন মোহনৰ মাকক উচতাই দিলো-বোলো বৰমা! মোহন জানো আপোনাৰে বৰ্তাৰে ল’ৰা নহয়!
“হয়তো! কিয় সুধিলি?
:নহয় মানে বৰ্তাই সঁচ, জাতত ধৰি গালি পাৰে যে৷ ম‌ই ভাবিলো কি সি বৰ্তাৰ সচঁৰ নহয়বা! আকৌ কেতিয়াবা লাটচাহাবৰ বেটা, নালায়কৰ বেটা বুলিও কয়তো!

মোহনৰ মাকে সেইদিনা মোহনৰ দেউতাকক কোৱা শুনিলো-হেৰি! গালি পাৰে পাৰক, সি কিবা এটা কৰিব লাগে বুলি ময়ো জানো৷ পিছে এই জাত, সঁচত ধৰি নিজকে কিয় গালি পাৰে হয়নে? সিটো আপোনাৰে জাতৰ৷ আপোনাৰ বাহিৰে ম‌ই কাৰো মুখলৈও নাচাওঁ৷ মোক আপুনি সন্দেহ কৰিছে৷ সি যদি নালায়কৰ বেটা, আপুনি দেখোন নালায়কটো নিজেই হ’ল৷
পিছদিনা গম পালো সেইদিনা ৰাতি মোহনৰ ঘৰত চৰু নজ্বলিল৷
এদিন আমন-জিমনকৈ বেচেৰাটো আমাৰ পুখুৰীৰ পাৰত বহি আছে৷ মোৰতো চিৰিঙকৈ মাৰিলে৷ বোলো এইডাল আকৌ চুইছাইটৰ ধাণ্ডাত বহি আছে নেকি৷
:অ’ মোহন ত‌ই কি কৰিছ আমাৰ পুখুৰীপাৰত?
:কোনোবাদিনা খং উঠিব জাঁপ দি মৰি থাকিম৷
:ঐ মৰিবলৈ ক’লৈ যাৱ গৈ থাকিবি৷ কিন্তু আমাৰ পুখুৰীত নমৰিবি৷ মাছসোপা খাব নোৱাৰিম, বেচিব নোৱাৰিম৷ বাপেৰৰ ওপৰত খং উঠিছে বাপেৰৰ পুখুৰীত মৰিবি৷ তেতিয়াহে যদি তোৰ বাপেৰে বুজে গালি পাৰিলে টকাও লষ্ট হয় বুলি৷
:চাচোন আজিৰ দিনত কিবা এটা কৰা সহজ জানো৷ মুৰ্গীফাৰ্ম খুলিব নোৱাৰো ৰাইজে ধৰে, জাৰ্চী এজনী পুহিব নোৱাৰো কাৰণ জীৱ থকা বস্তুত টকা খটাম হয়, মৰি থাকিলে মূলো নাপাম৷ চাকৰি কৰিবলৈ মোৰ পঢ়া নাই৷
মোৰ মূৰত আইডিয়া এটা আহি গ’ল-“বোলো মোহন অ’! ত‌ই নহ’লে বিয়াকে পাত চাকৰিয়াল ছোৱালী এজনী চায়৷ এনেওতো ত‌ই দেখিবলৈ ধুনীয়া …..”
সেইদিনা সন্ধিয়া শুনিলো-কটা নিধক! বিয়া পাতে সি! ফিট বাবু হৈ ঘূৰিলেই ছোৱালী পাবিনে! একো নকৰাকৈ যদি ছোৱালী চাৱ অইনে নালাগে হৰৌ ময়ে তোৰ বিয়া ভাঙিম৷ মোৰ টেটুতহে লগাবিহি আনি! হেৰৌ কাষৰ ঘৰতে আছে নহয় এজনী(মানে ম‌ই)! তাইকে সুধিবিছোন যাবনে তাই তোৰ নিচিনা এটালৈ৷
ম‌ই বোলো কৃষ্ণহে আৰু!
বেচেৰা মোহনলৈ বেয়াও লাগিল খঙো উঠিল৷ ইনো কিবা এটা নকৰে কিয়? সৰুৰ পৰাই বিনা দৰমহাত এইটোক কিমান আইডিয়া দিম আৰু!
এবাৰ কৈছিলো-বোলো মোহন! অলপহে টকা খৰচ হ’ব ত‌ই নহ’লে গানৰ ভিডিঅ’ এটাকে বনা৷ আজিকালি গানবোৰ হিট কৰাৰ টিপচ্ আছে৷ ম‌ই শিকাই দিম৷ যতমানে ভঙা ডলা, খৰাহি, চালনি, পল, জাল, খালৈ, জাকৈ, ওখোন, নাঙল, গৰুগাড়ী, ঠেলা আদি পুৰণি বস্তু আছে কালেকছন কৰ, গছপাত, কলপাত, ঊলৰ নেছাৰে কাপোৰো হৈ যাব৷ আজিকালি চাবিছোন গানবোৰ তেতিয়াহে হীট হয়৷ গান লাগিলে ময়ে লিখি দিম৷ তোৰ বাপেৰৰ গালিকেইটা পোনাই পাজৰাই লিখিলে গানেই হ’ব বুইছ!
মোহনৰ দেউতাকে নহয় এইবাৰ মোহনেই ক’লে-তোৰ এইচব আইডিয়াত ম‌ই মৰিবলৈ নাই৷
:শুনি থাক তেন্তে মাৰ-বাপেৰৰ গালিকে৷ ত‌ই সঁচাকৈ একো কৰিব নোৱাৰিবি৷
সেইদিন ধৰি মোহনৰ লগত মাত বোল বন্ধ৷ তাক গালি পাৰিলে পেটে পেটে ভালেই পাওঁ-পা মজা৷ মোৰ আইডিয়া নামানিছিলি নহয়৷
পিছে পঞ্চায়ত নিৰ্বাচনৰ সময়ত টি.ভি.চাই থাকোতে আইডিয়া এটা আহি গ’ল মোৰ৷
মোহনৰ ওচৰ পালোগৈ৷ মোৰ আইডিয়া শুনি সি জঁপিয়াই উঠিল-ঐ ম‌ই ৰাজনীতিত নানামো দেই৷
ম‌ই বোলো নহ’ব তোৰ কপালত ৰাজভোগ আছে বোলে৷ ত‌ই ৱাৰ্ড মেম্বাৰ হ’ব‌ই লাগিব৷
:কোনে মোক ভোট দিব ঐ
: ত‌ই বিবেক ভোট নাপালেও আবেগ ভোট পাবি বুজিছ৷ ত‌ই ক’বি মোক ভোট দি জিকাওক নহ’লে দেউতাই আকৌ গালি পাৰিব৷
তোৰ বাপেৰৰ গালিমৰ্ণিঙৰ পৰা ৰক্ষা পাবলৈ‌ মানুহে চাবিছোন তোক ভোট দিব‌ই দিব৷

মোহনৰ দেউতাকৰ ওচৰ পালোগৈ-বৰ্তা ঔ! বৰ্তাঔ!
:কি হ’ল ডেডাউৰিয়াই আহিছযে! বাতৰি চাই আছোঁ আহ আহ৷ হাঃ হাঃ চাচোন পঞ্চায়তত উঠা মানুহে মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰপতিৰো নাম নাজানে৷ ইহঁত আমাৰ মোহনতকৈয়ো গেধা! হাঃ হাঃ হাঃ
খঙে উঠিল মোৰ৷ নিজে বা কিটো জানে৷ বাতৰি চাই হাঁহি আছে পুতেকৰ কাৰণে হ’লে আইডিয়া এটা ভাবিব নোৱাৰে৷ তাৰ পিছত ক’লো-
:ময়ো তাকে কৈছো বৰ্তা৷ মোহনতকৈও গেধা মানুহ আছে৷ এইবোৰ নজনাটো এক্কো ডাঙৰ কথা নহয়৷ জিকিলে সবেই শিকিব৷ মোহনক এইবোৰ সাধাৰণ জ্ঞানৰ উত্তৰ ময়ে শিকাই দিম লাগিলে৷ পঞ্চায়তত আমাৰ ৱাৰ্ডৰ পৰা তাকে উঠাও বৰ্তা৷ তাৰ কপালত ৰাজভোগ আছে বুলি আপুনিয়ে কয় দেখোন৷
:কোনে টিকট দিব এইটোক
:যদি কোনো দলে টিকট নিদিয়ে নিৰ্দলীয়কে উঠাম৷
মোহনে আপত্তি কৰিলে-হাৰিলে লাজ পাম! ইমান মাথা মাৰিব নোৱাৰো ম‌ই৷
মোৰো খং উঠিল, ক’লো-হেৰৌ এনেৰেহে তোৰ সন্মানটো আছে৷ দিনে -নিশাই বাপেৰ-মাৰৰ গালি শুনি লাজ নাপাৱ৷ হাৰিলেহে লাজ পাবিনে? হেৰৌ কিবা এটাটো কৰি চা!

****

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!