মোৰ ইটালী ভ্ৰমণ (ধৃতি মহন্ত)

সাধুকথাৰ পুথি এৰি এখন দুখনকৈ আন সৰু সৰু কিতাপ পঢ়িবলৈ আৰম্ভ কৰা বয়সৰ কথা৷ ঘৰৰে কিতাপৰ আলমাৰী এটাত পাইছিলোঁ এখন অকণমানি কিতাপ৷ “মাৰ্ক’পল’ৰ ভ্ৰমণ কাহিনী”৷ ভূগোলৰ শূন্য জ্ঞানেৰে কিতাপখনৰ বহুকথা তেতিয়া বুজাত অসুবিধা হ’লেও মনতে আঁকি লৈছিলোঁ পশ্চিমৰ এখন দূৰ দেশৰ ছয়াময়া ছবি, য’ৰপৰা হাজাৰ হাজাৰ মাইল অতিক্ৰমি, বাধা-বিঘিণি নেওচি কুব্লাই খাঁৰ সাম্ৰাজ্যলৈ আহিছিল মাৰ্ক’পল’ নামৰ সদাগৰজন৷ পাছলৈ হাইস্কুলীয়া দিনত বিভিন্ন প্ৰসংগত বহুবাৰ পঢ়িছিলোঁ ইটালী নামৰ সেই দেশখনৰ কথা৷ কলা, শিল্প, বিজ্ঞান, অৰ্থনীতি সকলো দিশতে আগবঢ়া ইউৰোপীয় ৰাষ্ট্ৰ ইটালী – য’ৰ পৰা আৰম্ভ হৈছিল ইউৰোপৰ নৱজাগৰণ৷ ইটালী মাৰ্ক’পল’ৰ দেশ৷ লিঅ’নাৰ্ড’ ডা ভিন্সি, গেলিলিঅ’ গেলিলি, মাইকেল এঞ্জেল’ৰ কৰ্মভূমি৷
mur-italy-bhromon_dhriti-mahanta-chkd
উত্তৰ-পূৱ ইটালীৰ এখন লেখত ল’বলগীয়া চহৰ ট্ৰিয়েস্তে (Trieste)৷ এই চহৰতে আছে পদাৰ্থবিজ্ঞানৰ গৱেষণাৰ আগশাৰীৰ আন্তৰ্জাতিক প্ৰতিষ্ঠান “International Centre for Theoretical Physics (ICTP)”৷ যোৱা জুলাই মাহত তাত অনুষ্ঠিত “Hands-on Research in Complex Systems School 2016”ত অংশগ্ৰহণ কৰিবলৈ ভাৰতবৰ্ষৰপৰা আমি পাঁচগৰাকী গৱেষক ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হৈছিলোঁ৷ আই.আই.টি বম্বে (Indian Institute of Technology Bombay)ৰ দুগৰাকী, লগতে আই.পি.আৰ (Institute of Plasma Research) আহমেদাবাদ, আই.আই.এছ.ছি (Indian Institute of Science) বাংগালোৰ আৰু আই.আই.টি গুৱাহাটী (Indian Institute of Technology Guwahati) প্ৰতিখনৰে এগৰাকীকৈ৷ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মুঠ বত্ৰিশখন দেশৰ অধ্যাপক, বিজ্ঞানী আৰু গৱেষক তাত গোট খাইছিল৷ উক্ত কাৰ্যসূচীৰ নিৰ্ধাৰিত বাৰদিনৰ ওপৰঞ্চি আৰু সাতোটা দিন হাতত ৰাখিছিলোঁ – ঐতিহাসিক চহৰ ৰোম, মিলান, ভেনিছৰ লগতে চুবুৰীয়া দেশ স্ল’ভেনিয়া আৰু পৃথিৱীৰ ক্ষুদ্ৰতম স্বাধীন ৰাষ্ট্ৰ ভেটিকান চিটি স্বচক্ষে দেখাৰ বহুদিনীয়া হাবিয়াস পূৰাবলৈ৷

জুলাই মাহৰ ১০ তাৰিখে নতুন দিল্লীৰপৰা এয়াৰ ইণ্ডিয়া বিমানযোগে উৰা মাৰিছিলোঁ ইটালীৰ ৰাজধানী ৰোম চহৰলৈ৷ নতুন দিল্লীৰপৰা ৰোমলৈ আকাশীপথৰ দূৰত্ব প্ৰায় ৬০০০ কিল’মিটাৰ৷ লিঅ’নাৰ্ড’ ডা ভিন্সি আন্তৰ্জাতিক বিমানবন্দৰৰপৰা হোটেললৈ ত্ৰিশ কিল’মিটাৰ বাট বাছেৰে যাওঁতে দেখিছিলোঁ আহল-বহল ৰাস্তাবোৰত যান-বাহনৰ ভিৰ কম৷ ঘাইপথৰ দাঁতিৰ জোপোহাবোৰত ৰং বিৰঙৰ ফুল৷ পাছৰ দুদিনত ৰোমৰ কলজিয়াম(Colosseum)ৰ বিশালতা, প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ আন আন ধ্বংসাৱশেষ, দৃষ্টিনন্দন প্ৰাসাদ, গীৰ্জা, অট্টালিকা, আৰু ট্ৰেভি ফাউণ্টেইনকে ধৰি পৃথিৱী বিখ্যাত ফোঁৱাৰাসমূহ দেখি এষাৰ কথাই মনলৈ আহিছিল – Rome was not built in a day. ৰোমৰ আন এক বিশেষত্ব হ’ল বিনামূলীয়া ৰাজহুৱা খোৱাপানীৰ ব্যৱস্থা- লগত খালী বটল এটা থাকিলেই হেঁপাহ পলুৱাই খাব পাৰি পথৰ দাঁতিত থকা প্ৰায় ২৫০০ সৰু সৰু ফোঁৱাৰা(nasoni)ৰ স্বচ্ছ, হিমশীতল পানী৷ পৰ্যটকসকলৰ বাবে ই এক ডাঙৰ সকাহ৷ ইটালীৰ ৰাজধানী ৰোমৰ গাতে লাগি আছে ভেটিকান চিটিৰ চাৰিওসীমা৷ ভাবিবলৈ আচৰিত যে এখন নগৰৰ ভিতৰতে সোমাই থাকিব পাৰে এখন সাৰ্বভৌম দেশ৷ ৰোমান কেথ’লিকসকলৰ সৰ্বোচ্চ ধৰ্মগুৰু পোপৰ বাসস্থান ভেটিকান চিটিৰ প্ৰধান আকৰ্ষণ নৱজাগৰণৰ বিশ্ববিশ্ৰুত শিল্পীসকলৰ শিল্পকৰ্ম সমৃদ্ধ ছেইণ্ট পীটাৰ্ছ গীৰ্জাঘৰ (St. Peter’s Basilica), চিষ্টিন চেপেল (Sistine Chapel), ভেটিকান সংগ্ৰহালয় আৰু পুথিভঁৰাল৷ ছেইণ্ট পীটাৰ্ছ বেচিলিকা পৃথিৱীৰ চতুৰ্থ বৃহৎ গীৰ্জাঘৰ তথা খ্ৰীষ্টান ধৰ্মৰ আটাইতকৈ পৱিত্ৰ তীৰ্থস্থান সমূহৰ অন্যতম, য’ৰপৰা মহামান্য পোপে সমুুখৰ ছেইণ্ট পীটাৰ্ছ স্কোৱেৰত সমবেত হাজাৰ হাজাৰ লোকক সম্বোধন কৰে কিছুমান বিশেষ উপলক্ষত৷ ছেইণ্ট পীটাৰ্ছ গীৰ্জাত দেখিছিলোঁ পোপসকলৰ সমাধি৷ মুগ্ধ কৰিছিল বিশাল গীৰ্জাটোৰ অন্তৰ্ভাগৰ গঠন, কাৰুকাৰ্য আৰু শিল্পকৰ্মই৷ সমানে বিস্ময়াভিভূত হৈছিলোঁ পৃথিৱীৰ পঞ্চম বৃহৎ তথা ইটালীৰ বৃহত্তম গীৰ্জা ডুৱ’ম’ ডি মিলান’ (Duomo de Milano)ৰ অপূৰ্ব নিৰ্মানশৈলী দেখি৷ ইয়াক সাজি উলিয়াওতে সময় লাগিছিল প্ৰায় ছশ বছৰ৷ মাৰ্বলেৰে নিৰ্মিত গথিক আৰ্হিৰ কেথেড্ৰেলটোৰ বিষয়ে ১৮৬৭ চনত মাৰ্কটোৱেইনে লিখিছিল, “What a wonder it is! So grand, so solemn, so vast! And yet so delicate, so airy, so graceful! …They say that the Cathedral of Milan is second only to St. Peter’s at Rome. I cannot understand how it can be second to anything made by human hands.” মিলান কেথেড্ৰেলৰ সোঁফালে আছে বিশ্বৰ আটাইতকৈ পুৰণি শ্বপিং মলসমূহৰ অন্যতম “গেলেৰিয়া ভিট্টৰিয়’ ইমানুৱেল ২” (Galleria Vittorio Emanuele II)৷ এই বাণিজ্যিক কেন্দ্ৰৰ বিশালতা, সৌন্দৰ্য আৰু ব্যস্ততাপূৰ্ণ জনসমাগম নিজ চকুৰে নেদেখালৈ অনুমান কৰিব নোৱাৰি৷ দুশাৰী চাৰি মহলীয়া অট্টালিকা (glass-vaulted arcade) আৰু মাজৰ অষ্টভুজাকৃতিৰ ঠাইখিনিৰ গম্বুজটোৰ চালবোৰ গ্লাছৰ৷ তাত থকা সম্ভ্ৰান্ত ৰেষ্টোৰাঁ, বাৰ, কেফে আৰু অতি ব্যয়বহুল বিপনীসমূহৰ কিছুমান প্ৰায় এশ-ডেৰশ বছৰ পুৰণি৷ মিলান চহৰ কেৱল ইটালীৰে বাণিজ্যিক কেন্দ্ৰ নহয়; নিউয়ৰ্ক, পেৰিচ বা লণ্ডনৰ দৰে ই এক আন্তৰ্জাতিক “ফেশ্বন চেণ্টাৰ”৷

মিলানত দুনিশা কটাই যাত্ৰা আৰম্ভ কৰিছিলোঁ ৰূপকথাৰ নগৰী ভেনিছলৈ, যাৰ সৌন্দৰ্য কোনো শব্দৰেই হয়তো প্ৰকাশ কৰা সম্ভৱ নহয়৷ গাঢ় নীলা পানীত যেন ওপঙি আছে ৰং বিৰঙৰ ধুনীয়া ঘৰবোৰ৷ সৰু ডাঙৰ নাও-জাহাজেই ভেনিছৰ আভ্যন্তৰীণ যাতায়াতৰ একমাত্ৰ মাধ্যম৷ চহৰখনক দুভাগ কৰা গ্ৰেণ্ড কেনেল নামৰ প্ৰধান জলপথটোৰ দৈৰ্ঘ্য্য ৩.৮ কিল’মিটাৰ৷ তাৰ পাৰত থকা অট্টালিকাবোৰৰ সৰহভাগৰে নিৰ্মাণকাল ১৩ৰ পৰা ১৮শতিকাৰ ভিতৰত৷ ভেনিছৰ লোকে লোকাৰণ্য হৈ থকা কীৰ্তিচিহ্নসমূহৰ সমানে আকৰ্ষণীয় পাৰ্শ্বৱৰ্তী মুৰান’, বুৰান’, টৰচেল’ আদি ক্ষুদ্ৰ দ্বীপসমূহ৷ ১১শতিকাৰপৰাই চলি আহিছে পৃথিৱী বিখ্যাত “মুৰান’ গ্লাছ”ৰ কুটীৰ শিল্প৷ চালে চকু ৰোৱা নানাৰঙী গ্লাছৰ সামগ্ৰীৰ বিপনী এখনৰ পিছফালে থকা কাৰখানা এটাত দেখুৱাইছিল ভাতীৰপৰা উলিয়াই উত্তপ্ত গলিত গ্লাছৰ পৰা কিদৰে অভিজ্ঞ হাতে নিমিষতে গঢ় দিয়ে নিখুঁত চৰাই, জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি আ-অলংকাৰ, ফুলদানি ইত্যাদি৷ ঠিক সেইদৰে বুৰান’ দ্বীপৰ বিশেষত্ব হ’ল লেচ (lace) শিল্প আৰু উজ্জ্বলৰঙী ঘৰবোৰ৷ এজন যুৱকে আমাক জনাইছিল যে বুৰান’ৰ ঘৰবোৰৰ প্ৰতিটোৰে ৰং ভিন্ন আৰু এক বিশেষ পদ্ধতিৰে চৰকাৰে ৰংবোৰ বাছনি কৰি দিয়ে৷ সেয়ে ঘৰবোৰত ৰং দিবলৈ হ’লে পোনতে চৰকাৰলৈ আবেদন জনাব লাগে৷

ৰোম-মিলান-ভেনিছ হৈ জুলাই মাহৰ ১৭ তাৰিখে উপস্থিত হৈছিলোঁগৈ প্ৰকৃত গন্তব্যস্থলত৷ এড্ৰিয়াটিক সাগৰৰ পাৰত অৱস্থিত ট্ৰিয়েস্তে এখন প্ৰাচীন চহৰ তথা সামুদ্ৰিক বন্দৰ৷ সেই এপষেকৰ বাবে ICTPৰ এড্ৰিয়াটিক’ নামৰ আঠমহলীয়া এক বৃহৎ অতিথিশালাত আমাৰ থকা-খোৱাৰ ব্যৱস্থা কৰিছিল৷ কোঠাৰ বেলকনীৰপৰাই দেখা গৈছিল পাৰাপাৰহীন সমুদ্ৰৰ নীলিম জলৰাশি, দূৰৈত এখন দুখন বিশাল সাগৰীয় জাহাজ আৰু বেলি ডুবাৰ অপৰূপ দৃশ্য৷ এড্ৰিয়াটিক সাগৰৰ পানী সাধাৰণতে যথেষ্ট শান্ত৷ কেতিয়াবা সাগৰত ডাঙৰ ঢৌ উঠিলে ওৰে ৰাতি শুনা গৈছিল পাৰত বান্ধি থোৱা শাৰী শাৰী সৰু নাওবোৰে ইখনে সিখনৰ গাত খুন্দা খোৱাৰ অবিৰাম মৃদু শব্দ৷

ভাষা-ধৰ্মৰ পৰিধি ভাঙি আপোন হৈ পৰিছিল বিভিন্ন দেশৰ মানুহবোৰ৷ কৰ্মশালাৰ দিনকেইটা যথেষ্ট ব্যস্ততাপূৰ্ণ আছিল৷ গধূলি ৬-৭ বজাতহে আমাৰ শ্ৰেণীসমূহ শেষ হৈছিল৷ কিন্তুু ইটালীত বেলি ডুবে নিশা চাৰে ন মান বজাত৷ সেয়ে সময় উলিয়াই ওচৰৰে মিৰামাৰে কেচ্ল (Miramare Castle), ট্ৰিয়েষ্টে স্কোৱেৰ, বাৰ্ক’লা বীচ্চ আদিলৈ গৈছিলোঁ৷ সোৱাদ লৈছিলোঁ ইটালীৰ বিখ্যাত পিজ্জা, জীলেট’(gelato) আৰু বিভিন্ন ৰকমৰ কফিৰ৷ আন এক মিঠা অভিজ্ঞতা ট্ৰিয়েস্তে স্কোৱেৰত অনুষ্ঠিত জেজ কঞ্চাৰ্ট (Jazz concert)৷ শনিবাৰ এটাত ওলাইছিলোঁ সীমামুৰীয়া দেশ স্ল’ভেনিয়াৰ ৰাজধানী লুবিয়ানা(Ljubjljana)লৈ৷ চালে চকুৰোৱা শান্ত চহৰ৷ লুবিয়ানা কেচ্লৰ ওপৰৰপৰা দেখা যায় দুপাৰৰ ৰঙা চালৰ ঘৰবোৰৰ মাজেৰে বৈ যোৱা সেউজ-নীলা লুবিয়ানিকা নৈখনৰ মনোৰম দৃশ্য৷ এই চহৰখনক ইউৰোপৰ আটাইতকৈ বাসোপযোগী চহৰসমূহৰ এখন বুলি জনা যায়৷ ২০১৬ চনত ইউৰোপীয়ান কমিছনে লুবিয়ানাক “Green Capital of Europe” ৰ সন্মান প্ৰদান কৰে৷

সম্পূৰ্ণ তিনিটা সপ্তাহ ইটালীত কটাই জুলাই মাহৰ শেষৰ দিনটোত উভতি আহিছিলোঁ গুৱাহাটীলৈ৷ সীমিত সময়তে চকুত পৰিছিল ইটালীয়ান সকলৰ কিছুমান বিশেষত্ব, যিবোৰ আমাৰ দেশত সাধাৰণতে দেখা নাযায়৷ তেওঁলোকে পৰাপক্ষত ব্যৱহাৰ কৰে ৰাজহুৱা পৰিবহণ ব্যৱস্থা৷ ব্যক্তিগত যান-বাহনৰ ক্ষেত্ৰতো সৰু আকাৰৰ মিতব্যয়ী গাড়ীৰ সংখ্যাই সৰহ৷ আহল-বহল পৰিষ্কাৰ ৰাস্তাবোৰত জাবৰ-জোঁথৰ, থু-খেকাৰৰ চিন মোকাম দেখিবলৈ নাই৷ কামৰ সময়ক লৈয়ো তেওঁলোক বেছ সচেতন৷ দোকান এখন, গীৰ্জা এটা বা বেংক এটাৰ বন্ধ হোৱাৰ সময় যদি ৫ বজা, হাজাৰ মানুহৰ লানি লাগি থাকিলেও সি ৫ বজাতে বন্ধ হয়৷ কামৰ পাছৰ সময়খিনি তেওঁলোকে সম্পূৰ্ণ নিজৰ পছন্দমতে কটায়৷ গধূলিপৰত ৰেষ্টোৰাঁ, কেফে, বাৰ নাইবা সাগৰৰ পাৰত মানুহৰ যথেষ্ট সমাগম দেখা যায়৷ অনুভৱ হৈছিল ইউৰোপীয়ানসকলে জীৱনৰ আনন্দ ল’ব জানে৷ ভেনিছৰ জাহাজত, বাৰ্ক’লা বীচ্চত অথবা ৰোমৰ পদপথত ঘূৰি ফুৰোঁতে আপোনাৰ চকুত পৰিব ককা আইতাৰ বয়সৰ অনেক বৃদ্ধ দম্পতী, বিয়লিবেলাতো যিয়ে জীৱনক প্ৰাণভৰি উপভোগ কৰে৷ অথচ পুত্ৰ-কন্যা-নাতি-নাতিনীৰ বাহিৰেও নিজৰ যে এখন জগত থাকিব পাৰে, সেয়া হয়তো আমাৰ দেশৰ অধিকাংশ আইতাই কল্পনাও কৰিব নোৱাৰে৷ তদুপৰি তাত মানুহবোৰ আত্মনিৰ্ভৰশীল – কণমাণি শিশুৰ পৰা চাৰি কুৰিৰ দেওনা পাৰ হোৱা বৃদ্ধা গৰাকীলৈ সকলোৱে নিজৰ জীৱনত যথেষ্ট স্বাধীন৷ ভাৰতৰ তুলনাত লিংগবৈষম্যও শূন্য৷

ইটালীত কটোৱা দিনকেইটা মোৰ জীৱনৰ অনন্য অভিজ্ঞতা – এছোৱা পাহৰিব নোৱাৰা মধুৰ সময়৷ চকুৰ আগত প্ৰায়ে ভাঁহি উঠে বেলকনীৰ সমুখৰ গাঢ় নীলা সাগৰখন…পাহাৰৰ সিপাৰে ডুবু ডুবু বেলিটো… শাৰী শাৰী নাও…আহল-বহল পথৰ দাঁতিত নানাৰঙী ফুলৰ জোপোহা…আৰু কম সময়তে আপোন হৈ পৰা বিদেশী মুখবোৰ …৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!