মোৰ ‘চুপাৰ লাইক’ : গুৱাহাটী বিশ্ববিদ্যালয় সম্পৰ্কত মোৰ নিজৰ বাস্তৱ অভিজ্ঞতা : (-নিপুল মেধি)

মোৰ ‘চুপাৰ লাইক’ : গুৱাহাটী বিশ্ববিদ্যালয় সম্পৰ্কত মোৰ নিজৰ বাস্তৱ অভিজ্ঞতা :

 

নিপুল মেধি

 

কালি গুৱাহাটী বিশ্ববিদ্যালয় সম্পৰ্কত অ.ক.ব. ত লিখা লিখনি এটা দুবাৰ পঢ়িলোঁ । পঢ়ি উঠি কি মন্তব্য দিম বুলি চাই আৰম্ভণিতে দেখিলো ‘চুপাৰ লাইক’ , বাকী বোৰ মন্তব্য পঢ়াৰ ক্ষেত্ৰত আৰু ধৈৰ্য্য নোহোৱা হ’ল – ‘চুপাৰ লাইক ‘ ত নিমিষতে ক্লিক কৰিলোঁ – মনৰ মাজত সঞ্চিত হৈ থকা ক্ষোভ খিনি আঁতৰলৈ ঠেলি দিলোঁ ‘চুপাৰ লাইক‘ ৰ সহায়ত ।

 

৯০ ৰ দশকৰ কথা – চাকৰি নাপাই ব্যৱসায় কৰি আছিলোঁ ।গুৱাহাটী বিশ্ববিদ্যালয়ত এটা ৫০ লাখ টকাৰ ঘৰৰ নিৰ্মাণ কাৰ্য্যত নিবিদা দাখিল কৰিলোঁ ।যথাবিহিত নিয়ম-নীতিৰ মাজেৰে কামটো পালো । আৰম্ভণীৰ পৰাই কামটোৰ দায়িত্বত থকা জনে মোক মানসিক নিৰ্যাতন আৰম্ভ কৰিলে – পইচা বিচাৰি । মানসিক নিৰ্যাতন সহি সহি ৪ মাহত প্ৰায় ৮ লাখ টকাৰ কাম শেষ কৰিলোঁ । পইচা বিচাৰি নিৰ্যাতন কৰি আছে যদিও মই এপইচাও দিয়া নাই ।

 

এদিন ৰাতিপুৱা ৮ বজাতে লেণ্ড – লাইন ফোনত মোৰ তলত কাম কৰি থকা হেড-মিস্ত্ৰি জনে জনালে যে বিশ্ববিদ্যালয়ৰ এই কৰ্মচাৰী জনে অলপ আগতে ডাবি-ধমকি মাৰি প্ৰজেক্ট চাইটত থকা মোৰ ভঁৰাল ঘৰটোৰ পৰা লোহা – চিমেন্ট যাৰ মূল্য প্ৰায় ২৫ হাজাৰ টকা হ’ব – উঠাই লৈ গৈছে । নিমিষতে মোৰ সহকৰ্মী এজনক লগত লৈ জালুকবাৰীত উপস্থিত হলো । কাৰ্য্যবাহী অভিযন্তাৰ ৰুমত সোমাই চিঞৰি চিঞৰি সুধিলোঁ ‘ এইবোৰ কি হৈছে ?’ তেখেতে ৫ জন মান অইন কৰ্মচাৰীক লৈ য’ত অভিযুক্ত জনো আছে এখন মিটিং কৰিলে – মই মিটিঙত অভিযুক্ত জনক সুধিলোঁ যে মোৰ ২৫ হাজাৰ টকাৰ লোহা-চিমেন্ট কিয় চোৰ কৰিলে – অভিযুক্ত জনে ক’লে যে চোৰ কৰা নাই – ধাৰলৈ বুলি নিছে । ময়ো মাত দিলোঁ – ‘ ধাৰলৈ বুলি নিওঁতে কাক সুধিছিল – মালিক মইহে , ধাৰলৈ নিবলৈ ডাবি-ধমকি মৰাটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়ম নেকি ?’ আৰু অলপ কথা হোৱাৰ পিচতেই মই ওলাই গুছি আহিলো ।

 

নিৰ্মাণৰত বিশ্ববিদ্যালয়ৰ ঘৰটোৰ কাষতে থকা পানদোকানী এজন আৰু মিস্ত্ৰী চাৰিজন – যি সকল ৰাতিপুৱা কৰা চুৰি কাৰ্য্যটোৰ প্ৰত্যক্ষদৰ্শী আছিল , তেওঁলোকক মোৰ গাড়ীত লৈ চিধাই কাছাৰী ঘাটৰ উকীল বহা ঠাই খিনিলৈ ধাৱমান হ’লো –বায়ুবেগে আহি থাকোঁতে ৰাস্তাত চাৰ্টৰ ওপৰ পকেটত থকা চ’নীৰ মাইক্ৰ টেপ ৰেকৰ্ডাৰটো চলাই চালো – দুৰাত্মা সকলৰ স্বীকাৰোক্তি খিনি ঠিক মতে বাণীবদ্ধ হৈছে নে নাই ।বৰ সুন্দৰ ভাৱে ৰেকৰ্ডিং হৈছে । ঘৰৰ পৰা জালুকবাৰীলৈ ওলাওতেই মই “ফুললী গীয়াৰ আপ “ হৈ ওলাইছোঁ , আজি হৈ ইপাৰ-নহয় সিপাৰ মনোভাৱ লৈ –নিৰ্যাতন কিমান সহিম !বৰ ডাঙৰ অন্যায় কি কৰিব – ৮ লাখ টকাহে – দৰকাৰ হ’লে দিন – হাজিৰা কৰি খাব পৰা সক্ষমতা মোৰ আছে ।

 

কাছাৰী ঘাটৰ উকীল বহা ঘৰটোত মোৰ চিনাকী উকীল এজনৰ কাষত হাজিৰ হলো । এইজন উকীল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ এম.এ. আৰু তাৰ পৰাই আইনৰ স্নাতক ।তেওঁক সবিশেষ ক’লো আৰু ৫ খন এফিদেভিটৰ দিহা কৰিব ক’লো । ২ ঘন্টা মানৰ ভিতৰতে কাৰ্য্যবাহী দণ্ডাধীশৰ চীল-মোহোৰ মৰা এফিদেভিট ৫ খন হাতত পৰিল য’ত লিখা থাকিল যে ৰাতিপুৱাৰ চুৰি কাৰ্য্যৰ এওঁলোক হৈছে প্ৰত্যক্ষদৰ্শী আৰু এই কথা পিচত মিছা প্ৰমাণিত হ’লে বা অস্বীকাৰ কৰিলে আইন মতে দন্দ বিহা হ’ব ।

মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেইসময়ৰ মাননীয় উপাচাৰ্যলৈ মোৰ পেডত এখন দুপতীয়া পত্ৰ লিখি তৰিৎ গতিত আহি উপাচাৰ্য্যৰ কক্ষত হাজিৰ হ’লো । তেখেতক নিজ হাতে এফিদেভিট সহিতে মোৰ পত্ৰ খন দিলোঁ ।গুৰুজন সকলে বহিব নোকোৱালৈ মই নবহোঁ –পত্ৰ খনৰ হেড-লাইনটো চাই উপাচাৰ্যই মোক বহিব ক’লে ।১০ মিনিট পত্ৰ খন বিত্ং ভাৱে চাই উঠি মোক চাৰে ক’লে – তুমি এইখনৰ ৰিচিপ্ত এখন লৈ ঘৰলৈ যোৱা । ৰিচিপ্ত লৈ মই ঘৰলৈ গুছি আহিলো ।

 

সেইদিনা সন্ধিয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩ টা মান শাখা-কাৰ্যালয় আৰু অভিযুক্ত কৰ্মচাৰী জন বাস কৰা গাড়ীগাওঁ নামৰ ঠাই খন উত্তপ্ত হৈ উঠিল । ঘৰত মই মগজটো ঠাণ্ডা কৰিবলৈ ভূপেন হাজৰিকাৰ – মানুহে মানুহৰ বাবে …. গানটো বজাই বহি থাকিলোঁ ।

 

পিছদিনাখন বিশ্ববিদ্যালয়ৰ অভিযন্তা জনৰ চিঠি এখন ঘৰতে পালো – চিঠিত নিবিদাৰ চুক্তিপত্ৰৰ বিভিন্ন নিয়ম মতে মোৰ ওপৰত শীঘ্ৰে ব্যৱস্থা ল’ব – ভাবুকি সম্বলিত চিঠি খন পাই মনতো ভাল লাগিল তেখেতৰ অজ্ঞানতা দেখি – সহজ সৰল মানুহ দেখি তেওঁ হয়তো ভাবিছিল –এই ডনিকনাটোক মোহাৰি মাৰোঁ –বপুৰাই গমেই পোৱা নাই যে কামটো সংক্ৰান্ত চুক্তি পত্ৰ খন বৃটিছৰ যুগৰেই এফ -২ ফৰ্মত হৈছে । মই সাধাৰণ ঠিকাদাৰ – মোৰ ভুল ভ্ৰান্তি হ’ব পাৰে – কিন্তু অ’থৰিটি হিচাপে তেওঁ ভুল কৰিলে কোনো আদালতে তেওঁক ক্ষমা নকৰিব । এফ -২ ফৰ্মৰ সৰহ ভাগ নিয়মেই ঠিকাদাৰক দিব পৰা শাস্তি সম্পৰ্কে – কিন্তু এই খনত এটা বিশেষ নিয়ম আছিলে মোৰ সপক্ষে – আৰু এই নিয়মটোৰেই অ’থৰিটিক আদালতত তলমূৰ কৰিবলৈ মই বাধ্য কৰিব পাৰিম – মোৰ সপক্ষে থকা নিয়মটো হৈছে –অ’থৰিটিয়ে মোক মাহিলি বিলৰ ধন হিচাপ কৰি মাহে মাহে দিব লাগিব । মোক তেওঁলোকে ইমানেই নগুৰ-নাকতি কৰিছিল যে মইও প্ৰত্যাক্ৰমণৰ বাবে এটা সু-সংঘবদ্ধ আঁচনি তৈয়াৰ কৰি পেলাইছিলোঁ – এনে কৰিলে তেনে কৰিম আৰু তেনে কৰিলে এনে কৰিম ।

 

অভিযন্তা জনৰ চিঠিৰ উত্তৰ হিচাপে মই মোৰ প্ৰাপ্য বিল বিচাৰি দুশাৰী বাক্যতে তেওঁলৈ পত্ৰ প্ৰেৰণ কৰিলোঁ ।১৫ দিনৰ ভিতৰত ৭ খন ভাবুকি থকা চিঠি –অ’থৰিটিৰ পৰা সংগ্ৰহ হ’ল , মই প্ৰতি খন চিঠিৰ উত্তৰ হিচাপে মাত্ৰ বিল খুজি চিঠি দিলোঁ । সকলো চিঠিৰে ৰিচিপ্ট ৰাখিলোঁ ।প্ৰত্যাক্ৰমণৰ কাৰনে সকলো হাতত মজুত কৰি মই উকীল জনক প্লীডাৰ ন’টিচ চাৰ্ভ কৰিবলৈ সকলো কাগজ পত্ৰ তেওঁৰ হাতত জমা দিলোঁ ।

 

দুদিন পিছতেই ২৭ পৃষ্ঠাৰ প্লীডাৰ ন’টিচ বিশ্ববিদ্যালয় অভিযন্তাক মূল ৰেচপণ্ডেণ্ট পাতি চাৰ্ভ কৰা হ’ল – ন’টিচত এইটোও কোৱা থাকিল যে-

১) আজিৰ পৰা মোৰ ক্লায়েন্টক ক’ব লগা কিবা থাকিলে মোলৈহে লিখিব ।

২) তেওঁ পাব লগা ৮ লাখ টকাৰ লগতে তেওঁক কৰা মানসিক নিৰ্যাতন আদিৰ কাৰনে ৫ লাখ টকা ক্ষতি পূৰণ আদায় দিব লাগিব ।

৩)অহা ১৫ দিনৰ ভিতৰত এই প্লীডাৰ ন’টিচৰ সমুচিত উত্তৰ নাপালে ৰেচপণ্ডেণ্ট সকলৰ বিৰুদ্ধে অমুক আদালতত আইনৰ অমুক ধাৰা মতে আপোনালোকৰ বিৰুদ্ধে যথাবিহিত কেচ ৰুজু কৰা হ’ব ।

 

উকীলে ক’লে –“ তুমি একো চিন্তা নকৰিবা , ফোনৰ টাৰ দাল চিঙি থৈ শুই থাকা “

 

দুদিন পিছতেই –অ’থৰিটিয়ে মোৰ মৰম-চেনেহ বিচাৰি মোৰ ঘৰৰ পদূলিত থিয় হ’ল ।মইও তেওঁলোকক প্ৰায় ১০ দিন বিনিদ্ৰ ৰজনী যাপন কৰি জীৱনৰ সোৱাদ বিচাৰিব দিলোঁ ।মূল অভিযুক্ত জন চাকৰিৰ পৰা চাচপেণ্ড হ’ল – ন’টিচ চাৰ্ভ কৰাৰ ৭ দিন পিছতেই ।

 

বাতৰি-কাকতৰ শিৰোনামা দখল কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে – সেই সময়তে – বিভিন্ন কোটি-টকীয়া বিত্তীয় অনিয়মৰ দ্বাৰা ।

ভাল শিৰোনামা দখল কেতিয়া কৰিব নাজানো –কিন্তু মাননীয় নৱ-নিযুক্ত উপাচাৰ্য্যদেৱে যাতে ‘লুইতৰ পাৰ জিলিকাব পৰাকৈ -গুৱাহাটী বিশ্ববিদ্যালয়ক গঢ়িব পাৰে তাৰ আশা ৰাখিলোঁ ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!