মোৰ দৃষ্টিত নাৰী (দিলীপ কুমাৰ বৰা)

(সাতোটাকৈ সন্তান কংসই আঁজুৰি নিয়াৰ পিচত দৈৱকীয়ে মানসিক ভাৰসাম্য কেনেকৈ বর্তাই ৰাখিব পাৰিছিল? নির্দিষ্ট সময়ৰ মূৰে মূৰে কি বিষম মানসিক যন্ত্ৰণাৰ মাজেদি পাৰ হ’ব লগা হৈছিল, সন্তানৰ মৃত্যু অৱশ্যম্ভাৱী বুলি জানিও কি অসীম ধৈৰ্যৰে সেই পীড়া নাস কৰিছিল, কেইখন বেদনাৰ পাহাৰ তেওঁৰ হৃদয়ত খুন্দা খাই ভাঙি চূৰমাৰ হৈ গৈছিল। আৰু কুন্তী? কি নির্মম বেদনা বুকুত বান্ধি পুত্রক নৈত উটুৱাই দিছিল! আজিও যেতিয়া কোনো দুর্ভগীয়া মাতৃয়ে নিজ সন্তানক অচিন-অজান ঠাইত এৰি থৈ যোৱা বুলি শুনো, দৈৱকী আৰু কুন্তীৰ কথা মনলৈ আহে, হৃদয় ভাৰাক্ৰান্ত হৈ উঠে। কি দুৰ্বিষহ বেদনাত এনে মাতৃয়ে সন্তান ত্যাগ কৰিব লগীয়া হয়।)

কিছুদিন আগতে হাচান উল্লাহ নামৰ এজন লেখকে ‘দৈনিক জনমভূমি’ ত ‘মা’ নামেৰে এটা হৃদয়স্পৰ্শী প্ৰবন্ধ লিখিছিল । প্ৰবন্ধটোৰ আৰম্ভণিটো আছিল এনে ধৰণৰ—এবাৰ তেওঁৰ বন্ধু এজনে তেওঁলৈ এটা মেছেজ পঠালে, ‘ মা কিয় আটাইতকৈ ভাল ? যেতিয়া মই বৰষুণত তিতি-বুৰি ঘৰ সোমাওঁ, তেতিয়া দাদাই কয়, ‘ছাতি এটা নিয়া নাছিলি কিয় ?’ বাইদেৱে উপদেশৰ সুৰেৰে প্ৰশ্ন কৰে, ‘বৰষুণজাক এৰালৈ ৰ’ব নোৱাৰিলি ?’ দেউতাই খঙেৰে সকীয়ায়, ‘যেতিয়া জ্বৰ উঠিব, তেতিয়া গম পাবি ।’ কিন্তু মা? টাৱেলেৰে মোৰ মূৰটো মচি মচি কয়, ‘বদমাচ বৰষুণ, মোৰ বাচাটো ঘৰ আহি নোপোৱালৈকে ৰ’ব নোৱাৰিলি ?’ এয়াই মা ।

প্ৰথিতযশা বিজ্ঞানী, ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি এ্‌ পি্‌ জে‌ আব্দুল কালামে ক’বৰ দৰে ‘ওপজা দিন, তোমাৰ জীৱনলৈ অহা একমাত্র দিন, যিদিনা তুমি কান্দিছিলা আৰু তোমাৰ মাতৃয়ে হাঁহিছিল।’ কি এক মিঠা আৱেগেৰে দহ মাহ, দহ দিন নিবিড় আশ্রয়থলী গর্ভত ধাৰণ কৰি দুখ-কষ্ট সক’লো সামৰি এক নিৰলস তপস্যাৰ অন্তত মায়ে আমাক জন্ম দিয়ে, বিনন্দীয়া ধৰাত মাৰ ৰূপত মমতাময়ী নাৰীৰ সতে আমাৰ প্ৰথম পৰিচয় ঘটায়। আমাৰ কান্দোনৰ ধ্বনি শুনি নিজৰ সীমাহীন কষ্ট পাহৰি ওঁঠত বিৰিঙি উঠে এক নির্মল হাঁহি, সেই হাঁহি তুলনাবিহীন । আমাৰ কান্দোনে তেওঁক সোঁৱৰাই দিয়ে সদ্যোজাত বাচাটো নিৰাপদ। গভীৰ প্ৰশান্তিৰে তেওঁৰ মন ভৰি পৰে। তাৰ পিচত আমাৰ প্রতিটো উশাহ-নিশাহৰ সতে মা সংপৃক্ত হৈ পৰে । মাৰ সক’লো ব্যস্ততা আমাত কেন্দ্ৰীভূত হয়। আমিহে যেন মাৰ নিয়ন্ত্ৰক। আমি হাঁহিলে মাৰ মুখখনি উদ্ভাসিত হৈ উঠিব, আমি কান্দিলে মাৰ শোক উথলি উঠিব, অকণমান আঘাত পালেই মা ব্যাকুল হৈ উঠিব, অলপীয়া জ্বৰৰ ভাব আহিলেই মাৰ চকুৰ টোপনি নোহোৱা হ’ব, কপালত মাৰ কোমল হাতৰ পৰশেই যথেষ্ট, জ্বৰ পলাই ফাট মাৰিব। আমাৰ দুষ্টালিবোৰ দেখি দেউতাই ক’ব, ‘তুমিয়ে তাক নষ্ট কৰিলা।’ মায়ে আমাৰ পক্ষ লৈ ক’ব, ‘মায়ে কৈছে নহয়, তুমি হেনো ইয়াতকৈ দুষ্ট আছিলা, তোমাৰ ল’ৰা তোমাৰ দৰে নহৈ কাৰ দৰে হ’ব?’ দেউতা আঁতৰি যায়, বহু সময় মৌন হৈ ৰয়। হয়তো তেওঁ নিজৰ শৈশৱলৈ উভতি যায়। পিতৃৰ শাসন আৰু মাতৃৰ মৰম, এই দুই যুৰীয়া উপাদানে পৰৱৰ্তী সময়ত আমাক এক পৰিশীলিত জীৱনবোধ গঢ়ি তোলাত প্ৰভূত অৰিহণা যোগাইছে।
মাৰ মুখলৈ চাই আমাৰ মনত প্রায়ে এটা প্রশ্নৰ উদয় হয়—‘সাতোটাকৈ সন্তান কংসই আঁজুৰি নিয়াৰ পিচত দৈৱকীয়ে মানসিক ভাৰসাম্য কেনেকৈ বর্তাই ৰাখিব পাৰিছিল? নির্দিষ্ট সময়ৰ মূৰে মূৰে কি বিষম মানসিক যন্ত্ৰণাৰ মাজেদি পাৰ হ’ব লগা হৈছিল, সন্তানৰ মৃত্যু অৱশ্যম্ভাৱী বুলি জানিও কি অসীম ধৈৰ্যৰে সেই পীড়া নাস কৰিছিল, কেইখন বেদনাৰ পাহাৰ তেওঁৰ হৃদয়ত খুন্দা খাই ভাঙি চূৰমাৰ হৈ গৈছিল। আৰু কুন্তী? কি নির্মম বেদনা বুকুত বান্ধি পুত্রক নৈত উটুৱাই দিছিল! আজিও যেতিয়া কোনো দুর্ভগীয়া মাতৃয়ে নিজ সন্তানক অচিন-অজান ঠাইত এৰি থৈ যোৱা বুলি শুনো, দৈৱকী আৰু কুন্তীৰ কথা মনলৈ আহে, হৃদয় ভাৰাক্ৰান্ত হৈ উঠে। কি দুৰ্বিষহ বেদনাত এনে মাতৃয়ে সন্তান ত্যাগ কৰিব লগীয়া হয়। এই পৰিণামৰ বাবে দায়ী কেৱল মাতৃ গৰাকীয়ে নে? মাতৃয়ে সন্তান ত্যাগ কৰিছে, অজ্ঞাত আনজনে ত্যাগ কৰিছে দুয়োকে। কোণ বেছি দোষী? পুৰুষ প্ৰধান সমাজৰ বিচাৰ যুগে যুগে নাৰীৰ বিপক্ষে যোৱাটো স্বাভাৱিক। আনহাতে আমি কোনোদিনে বিচাৰ কৰি চোৱা নাই কি পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ মুখামুখি হৈ এনে এক মৰ্মান্তিক সিদ্ধান্ত ল’বলগীয়া হয়, হৃদয়ত এক জীয়া ঘাঁ আমৃত্যু কঢ়িয়াই লৈ ফুৰিব লগীয়া হয়।
মাৰ সন্তানৰ প্রতি অন্তহীন স্নেহৰ বাবেই কোৱা হয়, ‘আইৰ সমান হ’ব কোণ, নৈৰ সমান বব কোণ।’ নৈৰ পানীও শুকাই যায়, কিন্তু মাৰ নিঃস্বাৰ্থ ভালপোৱা, সন্তানক মাজত লৈ ভূ-মণ্ডল ঘূৰাদি নিৰন্তৰ ঘূৰিয়ে থাকে, সন্তানৰ হিয়াৰ আঁহে আঁহে মাৰ ছবি নজহা-নপমা স্মৃতি হৈ ৰয়।
মাৰ সংস্পৰ্শত প্রাপ্ত নাৰীৰ এই ৰূপ দর্শন আমাৰ বাবে পৰম বিস্ময়। প্রেম-ভালপোৱা, ক্ষমা-দয়া, উদাৰতা-সহিষ্ণুতা আদি মানৱীয় গুণসমূহ শৈশৱতে মায়েই আমাৰ বুকুত অংকুৰিত কৰে। গোটেই জীৱনজুৰি আমাৰ মন, হৃদয় মাতৃময় হৈ থাকে বুলিলেও হয়তো অত্যুক্তি কৰা নহ’ব।
মাৰ পিছতে নাৰী বাইদেউ, ভন্তি, বান্ধৱী, প্ৰিয়তমা, পত্নী আদি বিভিন্ন ৰূপত পুৰুষৰ জীৱনলৈ আহে। তেওঁলোকৰ সংস্পর্শই পুৰুষৰ জীৱনক এক বেলেগ মাত্রা প্রদান কৰে। ভাবি আচৰিত লাগে নাৰীয়ে তেওঁলোকৰ জীৱনৰ একো একোটা স্তৰত কেনেকৈ একোটা বেলেগ ৰূপ পৰিগ্রহ কৰে আৰু ক্ষণভংগুৰ জীৱনলৈ সাতোৰঙী ৰামধেনুৰ ৰং ছটিয়াই পৃথিৱীখন বাসৰ উপযোগী কৰি ৰাখে। নিজৰ পিতৃ-মাতৃ, ককাই-ভাই, বাই-ভনী সক’লোকে ত্যাগ কৰি কি গভীৰ বিশ্বাসত দুদিনীয়া চিনাকি অথবা তেনেই অচিনাকি পুৰুষ এজনৰ স’তে অৱশিষ্ট সুদীর্ঘ জীৱন কটাম বুলি যুৰীয়া জীৱনৰ পাতনি মেলে। মোৰ দৃষ্টিত কেৱল এই কথাটোকে ভালদৰে হৃদয়ংগম কৰা যি কোনো পুৰুষে নিজৰ স্ত্রীক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰে। জীৱনৰ সৰ্বস্ব এই পুৰুষজনকে অৰ্পণ কৰি তেওঁৰ সুখ-দুখ, হাঁহি-কান্দোনৰ সমভাগী হোৱাতে ক্ষান্ত নাথাকি তেওঁৰ গোটেই ঘৰখনকে পৰম আত্মীয়তাৰে আঁকোৱালি লয়। ল’ৰা-ছোৱালীৰ তত্বাৱধান লোৱা, আখল ঘৰ চম্ভালা, ঘৰখন নিয়াৰিকৈ ৰখা, আলহী-অতিথিৰ সেৱা-শুশ্রুষা কৰা, শহুৰ-শাহুৰ আল-পৈচান ধৰা আদি ঘৰৰ সমস্ত দায়িত্ব নিখুঁতভাৱে তেওঁ পালন কৰি যায়। এগৰাকী মহিলাই দিনটোত সমাধা কৰা এই সক’লো কাম যদি পাৰিশ্ৰমিকৰ লেখেৰে ধৰা হয়, পুৰুষজনৰ মাহেকীয়া আয়েৰে হয়তো পৰিশোধ কৰা সম্ভৱেই নহ’লহেঁতেন। সেয়েহে মোৰ বোধেৰে এই সাদৰী মহিলা গৰাকী পৰিবাৰ, পত্নী, ঘৈণী আদি নামেৰে বিভূষিতা কৰাতকৈ পুৰুষৰ সৈতে সমমৰ্যাদা প্রদান কৰা সহধর্মিনী নামটোৰেহে বেছি ৰজিতা খায়।
‘মনুস্মৃতি’ৰ মতে নাৰী সদায়ে পুৰুষৰ অধীন, শৈশৱত পিতৃৰ, যৌৱন কালত স্বামীৰ আৰু পৌঢ়া অৱস্থাত পুত্রৰ; গতিকে নাৰী কোনো কালতে স্বাধীন নহয়। তেনে এক ধাৰণাৰ পোষকতা কৰি আমাৰ সমাজতো সৃষ্টি হৈছিল নাৰী সম্পর্কীয় কিছুমান ভ্ৰান্ত যোজনা; যেনে, লাউ যিমানে বাঢ়ক, সদায় পাতৰ তল; কটাৰী ধৰাবা শিলে, তিৰোতা ধৰাবা কিলে আদি। কিন্তু সময়ৰ অগ্রগতিত, যেতিয়া বিশাল পৃথিবীখনেই এখন গাঁৱলৈ ৰূপান্তৰিত হ’ব ধৰিলে, দেশে বিদেশে সমাজ গঠন আৰু সংস্কাৰত নাৰীৰ সবল ভূমিকা স্বচক্ষে প্রত্যক্ষ কৰিলে, নাৰী সম্পর্কীয় এনে ঋণাত্মক ধাৰণাবোৰৰ দ্রুত বিলুপ্তি ঘটিবলৈ ধৰিলে। মুষ্টিমেয় যিখিনি আছে, সেইখিনিও শিক্ষা আৰু জ্ঞানৰ প্রসাৰৰ লগে লগে অচিৰেই লোপ পাব বুলি আমাৰ বিশ্বাস। আৰু ইয়াৰ বাবে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব লাগিব আজিৰ শিক্ষিত আৰু প্ৰগতিশীল চিন্তাৰে দীক্ষিত নাৰী সমাজে। তেতিয়াহে এতিয়াও বর্তি থকা কুসংস্কাৰ, নাৰী-অত্যাচাৰ যেনে, ডাইনী হত্যা, যৌতুক প্রথা, সুৰা আসক্তি আদিৰ দ্বাৰা পীড়িত অন্য এক নাৰী সমাজে স্বস্তিৰ নিশ্বাস ল’ব পাৰিব।
নাৰীৰ সতে পুৰুষৰ যিমানেই দাঁতে-ওঁঠে নালাগক কিয়, নাৰীবিহীন এখন ধৰা কোনেও কল্পনা কৰিব নোৱাৰে। দুয়ো দুয়োৰে পৰিপূৰক। দেৱতাইও হাৰ মনা নাৰী বিশ্লেষণ নীৰৱধ্ চলিয়ে থাকিব আৰু ইয়াৰ কেতিয়াবা যৱনিকা পৰিব বুলিও আমি নাভাবোঁ । শেষত ইংৰাজ নাট্যকাৰ টমাছ অ’ট্‌ৱে (Thomas Otway)ৰ এক প্ৰখ্যাত উক্তিৰে এই লিখাৰ সামৰণি মাৰিব খুজিছোঁ— ‘O woman! Lovely woman! Nature made you to temper man; we had been brutes without you. Angels are painted fair, to look like you; there is in you all that we believe of heaven- amazing brightness, purity, and truth, eternal joy, and everlasting love.

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!