মৌনতা – বিতোপন গগৈ

নাজী বাহিনীৰ হত্যাযজ্ঞৰ সন্দৰ্ভত বৌদ্ধিক মহলৰ মৌনতাৰ প্ৰতিবাদত জাৰ্মান কবি Martin Niemöllerয়ে লিখা কবিতাৰ শব্দ ধাৰ কৰি:

 

মৌনতা

বিতোপন গগৈ

 

প্ৰথমে সিহঁতে দলিতসকলক হত্যা কৰিবলৈ আহিল,

মই একো নক’লোঁ,

কাৰণ মই দলিত নহয়।

 

তাৰপাছত সিহঁতে সংখ্যালঘুসকলক হত্যা কৰিবলৈ আহিল

মই একো নক’লোঁ,

কাৰণ মই সংখ্যালঘু নহয়।

 

সিহঁতে জনজাতিসকলক হত্যা কৰিবলৈ আহিল

মই একো নক’লোঁ

কাৰণ মই জনজাতি নহয়।

 

সিহঁতে কৃষকসকলক হত্যা কৰিবলৈ আহিল

মই একো নক’লোঁ

কাৰণ মই কৃষক নহয়।

 

সিহঁতে শ্ৰমিকসকলক হত্যা কৰিবলৈ আহিল

মই একো নক’লোঁ

কাৰণ মই শ্ৰমিক নহয়।

 

সিহঁতে কমিউনিষ্টসকলক হত্যা কৰিবলৈ আহিল

মই একো নক’লোঁ

কাৰণ মই কমিউনিষ্ট নহয়।

 

সিহঁতে জাতীয়তাবাদীসকলক হত্যা কৰিবলৈ আহিল

মই একো নক’লোঁ

কাৰণ মই জাতীয়তাবাদী নহয়।

 

সিহঁতে প্ৰগতিশীল চিন্তকসকলক হত্যা কৰিবলৈ আহিল

মই একো নক’লোঁ

কাৰণ মই তেনে চিন্তা নকৰোঁ।

 

সিহঁতে বাক্ স্বাধীনতাৰ সপক্ষত থকাসকলক হত্যা কৰিবলৈ আহিল

মই একো নক’লোঁ

কাৰণ মই সেই বিষয়ে একো নাভাবোঁৱেই।

 

শেষত সিহঁতে মোক হত্যা কৰিবলৈ আহিল

মোৰ হৈ মাতিবলৈ

এতিয়া কোনোৱে নাই!

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!