মৰম – বিজিত শইকীয়া

 মই লঠঙা গছৰ সৰা পাত
হ'ব নোৱাৰোঁ !!
হ'ব নোখোজোঁ 
প্ৰেমৰ উপত্যকা ।
নাহৰৰ কুঁহিপাত হৈ
বসন্তত বলীয়া মই ।
তুমিয়েতো প্ৰেমৰ মোহনাত
ৰৈ নাচিছিলা সিদিনাৰ জোনাক ৰাতিত !!
সুৰৰ বন্যাত নতুনকৈ উতি অহা
কোন তুমি মৰমৰ পৰী ।
আহিছানি আকৌ নতুন কোনো
শেষ নিশাৰ মোৰ সপোনৰ নাৰী !!
☆★☆
Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

বিজিত, তোমাৰ নামটো দেখি খৰ খেদাকৈ তোমাৰ কবিতাটো পঢ়িলো। বৰ ভাল লাগিল।লিখা মেলা কৰি থাকিবা। প্ৰকাশক সকসকল আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

Copying is Prohibited!