যাত্ৰাপথৰ কাহিনী- ১ (ধ্ৰুৱজ্যোতি শৰ্মা)

(১)

ভাৰাঘৰৰ পৰা দৌৰাদৌৰিকৈ ওলাইছোঁ। ক্লাছলৈ দেৰি হৈছে। ১০ মিনিটৰ ৰাস্তা ৬ মিনিটতে গৈ চিটি বাছ ষ্টপেজত ৰখাই থোৱা চিটি বাছ এখনত উঠিলোঁ। একেবাৰে শেষৰ দীঘল চিটটোত দুজন মানুহ বহি আছিল। তেওঁলোকৰ কাষতে বহি পৰিলোঁ। যথা সময়ত বাছ চলিল। কণ্ডাক্টৰজনক খুচুৰা ৩.৫০ টকা দি গপচত বহি থাকিলোঁ। হঠাতে এষাৰ মাত শুনিলো-“কি বস্তু চেন্দেলত লৈ আহা এ ভাই ?” ঘূৰি চালোঁ। দেখিলোঁ কনডাক্তৰজনৰ পেণ্টত হালধীয়া আঁচ এডাল। লগে লগে সি মোৰ ফালে চাই কৈ উঠিল – “আপোনাৰ চেন্দেলৰ পৰা লাগিছে।” চাই দেখো, হয়তো । মোৰ চেন্দেলৰ আগফালে অলপ হালধীয়া পদাৰ্থ তেতিয়াও লাগি আছে। যথেষ্ট লাজ পালো লগে লগে ভাবিবলৈও ধৰিলোঁ ক’ত গচকিলোঁ ! তাৰ লগে লগে মোৰ চকু কাষত বহি থকা মানুহজনৰ চেন্দেললৈ গ’ল। দেখিলোঁ তেওঁৰ চেন্দেলৰ আগফালে এখন হালধীয়া পাহাৰ। বাছত উঠোতে তাৰে আধা ময়ো খহাই লৈ আহিলো চাগে। মোৰ মুখৰপৰা হঠাতে ওলাই গ’ল – “আপোনাৰ চেন্দেলযোৰলৈ চাওকচোন।” কণ্ডাক্টৰজন তেতিয়াও তাতেই আছিল। সিও মান্তি হ’ল যে পদাৰ্থখিনি মোৰপৰা নহয়, কাষৰ মানুহজনৰপৰাহে লাগিছে।এটা চিন্তা দূৰ হ’ল যেনিবা, এতিয়া নতুন চিন্তা এটাই জুমুৰি দিলে- ক’ত চাফ কৰা যায় চেন্দেলযোৰ ! সেই সময়তে গাড়ীখন গৈ গন্তব্যস্থান পালে আৰু মই গাড়ীৰপৰা নামি দিলোঁ। চকু-মুখ মুদি মই আগবাঢ়িলোঁ আৰু ৰাস্তাত ডোঙা বান্ধি থকা পানীত ভালকৈ ধুইহে উশাহ ললোঁ।

 

(২)

 

ৰাতিপুৱাই অথন্তৰটো লগাৰ পৰাই মনটো ভাল লগা নাছিল। ক্লাছলৈ নাযাওঁ বুলিও যাব লগা হোৱা বাবেহে চাগে অথন্তৰটো লাগিবলৈ পালে! পিছে এতিয়া এইবোৰ ভবাৰ সময় নাই। “কলিতা ষ্টোৰচ”ৰ পলিথিনত থকা ক্লাছ’লৈ নিয়া বহীখন বিচনাতে দলিয়াই বাথৰুমলৈ দৌৰিলোঁ। ৰাতিপুৱাই ফুৰা হবলৈ যোৱাটো মোৰ অভ্যাস যদিও আজি ৰাতিপুৱা খোলা নহ’ল। আৰু এতিয়া দৌৰাদৌৰি লাগিছে বাবে ইঞ্জিনৰো ওভাৰলোড হৈছে। দহ মিনিটৰ ৰাস্তা পাঁচ মিনিটত যাব পাৰি। কিন্তু এই কামফেৰাতো তেনেকৈ কৰিব নোৱাৰি। সেয়েহে অগত্যা বল দি বল দি যিমান পাৰি সিমান সোনকালে কামফেৰা সমাধা কৰি শালিকা চিলান দি আলনাডালৰ কাষ পালোগৈ। ফৰ্মেল পেণ্ট এটা আছিল বুলিহে! তাকেই পিন্ধি ল’লোঁ। জিপডাল ঠিকেই আছেনে নাই পৰীক্ষা কৰি ল’লোঁ। নহ’লে ইয়াৰ আগৰবাৰ যিহে ঘটিল। ইণ্টাৰভিউ দিব গৈছোঁ, পেণ্টৰ জিপডালেই খোলা। পিছে আগৰবাৰৰ কথা থাওক এতিয়া। নহ’লে এইবাৰ আকৌ ইণ্টাৰভিউৰ আগতেই খেদিব। যিহওক, জিপডাল ঠিকেই আছে। পিছে বেল্টডালহে বেয়া হৈছে। সাউতকৈ আলনাত থকা ভাইটিৰ পেণ্টৰপৰা বেল্টডাল খুলি নিজৰ পেণ্টত লগাই ললোঁ। ইণ্টাৰভিউ দিবলৈ যোৱাৰ কথা ! অকণমানটো ফিটফাট হ’ব লাগিব! ছাৰ্ট বিচাৰিহে ঘূৰ্মুটিয়াব লগা হ’ল অৱশেষত পালোঁ এটা। ধুই থোৱা আছে যদিও সোঁতোৰা-মোতোৰা খাই পৰি আছে ইষ্ট্ৰী কৰাৰ সময়ো এতিয়া নাই ! কি কৰা যায় ! ৰ’ বাপ্পেকে-বুলি ভাইটিক চিঞৰিলোঁ –“ভাইটি মোক ভাতকেইটা বাঢ়ি দেচোন, দেৰি হৈছে।” তাৰ চিৰপৰিচিত ডায়লগ। দেৰি নহ’লেও মোৰ ডায়লগৰ যে সলনি নহয়, সি ভালকৈয়ে জানে। ভাইটিয়ে ভোৰভোৰালে-“তোৰ কোনদিনানো দেৰি নহয় ? ভাতকেইটা লৈ খাব নোৱাৰ যদি নোখোৱাকৈয়ে যা।”-মুখেৰে ক’লে যদিও সি অৱশ্যে ভাতৰ কাঁহীখন মোৰ হাতত দি থৈ গ’ল। ইমান সময়ে মই চাৰ্টতো জাপি গাৰুৰ তলত থৈ তাৰে ওপৰত বহি ভাত খোৱাত লাগি গ’লো। পেনপেনীয়া ভাত, লগত যেনিবা এটা কেঁচা জলকীয়া আছে বুলিহে ! যিওবা আলু এটা সিদ্ধ হবলৈ দিছিলোঁ, সি ভালকৈ নিসিজিলেই। নাকে-মুখে কেইগৰাহমান ভৰাই বাকী থকাখিনি পাকঘৰত থকা ভ্ৰাম্যমান ডাষ্টবিনত অৰ্পণ কৰিলোঁ। দুঢোকমান পানী খাই, আকৌ বিচনাৰ ওচৰ পালোহি। চাৰ্টতো উলিয়াই লৈ দেখিলোঁ বহুখিনি ভাঁজ নাইকীয়া হৈ গৈছে। অজানিতে মুখৰপৰা এচেৰেঙা হাঁহি ওলাই গ’ল। যেন নতুন বস্তু এটাহে কৰিলোঁ ! চোলাটোৰ ওপৰৰ দুটামান বুটাম বাদ দি তলৰ কেইটা মাৰি ভালকৈ ইনচাৰ্ট কৰি ল’লোঁ। জোতা-মোজাযোৰে কোনো খেল নেদেখালে। জোতাযোৰ পিন্ধি উঠি মেক-আপত ফাইনেল স্পৰ্শ এটা দিউ বুলি যেতিয়া পকেট চাইজৰ আইনাখনৰ সন্মুখত থিয় দিলোঁ, তেতিয়াহে আকৌ অথন্তৰটো লাগি উঠিল। দুই নম্বৰ বুটামতোচোন চিঙা ! হ’ল আৰু !-ভাৱিলোঁ। বেলেগ চাফা চোলাও নাই। কি কৰা যায় এতিয়া ! ভাবি ভাবিয়েই টেবিলৰ ওপৰত থকা বস্তুৰ গুদাম খুচৰিবলৈ লাগি গ’লোঁ আৰু ষ্টেপলাৰতো বিচাৰি পালোঁ। সেইটোৰেই কিবা এটা কৰিব পাৰি নেকি এবাৰ চেষ্টা চলাই চালোঁ। কেইবাবাৰ বিফলতাৰ পিছত হঠাত্‍ এবাৰ লাগি গ’ল। বাচি গ’লোঁ | ষ্টেপ্‌ল পিন দুডালেই বুটামৰ অভাৱ দূৰ কৰিলে। যুদ্ধজয়ী সৈনিকৰ দৰে বুকু ফিন্দাই হাতত ফাইলতো লৈ মূৰ ফণিয়াই ফণিয়াই লৰ দিলোঁ। দহ বজাৰপৰা ইণ্টাৰভিউ। ন বাজি দহ মিনিট গ’লেই। বাছ ষ্টপেজ পাওতে অতি কমেও আৰু দহ মিনিট। তাৰ পৰা আকৌ চিটিবাছত ৪৫-৫০ মিনিট যাব আছেই ! গ’ল আজি ! এইটো ইণ্টাৰভিউও এনেই গ’ল। ১০-১৫ মিনিট দেৰিকৈ অহা প্ৰাৰ্থীকনো কোনে চাকৰি দিব ! ভাৱি ভাৱি কেতিয়ানো গৈ সেই পয়ালগা ৰাস্তাটো পালো গমকেই নাপালোঁ। ৰাস্তাটো চুটি হয় যদিও ৰাতিপুৱা এই ৰাস্তাৰে যোৱা বাবেই অথন্তৰ লগা আৰম্ভ হৈছিল। যেনিবা চৰকাৰৰ অনুন্নয়ন আঁচনিৰ অধীনত ৰাস্তাত ডোঙা বান্ধি থকা পানীয়ে মোক সেইবাৰলৈ বচালে। পিছে এইবাৰ ভাবিছিলোঁ, দূৰ হওক দুৰ্গতি নহওক, ভাল ৰাস্তাটোৰেই যাম। পিছে মনৰ গতিত কোনফালেনো কেতিয়া পোনালোঁ গমেই নাপালোঁ। এইবাৰ বা কি অথন্তৰে লগ দিয়ে !! কি বা হয় !!
একো অথন্তৰ নালাগিল। দহ মিনিটৰ ৰাস্তা পাঁচ মিনিটতে পাই গ’লোঁ। হিচাপ কৰি দেখিলোঁ এতিয়াও পাঁচ মিনিটৰ ঘাটি। দেখা যাওকচোন কি হয়-এই বুলি চিটি বাছ এখনৰ আগৰ দুৱাৰেৰে জপিয়াই উঠিলোঁ। পুৱাৰ ঘটনাতো মনত পৰি পিছপিনে ঘূৰিও নাচালোঁ। নিৰ্ধাৰিত সময়তকৈ দহ মিনিট আগতীয়াকৈ বাছখনে নি মোক নমাই দিলে। বেচ স্ফুৰ্তি লাগি গ’ল। ইমান দৌৰা-দৌৰিৰ পিছতো গৈ যে সঠিক সময়ত পামগৈ ! ভাবিবলৈহে পালোঁ, হঠাতে জানো কি লাগিল ! ভৰিত কিবা এটাই খোচ মাৰি ধৰিলে। আকৌ এখোজ আগুৱাই দিলোঁ। হয়। জোতাৰ ভিতৰত কেনেবাকৈ শিলগুটি এটি সোমাইছে। লাগি গ’ল অথন্তৰ। কি কৰা যায় এতিয়া ! জোতা খুলি শিলগুটি আঁতৰোৱাৰ সুবিধাও নাই এতিয়া। তাক পাহৰি যোবাৰ উপায়ো নাই। অলপ দূৰ তেনেকৈয়ে আগবাঢ়িলোঁ। এটা জালুকৰ মান হ’ব চাগে’ শিলগুটিটো-ঠাৱৰ কৰিব চেষ্টা কৰিলোঁ। ভৰিৰ আগৰপৰা গুৰিলৈ দৌৰি ফুৰিছে সি। কেতিয়াবা বুঢ়া আঙুলিৰ আগত হানিছে, কেতিয়াবা আকৌ ভৰি তলুৱাৰপৰা নলৰাই হৈছে। “হেৰি চাবহে |”-সন্মুখত থকা মানুহজনক খুন্দাতো মাৰিলোৱেই ইতিমধ্যে। “চ’ৰী” বুলি কৈ মানুহজনক বাট এৰি দিলোঁ। ছেঃ, কিযে অথন্তৰটো লাগিল ! ভাগ্যে সেইজন আদহীয়া মানুহ বুলিহে। ছোৱালী হোৱা হ’লেতো কথাই নাছিল। ফুটপাথত জানি-শুনি ছোৱালীক খুন্দিওৱা বুলি ছাগে’ পাব্লিক ধুলাই খালোৱেইহেঁতেন। অৱশেষত ইণ্টাৰভিউৰ জেগা পালোঁ। পাই দেখিলোঁ তালিকাত থকা বিশজন প্ৰাৰ্থীৰ ভিতৰত ময়েই শেষৰজন। দহখনমান চকীৰ ব্যৱস্থা কৰা হৈছে যদিও, এখনো খালী নাই। কি কৰা যায় এতিয়া ! শিলগুটিটোৱে খৰলুটি খেল আৰম্ভ কৰিছে। ভৰিখন নচুৱাই নচুৱাই তাক অলপ সুবিধাজনক স্থানত স্থায়ী কৰি ৰাখিবলৈ চেষ্টা এটা চলালো যদিও শিলগুটিটোও ডেমকেয়াৰ। মই যিমানে চেষ্টা কৰো, সি ওলোটা খৰহে লগায়। মানুহৰ দৰে চেহেৰা এটা থাকিলে সি চাগৈ দাঁত নিকটাই হাঁহিলহেতেন-“বুৰ্বক কৰবাৰ ! মোকেই কন্ট্ৰোল কৰিব নোৱাৰনে ? ” ভাবি ভাবি টিঙিচ্‌কৈ উঠি গ’ল নহয় খংডাল। পিছে ছোৱালী এজনী আহি বচালে। তাই মাত লগালে-“তিনি নম্বৰত থকাজন আপুনিয়েই নহয় জানো ? এইবাৰ আপুনি সোমাব।” সন্মতিসূচক অভিবাদনেৰে মই সাজু হ’লোঁ। শিলগুটিটোৰ কথা মনত পৰি গ’ল। সি দেখোন ঠাণ্ডা হৈ আছে। ওলাই গ’ল চাগৈ ! চাৰ্টতো ঠিক-থাক কৰি লওঁ বুলি হাতখন দিছো মাত্ৰ। গ’ল নহয় ষ্টেপল পিন দুডাল। উপায় নোহোৱাত পৰিলোঁ। এই মূৰ্ত্তিৰে গ’লেতো ইণ্টাৰভিউ নোলোৱাকৈয়ে খেদিব। তেনেহ’লে কেনেকৈ পাৰ হোৱা যায় এইতো অথন্তৰ ! ছোৱালীজনীকেই সুধোঁ নেকি, কৰবাৰ পৰা চেফ্‌টি পিন এটা জোগাৰ কৰি দিব পাৰেই যেনিবা ! পিছে সুধিব নোৱাৰিলোঁ। কি বা ভাবে তাই।
টং কৈ ঘণ্টাতো বাজি উঠিল। বুকুখনেও ঘণ্টা বজাই দিলে। চোলাতো কি কৰা যায় এতিয়া ! এনেকৈনো ভিতৰলৈ যাওঁ কেনেকৈ ! চাকৰিতো মই যে নাপাওঁ, চোলাৰ ৰহস্যই তাক মোটামোটি ঠিক কৰি দিলে। তথাপিও আহিছোঁ যেতিয়া, এনেকৈয়ে এবাৰ দেখা দি আহো বুলি আগবাঢ়িলো। সোঁহাতেৰে ফাইলখন পেটৰ যিমান পাৰি সিমান ওপৰলৈ হেঁচা মাৰি ধৰি বাওঁহাতেৰে দুৱাৰখন ঠেলি ইণ্টাৰভিউ ৰুমলৈ সোমাই গ’লোঁ। শিলগুটিতোৱে আকৌ এবাৰ খৰলুটি মাৰিলে। এইবাৰ কিন্তু তাক কেৰেপেই নকৰিলোঁ। “এতিয়া থাক। ইয়াৰপৰা ওলাই দি আছোঁ তোক মজা। ”শিলগুটিতোক হুংকাৰ দি চাৰিজনীয়া ইণ্টাৰভিউ ব’ৰ্ডৰ সন্মুখীন হ’লোঁ।
ঠিকেই চলি আছিল সকলো। নাম-পৰিচয়, অভিজ্ঞতা-অনভিজ্ঞতা, পঢ়া-শুনাৰ কথাবোৰ এজনৰ পিছত এজনকৈ তিনিজনে সুধি গ’ল। ময়ো যিখিনি জানোঁ কৈ গ’লো। মাজে মাজে মন কৰি গ’লোঁ ঠিকেই আছেতো চোলাতো ! বুটাম নথকা চোলা পিন্ধি অহা বুলি গম পাইছে নেকি এওঁলোকে ! ভাৱিছোহে মাত্ৰ। যন্ত্ৰণাটো দিলে নহয় চতুৰ্থজনে। “ধৰা, তোমাৰ চোলাৰ বুটাম এটা হঠাতে চিঙি গ’ল আৰু তুমি বৰ জৰুৰী হাই প্ৰ’ফাইল মিটিং এখনত বহি আছা। তেনেকুৱা পৰিস্থিতিত তুমি কি কৰিবা ?” মৰ বাপ্পেকে। কি কৰ কৰ এতিয়া – ভৰি তলুৱাত লুটি বাগৰ এটি খাই শিলগুটিতোৱে কৈ উঠিল। উত্তৰ বিচাৰি নাপাই এনেয়ে ইফালে সিফালে চাই ৰ’লোঁ। হঠাতে মেজৰ ওপৰত এটা আলপিন দেখি থৰ হৈ ৰ’লোঁ। ৰৈ যোৱা মগজুত বুদ্ধি এটি খেলালে। চতুৰতাৰে মই ক’লোঁ-“কিছুমান বস্তুৰ ওপৰত আমাৰ কণ্ট্ৰোল নাথাকে। যেনে ধৰক আপোনাৰ জোতাৰ ভিতৰত শিলগুটি এটি সোমাইছে আৰু আপুনি জোতা খুলিব পৰা অৱস্থাত নাই; নাইবা ঘৰৰ বাহিৰ ওলাইছে আৰু আপোনাৰ চোলাৰ বুটাম এটা চিঙি থাকিল। তেনেকুৱা পৰিস্থিতিত পোৱা ব্যৱহাৰোপযোগী যিকোনো বস্তুৱেই আমি কামত খটুৱাব পাৰোঁ।” মুখৰ লগে লগে হাতেৰে আলপিনতো তুলি আনি চিঙি যোৱা বুটামৰ ঠাইত এনেভাৱে লগালোঁ যেন মই কিহবাৰ ডেমন্‌ষ্ট্ৰেচনহে দি আছোঁ। মোৰ উত্তৰ শুনি মানুহ চাৰিজন মনে মনে ৰ’ল। কথাখিনি ভাল পালেনে বেয়া পালে গম নাপালোঁ। মই কিন্তু শিলগুটিতোলৈ উদ্দেশ্যে মনৰ ভিতৰতে ভোৰভোৰালোঁ– “দেখিলি, বাপেৰাই কি কৰিব পাৰে ?” দুই মিনিটমানৰ পিছত ইণ্টাৰভিউ ৰুমৰ পৰা ওলাই আহি দীঘলকৈ গুমুনিয়াহ এটা কাঢ়ি শিলগুটিতোলৈ হুংকাৰ দিলোঁ- “এতিয়া তোক ৰ” ঘৰতোৰ পৰা নামি অহা চিৰিত বহি কাকো ক’তো নোচোৱাকৈ জোতাপাট খুলি শিলগুটিতো ওচৰতে থকা পিকদানিটোলৈ দলিয়াই দি জোতাপাত ভৰিত সুমুৱাই লৈ কৈ উঠিলোঁ-“মৰ বেটা ইয়াতে। মোৰ জোতাৰ ভিতৰত সোমাই অথন্তৰ লগাই আছিলি ? থাক এতিয়া পিকৰ মাজত। পৰি থাক।” জোতাপাত পিন্ধি মই গহীনাই ওলাই আহিলোঁ। তেতিয়াও মোৰ চোলাত লাগি থাকিল আধা ভাঁজ লগা আলপিনটো॥

 

ক্ৰমশঃ …..

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!