যাত্ৰা -(মৃন্ময় কুমাৰ নাথ)
যাত্ৰা
-মৃন্ময় কুমাৰ নাথ
পাহৰি যোৱা দিন ৰাতিবোৰৰ স’তে
হেৰাই গ’ল বহু কথা –
দুখৰ ৰাতিৰ শীতল জোন
আৰু সুখৰ সন্ধ্যাৰ বহু কবিতা
কলিজাত লাগিছেহি অচিনাকি ঘাঁ
হেৰাই গৈছে ৰ’দৰ শিহৰণ তেজৰপৰা ।
লুকাই পৰিছে প্ৰাৰ্থনা সংগীতৰ সকলো সুৰ…
এইমাত্ৰ যদি আৰম্ভ কৰি দিও ওভটনি যাত্ৰা :
পামনে ঘূৰাই সোণাৰু হালধীয়া এটি আবেলি
পামনে ঘূৰাই নিয়ৰ আৰু বকুল ফুলৰ শোভাযাত্ৰাৰে ভৰুণ এটি পুৱা
পামনে ঘূৰাই শীতৰ জুহালৰ দৰে উমাল
হৃদয়ৰ এপলক সান্নিধ্য…
অচিনাকি পথেৰে লক্ষ্যস্থান বিচাৰি ফুৰোঁতে আমিবোৰ
কিদৰে ইমান ক্ষুদ্ৰ হৈ পৰো সময়ৰ ছাঁত !!
কিদৰে হেৰাই যায় বুকুৰপৰা শইচৰ দৰে সেউজীয়া !!