যিসকল পৃথিৱীৰ প্ৰেমিক (নিবেদিতা হাজৰিকা)
(স্মৃতিৰ পাত লুটিয়াই যি/ বিচাৰিব জানে সোণালী ইতিহাস/ সেইসকল হ’ব পাৰে পৃথিৱীৰ প্ৰেমিক/ যাৰ ঠিকনা হ’ব পাৰে/প্ৰেমৰ সুগন্ধি ঘাট !)
পৃথিৱীৰ প্ৰেমিকৰ সন্ধানত কবি নিবেদিতা হাজৰিকাৰ অনুভৱী কলমত চিত্ৰিত হৈছে—
যিসকল পৃথিৱীৰ প্ৰেমিক
নিবেদিতা হাজৰিকা
কুঁৱলীৰ ওৰণি টানি সন্ধিয়াটো নামিছে
এবুকু বিষাদ
অকণমান আশা বুকুত বান্ধি
শীতৰ ৰাতিৰ চিনাকি পৰশত
পাৰ হ’ব আৰু এটি উজাৰগী নিশা
সেইসকলৰ
যিসকল পৃথিৱীৰ প্ৰেমিক !
সেই সকল হ’ব পাৰে পৃথিৱীৰ প্ৰেমিক
যিসকলে আওঁৰাব পাৰে
আদিমতম মহাকাব্য
কিদৰে হ’লগৈ
দস্যু ৰত্নাকৰ প্ৰেমিক বাল্মীকী !
যিসকলে আগবঢ়াই দিব পাৰে
এজাক অনাথ বিকলাংগ শিশুক
আশাৰ দুখনি হাত,
হ’ব পাৰে যি, বাক্স্বাধীনতা হেৰুওৱা
এজাক বোবা মানুহৰ কন্ঠৰ আৰ্তনাদ
সেইসকল হ’ব পাৰে পৃথিৱীৰ প্ৰেমিক ।
গাঁৱে-নগৰে, পৰ্বতে-কন্দৰে
নীলিম জলধিৰ বুকুৱে বকুৱে
যি বিচাৰি বিচাৰি ভাগৰি নপৰে
জীৱনৰ অৰ্থ
তেওঁৰ বাবে প্ৰেমৰ পৰিধি বিশাল !
যন্ত্ৰণাত হৃদয় তিয়াই
মাটিৰ গোন্ধেৰে যি উন্মাদ হ’ব পাৰে
যি পঢ়িব পাৰে কাৰোবাৰ চকুত
বিষণ্ণতাৰ পাঠ ;
স্মৃতিৰ পাত লুটিয়াই যি
বিচাৰিব জানে সোণালী ইতিহাস
সেইসকল হ’ব পাৰে পৃথিৱীৰ প্ৰেমিক
যাৰ ঠিকনা হ’ব পাৰে
প্ৰেমৰ সুগন্ধি ঘাট !