লিমাৰিক (পঙ্কজ বৰা)

(১)

 

অসম আই জননী’ দিনে ৰাতি ফালে টেটু
দুই তিনিদিন চিঞৰি নেতা হোৱাৰ হেতু
ল’ৰা ছোৱালী বিদেশত
আপোন ৰাইজ বন্ধকত
অসমীয়াৰ তেজ শোহা ( এইমখা ) ৰাহু নে কেতু?

 

(২)

 

অসম আমাৰ ৰূপহী, (মোৰ) কি আহে কি যায়
ভাষাক লৈ বিজিনেছ কৰা লুটি পুটি লোৱা ভাই
পণ্ডিতক মাৰৌ গুলি
ইতিহাসৰ লগত খেলি
মাথো নিজৰ ঢোল বজোৱা ‘জয় জয় মই মই’ ৷

 

(৩)

 

আজব দেশ, বিজৱ কাণ্ড বন্ধ বুলি ক’লেই হৈ গ’ল বন্ধ
বন্ধৰ দিনা নুফুলিব নেকি গোলাপ নেপাম নেকি গন্ধ
নেতা সকলৰ বিয়াগোম বিয়াগোম ইছ্যু
খাটিখোৱা জনতাই নেখাব নেকি কিছু
বন্ধ হ’ল বুলি পেটৰ কাৰখানাটোতো হ’ব জানো ৰুদ্ধ !

 

(৪)

 

ডক্টৰ হওক বা ডাক্টৰেই হওক হৈ গ’ল পণ্ডিত
লিখি লৈ নামৰ আগত কৰি অতিৰঞ্জিত
ডাঙৰ ডাঙৰ আস্ফালন
ভণ্ডামিৰ মহা বিস্ফোৰণ
তেনেলোকৰ ধূৰ্তামী নাই (আমাৰ) পৰিসীমাৰ গণ্ডিত ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!