শপত (ৰূপাংকৰ চৌধুৰী)

ৰৌদ্ৰোজ্বল দুপৰীয়াটো আবেলিলৈ গতি কৰিছিল। ঘৰৰ সন্মুখৰ গধূলিগোপালজোপা বৰ ধুনীয়াকৈ ফুলি আছে। পথাৰৰ পৰা গৰুজাক ঘৰমুৱা হৈ আগচোতাল পাইছে। চোতালত বহি বুঢ়ীয়ে সমুখৰ ঘৰৰ মাইচানাৰ চুলিৰ মাজত ওকণি বিচাৰি আছে। সন্মুখৰ ৰাস্তাত পিলিঙাকেইটাই ২ নম্বৰী ফুটবল এটা লৈ খেলি আছে। অগতানুগতিক দিন এটাৰ গতানুগতিক আবেলিৰ ছবি এখন। হয় আজিৰ দিনটো অগতানুগতিক বুঢ়াৰ বাবে।

আজি মেট্ৰিকৰ ৰিজাল্ট দিছে। নাই। এই বুঢ়া বয়সত বুঢ়াই মেট্ৰিক পাছ কৰি কোনো ৰেকৰ্ড কৰা নাই। তথাপি দেখোন ভাল লাগিছে আজি কিবা। পথাৰ কাম চপাই আহি গা-পা ধুই জলপান এবাটি খাই বুঢ়াই বহিবলৈ গৈছিল উমা মহাজনৰ সুলভ মূল্যৰ দোকানখনত। বুঢ়াৰ নিয়মীয়া আড্ডাৰ ঠাই এই দোকানখন। সন্ধিয়া তাতেই বহি দেশ- বিদেশৰ কথা আলোচনা কৰে। সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনি ঘৰমুৱা হয় তাৰ পৰা। কেতিয়াবা লগত লৈ আহে মাছ বা মাংসৰ টোপোলা সন্ধিয়া সৰুকৈ বহা বজাৰখনৰ হানিফ বা চাম্বৰ কাইৰ দোকানৰ পৰা। কেতিয়াবা গৰম-গৰম গজা নাইবা চিংৰা আনে বুঢ়ীৰ মৰমৰ ফৰমাইচ পূৰাবলৈ।
আজি কিন্তু বুঢ়াই দিনতে উমা মহাজনৰ দোকানত গৈছিল। উমা মহাজন বয়সত বুঢ়াতকৈ সৰু। বুঢ়াৰ দূৰ-সম্পৰ্কীয়। মহাজনৰ দোকানখন সেই অঞ্চলৰ আটাইতকৈ পুৰণি দোকান। হাত লেম্পৰ চিমনিৰ পৰা আদি কৰি আলু-পিঁয়াজ, দালি, চাউল প্ৰায় সকলো সামগ্ৰী পায়। বুঢ়াই সৰু থাকোতে উমাৰ দেউতাকৰ দোকানৰ পৰা নকুল দানা খাইছিল খুউব এইখন দোকানৰ পৰাই। বাপেকৰ পিছত দোকানখন উমা মহাজনে চলাই আছে নিয়াৰিকৈ। এখন গৰু-গাড়ী আছে। বুধবাৰ আৰু শনিবাৰে হাটলৈ যায় দোকান দিবলৈ গৰু-গাড়ীত মাল বোজা কৰি। সেই দুদিন বুঢ়াও যায় হাটলৈ। আজি বুধবাৰ। কিন্তু আজি উমা মহাজন যোৱা নাছিল হাটলৈ। উমা মহাজনৰ নাতি-ল’ৰাই মেট্ৰিক দিছে। ঘৰত সকলোৱে ঔৎসুকতাৰে অপেক্ষা কৰি আছে ৰিজাল্টলৈ যেতিয়া বুঢ়া গৈ মহাজনৰ দোকান পাই। তাতেই খবৰটো পালে বুঢ়াই। বংশীৰ জীয়েকে ফাৰ্ষ্ট ডিভিজন পাইছে। দুখনত লেটাৰ- বুৰঞ্জী আৰু অংকত।
ওকণি বিচাৰি থকা অৱস্থাতে বুঢ়া অহা উমান পাই বুঢ়ীয়ে সুধিলে- ’চাহ কাপ এতিয়াই খাবি নে?’।

বুঢ়াই ওলোটাই সুধিলে- বংশীহঁতৰ ঘৰলৈ যাওঁ ব’ল। বংশীৰ জীয়েকে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে। খবৰ এটা লৈ আহোঁ। তাতেই চাহ একাপো খাম। দিনতে উমা মহাজনৰ দোকানৰ পৰা ’পাইলট পেন’ এটা কিনি আনি থৈছোঁ।
– যাম ৰচোন। তোৰ ঘৰৰ পৰা ভতিজাই দি থৈ যোৱা মাংসখিনি কি কৰিম?
– থৈ দে। পিছত খাম দে!
বহুত দুখত ক’লে কিন্তু মদন বুঢ়াই কথাখিনি। বুঢ়াৰ দুখ কোনে বুজিব। বহুত দিনৰে পৰা সাবিত্ৰী বুঢ়ীক কওঁ- কওঁ বুলি ভাবিও সাহস গোটাব পৰা নাই দেখোন! আজি নহয়। সেই ভৰ যৌৱনৰ দিনৰে পৰা কথাখিনি খুলি ক’ব পৰা নাই বুঢ়ীক।
পলুৱাই আনিছিল সাবিত্ৰীক নৈৰ সিটো পাৰৰ গাওঁখনৰ পৰা মদনে। মদন আছিল সুন্দৰ-সুঠাম, পাহোৱাল আৰু পাকৈত ঢোল-বাদক। মদনৰ ঢোলৰ ছেৱত নাচি উঠিছিল যিকোনো গাভৰুৰ কঁকাল। নৈৰ সিপাৰলৈকে বৈ গৈছিল মদনৰ যশ আৰু খ্যাতি। বিহুৰ আগে-আগে নৈৰ সিপাৰৰ বিহুৰ নামত মতলীয়া ডেকা কেইজনমানে কাকুতি-মিনতি কৰি লৈ গৈছিল মদনক ঢোলৰ প্ৰশিক্ষণ দিবলৈ। আখৰা চলিছিল নদীৰ পাৰৰ প্ৰকাণ্ড আঁহত এজোপাৰ তলত। সেই আখৰাৰ থলীতে চাৰি চকুৰ মিলন হৈছিল মদন আৰু সাবিত্ৰীৰ। ৰূপৱতী সাবিত্ৰী। কঁকালত পৰা দীঘল চুলিটাৰিৰে সাবিত্ৰী! সেন্দুৰীয়া দুগালেৰে ওঁঠত এটা মিঠা হাঁহি লৈ হৰিণী নয়নী সাবিত্ৰী! চেগ বুজি পলুৱাই আনিছিল মদনৰ মনৰ মানুহজনী কৰি সাবিত্ৰীক সেইবাৰ বিহুতে আৰু জোঁৱাই হৈছিল নৈৰ সিপাৰৰ গাওঁখনৰ।
মদনৰ দেউতাক আছিল চৰকাৰী চাকৰিয়াল। পেছাত পেস্কাৰ। খেতি-মাটি, ধান-চাউলেৰে নদন বদন ঘৰ। বৃটিছ আমোলাত চাকৰি কৰা অভ্যাস থকাৰ বাবেই কিজানি এক অভিজাত জীৱন যাপন কৰি ভাল পাইছিল মদনৰ দেউতাকে। তেওঁৰ আছিল এক চৌখিন ব্যক্তিত্ব আৰু বিলাসী বিলাতী ঢং। পুতেকে এনেকৈ ঢোল বজাই ঘুৰি ফুৰা মুঠেই পচন্দ কৰা নাছিল। মুখ খুলি একো বুজনি দিবও নোৱাৰিছিল মাতৃহাৰা পুতেকক। কিন্তু যেতিয়া খবৰটো পালে যে পুতেক মদনে নৈৰ সিপাৰৰ এজনী তলৰ জাতৰ ছোৱালী পলুৱাই আনিছে খঙে চুলিৰ আগ পালে তেখেতৰ। পলুৱাই আনক কোনো ডাঙৰ কথা নহয়। ডেকা বয়সত এইবোৰ চলেই। কিন্তু নৈৰ সিপাৰৰ পৰা কিয়? এইখন গাওঁত কি সুন্দৰী যুৱতীৰ অভাৱ হ’ল নেকি? গোঁসাইৰ ঘৰৰ ল’ৰা হৈ মদনে কেনেকৈ নীচ জাতৰ ছোৱালী এজনীক বোৱাৰী কৰি ঘৰ সুমুৱাব? নৈৰ সিপাৰৰ গাওঁত তেওঁলোকতকৈ তলৰ জাতৰ মানুহে বসবাস কৰে।
ত্যাজ্য-পুত্ৰ হৈ মদনে বাস কৰিছিল ঘৰৰ পৰা কিছু নিলগত লগ-বন্ধুৱে ঠিক কৰি দিয়া ঠাই এডোখৰত। কৰ্মঠ যুবক মদনে অতি কম দিনৰ ভিতৰতে নাম কৰা খেতিয়ক হৈছিল। প্ৰথমতে আধিকৈ মাটিলৈ কৰিছিল। পিছত লাহে-লাহে নিজাকৈ কৰিছিল খেতি। থকা ঘৰৰ পিচফালে খান্দিছিল এটা প্ৰকাণ্ড পুখুৰী। দিন গৈ বছৰ বাগৰিল কিন্তু মদন আৰু সাবিত্ৰীৰ মাজত তৃতীয়জন নাহিল।
এনেদৰে চাৰি-পাছ বছৰ বাগৰাৰ পিছত ডাক্তৰক দেখুৱালে। বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি টাউনৰ ভূমি ডাক্তৰে সাবিত্ৰী মাক হ’ব নোৱাৰিব বুলি ঘোষণা কৰিলে। দুখ আৰু শোকত ভাঙি পৰিছিল মদন-সাবিত্ৰী। এনেদৰে দুই-তিনিমাহমান যোৱাৰ পিছত মদনৰ লগ-বন্ধু দুই এজনৰ জ্ঞাত হৈছিল কথাটো। তাৰে মাজৰ দুই এজনে দিহা দিছিল মদনক দ্বিতীয় বিবাহৰ। কিন্তু মদনে যিহে কাঢ়া চকুৰে চালে, সেইকেইজনে দ্বিতীয় বাৰ সেই কথা ক’ব নোৱাৰিলে। মদনে সাবিত্ৰীক কৈছিল-’লোকৰ কথাত তই মন বেয়া নকৰিবি। তোৰ প্ৰতি থকা মৰমৰ মই দুভাগ কৰিব নোৱাৰো। দুয়ো সুখী থাকিম দুয়োৰে মাজত। শপত খাই কৈছোঁ তোক।’
সুখেৰে পাৰ হৈছিল দিনবোৰ মদন আৰু সাবিত্ৰীৰ। কথাবোৰ লাহে-লাহে সহজ হৈ পৰিছিল সকলোৰে বাবে। সাবিত্ৰীও ব্যস্ত আছিল ঘৰতে হাঁহ-পাৰ পুহি আৰু তাঁতৰ কাম কৰি। তাৰে মাজতে এবাৰ সাবিত্ৰী গৈছিল মাকৰ ঘৰলৈ এদিনৰ বাবে। গৰমৰ দিন। মদন ঘৰত অকলে। বাৰীৰ সৰু-সুৰা চাফাই কাম কৰি দেহাটো শাঁত পেলাবলৈ জাঁপ দিছিল পুখুৰীত। কিছুপৰ সাঁতুৰি খালী দেহাৰে আহিছিল ঘৰলৈ মদন।
মদনৰ ঘৰৰ কাষতে পাৰ্বতীহঁতৰ ঘৰ। পাৰ্বতী বিধৱা। বিধৱা হোৱাৰ পিছত শহুৰেকৰ ঘৰৰ তিতা মাত সহ্য কৰিব নোৱাৰি মাকৰ ঘৰত উভতি আহিছিল। সেইদিনা মদনৰ পাহোৱাল শৰীৰ দূৰে-দূৰে তেনেকৈ দেখি এক তীব্ৰ বাসনাই অশান্ত কৰি আছে অকালতে বিধৱা হোৱা পাৰ্বতীক। মদনে খালী দেহাৰে গামোচাখন পিন্ধি বাৰীত চাফাই কাম কৰি থাকোতেই সেই বাসনাৰ ঢৌৱে তাইক উদ্বাউল কৰি তুলিছিল। তাইৰ মনে বিচাৰিছিল মদনৰ প্ৰকাণ্ড নোমাল বুকুৰ মাজত মুৰ গুজি দিবলৈ। মদনে পূৰঠ দুবাহুৰে সজোৰে সাৱট মাৰি ধৰিব তাইক! তাই দুচকু মুদি পৰি থাকিব বহুপৰ মদনৰ বুকুৰ মাজত!
পাৰ্বতী আৰু সাবিত্ৰী প্ৰায় সম-বয়সীয়া। সেইদিনা সাবিত্ৰী ঘৰত নাই বুলি পাৰ্বতী জ্ঞাত আছিল। বেলি মাৰ যোৱাৰ পিছত পাৰ্বতী মদনৰ ঘৰলৈ আহি মানা কৰি গৈছিল ৰাতিৰ সাজ বনাবলৈ। মদনে প্ৰথমতে মানা নাছিল যদিও ভালেই পাইছিল। এনেইও ৰন্ধা কামত বৰ বিশেষ ৰাপ নাছিল মদনৰ। পুৱা যোৱাৰ সময়তে সাবিত্ৰীয়ে ৰান্ধি থৈছিল দিনৰ সাজ। সন্ধিয়া ভাত-মাছ-দালি- তৰকাৰী ধুনীয়াকৈ কাঁহৰ কাঁহী-বাটিত সাজি লৈ আহিছিল পাৰ্বতী। তৃপ্তিৰে মদনে খাই আছিল আৰু কাষত বহি বিচনীৰে বিচি আছিল পাৰ্বতী থিক সাবিত্ৰীৰ দৰেই।
– খোৱা-বোৱা শেষ কৰি মই আহি আছোঁ ৰাতি থাকিবলৈ।
ভাত খাই উঠি পানীৰ গিলাচটো মুখত দিছিল হে মদনে। নাকেৰে আৰু মুখেৰে ওলাই আহিল পানী। এক প্ৰকাৰ চিঞৰি উঠিল সি- ’ৰাতি থাকিবলৈ?’
পাৰ্বতীয়ে সোঁহাতেৰে তাৰ মুখত সোপা দি ক’লে- ’চুপ। নিচিঞৰিবি! সাবিত্ৰী বৌৱে কৈ থৈ গৈছে মোক। তোক অকলে এৰি থৈ যাবলৈ তেওঁৰ মুঠেই মন নাছিল।’
-কিন্তু তই এনেদৰে গোটেই ৰাতি এজন ডেকাৰ লগত অকলে থাকিলে লোকে কি ক’ব? তোৰ ঘৰৰ মানুহেই বা কিয় মান্তি হ’ব? আৰু ময়েই বা কিয় মানি ল’ম?
– কিয়? তোৰ নিজৰ ওপৰতে ভৰসা নাই নেকি? আৰু শুন! এই কথা যেন ঘুণাক্ষৰে আলোচনা নকৰ বৌৰ লগত- এয়াও সাবিত্ৰী বৌৰে নিৰ্দেশ বুলিয়েই ধৰি ল’। আৰু শুন, পিছপিনৰ দৰ্জাখন খুলি থবি।
সেইদিনা ভৰসা হেৰুৱাই পেলাইছিল মদনে। নিজকে বিলীন কৰি দিছিল পাৰ্বতীৰ মাজত। পাৰ্বতীয়েও মনে-প্ৰাণে তাকেই বিচাৰিছিল। বিশেষকৈ সেইদিনা দিনত তেনেকৈ মদনক দেখাৰ পিছৰে পৰা। পুৱা পোহৰ হোৱাৰ আগতেই মুখত এক তৃপ্তিৰ হাঁহিলৈ মদনৰ ঘৰৰ পিছ দুৱাৰেদি ওলাই গৈছিল পাৰ্বতী। পুৱা পোহৰ হোৱাত উঠি নিশাটোৰ কথাবোৰ মনত পেলাই মুখৰ পোহৰ নোহোৱা হৈ গৈছিল মদনৰ। এক পাপগ্ৰস্ততাই চুই গৈছিল মদনৰ সৰ্বশৰীৰক। কি কৰিলে সি এয়া? কিন্তু সাবিত্ৰী? কিয় সাবিত্ৰীয়ে কৈ থৈ গৈছিল পাৰ্বতীক ৰাতিটো পাৰ কৰিবলৈ মদনৰ সৈতে? পাৰ্বতীয়েই বা কিয় মান্তি হৈছিল অকলশৰীয়া পুৰুষ এজনৰ লগত নিশাটো পাৰ কৰিবলৈ? ৰাতিপুৱা যাবৰ সময়ত পাৰ্বতী উপহাৰ দি থৈ যোৱা তৃপ্তিৰ হাঁহিটোৱে বা কি কথা কয়? নে পাৰ্বতীয়ে মিছা মাতিছিল?
পাৰ্বতীয়ে মিছা মাতিছিল। দহমাহ পিছত জন্ম দিয়া ল’ৰা সন্তানৰ পিতৃ পৰিচয় তাই অজ্ঞাত বুলি মিছা মাতিছিল। যাৰ ফল ভুগিছিল পাৰ্বতী আৰু তাইৰ সদ্যোজাত সন্তানে। গাঁওৰ পৰা এলাগী কৰিছিল পাৰ্বতীক বিধৱা হৈ সন্তান জন্ম দিয়াৰ দোষত। বহুতে সমজুৱাকৈ তাইক আৰু তাইৰ ঘৰখনক নানা বেয়া মাত শুনাইছিল। এই সকলোবোৰ হৈছিল মদনৰ চকুৰ সন্মুখতে আৰু সি একো কৰিব পৰা নাছিল। পাৰ্বতী গৰ্ভৱতী হোৱাৰ খবৰটো পায়েই তাইক লগ ধৰিছিল মদনে। নিজৰ নাম দিবলৈ সাজুও আছিল মদনে সিহঁতৰ সন্তানক। কিন্তু পাৰ্বতীয়েই মানা কৰিছিল আৰু স্বীকাৰ কৰিছিল যে সেই নিশা তাৰ লগত কটাবলৈ সাবিত্ৰীয়ে তাইক কৈ থৈ যোৱা নাছিল। শপত খুৱাইছিল মদনক- সি যাতে কোনো দিনে বাহ্যিক নকৰে সিহঁতৰ সন্তানৰ পিতৃ পৰিচয়।
এনেদৰে দিন গৈ বছৰ বাগৰিছিল টাউনৰ ঘৰে ঘৰে গৈ পাৰ্বতীয়ে কাম কৰিছিল নিজৰ লগতে সন্তানৰ পেট পূৰাবলৈ। মাজে-মাজে মদনে কোনেও নজনাকৈ দি থৈ গৈছিল কেতিয়াবা- শাক-পাচলি, ধান-চাউল আৰু কেতিয়াবা টকা-পইচা। পাৰ্বতীয়ে সিহঁতৰ সন্তানৰ নাম ৰাখিছিল বংশীধৰ।
আজি সেই বংশীধৰৰ জীয়েকেই গাঁৱৰ নাম ৰাখি দুটা বিষয়ত লেটাৰমাৰ্ক সহিত ফাৰ্ষ্ট ডিভিজন পাইছে। বংশীয়ে তাৰ কম দৰমহাৰ চাকৰিটোৰে নিজৰ জীয়েকৰ প্ৰতিপালনত কোনো ত্ৰুটি কৰা নাই। মাক ঢুকোৱা আজি দহ বছৰেই হ’ল। মাকে সিপুৰীলৈ যোৱাৰ সময়ত বংশীক কৈ গৈছিল- ’নাতিনীক ভাল মানুহ কৰিবি।’
সন্ধিয়া মদন বুঢ়া আৰু সাবিত্ৰী বুঢ়ী গৈ বংশীৰ ঘৰ গৈ পাই মানে তাতে এক উখল-মাখল পৰিৱেশ। এসময়ত গাওঁৰ পৰা এলাগী কৰা বংশীহঁতৰ ঘৰখনক গাঁৱৰ সকলোৱে আকোঁৱালি লৈছে সময়ৰ বোৱঁতী ধাৰাত। সেই বংশীৰ পুত্ৰীয়ে গোটেই অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। সেই আনন্দতেই সকলোৱে একগোট হৈছে বংশীৰ ঘৰৰ আগ-চোতালত। সাবিত্ৰী বুঢ়ী বংশীৰ ঘৰ পায়েই হাতে-কামে লাগি গ’ল। ৰহিমলাৰ পৰা পায়সৰ বাটি ভৰ্তি ট্ৰেখন হাতত লৈ ৰাইজক বিলোৱাত লাগিল। মদন বুঢ়াৰ দুচকু ভৰি পৰিল। বংশীৰ কাষলৈ গৈ মদন বুঢ়াই ক’লে- ’মোৰ আগ-পিছে কোনো নাই। ইমানবোৰ সা-সম্পত্তিৰ গৰাকী কাক কৰিম? কোনে খাই শেষ কৰিব? মই এটা কথা ভাবিছোঁ। মোৰ সকলোবোৰ সম্পত্তি তোৰ নামত লিখি থৈ যাম। মানা নকৰিবি- তোৰ আইৰ শপত! সাবিত্ৰীৰ শপত!’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments