অৰুণোদয়ৰ বাট বিচাৰি, উত্তৰ-পূবৰ অন্তিম পূবলৈ (আব্দুচ চাজিদ )

দিন চাৰি ৷৷ দিনাংক ১৩.৪.২০১৫
৩৪. হিন্দী-চীনী আকৌ ভাই-ভাই হৈ পৰিব লাগিব

ইপিনে আমেৰিকাতকৈও এখোপ আগুৱাই গৈ মেকমোহন লাইনৰ বৈধতা পুনঃ নিৰূপণৰ সন্দৰ্ভত ব্ৰিটিছ পক্ষৰ পৰা বৈদেশিক সচিব আলেকজেণ্ডাৰ ফ্ৰেডৰিক লৰ্ড ডগলাচ হ’মে সদৰি কৰিলে যে সীমা বিষয়ত তেওঁলোকে ভাৰত চৰকাৰৰ দৃষ্টিভংগী মানি লৈছে আৰু বিবদমান এলেকাও ভাৰতৰে৷ সচিবগৰাকীয়ে পিছত এই সমৰ্থনসূচক মন্তব্যকে ৰাষ্ট্ৰসংঘতো পুনৰুক্তি কৰিছিল যিটোৱে চীনা বৈদেশিক মন্ত্ৰী চ্চেন য়িক মন্তব্য কৰাবলৈ বাধ্য কৰিছিল যে ভাৰতীয় প্ৰতিক্রিয়াশীল শক্তি আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদী একেখন হাবিৰে শিয়াল৷ ইফালে উত্তৰ আৰু পূব খণ্ডত প্ৰয়োজন হোৱা সম্প্ৰসাৰণৰ স্বাৰ্থতে উপ-মহাদেশখনৰ বিষয়ে সমৰ্থন দিয়াটো ব্ৰিটিছৰ বাবে দৰকাৰী আছিল৷

এনে ধৰণৰ কথাবিলাকৰ প্ৰতি চীন দৰাচলতে অন্ধকাৰতে আছিল৷ বিদেশ মন্ত্ৰী চ্চেন য়িয়ে অনুভৱ কৰিছিল যে মেকমোহন লাইনক আন্তঃৰাষ্ট্ৰীয় সীমা স্বৰূপে চিহ্নিত কৰাত চীনা জনগণৰ যি জাতীয় গৌৰৱ আৰু আত্মসন্মান তাক উত্তৰৰ শক্তিয়ে উপযুক্ত মান্যতা দিয়া নাই৷ ১৯৬২চনৰ ১৩ডিচেম্বৰত ৱাৰচাউত এখন সভাত মেকমোহন লাইন সম্পৰ্কে যুক্তৰাষ্ট্ৰৰ স্থিতি সলনিৰ বিষয়ে চীনা ৰাষ্ট্ৰদূত ৱাঙে আমেৰিকাৰ ৰাষ্ট্ৰদূত হেনৰী কেবটক জনাইছিল৷ কেবটে তেতিয়া যুক্তৰাষ্ট্ৰৰ সচিব ৰাস্কৰ উক্তিকে দোহাৰিলে৷ আনহাতে অৰ্থপূৰ্ণভাৱে এয়াও ক’লে যে ভাৰতে সন্মান সহকাৰে গ্ৰহণ কৰিব পৰা শান্তিপূৰ্ণ সমাধানকে আমেৰিকাইও বিচাৰে৷

এইটো সম্পূৰ্ণ স্পষ্ট যে সীমান্তত চীনা আগ্ৰাসনে চীনলৈ কোনো ৰাজনৈতিক লাভালাভৰ সূচনা নকৰিলে৷ সেই সময়ৰ বিশ্বৰ বৃহৎ শক্তি আমেৰিকা, ছোভিয়েট ৰাছিয়া আৰু ব্ৰিটেইনে মুক্তকণ্ঠে ভাৰতকহে সমৰ্থন দিলে৷ চীনে হেৰুৱালে পণ্ডিত জৱাহৰলাল নেহৰুৰ দৰে এজন বিশ্বস্ত বন্ধু৷ তেতিয়াৰ পৰাই সৰহসংখ্যক ভাৰতীয়লোকৰে চীনৰ প্ৰতি থকা ধাৰণাৰো পৰিৱৰ্তন ঘটিল৷ ৬২ৰ আক্রমণক বিশ্বাসঘাতকতা বুলি ভাৱনা আৰম্ভ হ’ল৷ এই অপবাদ লৈয়ে চীনে কঠিনতাৰ মাজেৰে দশকৰ পিছত দশক পাৰ কৰিবলগীয়া হৈছে৷ এই বিশ্বাস-অবিশ্বাসৰ সত্যতা ব্ৰিটিছ প্ৰচাৰ মাধ্যমে বিগত বছৰত চলোৱা এটা জনমত জৰীপতো প্ৰমাণিত হৈছে৷

সি যি কি নহওক, যুটীয়া কৰ্মী বাহিনী গঠন হোৱাৰ পিছত দেশ দুখনৰ মাজত কেইবালানিও আলোচনা অনুষ্ঠিত হৈ গৈছে আৰু সদ্ভাৱ সৃষ্টিৰ কাম বহুখিনি আগ বাঢ়িছে৷ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাডালৰ শুদ্ধাশুদ্ধ সম্পৰ্কে বিচাৰ-বিবেচনা চলি আছে৷ দুয়ো দেশে অৰ্থনীতি আৰু বাণিজ্য, বিজ্ঞান আৰু প্ৰযুক্তি, সংস্কৃতি আৰু পৰ্যটনৰ দিশত উন্নয়নমুখী সম্পৰ্ক গঢ়াৰ লক্ষ্যৰে স্থিৰ আৰু যোগাত্মক পদক্ষেপ আগ বঢ়াইছে৷ উচ্চ পৰ্যায়ৰ অধিকাৰীৰ সঘন সাক্ষাতে দেশ দুখনৰ জনগণৰ চিন্তা আৰু মননত পাৰস্পৰিক বুজা-পৰা আৰু সহনশীলতা বঢ়াই তুলিছে৷

লক্ষ্য কৰিবলগীয়া কথা হ’ল, লাইন অফ একচুৱেল কণ্ট্ৰোলৰ শুদ্ধতা বিচাৰ আৰু সীমানিৰ্বন্ধন তথা সীমা নিৰ্ণয় পৃথক কাৰ্য৷ এল.এ.চি.ৰ বৈধতা পৰীক্ষা কৰাৰ সুবিধা লৈ অবৈধ মেকমোহন লাইন বলপূৰ্ৱকভাৱে মনাবলৈ যোৱাটোও আকৌ ভুল হ’ব৷ এইটো স্থিৰ কথা যে চীনা চৰকাৰে বিতৰ্কিত উক্ত লাইনডালক অতীততো স্বীকৃতি দিয়া নাছিল, বৰ্তমানেও দিয়া নাই, আৰু ভৱিষ্যতেও নিদিয়ে৷ চীন আৰু ভাৰতে যিমান সোনকালে পাৰে সীমাৰ প্ৰশ্নটো আলোচনা-বিলোচনাৰ মাজেদি নিষ্পত্তি কৰি বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্কহে গঢ়ি তুলিব লাগে৷ লাগিলে সীমান্ত এলেকাত শান্তি আৰু স্থিৰতা বাহাল ৰাখি উভয় দেশে সমিলমিলেৰে ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু বিজ্ঞান-প্ৰযুক্তিৰ দিশত প্ৰভূত উন্নয়ন সাধক৷ নতুন দশকত এই দুখন বৃহত্তৰ উন্নয়নশীল দেশে হাতে হাত ধৰি আগ বাঢ়িলে অঞ্চলটোৰ লগতে এছিয়া মহাদেশ কিয়, বিশ্ব সম্প্ৰদায়ৰ শান্তি আৰু স্থিৰতাত অৱদান যোগোৱা হ’ব৷

৬২ৰ যুদ্ধখনৰ পিছত উত্তৰ-পূবৰ সামৰিক গুৰুত্ব বহুগুণে বাঢ়ি গ’ল৷ সীমান্তলৈ পথ সজোৱাৰ বিষয়ে চিন্তা-চৰ্চা চলিল৷ সামৰিক শক্তিও বঢ়োৱা হ’ল৷ সামৰিক ঘাটিৰ প্ৰশাসন বেলেগ কৰা হ’ল৷ তাৰে ফলশ্ৰুতিতে অৰুণাচল সীমান্তত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত আজিও অস্ত্ৰৰ ঝনঝননি আমি দেখা পাইছোঁ৷ সীমা সমস্যাৰ পোনপটীয়া সমাধান ক’বলৈ গ’লে এতিয়াও কিন্তু সুদূৰ পৰাহত৷ সিপাৰৰ পৰা মাজে-মধ্যে অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটাৰ খবৰ ওলায় যদিও কিবা এটা কৰি পৰিস্থিতি থাপি-থুপি স্থিৰভাৱে ৰাখি চলি অহা হৈছে৷

সীমান্ত অস্থিৰতাৰ কবলত পৰি তেনেকৈয়ে এদিন বন্ধ হৈ গৈছিল ভাৰত-চীনৰ মাজৰ সকলোতকৈ চমু আৰু সহজ পথটো৷ বন্ধ হৈ গৈছিল তিব্বত-ভাৰতৰ এক জীৱন্ত পথ যি পথৰ জাপ খোৱা মুখখন কিছু সময়ৰ আগতে আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ৷ সেইযে ৰাস্তাটো বন্ধ হ’ল, হ’লেই৷ আজিও খোলা নাই৷ খুলিবনে নুখুলিব আমি নাজানো৷ কাৰণ সেয়া দুখন বৃহৎ ৰাষ্ট্ৰৰ ৰাজনৈতিক, সামৰিক নেতৃত্বৰ দৃষ্টিভংগী, সিদ্ধান্ত আৰু পদক্ষেপৰ কথা৷ আমাৰ দৰে সাধাৰণজনৰ কথা মুঠেই নহয়৷ কুৰ্চুটীয়া ৰাজনীতিকৰ টালি-ভুলি বুজি নোপোৱা আমি মাথো দৰ্শনাৰ্থী৷ সম্প্ৰীতি, সহাৱস্থান আৰু উন্নতিৰ কামনাৰে সময়লৈ বাট চোৱাতে সীমাবদ্ধ আমি৷

মৃত সৈনিকৰ সমাধি দৰ্শন কৰি, সমাধিক্ষেত্ৰৰ কাষেৰে অহা-যোৱা কৰাৰ পিছত, মানুহৰ ভৱিষ্যতৰ স্বাৰ্থত সদ্যহতে এইটোকে পোষণ কৰি লৈছোঁ যে ৬২ৰ যুদ্ধখন চীনৰ আগ্ৰাসনো নহয়, ভাৰতৰ আগ্ৰাসনো নহয়, ব্ৰিটিছৰাজে পুতি থৈ যোৱা এটা শক্তিশালী গ্ৰেনেডৰ বিস্ফোৰণহে৷ হিন্দী-চীনী আকৌ ভাই-ভাই হৈ পৰিব লাগিব আৰু একেলগে সীমান্তৰ উন্নয়নমুখী প্ৰকল্পৰ চিন্তাত জড়িত হ’ব লাগিব৷ উভয় দেশৰ সম্পৰ্কক এটা নতুন মাত্ৰা দিয়াৰ ধনাত্মক প্ৰচেষ্টা নিতৌ আগবাঢ়িব লাগিব৷ তেহে পৃথিৱীয়ে হাতচাপৰি বজাব৷ ঐক্য, সমন্বয় আৰু সহযোগিতাই সেয়া বাস্তৱত সম্ভৱ কৰি তুলিব পাৰে৷ ভাৰত-চীনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক জাগ্ৰত কৰি বিশ্বৰ অন্যতম শক্তি হিচাপে পৰিচিতি দিবলৈকে চাগৈ পূবৰ দুৱাৰখনেও অনেক আশা আৰু আগ্ৰহেৰে বাট চাই আছে৷

এটা কষ্টসাধ্য দুঃসাহসিক ভ্ৰমণৰ কাৰ্যসূচীৰে কেইদিনমানৰ কাৰণে আমি উত্তৰ-পূবৰ অন্তিম পূবলৈ আহিছিলোঁ৷ দেশৰ পূব মূৰৰ সৌন্দৰ্যময় প্ৰাকৃতিক সাজোন-কাচোন চাই, সেউজীয়াই ঢৌ খেলোৱা ঠাইসমূহৰ মৰমী পৰশ পাই আমি অতিশয় আনন্দিত, উৎফুল্লিত আৰু গৌৰৱান্বিত হৈছোঁ৷ পূব চাই ঘৰলৈ ঘূৰাৰ বাটত পূবৰ যুঁজখনৰ মৰণজয়ী যোদ্ধাক পুনৰবাৰ স্মৰণ কৰিব বিচাৰিছোঁ Bernard S. Dougal-ৰ ‘A sleep in the Mishmi hills’ৰ পংক্তিৰে…

The sentinel hills
That round us stand
Bear witness that
We loved our land.
Amidst shattered rock
And flaming pine
We fought and died
On Namti Plain.
O Lohit gently by us glide,
Pale stars above softly shine,
As we sleep here
In sun and rain.

পৰৱৰ্তী লেখা :
৩৫. টিংকাক লগ পালোঁ

দিন চাৰি৷৷ দিনাংক ১৩.৪.২০১৫
৩৫. টিংকাক লগ পালোঁ

টিলাম পাই আমাৰ গাড়ীখন বাঁওহাতে সোমাল৷ টুৰিজিম ডিপাৰ্টমেণ্টৰ ব্যস্ততাহীন চাংঘৰকেইটাৰ আগেৰে গৈ একেবাৰে শেষৰটোৰ সন্মুখত ৰ’লোঁগৈ৷ তাতে টিংকা থাকে৷ তাই টুৰিজিমৰ চকীদাৰ৷ ইনফৰ্মেচন সিমানেই৷ আগতে কাহানিও দেখা নাই৷ গাড়ীৰ পৰা নামিয়েই সদলবলে সোমাই গ’লোঁ বাউণ্ডেৰীৰ ভিতৰলৈ৷

‘টিংকা দিদি… …অ’ টিংকা দিদি’ বুলি তলৰ পৰাই দুবাৰ চিঞৰ মাৰি দিলোঁ৷ চিঞৰকেইটা এনে আছিল যেন তাই আমাৰ শতজনমৰ চিনাকিহে! অলপ পাছত ওপৰৰ পৰাই কোনোবা এজনীয়ে ডিঙি মেলি চালে৷ অচিনাকি লোকৰ কণ্ঠত চিনাকি নামষাৰ শুনি চাগৈ আচৰিত হৈছিল৷ গাড়ীসহ পাঁচটাকৈ মতা মানুহক দেখি চিন্তিতও হ’ল কিজানি! তায়ে টিংকা নেকি? আমাৰো মনত প্ৰশ্ন জাগিল৷ পিছে নহয়, সেইজনী টিংকা নহয়৷ লগে লগে ভিতৰৰ ফালে চাই সেইজনীয়েও ‘টিংকা টিংকা’ বুলি গগন ফালিলে৷ টিংকা ওলাই আহিল৷ তেনেকৈয়ে প্ৰথমবাৰৰ বাবে দেখা পালোঁ টিংকা বোলাজনীক৷ হাত বাউলি দি তললৈ মাতিলোঁ৷ তাই ষ্টেপেৰে নামি আহিল এখোজ-দুখোজকৈ৷ পি.ডব্লিউ.ডি. আই.বি.ৰ গগৈ বাবুৱে পঠিওৱা বুলি কথা আৰম্ভ কৰিলোঁ৷ গগৈৰ নামটো শুনিয়েই তাই হাঁহি এটা মাৰিলে৷ অৰ্থপূৰ্ণ হাঁহি৷ তাৰ পিছত আমাৰ ডঙলৈ যাব বিচৰা উদ্দেশ্যটো ভাঙি-পাতি ক’লোঁ৷ আকৌ হাঁহিলে৷ নিঃশব্দ হাঁহি৷ ‘ডং যায়েগা? ছেকেগা?’ প্ৰথম মাতষাৰ ওলাল৷ আচৰিত হ’লোঁ, তাইৰ মুখৰ পৰা পোনেই কিবাহে দেখোন ওলাল!

টিংকাই দলটোত কেইজন আছে, কোনোবা গেৰেলা মানুহ আছে নেকি জানিব বিচাৰিলে৷ কাৰণ অৱশ্যে নথকা নহয়৷ আগনিশা তাই গাইড কৰি নিয়া দলটোত হেনো শকত-আৱত পেটুৱা মানুহ আছিল৷ ট্ৰেকিঙত পৰ্বতৰ ঢালত বগাব নোৱাৰি ফোঁপাই-জোপাই লেবেজান হৈ আধাবাটৰ পৰাই বেক টু পেভেলিয়ন৷ মিছন আনচাকচেচফুল৷ তাই মৰা দ্বিতীয় হাঁহিটো আচলতে তাৰেহে যে প্ৰতিফলন তেতিয়াহে বুজিলোঁ৷ কিছুপৰ ধৰি টিংকাই আধামৰা যেন হৈ পৰা কালিৰ সেই টুৰিষ্টকেইজনৰ কাহিনীটো শুনালে৷ তাৰ সমানেই আমাৰ আটিল শৰীৰকেইটালৈ দৃষ্টি নিক্ষেপ কৰিলে৷ সন্তুষ্টিৰ ভাব এটা যেন বিৰিঙি উঠিল! পোনতে চিন্তা হৈছিল যদিও এই ভাবি আমাৰো আত্মবিশ্বাস বাঢ়িল যে আমি তেনেহ’লে এইৰ তত্ত্বাৱধানতে লক্ষ্যস্থান পামগৈ৷

ডংমুখী ট্ৰেকিঙৰ বাবে নিশা ১বজাত পোৱাকৈ তাই আমাক সেইখিনিলৈ আহিবলৈ ক’লে৷ সিপাৰৰ গাঁওখনত ঘৰ যদিও তাই ইয়াতেই থাকিব আৰু গাড়ীৰ হৰ্ণ বজাই দিলেই সাউতকৈ আহি যাব৷ চিন্তা কৰিব নালাগে৷ টৰ্চ লাইট লৈ আহিবলৈ ক’লে৷ পাৰিশ্ৰমিক হিচাপে ১,৫০০টকা লাগিব বুলিও খোলাখুলিকৈ জনাই দিলে৷ কোনো কেৰ-জেৰ নকৰাকৈ আমিও মান্তি হ’লোঁ৷ ধনৰ কথা নাই৷ যিকোনো প্ৰকাৰে মুঠতে ডং পাবগৈ লাগে৷ বুজি গৈছোঁ যে স্বপ্নৰ সেই থলীৰ নিচেই ওচৰ চাপিছোঁহি৷ আমি জনাত ইয়াৰ পৰা আৰু মাত্ৰ ডেৰ ঘণ্টাৰ ট্ৰেকিং বাকী৷ পাৰিলে এতিয়াই যাওঁ যাওঁ যেনো লাগিছে৷ ৰাতিটো লাগিলে তাতেই থাকি দিম! সূৰ্যোদয়ৰ বাট বিচাৰি যোৱাৰ এই আকাংক্ষা যে বহুদিনীয়া! গতিকে দুৰু দুৰুকৈ উত্তেজনা আৰম্ভ হৈছিলেই বুলিব লাগিব৷

ইফালে দুপৰীয়া নৈখনৰ প্ৰাকৃতিকভাৱে নাতিশীতোষ্ণ পানীখিনিত গা ধুবলৈ যাওঁতেও ডং যাত্ৰাৰ কথা ওলাইছিল৷ লুংলুঙীয়া বাটটোৰ কাষতে থকা চাংঘৰটোত কেইবাটাও স্থানীয় ডেকা ল’ৰা আৰু গাভৰু কেইজনীমানে কিবা-কিবি কৰি আছিল৷ তাৰে এটাক ডঙৰ বিষয়ে জানিবৰ বাবে কথা কিছুমান সোধা হৈছিল৷ মকু নামৰ ল’ৰাটোৱে তেতিয়া নিজেই কৈ উঠিছিল, ‘ডং যায়েগা? মুঝে লে’ ল’ না৷’ তাক বেছিকৈ প্ৰশ্ৰয় নিদিলোঁ কাৰণ দেউকণ গগৈয়ে টিংকাক লগ ধৰিবলৈহে কৈ পঠিয়াইছিল৷ ই বা আকৌ কি প্ৰকৃতিৰ! মৃণাল তালুকদাৰৰ ‘ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ কিতাপখনৰো ডং যাত্ৰাৰ খণ্ডটোত টিংকাৰ নাম উল্লেখ কৰা আছে৷ কিতাপখনৰ পৰা অনেক তথ্যৰ উপৰি ডং গাঁৱৰ নিবাসীসকলৰ নাম মই আগতেই টুকি লৈছিলোঁ৷ কালি সন্ধিয়া আই.বি.ত নোটবুকখন চাই চাই সেইবোৰ মাতি দিয়াত গগৈ আচৰিতেই হৈছিল৷ কৈছিল, ‘টিংকা আছে৷ লগ পাই যাব৷’ বাকী কোনোবা কোনোবা নাই৷ কোনোবা ঢুকাইছে, কোনোবা কিবিথোৰ ফালে গুচি গৈছে৷ তেনেকৈ কোৱাৰ লগে লগে টিংকাক লগ পোৱাৰ ইচ্ছাটো প্ৰৱল হৈ পৰিছিল৷ দেউকণ গগৈৰ কৃপাতে সেই টিংকা এতিয়া আমাৰ চকুৰ সন্মুখত৷ ঈশ্বৰেওনো এনেকৈ মিলাই দিয়েনে! ভাবিলোঁ অলপ সময়৷

‘বাৰিষ আনেছে ক্যা হ’গা?’ টিংকাক ঘেৰি লৈ কথা পাতি আছিলোঁ৷ আমাৰ মাজৰে অনিলদাই তাইক উদ্দেশ্য কৰি হঠাতে সুধি দিলে৷ বতৰটো তেতিয়া ডাৱৰীয়া নাছিল অৱশ্যে৷ আজি আমি সুন্দৰ বতৰ পাইছোঁ৷ ‘বাৰিষ আনেছে আকে ক্যা ফায়দা? মত আনা৷’ টিংকায়ো চিধাচিধিকৈয়ে জবাব দিলে৷ চাফ চাফ কথা৷ আমাৰ সৈতে স্বভাৱৰ মিল আছে৷ হয় যদি হয়, নহয় যদি নহয়৷ পেটত এটা মুখত এটা নহয়৷ তাইৰ এককথীয়া আৰু খাৰাংখাচ ভাবৰ কথা কোৱাৰ ষ্টাইলটো ভাল লাগিল৷ স্পষ্ট উত্তৰ৷

সন্ধিয়া হৈ আহিছিল৷ বন্দোৱস্ত চূড়ান্ত কৰি আমি ঘূৰিলোঁ৷ আকৌ মূল পথত উঠিলোঁহি৷ টিংকাৰ আগত অনাহকতে ডাৱৰীয়া বতৰৰ কথা উলিওৱাৰ বাবে অনিলদাই চলন্ত গাড়ীৰ ভিতৰতে ককৰ্থনা অলপমান শুনিবলগীয়া হ’ল৷ স্বভাৱজাত হাঁহিৰেই তেওঁ সেইখিনি হজম কৰি পেলালে৷ অনিলদাৰ এই গুণটোও মন কৰিবলগীয়া৷

আৰ্মীৰ এলেকাটো পাৰ হৈ গৈ আছোঁ৷ অলপ আগত বাটৰ দাঁতিতে পাব লগা মেয়ৰ ষ্ট’ৰৰ সন্মুখত গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিলোঁ পেটেলক৷ ৰাতিপুৱা খোজ কাঢোঁতে সঞ্জু আৰু মই তাতে মেয়ৰ টি খাইছিলোঁ৷ ভাবিলোঁ, এতিয়া বাকীসকলেও সোৱাদকণ পাওক৷ নিৰ্দিষ্ট ঠাইখিনিত নমাৰ পিছতে দুচকুৱে অথনিৰ দোকানী ছোৱালী দুজনীক বিচাৰিবলৈ ধৰিলে৷ ৫গিলাচ মেয়ৰ টি বনাই দিবলৈ ক’লোঁ৷ দীৰ্ঘ সময় ধৰি কৰা যাত্ৰাটোত মনৰ প্ৰফুল্লতা আছিল যদিও দেহলৈ সতেজতা আনিবৰ বাবে তাৰ বিকল্প নাছিল৷ ৰাস্তাছোৱাত দোকান-পোহাৰ নায়েই৷ বসতিও নাই৷ মাখন আৰু সামান্য নিমখ মিহলাই কৰা গৰম চাহখিনি খাই খাই আমি যাত্ৰাটোৰ কথাকে পাগুলি থাকিলোঁ৷ কাহোৰ পৰা লগে লগে অহা লোহিতখন তলেৰে বৈ আছিল৷ শৰীৰত ঠাণ্ডা অনুভূত হৈছিল৷ জেকেটটো সুমুৱাই ল’লোঁ৷ অলপ পিছতে ৱালং আই.বি. পাম৷ দেহে-মনে সকলোৰে সন্তুষ্টিৰ প্ৰকাশ, ভাগৰ যেন অকণো নাই!

The world is a book and he who doesn’t travel only reads one page বুলি St. Augustineৰ এষাৰি বৰ অৰ্থপূৰ্ণ বাক্য আছে৷ মই হ’লোঁ এক পৃষ্ঠাত সীমাবদ্ধ মানুহ৷ আনহাতে অৰুণদাৰ ভ্ৰমণ-অভিজ্ঞতা সৰহ৷ দলৰ জ্যেষ্ঠ সদস্যও তেওঁ৷ ঈষৎ সেউজীয়া চাহৰ গিলাচটোত চুমুক দিয়ে তিব্বতৰ চুত্‌জাৰ সৈতে মেয়ৰ টিৰ মিল থকাৰ কথা অৰুণদাই তৎক্ষণাৎ ধৰা পেলালে৷ ইতিমধ্যে অৱগত হৈছোঁ যে এই ঠাইৰ নিবাসী মেয়ৰ বা জাখ্ৰিং জনগোষ্ঠীটো একালত তিব্বতৰ পৰা প্ৰৱজন কৰি অহা৷ সেয়ে এওঁলোকৰ মাজত এইবিধ পেয় খাদ্যৰ প্ৰচলন আমি দেখা পাইছোঁ বুলি আমাৰ আলোচনাটোৱে এটা ধাৰণা দিলে৷ সৌভাগ্যই এই স্থানত এয়া দ্বিতীয়বাৰৰ বাবে অভিজ্ঞতাটো সঞ্জু আৰু মোলৈ কঢ়িয়াই আনিছে৷

ট্ৰেডিছনেল মেয়ৰ টি শেষ কৰি বিদায় লোৱাৰ সময় আহিল৷ ৰাতিপুৱাৰ সোৱাদটোৱে জিভাখনক আকৌ লগ ল’লে৷ ‘কেতনা হুৱা?’ আমাৰ নিষ্ঠাৱান স্পনছৰ অনিলদাই নিজৰ দায়িত্ব পালন কৰিবলৈ গৈ ছোৱালী দুজনীক সুধিলে যদিও চাহৰ বিনিময়ত সিহঁতে পইচা ল’ব নুখুজিলে৷ পুৱাৰ দৰেই সিহঁতৰ মুখত আকৌ সেই একেসুৰীয়া কথা! সেইটো কেনেকৈ হ’ব? কাউণ্টাৰতে বলপূৰ্বকভাৱে টকা এশ এৰি থৈ আমি প্ৰস্থান কৰিলোঁ৷ ‘এইজাক কি মানুহ আহিল ঔ’ বুলিয়ে ভাবিলে চাগৈ সিহঁতে৷ অলপপৰ তধা লাগি চালে৷ পেটেলে গাড়ী ষ্টাৰ্ট দিলে৷ সন্মুখৰ কেঁকুৰিটোৱে আমাক অদৃশ্য কৰি পেলালে৷ আকৌ কেতিয়া দেখাদেখি হ’ম, সিহঁতৰ হাতৰ মেয়ৰ টি খাম নাজানো৷

কেণ্টনমেণ্টৰ মাজেৰে আহি আহি নামিলোঁহি ৱালঙৰ দুৱাৰমুখতে থকা ৱে’ট কেণ্টিনত৷ পিছদিনাৰ ট্ৰেকিঙৰ বাবে ট্ৰেক চুট এযোৰ কিনিব লাগিল৷ মানি পাৰ্চটো লগত নথকাত পুৱাবেলা কিনা নহ’ল৷ কেণ্টিনৰ পৰিচালকজনৰ সৈতে পুৱাৰ সেই মুখামুখিয়ে ইতিমধ্যে চিনাকি ভাব এটা গঢ়ি তুলিছিল৷ ক্ষন্তেকীয়া দ্বিতীয় সাক্ষাতত আমি ক’ত ক’ত গ’লোঁ, কি কি চালোঁ সেইবোৰৰ আভাস চমুকৈ তেওঁকো শুনাব লগা হ’ল৷ ট্ৰেক চুটযোৰত ১,০০০.০০টকা ল’লে৷ অৰুণদা, সঞ্জুহঁতে আৰ্মীৰ কেপ, গেঞ্জী, টাৱেল আদি কিনিলে৷

নৈসৰ্গিক ৰাতিপুৱাটোত ওলাই গৈ প্ৰতিটো মুহূৰ্তৰ আনন্দ উপভোগ কৰিছোঁ৷ সুন্দৰ বতৰত অনাবিল প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এয়া যেন জীৱনৰ এক অনুপম পৰিক্রমা৷ লোহিতে কোনো মুহূৰ্ততে লগ এৰা নাই৷ নৈখনৰ সেউজ-নীলা পানীৰ লাস্যময়ী শুভ্ৰ ফেনীল ৰূপ আৰু দুপাৰৰ দৃশ্যাৱলীয়ে আমাক সকলো সময়তে শিহৰিত আৰু মুগ্ধ কৰি ৰাখিছে৷ যিমান দূৰ গ’লোঁ-আহিলোঁ, সূৰ্যাস্তৰ পিছত এই বাটে আহ-যাহ কৰিবলৈ ভয়েই লাগিব চাগৈ৷ গতিকে দিনে দিনে নিৰাপদে উভতিছোঁ৷ ক’তো আন্ধাৰ হ’বলৈ দিয়া নাই৷ আৰামদায়ক অনুভূতি দেহে-মনে লৈ দিনটোৰ ভ্ৰমণ ভালে ভালে সামৰি বে’ছ কেম্প ৱালং পি.ডব্লিউ.ডি. আই.বি.ৰ বিশাল চোতালখনত ৰ’লোঁহি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!