শাক্ত পূজা আৰু বলি-বিধান
শাক্ত পূজা আৰু বলি-বিধান
(সম্পাদকৰ টোকা: অকব-ৰ মজিয়াত দীপাংকৰ ভাগৱতীয়ে শাক্ত পূজা আৰু বলি-বিধানৰ ওপৰত নিজৰ অনুভৱ ব্যক্ত কৰি কৰা প’ষ্টটিত গোটৰ বিভিন্ন সদস্য-সদস্যাই মন্তব্য আগবঢ়াইছিল৷ তাৰে নিৰ্বাচিত অংশ ইয়াত তুলি দিয়া হ’ল৷)
দীপাংকৰ ভাগৱতী: শাৰদীয় দুৰ্গা পূজালৈ বেছি দিন নাই। লগে লগে অসমৰ শক্তিপীঠ বোৰৰ ব্যস্ততা বাঢ়ি গৈছে। অষ্টমী আৰু নৱমী পূজাৰ দিনা দেৱীৰ নামত উত্সৰ্গা কৰা হয় শ শ পশু পক্ষী। পশু-পক্ষীৰ ৰক্তৰে প্লাবিত কৰা হ’ব শক্তিপীঠবোৰ। নিজৰ মনকামনা পুৰ্ণ কৰাৰ প্ৰয়াসেৰে উত্সৰ্গিত হ’ব বহুত অমাতা প্ৰাণীৰ জীৱন। বহুতেই ইয়াক ধৰ্মীয় কৰ্ম হিচাপে গ্ৰহণ কৰি প্ৰশান্তি লাভ কৰে। ইয়াৰ বিপৰীতে বহুতেই ইয়াৰ বিৰোধিতা কৰা দেখা যায়।
জীৱ হত্যা মহাপাপ। সেইবুলি জীৱহত্যা নোহোৱাকৈ থকা নাই। কচাইখানাত দৈনিক হাজাৰ হাজাৰ ছাগলী হত্যা কৰা হয়। কচাইখানাৰ পৰা মাংস কিনি আনি খোৱাটো একো পাপৰ ভিতৰত নপৰে, তাৰে কেইটামান দেৱীৰ আগত যদি উত্সৰ্গিত কৰা হয়, তাৰ ফলত যদি মনত কিবা এটা প্ৰশান্তি লাভ হয়, তেন্তে কৰাতনো বাধা কি? যিবোৰ ধৰ্মত মাংস বৰ্জনীয়, তেওঁলোকে বলিৰ বিৰোধিতা কৰিলে সেইটো মানি ল’ব পাৰি। কিন্ত মাংসভোজী আমিবোৰে জানো ইয়াৰ বিৰোধিতা কৰাৰ যুক্তি আছে?
এইখিনি মোৰ ব্যক্তিগত অনুভৱ। হয়তো মোৰ চিন্তাধাৰা ভুল হ’ব পাৰে …. আঙুলিয়াই দিব।
ৰাজু সোণোৱাল: যুক্তিপূর্ণ অনুভৱ
দিগন্ত শইকীয়া: মাংস এটুকুৰা আপুনি চকুৰ আগত খাদ্য হিচাপে চাওঁক, আপোনাৰ লোভ বা ঘিণ লাগিব পাৰে৷ দেহত লগা প্ৰটিন মাংসই প্ৰধান স্ৰোঁত৷ কিন্তু হত্যা কৰা আৰু চকুৰ আগত ভাঁহি থকা তেজৰ দৃশ্যইহে মনত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি তথা ঋণাত্মক সাঁচ বহুৱায়..এইবোৰ কলা-কৌশলে কাৰোবাক উৎসাহীও কৰিব পাৰে৷ কিন্তু সদায় এনে কৰ্ম কৰি অহা আৰু দেখি অহাসকলৰ ক্ষেত্ৰত এনেকুৱা প্ৰতিক্ৰিয়া নহ’বও পাৰে৷
নিবিৰ জোনাক: আজিৰ তাৰিখত খাদ্যৰ বাবে জীৱহত্যা ৰোধ কৰাটো সম্পূৰ্ণ অবাস্তৱ। কিন্তু আমি খাদ্যৰ বাবে জীৱহত্যাৰ নামত হোৱা নৃশংসতাক নিশ্চয় ৰোধ কৰিব পাৰো। এই ক্ষেত্রত “World Organisation For Animal Health” ৱে কিছু নীতি-নিৰ্দেশনা প্রস্তুত কৰিছে। সেই অনুষৰি তেনে জীৱক বিধিগতভাবে হত্যাৰ পূৰ্বে মূমূৰ্ষু কৰি লোৱাটো (Pre-slaughter stunning) নিত্যান্তই প্রয়োজনীয়। তদুপৰি হত্যাৰ সময়ত অতি কমেও এডাল কেৰটিদ ধমনী ছিন্ন কৰিব লাগে। এনে ধৰণৰ বিধিসমূহ মানি চলিলে নিশ্চিতভাবে খাদ্যৰ বাবে জীৱহত্যাৰ আৰ লৈ চলি থকা বৰ্বৰ পাশবিক ব্যৱসায়ক ৰোধ কৰিব পৰা যাব আৰু মাংসভোজীসকলেও সমস্যাৰ সন্মুখীন হব লগা নহয়।
দীপাংকৰ ভাগৱতী: ঋণাত্মক সাঁচ বা ধনাত্মক সাঁচ নিৰ্ভৰ কৰে নিজৰ চিন্তাধাৰাৰ ওপৰত। মই বলি প্ৰথাৰ সমৰ্থক নহয়। কিন্তু ইয়াৰ বিৰোধিতা কৰাজনে যেতিয়া KFC’ত গৈ মুৰ্গীৰ ঠেং কামুৰি থাকে ভাল নালাগে। KFC’ৰ বাবে প্ৰস্তুত কৰা মুৰ্গীবোৰ কিমান কষ্টকৰ মৃত্যুৰ সন্মুখীন হয় তাৰ তুলনাত হয়তো বলিত কষ্ট কম হয়।
নিৰ্মালি বৰঠাকুৰ: আপুনি ঠিক কথাই কৈছে। হিন্দু সমাজক শাক্ত আৰু বৈষ্ণৱ দুটা ভাগত ভাগ কৰা হৈছে। যিসকল শাক্ত সেই সকলে বলি-বিধান মানি তেওঁলোকৰ ধৰ্মীয় কৰ্মত প্রবৃত্ত হয় আৰু যিসকল বৈষ্ণৱী তেওঁলোকে বলি-বিধান নামানে, উৎসৰ্গা কৰে। যদি বলি-বিধানটো পাপ তেনেহঁলে উৎসৰ্গা কৰি এৰি দিয়া অবোধ পশু-পক্ষীবোৰ হয় অন্য জন্তুৰ গ্রাসত পৰিব বা যান-বাহনৰ আগত মৃত্যু হ’ব নতুবা মাংসলোভীৰ হাতত প্রাণ যাব। সেইটোও এটা জীৱ হত্যাৰ ভিতৰতেই পৰিব, মানে পাপ। গতিকে যিসকলে যি ধৰ্মীয় নীতি-নিয়মেৰে মনক পৱিত্ৰ কৰি ক্ষন্তেকৰ কাৰণে ভগৱানক ভজিছে, নিজৰ লগতে সকলোৰে ভাল চিন্তা কৰিছে, সেই সকলক সেইভাবেই সন্তুষ্টি লভিবলৈ দিয়া উচিত।নহ’লে সমাজত বা দেশত হাই-কাজিয়া, অসুয়া-অপ্রীতিৰ সৃষ্টি হ’ব আৰু জীয়াই থকাৰ অনুপযুক্ত হ’ব।
প্ৰতিম প্ৰতাপ বৰুৱা: খাদ্য আচৰণ যিয়েই নহওক লাগে (নিৰামিষ ভোজী বা আমিষ ভোজী), ধৰ্মৰ নামত, কোনোবা দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ জাকে জাকে নিৰীহ পশু-পক্ষীৰ হত্যা কৰাটো সমৰ্থন নকৰোঁ।
ৰিতুপৰ্ণ গোস্বামী: একমত, আমাৰ দেশত ধর্মৰ স্বাধীনতা আছে।…………………জীৱ হত্যা মহাপাপ বুলি আন্দোলন কৰাসকলক (বিশেষকৈ NGO বিলাকক) আজিকালি এটা বিশেষ নাম দিয়া হৈছে, সেইটো হৈছে “Environmental Fundamentalist.”…………………কিন্তু নিউজ লাইভৰ বলিৰ পোনপটীয়া প্রচাৰ বন্ধ হ’ব লাগে বুলি ভাবোঁ, ই বহুত বিতর্কৰ সৃষ্টি কৰিছে।
দিগন্ত শইকীয়া: অস্ত্ৰ প্ৰদৰ্শন/বলি-প্ৰথা সম্পৰ্কীয় ধৰ্মীয় পৰম্পৰা আগৰেপৰা চলি আহিছে আৰু আগলৈও চলি থাকিব, ইয়াক কোনেও জোৰ কৰি বন্ধ কৰিব নোৱাৰে৷ কিন্তু ইয়াৰ দৃশ্যবোৰ ৰাজহুৱা কৰিব নালাগে, যি ঠাইত সেই নিয়ম প্ৰচলিত তাতে সীমাবদ্ধ কৰিব লাগে৷ অন্য ঠাইত বা অন্য ধৰ্মৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া হ’ব৷ আজিকালি তেনেকুৱা ধৰণৰ প্ৰৱণতা দেখা নিচিনা বোধ হয়৷
মুনীন শৰ্মা: দীপাংকৰ ভাগৱতী, আপোনাৰ কথাখিনি ভাল পালোঁ। আমাৰ অসমখন যুগে যুগে শক্তিপীঠ হিচাপে পৰিগণিত হৈ আহিছে। কচাইখানাৰ মাংস কিনাত আপত্তি নাই, কিন্তু বলি বুলি কলে সাত জাপ মাৰা মানুহ ঢেৰ লগ পাইছো।
আদিত্য ৰঞ্জন দত্ত: বলি দিয়াটো এটা ফটুৱা অন্ধবিশ্বাসৰ বাহিৰে একো নহয়…।(এইয়া মোৰ একান্ত ব্যক্তিগত কথা।বিতর্ক ন’হ’লে ভাল পাম)
ৰিতুপৰ্ণ গোস্বামী: মোৰ মতে ‘অখণ্ড ভাগৱত পাঠৰ’ অপকাৰ বলিতকৈ বেছি কাৰণ ই শব্দ প্রদুষণৰ আইন ভংগ কৰে। ……………………(মই পিছে এজন ঘোৰ নাস্তিক। মোৰ বাবে যিকোনো ধৰণৰ ঈশ্বৰ উপাসনাই হৈছে অন্ধবিশ্বাস।)
দীপাংকৰ ভাগৱতী: ৰিতুপৰ্ণ গোস্বামী, আদিত্য ৰঞ্জন দত্ত, আপোনালোকৰ চিন্তাধাৰা একান্ত ব্যক্তিগত। মন্দিৰলৈ গ’লে পূজাৰীৰ ভণ্ডামি দেখি ভক্তি ফাটি যায়। কিন্তু ধৰ্ম অবিহনে সমাজ ব্যৱস্থা স্থিৰেৰে থাকিবনে নাথাকে সেইটোহে চিন্তনীয়।
নিবিৰ জোনাক: কুসংস্কাৰমুক্ত সুস্থ ধৰ্ম ব্যৱস্থাইহে স্থিৰ তথা সুস্থ সমাজ এখন গঢ় দিব পাৰিব বুলি ভাবো।
ময়ুৰ চেতিয়া: ধর্ম অবিহনে আচলতে পৃথিবীখন অধিক শান্তিত থাকিব। আজি দহ বছৰে নাস্তিক হৈ আছো। কতো অসুবিধা পোৱা নাই দেখোন। সেইবুলি কাৰো অপকাৰো কৰা নাই। ধার্মিক নহলো বুলিয়েই যে কোনো নৈতিকতাত (Morality not in the religious sense but in the sense of respecting others views, not harming others and expressing solidarity towards the struggles of the oppressed) বিশ্বাস নকৰিম, সেই কথা আচলতে কোনো নাস্তিকে কৈ যোৱা নাই।
ধ্ৰুৱজ্যোতি শৰ্মা: কেইদিনমান আগতে এটা প্ৰবন্ধ পঢ়িছিলো, কোনে লিখিছিল পাহৰিলোঁ । লেখকজনে লিখিছিল ধৰ্মপ্ৰাণ সমাজতহে ধৰ্ম-নীতি-নিয়মে ঠাই পায়। আজিকালি যুৱচাম ধৰ্মৰ প্ৰতি একেবাৰে উদাসীন। সেই বাবেই চাগে’ সমাজ বুলি আচলতে যি এটা বান্ধোন থাকিব লাগে, আজিকালি সেই বন্ধনটো নাইকিয়া হৈ গৈছে। সৰুৱে ডাঙৰক নমনা, গুৰু-গোঁসাই নমনা হোৱা পৰিস্থিতিৰ উদ্ভৱ হৈছে। ফলত চৌদিশে অৰাজকতা বিৰাজ কৰিছে। অৰ্থাৎ ধৰ্মই প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমাক এনে এক সামাজিক বান্ধোনত ৰাখিছে যিয়ে নৈতিকতা আৰু শৃংখলাবদ্ধতাৰে আমাক বান্ধি ৰাখিছে। ধাৰ্মিক হবলৈ অন্ধবিশ্বাসী হবই লাগিব বুলি কোনো কথা নাই। প্ৰত্যেকৰে জীৱনত এনে কিছুমান অস্থিৰ মূহুৰ্ত আহে, যি সময়ত কোনোৱে শান্তি দিব নোৱাৰে, তেনে পৰিস্থিতিত আপুনি একেবাৰে পৱিত্ৰ মনেৰে (পৱিত্ৰ শব্দটো যদিও আপেক্ষিক, নিজে পৱিত্ৰ বুলি ভাবিব পৰা চিত্তেৰে) এবাৰ নামঘৰ, গোঁসাইঘৰ, মন্দিৰ বা যিকোনো ধৰ্মানুষ্ঠানলৈ যাবচোন। গতিকে মই ভাৱো ধৰ্মানুষ্ঠান এটা মনত শক্তি দিব পৰা বা অস্থিৰতা কমাব পৰা অনুষ্ঠানহে।
বলি সম্পৰ্কে কবলৈ গ’লে ধৰ্মৰ নামত বলি-বিধানৰ প্ৰয়োজনীয়তা নেদেখো। সেইদৰে মাংসৰ নামত নিৰ্বোধ প্ৰাণী কিছুমানক হত্যা কৰাৰ পোষকতাও নকৰো যাৰ অবিহনে জীৱজগতৰ ভাৰসাম্যতাত প্ৰভাৱ পৰিব পাৰে। ব্ৰইলাৰ বা ক্ৰইলাৰ বিশেষভাৱে মাংসৰ বাবে প্ৰস্তুত কৰা চৰাই। ইয়াৰ হত্যাত জীৱজগতৰ ভাৰসাম্যতা নষ্ট হোৱাৰো কোনো কাৰণ নেদেখো। তেনে ক্ষেত্ৰত এনেকুৱা বিশেষভাৱে প্ৰস্তুত কৰা চৰাই বা মাংস উৎপাদনকাৰী জীৱকহে বলি বিধানৰ ক্ষেত্ৰতো ব্যৱহাৰ পৰাৰ পোষকতা কৰো। ইয়াৰ ফলত নীতি-নিয়মো পালন হব, ভাৰসাম্যতাতো প্ৰভাৱ নপৰিব বা বলিৰ পিছত ইয়াক মাংসৰ বাবেও ব্যৱহাৰ কৰিব পৰা যাব।
দলিতা কলিতা: খাদ্যৰ বাবে জীৱ হত্যা কৰা আৰু বলি-বিধানৰ বাবে জীৱ হত্যা কৰা একেই কথা নহয়। কিয়নো প্ৰথমটোৰ লগত জড়িত হৈ আছে বিজ্ঞান, আনটোৰ লগত জড়িত আমাৰ পৰম্পৰাগত অন্ধবিশ্বাস। বৰ্তমান সময়ত তেনে বিশ্বাসৰ ভিত্তিত জীৱ হত্যা কৰা কথাটো মুঠেই মানি ল’ব নোৱাৰো। নিজে খাদ্য হিচাপে মাংস নাখাও যদিও শাৰীৰিক প্ৰয়োজনত খাদ্যৰ বাবে জীৱ হত্যা কৰাটো পৰিস্থিতিসাপেক্ষে সমৰ্থন কৰো।
হিমজ্যোতি তালুকদাৰ: মানুহৰ খাদ্যাভাসৰ লগত বলি-বিধানক সাঙোৰাটো সাধাৰণতে সিমান যুক্তিসংগত নহয়। পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ অতীজৰে পৰা মানুহ মাংসাহাৰী হৈ আহিছে। আৰু এই প্ৰক্ৰিয়াৰ ফলতহে খাদ্যশৃংখলটো সঠিকৰূপত সজ্জিত হৈ আছে। কিন্তু ধৰ্মৰ নামত অন্ধবিশ্বাসৰ বশবৰ্তী হৈ হকে বিহকে হাজাৰ হাজাৰ জীৱজন্তু হত্যা কৰাটো কোনোপধ্যেই যুক্তিসংগত নহয়। খাদ্যাভাস আৰু বলি বিধান দুয়োটাই বেলেগ বস্তু।
সুব্ৰত গগৈ: বলি দিয়াৰ পাছত মাংসখিনি পেলাই দিয়ে নেকি?
ধ্ৰুৱজ্যোতি শৰ্মা: বলিৰ পিছত মাংস পেলাই দিয়াতকৈ ভগাই নিয়াহে দেখিছো।
ৰিতুপৰ্ণ গোস্বামী: ধর্ম সকলো ঠাইতে বেলেগ বেলেগ। কিন্তু বিজ্ঞানৰ ধর্ম সকলো ঠাইতে একে। উদাহৰণস্বৰূপে, পানীৰ অণু সৃষ্টি হ’বলৈ বিশ্বৰ সকলো ঠাইতে দুটা Hydrogen এটা Oxygen পৰমাণুৰ প্রয়োজন হয়। গতিকে ধর্মৰ যুক্তিযুক্ততা কিমান ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি।
ধ্ৰুৱজ্যোতি শৰ্মা: নৈতিকতা আৰু শৃংখলাবদ্ধতা ধর্ময়ে অনাহেতেন বাবৰি মছজিদৰ দৰে কাণ্ড ঘটিবলৈ নাপায়।
ঈশ্বৰ আৰু ধর্মক বিশ্বাস আৰু বলি প্রথাক অন্ধবিশ্বাস বুলি ভবাৰ কোনো যুক্তি নাই। কোনোবাই হাত যোৰ কৰি চাকি দি প্রার্থনা কৰে আৰু আন কোনোবাই প্রাণী বলি দিয়ে, একেই কথা। (অৱশ্যে দুপ্রাপ্য প্রাণী বলি দিয়াতো এক অপৰাধ) এটা গুৰুত্বপূর্ণ কথা, হিন্দু ধর্মৰ বাহিৰেও ইচলামকে ধৰি লাখ লাখ ধর্মত জীৱহত্যাৰ প্রথা আছে।
দলিতা কলিতা: যিবোৰ বিশ্বাসে আনৰ অপকাৰ কৰে, সমাজৰ অহিত সাধে, সেইবোৰেই অন্ধবিশ্বাস। প্রকৃতিৰ অলৌকিক ঘটনাৰ প্ৰতি সহজ বিশ্বাস, স্থুল কল্পনা, অজ্ঞেয়ৰ প্রতি যুক্তিহীন ভীতি, ৰহস্যাবৃত ঘটনাৰ প্রতি আনুগত্য আদিয়েই হ’ল অন্ধবিশ্বাসৰ বুনিয়াদ। হাত যোৰ কৰি চাকি দি প্রার্থনা কৰা – ইও কাৰোবাৰ মনত এক যুক্তিহীন কাম হ’ব পাৰে। কিন্তু এনে বিশ্বাসে আনৰ অপকাৰ নকৰে। আনৰ অপকাৰ নকৰাকৈ কোনোবাই মানসিক/আধ্যাত্মিক তৃপ্তি লাভ কৰিলে আমাৰ বোধেৰে ক’বলগীয়া একো নাই।
সুব্ৰত গগৈ: যদি বলি দিয়াৰ পাছত মাংসখিনি ভক্ষণ কৰা হয়, তেন্তে বলি দিয়াত মই একো দোষ নেদেখো। কাৰণ ভক্ষণ কৰিবৰ বাবে সেই মাংসখিনি কচাইৰ দোকানৰ পৰা নিলেও একে সংখ্যক প্ৰাণীৰে নিধন হ’লহেঁতেন।
অচিন্ত বৰঠাকুৰ: এই বিষয়ত মন্তব্য দিবলৈ মই অলপ অসুবিধাত পৰোঁ। সঁচা অর্থত ক’বলৈ গ’লে এই ক্ষেত্রত মই এক “পলায়নবাদী”।
মাংস খাই মই ভালেই পাওঁ, কিন্তু বলি বিধান ব্যৱস্থাৰেই হওক বা কচাইৰ ব্যৱসায়িক পদ্ধতিৰেই হওক প্রাণী এটা হত্যা কৰাৰ সেই বিশেষ সময়চোৱাত কেতিয়াবা উপস্থিত থাকিব লগা হ’লে মই কেতিয়াও মানসিক ভাৱে সহজ বা relaxed অনুভৱ কৰিব নোৱাৰো।
ৰিতুপৰ্ণ গোস্বামী: অচিন্ত বৰঠাকুৰ, আপোনাৰ দৰে মানসিকতা বহুত মানুহৰে থাকে। সেয়ে নিউজ লাইভৰ বলিৰ পোনপটীয়া প্রচাৰ বন্ধ হ’ব লাগে বুলি ভাবোঁ, ই সমাজত কেৱল নেতিবাচক প্রভাৱ হে পেলাব। শিশুৰ মনতো বিৰূপ প্রভাৱ পেলাব পাৰে।
‘নিউজ লাইভ’ত আজিলৈকে জ্যোতিষীৰ অনুষ্ঠান, অন্ধবিশ্বাসৰ প্রচাৰ, ধর্মীয় অনুষ্ঠান, অলৌকিক ঘটনা বুলি অবৈজ্ঞানিক প্রচাৰ আদিৰ দৰে অপবিজ্ঞান অনুষ্ঠান বহুত দেখিলোঁ। কিন্তু আজিলৈকে এটাও বিজ্ঞানৰ অনুষ্ঠান নেদেখিলোঁ। দুর্ভাগ্যজনক!!!
দীপাংকৰ ভাগৱতী: ব্যক্তিগতভাৱে কাৰো অনুভূতিত আঘাট মই কৰিব বিচৰা নাই। বলি প্ৰথাক ময়ো সমৰ্থন দিয়া নাই। কিন্তু কিছুমানে কোৱাৰ দৰে ভগৱান নাই বুলি কোৱাত মই একমত নহয়। ভগৱান বুলি নিৰ্দ্দিষ্ট কোনোবা এজনৰ কথা মই কোৱা নাই। কিন্ত ঐশ্বৰিক শক্তিত মই বিশ্বাসী। বিজ্ঞানৰ দৃষ্টিভংগীত ফঁহিয়াই চালেও তাৰে প্ৰতিচ্ছবি দেখা যায়।
আদিত্য ৰঞ্জন দত্ত: ভগবান বুলি নিৰ্দিষ্ট এজন নাই যদি নিৰ্দিষ্ট এজনৰ নামত বলি দিয়াৰো যুক্তি নেদেখো৷
সুৰজিৎ নেওগ: ‘ভগৱান’ আছে নে নাই সেই বিষয়ৰ বিতৰ্ক সমূলি অমুলক। ইয়াৰ কোনো শেষ নাই; থকাটোও প্র্মাণ কৰিব নোৱাৰি আৰু নথকাটোও প্র্মাণ কৰিব নোৱাৰি। মই ভাবো ‘ভগৱান’ বিশ্বাস বা অবিশ্বাসৰ লগত ধৰ্মৰো কোনো সম্পৰ্ক নাই। ঠিক তেনেকৈ মাংস ‘খোৱা’ৰ (আমিস ভোজন) লগত বলিপ্রথা বিশ্বাস বা অবিশ্বাসৰো কোনো ভিত্তি নাই। আমি যদি গছ-গছনিকো জীৱ (life) বুলি ধৰো তেন্তে ধৰাৰ সকলো জীৱৰ life cycle টো ইতোৰ ওপৰত সিটো নিৰ্ভৰশীল। ছাগলীয়ে ঘাহ খায়, ছাগলীক মানুহে খায়। এটা cycle। পহু, মহ, জিৰাফ সকলোৱে ঘাহ খায় আৰু ইহঁতক বাঘ বা সিংহই খায়। এটা cycle। এইটো জীয়াই থকাৰ (survival) cycle। কিন্তু বলি দিয়া কুকুৰাটো,হাঁহটো, ছাগলীটো বা মহটো জীৱশ্রেষ্ট মানুহে ভোকৰ তাড়নাত বা জীয়াই থাকিবলৈ কৰা সংগ্রামৰ কাৰণে বধ কৰা নাই। কৰিছে কেৱলমাত্র অন্ধবিশ্বাসৰ আধাৰত বা মানুহৰ মাজত লুকাই থকা আদিম পাশৱিক চৰিত্রটোৰ আত্মসন্তুষ্টিৰ বাবে। মই ভাৱো প্রাৰ্থক্য সেইখিনিতেই।
[০০ মই নিজে ‘ভগৱান’ৰ ওপৰত বিশ্বাসী নহয়। কোনো নিৰ্দিষ্ট ধৰ্মও মই পালন নকৰো আৰু প্রায়ভাগ অন্ধবিশ্বাসৰ পৰা মই মুক্ত।]
হিমজ্যোতি তালুকদাৰ: আৰু এটা কথা মন কৰিবছোন, এই মহ ছাগলী বলি দিয়াৰ প্ৰৱণতাবোৰ আমাৰ ৰাজনৈতিক নেতা সকলৰ মাজতে বেছি। সংসাৰৰ ভণ্ডামিবোৰ কৰি ফুৰিব আৰু পাপ ধুবলৈ জীৱ জন্তু কেইটাক বাচি লয়।
সুৰজিৎ নেওগ: একদম সঁচা কথা হিমজ্যোতি। লোকচক্ষুত যিসকল ‘পাপী’ (ধুৰন্ধৰ, ঠগ, চোৰ, দিন-ডকাইত, ভন্ড পূজাৰী, rascal), বলি দিয়াৰ বোধকৰো ৮০% এই শ্রেণীৰ। কিমধিকমঃ।
হিমজ্যোতি তালুকদাৰ: বলিৰ বাবে ভক্ষণ আৰু ভক্ষণৰ বাবে বলি দিয়া দুটা বেলেগ বিষয়। এই বিষয়ত মানুহে জীৱটো ভক্ষণৰ বাবে বলি নিদিয়ে। মূল উদ্দেশ্যই হ’ল ভগৱানক তুষ্ট কৰাটো। আৰু নিউজ লাইভে লাইভ টেলিকাষ্ট কৰিব? মানে সংসাৰৰ ভণ্ডামিবোৰ কৰি লাইভ টেলিকাষ্ট কৰি পাপ ধুব?
সুব্ৰত গগৈ: সাধাৰণতে মানুহক জীয়াই থাকিবৰ বাবে মাংস ভক্ষণ কৰাৰ প্রয়োজন নহয়। গতিকে বলিশালৰ বিৰোধিতা কৰাসকলে কচাইখানাৰ সপক্ষে যুক্তি প্রদর্শন কৰা উচিত নহয়।
পৰশমণি বৰা: মোৰ খুড়াৰ অকণমাণি ছোৱালীজনীয়ে এবাৰ আকস্মিকভাবে বলি দি থকা জন্তু এটা দেখি গোটেই দিনে ৰাতিয়ে কান্দি থাকিল; তাইক আমি পৰিয়ালৰ মানুহকেইটাই যিমান বুজায়ো পাহৰাব পৰা নাছিলোঁ সেই বিভৎস দৃশ্য তাইৰ মনৰ পৰা। এতিয়াও পূজা আহিলে তাই সেই কথা মনত পেলাই ভয় খায়।
ভাস্কৰজ্যোতি দাস: “বলিৰ বাবে ভক্ষণ আৰু ভক্ষণৰ বাবে বলি দিয়া দুটা বেলেগ বিষয়” হিমজ্যোতি তালুকদাৰৰ এই কথাত মই সহমত আগবঢ়ালো। জীৱ-জন্তুৰো মানুহৰ দৰেই এখন জিভা থাকে। মানুহৰ জিভা লোভৰ বাবে আৰু জীৱজন্তুৰ জিভা জিয়াই থাকিবলৈ। পৰম্পৰাৰ তাগিদাত সেই দিশে গৈ থকা বা সোঁতৰ বিপৰিতে সাঁতুৰিবলৈ যোৱা কথাৰ কঠিন সমীকৰণৰ বিষ্লেশনলৈ নগৈ এষাৰ কথাই ক’ব বিছাৰো যে এইবোৰ কমাই আনিব লাগে। অন্তত: জীৱশ্ৰেষ্ঠ হিচাবে।
ৰিতুপৰ্ণ গোস্বামী: দীপাংকৰ ভাগৱতী,………..বিজ্ঞানৰ দৃষ্টিভংগীত ফহিয়াই চালেও ঐশ্বৰিক শক্তিৰ প্ৰতিচ্ছবি দেখা যায়।……….ফহিয়াই দিলে সুখী হ’ম।
সুৰজিৎ নেওগ: ধৰক, মই আপোনাক ক’লো যে মই ২০ ফুট ওপৰলৈ জপিয়াব পাৰোঁ। তেতিয়া আপুনি নিশ্চয় মোক ক’ব যে তুমি অবান্তৰ কথা কৈছা, যদি পাৰা জপিয়াই দেখুওৱা। তেতিয়া মই যদি আপোনাক কওঁ আপুনি প্রমাণ কৰি দিয়ক যে মই ২০ ফুট ওপৰলৈ জপিয়াব নোৱাৰোঁ। আপুনি বাৰু কেনেকে প্রমাণ কৰিব??? উত্তৰলৈ বাট চাই ৰলোঁ।
অনেকের ধারনা আছে ধার্মিয় কারনে বালি দিলে মানসিক শক্তির নিকাশ হয়। অথচ পুজোর নাম নৃশংস এই প্রথা কোন ভাবেই মানসিক শক্তি বৃদ্ধি করে না। দুর্বল ও অবলা প্রানীদের যে নৃশংসতার সঙ্গে হত্যা কার হয় তাতে ‘খুনি’ মানসিকতার জন্ম হয়। আর বালির ভয়ানক দৃশ্যশিশুমনে বিরূপ প্রতিক্রিয়া ফেলে। ইটা নিভিন্ন মনোবিজ্ঞানীদের এবং মনোরোগ চিকিত্সকদের মতামত। এর থেকে নানারকম মানসিক রোগ, ভীতি নিদ্রাহীনতা হাতে পারে।
আজকের এই সাংবাদিক সম্মেলনে ‘হিউম্যানিস্টিস এসোসিয়েশন’ এর সাধারন সম্পাদক সুমিত্রা পদ্মনাভন বলেন, ধর্মের নাম জাতি স্বাধীনতা আমাদের সংবিধান দিয়ে থাকুক না কেন, যা মানুষাকে পীড়া দেয়, দৃশ্য দুষণ ঘটায় বা শিশুনামে বিক্রিতির জন্ম দেই, এমন কাজ কাখানাই ‘ধর্ম ‘হতে পারে না। পাবলিক নুইসেন্স এক্ট (Public Nuisance Act) বা সংবিধানের ২৬ নং ধারা অনুযায়ী সব মানুষের দাবি হওয়া উচিত এই প্রথ বন্ধ করা।
অনেকের মানে প্রশ্ন জগতে পারে আমরা কি থালে মাংস খাবোনা ? পায়র্বের্শের ইকোসিস্টেম বজায় রাখার জান্য, খাদ্য-খাদক সম্পর্কের ভিত্তিতে অবশ্যই আমরা মাংস খেতে পারি। আমার মাংসের দোকান থেকে মাংস কিনের খাই আমাদের শরীরের চাহিদা মেটাবার জন্য। কিন্তু ধর্মীয় অনুষ্টানে বালি দেওয়া হয় ‘আমাকে বা আমার পরিবারে কাউকে অসুখ থেকে ভালো করে দাও, ওকে মের ফেল-এর জন্য তোমার কাছে উত্সর্গ করব এই পশুটি’ -এই ধরনের মাসিকতা থেকে। যা অমানবিক, নিষ্ঠুর এবং অবৈজ্ঞানিক চিন্তা করার ফসল। আমরা ভালোর জন্য অন্য কাউকে বিপদে ঠেলে ফেলে দেওয়া, প্রয়োজনে মেরে ফেলা এই চিন্ত্র-ই ফসল। যা নরবলি থেকে পশুবলী সবক্ষেত্রেই মেরে সুখী করার প্রবনতা, যা সমাজবাদ্ধ মানব প্রজাতির অগ্রায়াগতির বিরোধী।
আমাৰ গাঁৱত কালিপূজা কৰে। মই চাণ্ডা দিও মাত্ৰ ৰাইজৰ সমন্বয়ৰ বাবে । হাজাৰ হাজাৰ লোকে জ্বলোৱা চাকিবোৰ চাই ভাল লাগে। কিন্তু মাজ ৰাতি গুছি আহো। কিয়বা মোৰ দুখ লাগে। পানীৰাম নামৰ মানুহজনে বহুত জীৱ হত্যা কৰে। বলিবিধানৰ ঠাইত ছাঁবলিওটো দিব পাৰি।
দেৱীক দুৰ্গতি নাশিনী বুলি কোৱা হয়। তেনে ক্ষেত্ৰত দেৱীয়ে কোনো নীৰিহ প্ৰাণীৰ জীৱনলৈ বলিৰ নামত দুৰ্যোগ নমাই অনাটো অমূলক। পূজা সমিতি সমূহেও এই কথাটো ভাবি চাব লাগে ।
মোৰ ধৰ্মৰ বিষয়ে বহুত জ্ঞান নাই। তথাপি মনত আহি থকা ভাৱটো ব্যক্ত কৰো ভূল হ’লে দায় দোষ নধৰি শুদ্ধৰাই দিয়ে যেন। যদি পৃথিৱীত বাস কৰা সকলো জীৱ ঈশ্বৰৰ সন্তান বা দান তেন্তে সেই ঈশ্বৰৰ নামত হত্যা কিয় কৰো ?? ধৰ্মৰ মূল উদ্দেশ্য বোলে শান্তি দিয়া কিন্তু কনোবা অমাতা জীৱক হত্যা কৰি কেনেকৈ শান্তি পাব পাৰি??
শাক্ত ধৰ্ম হৈছে স্বতঃস্ফূৰ্ত অভিব্যক্তি , হিংস্ৰলৈ আমি সকলোৱেই হন্তব্য , ইয়াকহে পাকে প্ৰকাৰে বুজাই যায় এই বিধানভাগে , সমাজত পুৰুষ নাৰী সমান নহলে কেতিয়াও সমাজ এখনক সুকলমে নোৱাৰি আগবঢ়াই নিয়াব , স্বাভাৱিকতে নাৰী প্ৰকৃতিস্বৰূপা আৰু অহোপুৰুষাৰ্থেৰে হলেও পুৰুষে পৌৰুষ দাবী কৰিবই , এই কথা নুই কৰাসকল মহামহন্তৰে চুপতি পাৰিবলৈ সকাম নাই মোক । এখন্তেকলৈ চিন্তিলে অজ্ঞানৰ আঁৰকাপোৰ সুলকিব আৰু মোদ খাই থকা চকুও পোহৰান্বিত হবগৈ । মানুহবোৰে মিছাত বৰ্ত্তিবনে ? ব্ৰহ্মবাদে অচিন্ত্য ঈশ্বৰ কোনোবা এজনাই তৰাব বুলি অত্ৰযুগে মতপোষণ কৰি আহিছে কিন্তু নাৰীক বাৰম্বাৰ হয়তো একাষৰতে আৰু নহলে একেবাৰে আন্ধাৰলৈকে ঠেলিছে ইয়াৰ প্ৰকোপে , যিখন দেহাই নমাহ নদিন আমাক আতুলতুলকৈ পৃথিৱীৰ পোহৰেৰে চিনাকি কৰালে সেই দেহাখনি বোলে চুৱা । কামুকতা সকলোৰে আছে কিন্তু দোষৰ ভগীয়াৰ কেতিয়াও পুৰুষ এজন নহয়গৈ , সেইহে তেৰাই বাসন্তী তেৰাই বিবসনে কালী , সকলো মিছা আৱৰণ লিৰিকি ভোঁহাৰি সত্যক প্ৰতিনিধিত্ব কৰাই হৈছে শক্তিৰ শক্তি