শিক্ষকতা জীৱনৰ কিছু অনুভৱ—১৫: নিবেদিতা বৰি
“শিক্ষকতা জীৱনৰ কিছু অনুভৱ—১৫”
নিবেদিতা বৰি
অষ্টম শ্রেণীৰ ছাত্ৰী মহাশ্বেতা, ৰিভা আচাৰ্যাৰ ছোৱালী। আচাৰ্যাৰ ছোৱালী তাতে নাচ-গান, পঢ়া-শুনা সকলোতে পাকৈত।সেইবাবেই কিজানি তাইৰ অকণমান ভেম এটাও লাগি থকা দেখা যায়। তাই প্ৰায়েই তাইৰ ক্লাছৰ ঋতুপৰ্ণৰ লগত মুখ চুপতি মাৰি থাকে। ঘৰৰ একমাত্ৰ সন্তান হোৱাৰ বাবে তাই মাককে স্কুলৰ প্ৰতিটো ভাল-বেয়া খবৰ, কোনে কাক জোকায়, কোনে বেয়া কথা পাতে, কোনজন ছাত্ৰই কোনজন আচাৰ্যক পঢ়াই থাকোতে মনে মনে কমেন্ট দিয়ে, মুঠতে শ্ৰেণীৰ সকলো কথা তাই মাকক অৰ্থাৎ ৰিভা আচাৰ্যাক লগাই দিয়ে। তাৰোপৰি আজিকালি তাইৰ মনটো অলপ চঞ্চল হোৱা দেখা গৈছে সেইবাবেই তাইৰ পঢ়া-শুনাটো পৰিৱৰ্তন দেখা গৈছে, এইবিষয়ে আচাৰ্য-আচাৰ্যা সকলে ৰিভা আচাৰ্যাক ক’লেও মাকে মানি লবলৈ টান পায়, কয় যে সকলোৱে তেওঁৰ জীয়ৰী সকলো দিশতে আগবঢ়া বাবে হিংসা কৰে। এনেকুৱাও দেখা গৈছে যে মহাশ্বেতাই মাকক লগাই দিয়া কথাৰ ওপৰত ভিত্তি কৰি মাকে ছাত্ৰ-ছাত্ৰীসকলক গালিও পাৰে। এনে ঘটনা প্ৰায়েই হয়।
এবাৰ কথা গৈ এজন ছাত্ৰৰ ঘৰ পালেগৈ। ঋতুপৰ্ণৰ মাকে এদিন স্কুললৈ আহি আচাৰ্য-আচাৰ্যা সকলৰ আগত আপত্তি দৰ্শালে— “ আমি কি পৰিস্হিতিত কেনে ধৰণে বিয়া পাতিছিলো সেই কথা মোৰ ল’ৰাই স্কুলৰ পৰা কিয় জানিব লাগে? সিহঁতৰ শ্ৰেণীত এই বিষয় কিয় ওলাব লাগে? ল’ৰাক স্কুলত পঢ়িবলৈহে পঠোৱা হয়, ব্যক্তিগত ঘৰুৱা কথাৰে লগৰ ল’ৰাৰ আগত কিয় অপদস্হ কৰিব লাগে?এনে স্কুলত মই ল’ৰা নপঢ়ুৱাওঁ, মই লৈ যাম..স্কুলৰনো কি অভাৱ হৈছে” মানুহগৰাকীয়ে খঙত একো নাই হৈ বহু কিবাকিবি কৈ এটা সময়ত শান্ত হ’ল। এইবাৰ আচাৰ্যসকলে শান্ত হোৱা দেখি আচল ঘটনা নো কি জানিব বিচৰাতহে কথাৰ গুৰি গম পোৱা গ’ল।ঋতুপর্ণৰ মাক-দেউতাকৰ বিয়া দুটা বেলেগ বেলেগ ‘জাত’ৰ মাজত হোৱা বাবে অসামাজিক ভাৱে হৈছিল আৰু এসময়ত তেওঁলোকক সমাজে এঘৰীয়াও কৰিছিল। কিন্তু ঋতুপর্ণ জন্ম হোৱাৰ আগতেই এই সমস্যাৰ সমাধান হৈছিল। এই কথা ঋতুপর্ণই যেতিয়া স্কুলত মহাশ্বেতাৰ মুখেৰে গম পালে সি ঘৰলৈ আহি হুলস্থুল লগাই দিলে আৰু মাকে অধেৰ্য হৈ স্কুল পালেহি। সেই সময়ত ৰিভা আচাৰ্যা শ্ৰেণীৰ পাঠদানত আছিল বাবে এই কথা গম নাপালে।ৰিভা আচাৰ্যাই ঋতুপর্ণৰ মাকহঁতৰ পাৰিবাৰিক জীৱনৰ প্ৰথম কালছোৱাৰ কথা জানিছিল আৰু ঘৰত হয়তো মহাশ্বেতাৰ উপস্হিতিতে এনে কথা পাতিছিল আৰু স্কুলত মহাশ্বেতাই ঋতুপর্ণৰ লগত দন জিকিবলৈ তাৰ ঘৰুৱা কথা সকলোৰে আগত কৈ পেলালে। তাৰেই পৰিণতি এইয়া। একেখন ঘৰতে শিক্ষক আৰু ছাত্ৰ একেখন স্কুলত থাকিলে প্ৰতিক্ষেত্ৰতে সাৱধান হ’ব লগা হয়; বিশেষকৈ সন্তানৰ উপস্হিতিত “স্কুল বিষয়ক” কোনো কথা পাতিলে কেতিয়াবা কথা বিষম হোৱা দেখা যায়। তাৰোপৰি শিক্ষকৰ প্ৰতি সন্মান সেই ছাত্ৰজনৰ কমি যোৱাও পৰিলক্ষিত হয়।