শিক্ষকতা জীৱনৰ কিছু অনুভৱ—১৪ (নিবেদিতা ব’ৰি)
এদিনৰ ঘটনা। প্ৰিয়া আচাৰ্যাই ৰঙা-ছিঙা পৰি কন্দনামুৱা হৈ কমনৰূমলৈ আহি হুলস্থুল লগাই দিলে- “মই নপঢ়ুৱাওঁ, মোক বেলেগ শ্ৰেণীত ক্লাছ দিয়ক। এদিনো শান্তিৰে ক্লাছ কৰিব নোৱাৰোঁ, ছাত্ৰ-ছাত্ৰী সকলে একমাত্ৰ মোৰ ছোৱালীজনীৰ আপত্তিহে দিয়েহি। মোৰ ছোৱালী পঢ়াত বেয়া, সেইবুলিয়েই তাইৰ লগৰ বোৰে মোক সদায় ইমান আপত্তি দিব লাগেনে?…আচাৰ্যা, পৰীয়ে কালি নেওতা মুখস্থ দিব নোৱাৰিলে বাবে আচাৰ্যৰ পৰা পিটন খালে…কালি কাণত ধৰিলে, অমুকক পৰীয়ে পিটিলে…মুঠতে আপত্তিয়েই আপত্তি..ইহঁতৰ শ্ৰেণীলৈ যাবলৈ মোৰ লাজেই লগা হৈছে..হয় মই নিকেতনৰ পৰা ওলাব লাগিব নহয় মোৰ ছোৱালীক বেলেগ স্কুলত নাম লগাই দিব লাগিব”।
প্ৰিয়া, নিকেতনৰ নতুন আচাৰ্যা। তাইৰ বাবে পৰিবেশ নতুন। প্ৰিয়াক অলপ শান্ত হ’বলৈ দি প্ৰতিজন আচাৰ্যই নিজৰ নিজৰ অভিজ্ঞতা ক’লে আৰু ক’লে যে কেনেকৈ ছাত্ৰ-ছাত্ৰীক পতিয়ন নিয়াব লাগিব যে “পৰী” আচাৰ্যৰ সন্তান নহয় সিহঁতৰ মাজৰে এজনী ছাত্ৰীহে।এই ঘটনাই শিৱানীক কেইটামান পৰিস্থিতিৰ কথা সোঁৱৰাই দিলে। গৰমৰ বন্ধৰ এটা দিনত শিৱানীৰ ঘৰলৈ শ্যামলীকাৰ মাক আহিছিল, লগত আনিছিল পকা জাহাজী কল এআশী আৰু এপোৱা গৰুৰ গাখীৰ। ভাল বেয়া ইটো সিটো কথা পাতি প্ৰসংগক্ৰমে মনৰ আচল কথা প্ৰকাশ কৰিলে—আপোনাৰ ছয়মাহিলী বহী বাৰু চাই হ’লনে? আমাৰ শ্যামলীকাই কেনেকুৱা কৰিছে?…এনেবোৰ কথা আহি পৰিলে শিৱানীয়ে বৰ অস্বস্তি অনুভৱ কৰে।তাই ক’লে – মেলাই নাই বহী, দেৰিকৈ চাম বুলি ভাবিছোঁ”। শ্যামলীকাৰ মাকে পুনৰ ক’লে – “আপোনাৰ ল’ৰাৰটো চিন্তাই নাই, ঘৰতে বহীবোৰ আছে….” শিৱানীৰ কাণ-মূৰ গৰম হৈ গ’ল, খং উঠি আহিছিল যদিও ধৈৰ্য ধৰি ক’লে –“ মই বাৰু ল’ৰাৰ বহী চাই ভুলটো শুধৰাই দিলো, বিনিময়ত কি হ’ব গম পাইছেনে? ল’ৰাৰ ভৱিষ্যৎ ধ্বংস কৰাহে হ’ব। মই এটা বিষয়হে পাওঁ, বাকী কেইটা? তাৰোপৰি ল’ৰা যেতিয়া কলেজ পাবগৈ আৰু পঢ়িবৰ বাবে দূৰলৈ পঠাব, তেতিয়া? আপুনি জানেনে, নিজৰ সন্তানৰ বহীখন বেছি কঠিন ভাৱেহে চোৱা হয়, কাৰণ পৰীক্ষা বহীত ভুল-ত্ৰুটিবোৰ দেখুৱাই দিলেহে তাৰ ভৱিষ্যতে শুধৰণি হ’ব। আপুনি জানেনে, স্কুলত মোৰ ল’ৰাই মোক মা বুলি মতাৰ সলনি আচাৰ্যা বুলিহে মাতে। মা শব্দটোত ব্যক্তিগত ভাৱটো প্ৰকাশ পায়, নিকেতনত সন্তান সদায় ছাত্ৰহে, মাতৃ গৰাকীও শিক্ষয়িত্ৰী।
শ্যামলীকাৰ মাকে শিৱানীক কি ভাৱেৰে ল’লে তাই নাজানিলে, কিন্তু ভাল পাওক বা বেয়া পাওক তাই অন্তৰৰ প্ৰকৃত মনোভাৱ প্ৰকাশ কৰিলে।