শিক্ষা বিপ্লৱৰ প্ৰয়োজনীয়তা (আব্দুছ চাজিদ)

সাম্প্ৰতিক কালত শিক্ষা সাৰ্বজনীন যদিও শিক্ষা শব্দটোৰ এটা সৰ্বজন গ্ৰহণীয় সংজ্ঞা দিয়া টান। শিক্ষাৰ অৰ্থ ব্যাপক, ব্যাপক ইয়াৰ পৰিধিও। শিক্ষা আজীৱনব্যাপী হোৱা এক বিৰামহীন প্ৰক্ৰিয়া। তৎসত্ত্বেও, আহৃত জ্ঞানৰ প্ৰয়োগ কৌশল আয়ত্তকৰণকহে প্ৰকৃত শিক্ষা আখ্যা দিয়া হৈছে।

প্ৰচলিত শিক্ষা ব্যৱস্থাৰ আসোঁৱাহ আজি এক বহুচৰ্চিত বিষয়। এই সম্পৰ্কে ব্যাখ্যা নকৰিও দৃঢ়ভাৱে ক’ব পাৰি যে বৰ্তমান পৰিস্থিতিত সৰ্বগ্ৰাসী ৰূপ পৰিগ্ৰহ কৰা নিবনুৱা সমস্যা আৰু তাৰ পশ্চাৎ প্ৰতিক্ৰিয়াসমূহ তথাকথিত ‘চাৰ্টিফিকেট সংস্কৃতি’ৰে কুফল। সমস্যাজৰ্জৰ বাস্তৱৰ পটভূমিত সেয়ে আনুষ্ঠানিক শিক্ষাই এনে পৰিকল্পনা, ব্যৱস্থা, নিৰ্দেশনাৰ পোষকতা কৰা উচিত যি শিক্ষা গ্ৰহণ কৰি মানুহ মাত্ৰেই জীৱিকা নিৰ্বাহৰ দিশত আত্মনিৰ্ভৰশীল হ’ব পাৰে। কিয়নো, প্ৰথমে জীৱিকা নিৰ্বাহৰ বাবে উপযুক্ত বৃত্তি বাছি লোৱাই ব্যৱহাৰিক অৰ্থত জীৱনৰ প্ৰথম লক্ষ্য। সেয়ে এই কথাত বোধহয় কাৰো দ্বিমত নাথাকিব। আনহাতে প্ৰশ্ন হয় অন্ন, বস্ত্ৰ, বাসস্থান মানুহৰ জীৱনৰ প্ৰাথমিক প্ৰয়োজনকেইটাকে আহৰণক্ষম কৰি তুলিব নোৱাৰা পৰম্পৰাগত শিক্ষাৰ মূল্যই বা কিমান? আৱশ্যকেই বা কি?

আমাৰ শিক্ষা ব্যৱস্থাৰ সৈতে বাস্তৱমুখী, ব্যৱহাৰিক জ্ঞানৰ ব্যাপক সংযোগহীনতাৰ ফলশ্ৰুতিত আজি শিক্ষাৰ মান নিম্নমুখী। শিক্ষাক লৈ আজি সকলো চিন্তিত। জ্ঞান আৰু প্ৰজ্ঞাৰ সুষম সমন্বয় সাধন নোহোৱাত সমাজ ব্যৱস্থা জৰাগ্ৰস্ত হৈ পৰিছে। দিনক দিনে সমাজৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। পৰম্পৰাগত শিক্ষাই শিক্ষাৰ্থীৰ বোধশক্তি উপযুক্ত স্থানত সদ্ব্যৱহাৰ কৰিবলৈ শিকোৱাৰ পৰিৱৰ্তে নিৰ্দিষ্ট লক্ষ্যবিহীন আৰু চাকৰিমুখাপেক্ষী কৰি তুলিছে, যিটো এতিয়া চৌদিশে জলজল-পট্পট্। ইয়াৰ ফলত উদ্ভৱ হোৱা এশ-এবুৰি সমস্যাত বিধ্বস্ত হৈছে আমাৰ সমাজ, ৰাজ্য, ৰাষ্ট্ৰ। জীৱন আৰু জীৱিকাৰ কৰ্মক্ষেত্ৰ নিৰ্ধাৰণত আশানুৰূপ সহায় নোহোৱা গতানুগতিক শিক্ষাৰ ক্ষেত্ৰত সংস্কাৰ সাধনৰ প্ৰাসংগিকতাও সেইখিনিতে।

সাম্প্ৰতিক শিক্ষাত বাস্তৱ জীৱনৰ সৈতে সংগতিপূৰ্ণ তথা যুগসাপেক্ষ পৰিৱৰ্তন সাধনৰ দ্বাৰা মানৱ সম্পদৰ বিৰাট অপচয় ৰোধ কৰাটো সদ্যহতে সমাজৰ বাবে অত্যন্ত অপৰিহাৰ্য আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰিছে। সমাজৰ প্ৰতিজন সদস্যৰে মনত এই চেতনা জাগ্ৰত হোৱাৰ সময় ইতিমধ্যে উকলি গৈছে। শ্ৰমবিমুখতাৰ উদ্ৰেককাৰী চাকৰিনিৰ্ভৰ নিবনুৱা সৃষ্টিকাৰী শিক্ষা ব্যৱস্থাৰ বিপৰীতে আমাক লাগিব কঠোৰ পৰিশ্ৰমী হ’বলৈ উদ্গণি যোগোৱা, ভৱিষ্যৎ কৰ্মজীৱনৰ বৃত্তি সম্পৰ্কীয় প্ৰায়োগিক নিৰ্দেশনাপুষ্ট আকৰ্ষণীয় শিক্ষা। দেশপ্ৰেম, কৰ্তব্যনিষ্ঠা আৰু শ্ৰম-সংস্কৃতিৰ উত্তৰণকাৰী, মানুহৰ ব্যৱহাৰিক জীৱন আৰু অৰ্থনৈতিক প্ৰয়োজনৰ উপযোগী কৰ্মমুখী শিক্ষা পদ্ধতি। সংকটপূৰ্ণ বাস্তৱ জীৱনৰ ঘনঘোৰ অমানিশা নাশি ত্ৰুটিপূৰ্ণ শিক্ষাই সৃষ্টি কৰা কৰ্মবিমুখ নাগৰিকক আলোকৰ সন্ধান দিব পৰা অৰ্থকৰী বিদ্যা। স্বনিৰ্ভৰশীল জনসম্পদ গঠনেৰে জাতীয় জীৱনৰ প্ৰকৃত বুনিয়াদ ৰচিবলৈ সক্ষম হোৱা প্ৰকৃত শিক্ষা। তেনে শিক্ষাৰে শিক্ষিত হৈ প্ৰত্যেক মানুহে কৰ্মাৰ্জিত ব্যৱহাৰিক জ্ঞানৰ মূল্যবোধেৰে, মানুহৰ মৰ্যাদাৰে, উদ্যোগী ৰূপত জীয়াই থকাৰ সংস্কৃতি গঢ়াত নিশ্চিতভাৱে অৱতীৰ্ণ হ’ব পাৰিব বুলি আমাৰ বিশ্বাস।

(পূৰ্ব প্ৰকাশিত, ‘আমাৰ অসম’, ২০/১০/১৯৯৭)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments