শিয়াল, নাটক আৰু পুলিচ :: ছাত্রাবাসৰ এডোখৰ (২) (দিগন্ত যাদৱ শৰ্মা)

(‘কনিষ্টবল’ ­এজনে আনজনক ক’লে -“অই, কি উগ্রপন্থী অ’ ভয়তে দেখোন কঁপি আছে। ইমান ভয় নে ইহঁতৰ। এনেকৈ দেশ স্বাধীন কৰিবলৈ আহে? হাঃ হাঃ হাঃ!’)

মাজনিশা দুই/তিনি বজাত পুলিচৰ লগত ছুপাৰ ছাৰৰ আবাসলৈ যাবলৈ নিশ্চয় কাৰো ভাল নালাগিব। তাতে যদি আকৌ কোনো অসামাজিক কার্যত জড়িত থকাৰ সন্দেহত ধৰি লৈ যায়,  তেতিয়াতো কথাই নাই। সদায়ে সকলোৰে মাজত ভাল ল’ৰাৰ দৰে হৈ থকাজনৰ অৱস্থা কি হ’ব পাৰে সেইটো সহজেই অনুমেয়। বোধকৰো মোৰ ভাগ্য সুপ্রসন্ন আছিল। কিয়নো মই তেনে এক অৱস্থাৰ পৰা ৰক্ষা পৰিছিলো। মোৰ বৰকৈ ঠাণ্ডা লগাত আৰু মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ ৰঞ্জিত আৰু বিপুলক এৰি থৈ সোনকালেই আহি ছাত্রাবাসত সোমাইছিলোহি। তাতে আকৌ কম্বলখনো নিবলৈ পাহৰিছিলো।

ৰঞ্জিত আৰু বিপুলক লগত লৈ পুলিচৰ এ এছ আইজনে ছুপাৰ ছাৰৰ আবাসৰ কলিং বেল টিপিলে। ক’তনো কলিং বেল বাজিব, কাৰেন্টেই নাই! বেছি ৰাতি হোৱা বাবেই নেকি এ এছ আইজনে ছাৰক জগাবলৈ অলপ ইতস্ততঃ কৰিছিল, দর্জাখনতো লাহে লাহেহে টোকৰ মাৰিছিল। ছাৰ উঠি নাহেহে দেখোন, ৰঞ্জিত আৰু বিপুলৰ এইবাৰ সঁচাকৈয়ে ভয় লাগিবলৈ ধৰিলে। কি হ’ব যদি পুলিচে পোনে পোনে থানালৈয়ে লৈ যায়, নাক-কাণ গোটেই কটা যাব। ৰঞ্জিতৰ আৰু বেছিকৈহে ভয় লাগিবলৈ ধৰিলে। কিয়নো তাৰ বায়েকৰ অহা মাহত বিয়া। ভায়েকক থানাত ভৰোৱাৰ খবৰ কেনেবাকৈ যদি ভাবি ভিনীহিয়েকৰ ঘৰত ওলাই গ’ল, হ’ল আৰু! বিয়া ভাঙিও যাব পাৰে। এইবোৰ ভাবি ভাবি যি হয় হয় থাকক বুলি ৰঞ্জিতে জোৰে জোৰে চিঞৰিব ধৰিলে…
“ছাৰ ছাৰ, সোনকালে দৰ্জা খোলক’।
কিছু সময় পিচত ছাৰে দর্জা খুলি দিলে। এ এছ আইজনে ‘চেলুট’ এটা মাৰি সুধিলে –
“ক্ষমা কৰিব ছাৰ, এই ৰাতিখন আপোনাক আমনি দিয়াৰ বাবে, এই ছাত্র দুজন আপোনাৰ এই ছাত্রবাসটোৰ আবাসী নেকি …?’
ছাৰে চকু দুটা মোহাৰি মোহাৰি এবাৰ আমাক দুজনৰ ফালে চাই আৰু এবাৰ এ এছ আইজনৰ ফালে চাই কলে,
“হয়তো! দুয়োজন মোৰে ছাত্র, কি কৰিলে ইহঁতে ইমান ৰাতি।’
ওস স্বস্তি! ৰঞ্জিত আৰু বিপুলৰ মুখত এতিয়াহে পানী আহিল।এই ডিচেম্বৰ মাহৰ ঠাণ্ডাতো সিহঁত দুয়োটাৰ পিয়াহত অন্ঠ কন্ঠ শুঁকাই গৈছিল। যিয়েই নহওঁক কিয়, অন্ততঃ পুলিচৰ হাতৰ পৰা নিস্তাৰ পোৱা যাব। ছাৰে যি শাস্তি দিয়ে দি থাকিব। বেয়া কাম কৰিবলৈটো জংগললৈ যোৱা নাছিল। পুলিচৰ লগতহে মিছামিছিকৈ ভুল বুজাবুজি হৈছিল। উস, ৰক্ষা এতিয়া! …
… …
বোধকৰো তেতিয়া আমি তৃতীয় বর্ষৰ দ্বিতীয় ষান্মাসিকৰ ছাত্র। মহাবিদ্যালয় সপ্তাহৰ বাবে মোটামুটি সকলোৱে সাজু। বিভিন্ন ধৰণৰ প্রতিযোগিতাবোৰ আছেই। তাতে আকৌ নাটকত প্রতি বছৰৰ দৰে এইবাৰো প্রথম পুৰস্কাৰটো আঁজুৰি আনিবৰ বাবে আমাৰ ছাত্রাবাসৰ নাটক কৰা কেইজনে কঁকালত টঙালি বান্ধিছেই। ভাল নাটক এখন বাছনি কৰা হ’ল। ইতিমধ্যে ‘ৰিহাৰ্ছেল’ও আৰম্ভ হৈ গৈছিল। মই অৱেশ্যে মূল নাটকত অংশগ্রহণ কৰা নাই। কিন্তু আন যাবতীয় কাম যিবোৰ আছে সেইবোৰৰ দায়িত্বত মই আছো।যেনে নাটক চলি থকা সময়ত ওপৰত উঠি ‘ষ্টেজ’ত সঠিক ঠাইত সঠিক পোহৰৰ ব্যবস্থা কৰা, আগতে বাণীবদ্ধ কৰি থৈ দিয়া বিভিন্ন শব্দবোৰ উপযুক্ত সময়ত ‘টেইপ ৰেকৰ্ডাৰ’টোৰ দ্বাৰা বজাই শুনোৱা। নাটকলৈ আৰু বেছি দিন নাই। দিলীপে ক’লে যে শিয়ালৰ মাত দেখোন বাণীবদ্ধ কৰা হোৱাই নাই। দিলীপ নাটকখনৰ পৰিচালকো, অভিনেতাও। চিন্তাত পৰিলো শিয়ালৰ মাত এতিয়া ক’ৰ পৰা পাম। বুবুলদাই ক’লে –
“কিয় আমাৰ কলেজৰ খেলপথাৰখনৰ গাতে লাগি থকা জংগলখিনিতে ৰাতি ৰাতি শিয়ালে দেখোন হোৱা দিয়ে। ৰাতি ভাত পানী খাই টেইপ ৰেকৰ্ডাৰটো লৈ তাত গৈ ৰখি থাকিবি। শিয়ালে হোৱা দিব, তহঁতে ‘ৰেকৰ্ডিং’ কৰি লৈ আহিবি।’
অ’ হয়তো বুদ্ধিটো দেখোন ভালেই। গতিকে সেইমতে কাৰ্য সম্পাদন কৰাৰহে কথা।

সেই ৰাতিয়েই ভাত-পানী খাই ৰঞ্জিত আৰু বিপুলক লগত লৈ টেইপ ৰেকৰ্ডাৰটোৰ সৈতে জংগললৈ ওলালো। খেলপথাৰখনৰ একোণত জৰাজীৰ্ণ সৰু ঘৰ এটা আছিল, তাৰেই বাৰান্দাত কাগজ পাৰি বহি আমি শিয়ালৰ ‘কে কে হোৱা’ৰ বাবে আপেক্ষা কৰিলোঁ। বাহিৰত বৰ ঠাণ্ডা, ফিৰফিৰিয়া বতাহো দি আছে। সিহঁত দুয়োজনে কম্বল এখন লৈ আহিছিল। মইহে আনিবলৈ পাহৰিলো। মোৰ বৰ ঠাণ্ডা লাগিব ধৰিলে, পিন্ধি থকা জেকেটটোৱেও ঠাণ্ডা আঁতৰাব নোৱাৰিলে। ইফালে ম’হৰ কামোৰবোৰ আছেই। বুবুলদাৰ কথা মতে তেতিয়ালৈকে শিয়াল আহি নোপোৱাত আৰু এনেদৰে বাহিৰত ৰৈ থাকিব নোৱাৰি মই ৰঞ্জিত আৰু বিপুলৰ পৰা বিদায় মাগি ছাত্রাবাস পালোহি।

ৰঞ্জিত আৰু বিপুলে শিয়ালৰ আপেক্ষা কৰি কৰি টোপনিয়াবলৈ ধৰিলে। শিয়ালৰ হোৱাও দেখোন শুনিবলৈই পোৱা নাই তেতিয়ালৈকে। খেলপথাৰখনৰ দাঁতিয়েদি ‘নেচনেল হাইৱে’টো। গাড়ী-মটৰৰ আহ-যাহ তেতিয়ালৈকে কমি গৈছে। ট্রাকবোৰ চলি আছে মাজে মাজে। নিশা দুইমান বাজিছিলে চাগে’! বিপুলে আকৌ মাজে মাজে টোপনিতে মুখেৰে কিবাকিবি বিৰবিৰাই থাকে। সেইদিনাখনো তেনে হৈছিল। ৰঞ্জিতৰ চিলমিলীয়া টোপনি আহিব ধৰিছিল, সি বিপুলক হেঁচুকি দিলে। ছাত্রাবাসলৈ ঘূৰি যাবলৈও মন গ’ল, কিন্তু আকৌ পিছদিনাখন আহিব লাগিব বুলি আৰু কিজানি অলপ পিচত শিয়ালৰ হোৱা শুনিবলৈ পোৱা যায়েই… সেই আশাত সিহঁত হামিয়াই হিকতিয়াই ৰৈ থাকিল।
… …
“হেন্দছ্‌-আপ’
“ফুৰৰৰৰৰৰত … ফুৰৰৰৰৰৰত’ হুইছেলৰ শব্দ।
“দুপ দাপ … দুপ দাপ’
খকামকাকে ৰঞ্জিত আৰু বিপুলে ঘৰটোৰ বাৰান্দাৰ মজিয়াৰ পৰা উঠি বহিল।
“হেন্দছ্‌-আপ’
টোপনিৰ জালত কি সেইটো, কপালতে লগাই থৈ দিছে, বাপৰে ইমান ঠাণ্ডা… সন্মুখতে পিষ্টল দেখি ৰঞ্জিতৰ সৰুপানী সৰকি যোৱাৰ উপক্রম হ’ল।
ইফালে কোনোবা এজনে ৱাকিটকীত কথা পাতি আছে। বিপুলে বুজিলে যে তাৰমানে সিহঁত পুলিচৰ পাল্লাত পৰিল। এই ৰাতিখননো কিহে পাইছিল জংগলৰ কাষত ৰৈ থাকিবলৈ। বাপ্পেকে পুলিচে বুজি পালেই হয় সিহতৰ কথাবোৰ, যিহে দিনকাল পৰিছে।
দুজন মানে সিহঁত দুয়োটাকে জপটিয়াই ধৰি লৈ ভালকৈ তালাচি ল’লে। নাই কি পাব, টেইপ ৰেকৰ্ডাৰটোৰ বাহিৰে আছিলনো আৰু কি! অৱশ্যে ৰঞ্জিতৰ পেন্টৰ পকেটত চাধাৰ টেমা এটা আছিল।
“উগ্রপন্থী ওলাইছ, ‘আর্মৰ্ছ’ ক’ত লুকুৱাই ৰাখিছ ক’ …
“ছাৰ, দুজনক ধৰিছো। কম বয়সৰ ল’ৰা। একো উলিয়াব পৰা নাই এতিয়ালৈকে। হয়তো এই জংগলতে লুকুৱাই ৰাখিব পাৰে’- এজনে ৱাকিটকীত কথা পাতিয়েই আছে। সেইফালৰ পৰাও কিবাকিবি নির্দেশ আহিছে।
‘কনিষ্টবল’ এজনে আনজনক ক’লে -“অই, কি উগ্রপন্থী অ’ ভয়তে দেখোন কঁপি আছে। ইমান ভয় নে ইহঁতৰ। এনেকৈ দেশ স্বাধীন কৰিবলৈ আহে? হাঃ হাঃ হাঃ!’

কোনোমতে ৰঞ্জিতে সেপ ঢুকি প্রকৃত কথাখিনি ক’লে। বহুত ‘ক্রছ কোৱেচন’ৰ আৰু ‘ৱাকিটকী’ত ওপৰৱালাৰ লগত কথাপতাৰ পিচত পুলিচে সিহঁত দুয়োজনকে আমাৰ ‘হোষ্টেল ছুপাৰীন্টেডেন্ট’ মানে ছাত্রবাসৰ তত্ত্বাৱধায়কৰ ওচৰলৈ লৈ আহিছিল …
… … …

মহাবিদ্যালয় সপ্তাহ আৰম্ভ হ’ল। নাটকত অংশগ্রহণ কৰাৰো সময় উপস্থিত হ’লহি। আমাৰ কিন্তু আৰু শিয়ালৰ ‘কে কে হোৱা’ বাণীবদ্ধ কৰা নহ’লগৈ। তথাপিও আমি দুজনমানে যিমান পাৰি শিয়ালৰ নিচিনাকৈ মাত উলিয়াবৰ চেষ্টা কৰিছিলো, পিছে আশানুৰূপ নোহোৱাত শিয়ালৰ ‘কে কে হোৱা’ নাটকৰ পৰাই বাদ দিলো। ইমানখিনি লটিঘটি হোৱাৰ পিছতো কিন্তু আগৰ দুবছৰৰ দৰে দিলীপৰ নেতৃত্বত আমাৰ ছাত্রাবাসেই বিজয়ীৰ সন্মান লাভ কৰিছিলো আৰু লগতে আছিল দিলীপৰ শিৰত শ্রেষ্ঠ অভিনেতাৰ মুকুট।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!