শীত (যমুনা বৰগোঁহাই)
শীত-শব্দটি যিমান কোমল সিমান মধুৰ। পৃথিৱীখন ৰৈ থাকে শীতৰ বুকুত এসন্ধ্যা জিৰাবলৈ।সূৰুযে দহিব নোৱাৰা দিনবোৰত নৈৰ বালিচৰৰ বনভোজ খোৱা, বৰদিন উদযাপন কৰা, দেৱী সৰস্বতীক পূজা কৰা-এই দিনবোৰ শীতৰ বুকুতহে হয়। শীতৰ সেমেকা ৰাতি লেপৰ তলত সোমাই পুৱাৰ তুহিনৰাশি চাবলৈ আকলুৱা প্রাণবোৰ ৰৈ থাকে। চাৰিওফালে কেৱল ভোগ আৰু ভোগ। পথাৰৰ শস্য ভঁৰালত সোমাল, খাল-বিল,পুখুৰীবোৰ শুকাল। বৰষুণ একেবাৰে শূণ্য বুলিলেও হয়। বিধ-বিধ মাছে বজাৰ ভৰি পৰে। বাৰীৰ শাক-পাচলি, বজাৰতো উভৈনদী শাক-পাচলিয়ে মোক খা মোক খা কৰি থাকে শীততহে। নানাধৰণৰ ফলমূল, স্থানীয়-আমদানিকৃত- বগৰী, জলফাই, সুমথিৰা, ৰবাব, চকলা নেমুৰ পক্ উঠে। নাখালেও খাব লাগিব, ভোগৰ বতৰ এয়া। ভোগালী বিহুটিও আহিছে। নতুন চাউলৰ ভাত, পিঠা-পনা, দৈ-চিৰাৰে ভৰপূৰ গৃহস্থী। নাই গা দহি যোৱা উত্তাপ, নাই বোকাপানী। পৰিভ্রমী চৰাইজাকে বিল, খাল, পুখুৰী ভৰি পৰিছে।আমাৰ খাদ্য, স্বাস্থ্য সকলো ৰসাল হৈ পৰে। আমি বৰ চহকী অসমীয়া। চাইবেৰিয়াৰ পৰা আহিল অতিথিজাক। আমেৰিকা, ইংলেণ্ডৰ পৰা আহিল কাজিৰঙা, মানাহলৈ পৰ্যটকৰ দল। ক’ব নোৱাৰাকৈ এই শীতকালতেই আমি চহকী হৈ পৰিলো। If winter comes can spring be far behind- বসন্তও আহিব গীত গাই গাই। শীতৰ ফুলবোৰে সকলোকে স্বাগতম জনালেই।
শীত তই চিৰ যৌৱনা।