শুভ নৱবৰ্ষ (সুব্রতা গোস্বামী)

subrata goswami

১) ‘গ্ৰীটিংছ্ কাৰ্ড’ৰ মাজৰ আবেগ’:

বিভিন্ন নক্সা আৰু ৰং-বিৰঙৰ ছবিৰে সমৃদ্ধ কিছু শুভেচ্ছা পত্ৰ অৰ্থাৎ গ্ৰীটিংছ্ কাৰ্ড।নৱবৰ্ষৰ প্ৰাকক্ষণত বিপণীসমূহত লানি নিচিগা শাৰী।সুন্দৰ মনপৰশা বাক্যৰে পৰিপূৰ্ণ। আস্ ! নিজ হাতে লিখি পঠিওৱা শুভকামনাৰ তুলনা নাই।নৱবৰ্ষৰ শ্ৰেষ্ঠ উপহাৰ কেৱল এই পত্ৰসমূহৰ মাজতে পাইছিলো।এতিয়াৰ যান্ত্ৰিকতাৰ অগ্ৰসৰৰ লগে লগে সকলো কাম খুব সহজসাধ্য হৈ পৰিল।এতিয়া ম’বাইলৰ এটা মেছেজে দখল কৰি ল’লে শুভেচ্ছা পত্ৰৰ ঠাই। কমি আহিল আকৰ্ষণ তথা আদান-প্ৰদান। আধুনিকতাৰ ধামখুমিয়াত এলাগী হৈ পৰি ৰ’ল অতীতৰ মনমোহা গ্ৰীটিংছ্ কাৰ্ড’বোৰ।ইয়াৰ মাজত নিহিত আবেগৰ তুলনা আন একোৰে লগত হ’ব নোৱাৰে।লগে লগে ‘ডিলিট’ কৰি দিব পৰা এটা মেছেজে অথবা ছ’ছিয়েল নেটৱৰ্কিং ছাইট’ত সমূহীয়াকৈ জনোৱা শুভেচ্ছা বাণীয়ে নিশ্চয়কৈ শুভেচ্ছা পত্ৰৰ লগত ফেৰ মাৰিব নোৱাৰে।আজিৰ ব্যস্ত যান্ত্ৰিক জীৱনক নেওঁচি আমি কিছু সময় হ’লেও পাৰ কৰিব পাৰো হৃদয়ৰ অনুভৱবোৰক অগ্ৰাধিকাৰ দি-নিজৰ স’তে,আনৰ স’তে।

২) ‘দেৱালত আঁৰি থোৱা কেলেণ্ডাৰখন’:

নৱবৰ্ষক আদৰি তাৰ সাক্ষৰ বহন কৰি নিঃশব্দে বেৰত ওলমি ৰয় এখনি কেলেণ্ডাৰ।প্ৰত্যেক বছৰে,পুৰণি বুলি বিগত বছৰৰ কেলেন্ডাৰখন আঁতৰাই তাৰ ঠাই লয়হি নতুন বৰ্ষটোৰ কেলেণ্ডাৰ এখনে। বাৰটা মাহৰ সাক্ষী হৈ বেৰত ওলমি ৰয় কেলেণ্ডাৰখন।ভাবি চাওঁ জানো তাৰ প্ৰয়োজনীয়তা অথবা উৎকৰ্ষতাৰ কথা! বাৰ মাহ অথবা ছয় ঋতুৰ সম্ভেদ দি যায় এখনি সামান্য কেলেণ্ডাৰে! ৰঙা ৰঙা চিনেৰে চিহ্নিত জিৰণিৰ দেওবাৰবোৰ।প্ৰতিটো দিৱস,প্ৰতিটো উৎসৱৰ বতৰা কঢ়িয়াই আনে যেন এই কেলেণ্ডাৰে। আমাৰ কাৰণে অনাৱশ্যকীয় বুলি জ্ঞাত এই কেলেণ্ডাৰখনেই এনেকৈয়ে বুকুত সাৱটি থাকে এটা বছৰৰ সকলো ভৰ নিৰৱে।

৩) ‘৩৬৫ দিনৰ খোজ পেলোৱা ডায়েৰীখন’:

৩৬৫ টা দিন…বহুত সময়! ধৰিব নোৱাৰাকৈ ঘঢ়ীৰ কাঁটাত খুব সহজে বাগৰে সময়।এটাৰ পিছত এটা দিন পাৰ হৈ গৈ থাকে।কিন্তু প্ৰতিটো দিনৰ অন্ত পৰে ডায়েৰীত লিখি ৰখা শব্দবোৰৰ সৈতে।যাৰ পাতে পাতে প্ৰতিফলিত হয় ব্যক্তিগত তথা সামাজিক জীৱনৰ উত্থান-পতন,ঘাত-প্ৰতিঘাত। মুক্ত মনে হৃদয়ৰ সকলো আবেগ-অনুভূতি ব্যক্ত কৰিব পাৰি ডায়েৰীৰ পৃষ্ঠাতহে।এজন মানুহৰ দিনলিপি ভাৰাক্ৰান্ত হৈ ৰয় এনেকৈয়ে (লিখিত ৰূপত)।প্ৰতিটো দিনৰ বৰ্ণনাৰে সমৃদ্ধ ডায়েৰীখনে অজানিতে আমাক দি থৈ যায় বছৰটোৰ অন্ততঃ তাৰ বুকুত খোদিত সমস্ত ইতিহাস।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!