শুশ্ৰূষা- সুনীল দত্ত

 তপন খুৰাৰ শহুৰেকৰ যোৱা থোৱা অৱস্থা৷ লৰালৰিকৈ ৰঙিয়াৰ হাস্পতালত ভৰ্তি কৰা হ’ল৷ খুৰাই তেতিয়া হাস্পতালৰ ওচৰতে ঘৰ এটা ভাৰা কৰি থাকে৷ খুৰাৰ শহুৰেকৰ কেওঁ কিছু নাই৷ গতিকে খুৰাৰ ওপৰতে শহুৰেকক চোৱা চিতাৰ ভাৰ পৰিল৷ খুৰাই হাস্পতালত শহুৰেকৰ ওচৰত বহি আছে৷ এনেতে জনজাতীয় নাৰ্ছ এগৰাকী আহি খুৰাক ক’লে-“কাকা৷ পাইপ এডাল লৈ আহ৷ বুঢ়াটোৱে গিলিব নোৱাৰে৷ পাইপেৰে খুৱাব লাগিব৷“ খুৰা পাইপ আনিবলৈ গ’ল৷ আধাঘণ্টা পিছত পাইপ আনি নাৰ্ছগৰাকীক দিলে৷ পাইপ দেখি নাৰ্ছগৰাকী অচেতন হৈ পৰিল৷

এতিয়া শুনক নাৰ্ছগৰাকী অচেতন হোৱাৰ আঁৰৰ কাহিনী৷ নাৰ্ছগৰাকীৰ কথামতে খুৰা পাইপ আনিবলৈ গ’ল৷ গৈ থাকোতে মনতে ভাবিলে যে যিহেতু শহুৰেকক পাইপেৰে খুৱাব লাগিব, গতিকে দীঘল পাইপ এডাল আনিলে খুৱাবলৈ সুবিধা হ’ব৷ খুৰা হাৰ্ডৱেৰৰ দোকান এখনলৈ গ’ল৷ দোকানীজনক ৰবৰৰ দীঘল পাইপ এডাল দিবলৈ ক’লে৷ দোকানীয়ে কিমান দীঘল লাগিব সুধিলে৷ খুৰাই মনতে হিচাপ কৰিলে৷ হাস্পতালৰ পৰা খুৰাৰ ঘৰলৈ এশ মিটাৰমান দূৰ হ’ব৷ তেতিয়া হ’লে ঘৈণীয়েক মেনকাই খোৱা বস্তু লৈ হাস্পতাললৈ নাহিলেও হ’ব৷ ৰান্ধি বাঢ়ি ঘৰতেই পাইপৰ এটা মূৰত খোৱাবস্তু সুমুৱাই দিলে আনটো মূৰত শহুৰেকে খাব পাৰিব৷ হিচাপতকৈ বিশ মিটাৰ বেছি অৰ্থাৎ এশ বিশ মিটাৰ দীঘল পাইপ কিনি খুৰাই ঠেলাত বোজাই দিলে৷ কেকোঁজেকোঁকৈ পাইপৰ বাণ্ডিলটো ডাঙি আনি নাৰ্ছৰ ওচৰত ধুপুচকৈ পেলাই দিলে৷ “বাইদেউ, এইডাল পাইপ আনিলো৷ সোনকালে ফিটিং কৰি দিয়ক৷ দুপৰীয়াৰ ভাত হৈছেই চাগে’৷ সোনকালে খুৱাব লাগে৷“

এতিয়া আপোনালোকেই কওক, নাৰ্ছগৰাকী অচেতন হ’বনে নাই?

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!