শূন্য আৰু এক – অত্ৰেয়ী গোস্বামী
একাজলি হুমুনিয়াহ খহি পৰাৰ পিছত
এমুঠন আৱেগত পিচল খাই
চেঁচা পৰে কলিজা৷
বুকুৰ পৰা বুকুলৈ এডালেই সাঁকো
অহা আৰু যোৱা, যেন
বাইনেৰী জিৰ’ আৰু ৱান৷
পোহৰৰ কথাবোৰে আন্ধাৰৰ জলঙাইদি
হেঁপাহৰ বাট কাটে,
আকৌ শূন্য আৰু একৰ দৰে ওপঙি থাকে
স্বাভিমানৰ পাহাৰ৷
অলৌ গুটি টলৌ গুটি কচুগুটি লাই
এইখন হাতৰ গুটিটো সেইখন হাতত পায়৷
পালেই এক, নাপালেই শূন্য
বাইনেৰী পৃথিৱীৰ শূন্যবোৰে থূপ খাই
আঙুৰৰ থোপা একোটা সাজে
এক এটা পালেই ওলমিব পৰাকৈ
ঠিক টোকোৰা চৰাইৰ বাহৰ দৰে৷
শূন্য আৰু একৰ হেন্দোলনিত
জীৱনৰ হাঁহি- কান্দোনৰ নিঃশেষ উদাৰতা
যদি জীৱন মানেই এক, তেন্তে
শেষ বিন্দুত শুই থকা মৃত্যু যে শূন্য উপত্যকা৷
শূন্যৰ ভৰত দোঁ খাই হিম-চেঁচা
একবোৰ চিটিকি পৰে
পনিয়লী সপোন এডৰাই খামুচি থাকে
শূন্য আৰু শূন্য
শূন্য আৰু এক
এক আৰু শূন্য
অথবা
এক আৰু এক৷