শৈশৱ, নৈ আৰু মই: প্ৰতীম কুমাৰ বাঢ়ৈ

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

শৈশৱ, নৈ আৰু মই

প্ৰতীম কুমাৰ বাঢ়ৈ

‘শৈশৱ’ বুলিলেই প্রত্যেক জন ব্যক্তিৰ জীৱনৰে এক পাহৰিব নোৱাৰা ৰঙীন স্মৃতি।হাঁহি ধেমালিৰে ভৰপূৰ প্রতিটো দিনেই পিছৰ জীৱনত কেতিয়াবা বৰকৈ আমনি কৰে।জীৱন বাটত আগবঢ়া প্রতিজন ব্যক্তিৰেই আতীতৰ এই মিঠা দিন বোৰ স্মৃতিৰ মণিকোঠাৰ একোণত সজীৱ হৈ থাকে।
আন সকলোৰেই দৰে মোৰো এই সোণালী দিন বোৰৰ অভিজ্ঞতাই যেন সুকীয়া।অতীতত গাঁৱৰ এক সহজ সৰল পৰিৱেশত ডাঙৰ হোৱা এজন ল’ৰাৰ যেন সকলো বোৰ প্রভাৱেই মোৰ ওপৰত পৰিছেল।শৈশৱতে নদীত গা ধোৱা,মাছ মৰা,বৰশী বোৱা,আনৰ বাৰীৰ আম কঠাল চুৰি কৰা,গ’ৰু চৰাব যোৱা আদি ৰঙীণ দিনবোৰ আজিও ৰোমন্থন কৰোঁ প্রতি পলে।এতিয়াও গাঁৱলৈ গ’লে বা বাছত কেতিয়াবা কোনো ঠাইত নৈৰ ওচৰৰে পাৰ হৈ যোৱা মুহূর্ত খিনিত যদি কোনো ল’ৰা ছোৱালীয়ে নৈত জপিয়াই গা ধুই থাকা দেখো শৈশৱৰ এক মধুৰ স্মৃতিলৈ মনত পৰি মিচিকিয়াই উঠোঁ।

আমি নিশ্চয় তেতিয়া ৫ম মান শ্ৰেণীত আছিলোঁ।জুলাই মাহ গৰম বন্ধৰ দিন তেতিয়া।মই আৰু মোৰ বন্ধু এজনে সদাই দুপৰীয়া ভাত-পানী খাই গৰু চৰাব’লৈ বুলি ওলাই যাওঁ।আমাৰ প্রকৃত উদ্দেশ্য ওচৰৰে নৈ খনত গা ধোৱাৰ।ঘৰত কিন্তু আমি গৰু চৰাবলৈ বুলি গৈ এফালে গৰু মেলি দি আনফালে নদীত সাঁতুৰি ফুৰাৰ কথা গম পোৱা নাছিল।আমি ভালকৈ সাঁতুৰিব নজনাৰ বাবেই নিশ্চয় মাহঁতে ভয় কৰি আমাক নদীৰ ফালে যাবলৈ দিয়া নাছিল।কেইবাদিনো ধোৱাৰ পাছত এদিন মোৰ লগৰ জনে মোক পানীত বুৰ মাৰি দেখুৱাই আছিল।সি সাঁতুৰাত মোতকৈ পাকৈত আছিল।মই গা ধুবলৈ নৈত নানামি কাপোৰ কানি নোখুলাকৈয়ে পাৰতে ৰৈ আছিলো।তাৰ সকলো কাপোৰ-কানি তেতিয়া নৈৰ পাৰতে আছিল।এনেতে নৈ কাষৰীয়া বাটটোৱেদি আহিল নহয় বন্ধু জনৰ এজন সম্পর্কীয় ককাইদেউ।ককাইদেউ আমাৰ ওচৰলৈ আহিছে বুলি কোৱাত বন্ধুজন ভয় আৰু লাজত আলপ সময় পানীতে বুৰ মাৰি থাকি পিছত নৈ সিটোকানৰ কহুঁৱাৰ মাজত লুকালগৈ।ককাইদেউ জনে আমাক নৈত গা ধোৱা দেখি খঙত বহুত গালি পাৰিছিল, লগতে ঘৰত জনাই দিম বুলি কোৱাত ভয় খাই বন্ধুজন কোনোপধ্যেই ওলাই নহা হ’ল।অবশেষত ককাইদেউ এ সি এসেকা পাওক বুলিয়ে তাৰ গোটেই কাপোৰ খিনিকে উঠাই ঘৰলৈ বুলি লৈ আহিলে। ককাইদেউ এ কাপোৰ খিনি ল’ৰাজনৰ ঘৰত দি আমাৰ ঘৰলৈ গৈ দেউতাৰ ওচৰত গোচৰ দিলেগৈ। ইফালে ককাইদেউ যোৱাৰ পাছত বন্ধুজনৰ গাত কাপোৰ নথকাত দুয়ো লাজ আৰু ঘৰত এসেকা খোৱাৰ ভয়ত নৈৰ পৰা আহিব নোৱাৰা হ’লো। শেষত ঘৰলৈ গৰু নিবলৈ সময় হোৱাত সি তেনেকৈয়ে আহিবলৈ মান্তি হ’ল।আমি দুয়ো গাঁৱৰ মাজেৰে ঘৰলৈ বুলি যাওঁতে বন্ধুজনক দেখি সকলোৱে হাঁহিব ধৰিলে আৰু সোধাত লাগিল কি বা হ’ল বুলি। শেষত দুয়ো বাটত একো মাত বোল নকৰাকৈ গৰু লৈ কোনোমতে ঘৰ ওলালত ঘৰত আকৌ আৰম্ভ হ’ল মা-দেউতাৰ গালিৰ পর্ব। সন্ধিয়া হাত-ভৰি ধুই ঘৰৰ ভিতৰ সোমাওঁতেই নদীত ধুই অনা কোমল পিঠি খনত পৰিল যাতি বাঁহৰ মিহি চেতেকনিৰ কোব। সন্ধিয়াৰ নিমাত ঘৰ খন মুখৰিত হৈ পৰিছিল আজিৰপৰা আৰু নৈত গা ধুবলৈ নাযাওঁ বুলি চিঞৰা কাতৰ চিঞৰটিৰে।কিন্তু কোনে বাধা দি ৰাখিব পাৰে শৈশৱৰ বন্ধুৰ সৈতে কৰা দুষ্টালিবোৰ।তেতিয়াৰ পৰা নৱম মান শ্রেণী পোৱালৈকেটো মা-দেউতাৰ গালি শপনিৰ মাজতে লুকাই চুৰকৈ হ’লেও নদীত জপিয়ায়েই আছিলোঁ৷

‘শৈশৱ’ বুলিলেই প্রত্যেকজন ব্যক্তিৰ জীৱনৰে এক পাহৰিব নোৱাৰা ৰঙীন স্মৃতি।হাঁহি ধেমালিৰে ভৰপূৰ প্রতিটো দিনেই পিছৰ জীৱনত কেতিয়াবা বৰকৈ আমনি কৰে।জীৱন বাটত আগবঢ়া প্রতিজন ব্যক্তিৰেই আতীতৰ এই মিঠা দিন বোৰ স্মৃতিৰ মণিকোঠাৰ একোণত সজীৱ হৈ থাকে।আন সকলোৰেই দৰে মোৰো এই সোণালী দিন বোৰৰ অভিজ্ঞতাই যেন সুকীয়া।অতীতত গাঁৱৰ এক সহজ সৰল পৰিৱেশত ডাঙৰ হোৱা এজন ল’ৰাৰ যেন সকলো বোৰ প্রভাৱেই মোৰ ওপৰত পৰিছেল।শৈশৱতে নদীত গা ধোৱা,মাছ মৰা,বৰশী বোৱা,আনৰ বাৰীৰ আম কঠাল চুৰি কৰা,গ’ৰু চৰাব যোৱা আদি ৰঙীণ দিনবোৰ আজিও ৰোমন্থন কৰো প্রতি পলে।এতিয়াও গাঁৱলৈ গ’লে বা বাছত কেতিয়াবা কোনো ঠাইত নৈৰ ওচৰৰে পাৰ হৈ যোৱা মুহূর্ত খিনিত যদি কোনো ল’ৰা ছোৱালীয়ে নৈত জপিয়াই গা ধুই থাকা দেখো শৈশৱৰ এক মধুৰ স্মৃতিলৈ মনত পৰি মিচিকিয়াই উঠোঁ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!