শ্বহীদ – মিতালী বৰ্মন
আজি মোৰ জন্মভূমিৰ জন্মদিন
আজি নীল আকাশত চিলা উৰুৱাৰ দিন
আজি মোৰ জন্মভূমিৰ জন্মদিন
জন্মভূমিৰ হৃদয়ত লিখা আছে
কত কাহিনী
সুখৰ, দুখৰ, তেজৰ, ফুলৰ
দুখৰ নৈ বৈ যায়
তেজৰ সাধু ৰৈ যায়
সেই চিপাহী বিদ্ৰোহ
সেই জালিয়ানৱালা বাগ
সেই বিয়াল্লিশৰ গণবিপ্লৱ…
আৰু স্বদেশপ্ৰেমৰ নিচা
কাৰ বুকু উদং হ’ল
কাৰ সেওঁতা উকা হ’ল
কাৰ বান্ধোন হেৰাই গ’ল
আঙুলিৰ পাবে ৰাখিব পাৰিলে জানো হিচাপ!
তুমি কোন নাজানো
মই কোন নিচিনো
আমাৰ ধমনিত মাথোঁঁ
স্বদেশপ্ৰেমৰ ৰক্ত
সিৰাই সিৰাই বাজে মাথোঁঁ
স্বাধীনতাৰ গীত
তেজৰ সাধু শেষ হয়৷
তেজৰ সাধুৰ শেষত
নতুন সূৰ্য আহে আৰু আহে
ফুলৰ সাধু, তৰাৰ সাধু
আৰু আমাৰ সাধু…
“এখন দেশত এজন ৰজা আছিল৷ “
অথবা “এখন গাঁৱত এজনী ছোৱালী আছিল৷ “
হৈ ৰ’ব পাৰোঁ আমি ইতিহাস বা
সাধুকথাৰ এটি চৰিত্ৰ
তথাপি আজি আমাৰ উল্লাসৰ দিন
আজি মোৰ জন্মভূমিৰ জন্মদিন
নীল আকাশত চিলা উৰুৱাৰ দিন
আজি মোৰ জন্মভূমিৰ জন্মদিন
নালাগে নালাগে মোক চন্দন কাঠৰ চিতা
কিম্বা সুগন্ধি গোলাপ
হেলাৰঙে বুকু পাতি
স্বাধীনতাৰ যজ্ঞাহুতিত
এয়ে হৈ ৰ’ব মোৰ স্বৰ্গযাত্ৰা
এয়ে হ’ল মোৰ স্বৰ্গযাত্ৰা
মই কনকলতা
মই কনকলতা
মই কনকলতা
মিতালী বৰ্মন