শ্বায়েৰী এটা বিচাৰি: শান্তনু চাংমাই

সঁচা মিছাৰ মাজতে
এটি ককটেইল আবেলি
চাহৰ কাপত কফি
আৰু দিলখুছ শ্বায়েৰী।
 
সপোনৰ মৰা-শ
লিৰিকি বিদাৰি
পচাবোৰ আঁতৰাই
কেঁচাবোৰ পখালি
অচিনাকি গলি এটালৈ
সোমাই যায় মাজনিশা
ভালপোৱাৰ টেকনিক নজনা
দুখন ভালপোৱাৰ পৃথিৱী।
 
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!