সুখবোৰ তাই, দুখবোৰো তাই: ধ্ৰুৱ কলিতা

তাইৰ লিহিৰি আঙুলিৰ মাজত
মোৰ বুকুৰ সমস্ত দুখৰ স্থিতি,
এবাৰ চুই দিলেই
নিঃশেষ মোৰ সমস্ত সুখ ।
তথাপি দুখেই ভাল
স্থিতিৰ পৰিগৰ্ভত চক্ৰবিহীন ৰথ ই
গতিবোৰ তেনেই শূন্য ।
 
দুৰ্বিষহ কি যে তাইৰ স্পৰ্শ
শূন্যতেই গতি সলাই
বুৰ মাৰে, শেষ হয় সুখ
দুখবোৰে চানি ধৰে,
টোপ টোপ জীৱন সৰে।
 
উপকূল তেতিয়া সেমেকি উঠে
ঊৰ্মিমালাই শুনায় ঊষাৰ কহিনী ।
কিবা এটা পলাতক যন্ত্ৰণাত
উন্মাদ বেদনা প্ৰত্যাহাৰৰ আহ্বানত
মই সুখী হওঁ……..
তাইৰ লিহিৰি আঙুলিৰ মাজত
মোৰ বুকুৰ সমস্ত দুখৰ স্থিতি ।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!