শ্ৰদ্ধাঞ্জলি

 

সাহিত্য ডট অৰ্গ তথা ভাষা-সাহিত্য সন্মিলনী, অসম
অসমীয়া সংগীতজগতৰ মুকুটবিহীন সম্ৰাট শ্ৰদ্ধাৰ খগেন মহন্তদেৱৰ প্ৰয়াণত সাহিত্য ডট অৰ্গ তথা ভাষা-সাহিত্য সন্মিলনী, অসম-ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈয়ো সমবেদনা জনোৱা হ’ল। তেখেতৰ বিয়োগে অসমীয়া সংগীত জগতৰ এক অপূৰণীয় ক্ষতি সাধন কৰিলে।

ড° মৃণাল জ্যোতি গোস্বামী, সভাপতি, ভাষা-সাহিত্য সন্মিলনী, অসম
সুৰীয়া সুৰ এটা নাইকীয়া হ’ল…তেখেতৰ আত্মাই শান্তি লাভ কৰক৷

হিমজ্যোতি তালুকদাৰ
এজাৰ ফুলবোৰ ফুলিলে এতিয়া সঁচাকৈয়ে বেজাৰ লাগিব।

শান্তনু চাংমাই
কটন কলেজৰ শত বাৰ্ষিকী অনুষ্ঠানত অসমীয়া সংগীতৰ তিনি মহাৰথীৰ অনুষ্ঠান একে সন্ধিয়াতে উপভোগ কৰিবলৈ পাইছিলোঁ।
তেতিয়া ছাত্ৰ হৈ আছিলোঁ- পকেট মাণি বেছি নাছিল। ১০০ টকীয়া টিকেট এটা কাটি পিছত সুৰুঙা বিচাৰি একেবাৰে আগৰ শাৰীবোৰত (মানে ৫০০ টকীয়া শাৰীত) বহি লৈছিলোঁ।
হঠাতে এদিন সেই তিনি মহাৰথীৰ এজনে- ড° ভূপেন হাজৰিকাই আমাক এৰি গুচি গ’ল।
অলপ আগতে শুনিলোঁ- সেই তিনিৰ আন এজন, খগেন মহন্তৰ দেহাৱসান ঘটিল।
তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।
অসমীয়া সংগীতৰ শ্ৰোতা হিচাপে তেখেতক চিৰ নমন।

হিংমাশু ৰঞ্জন ভূঞা
অসমীয়া থলুৱা লোকগীত আৰু বিহুগীতৰ মুকুটবিহীন সম্ৰাট বিশিষ্ট সংগীত বিশেষজ্ঞ গণশিল্পী খগেন মহন্ত আৰু আমাৰ মাজত নাই৷
‘কলৰে পাততে কাউৰী পৰে’, ‘বৰষুণৰ বতৰত মইনা নুঠে মটৰত’, ‘এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ’, ‘পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি’, ‘ব’হাগৰ কুঁহিপাত পেঁপাটিৰ মিঠা মাত’ আদি মনপৰশা গীতেৰে অসমৰ হেজাৰ বিজাৰ শ্ৰোতাক বিমুগ্ধ কৰিবলৈ খগেন মহন্ত আৰু কাহানিও নাহে৷
অতি আকস্মিকভাবে কালি বিয়লি ৩-৪০ বজাত নিগাজীপামৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিলে আমাৰ সকলোৰে অতি চেনেহৰ আৰু শ্ৰদ্ধাৰ মহান শিল্পী খগেন মহন্তই৷
তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক ৷…… এয়াই একান্ত কামনা……..

মমিতা নৰহ
জনপ্ৰিয় শিল্পী আচলতে কোনসকল?
১৯৮১/৮২ চনৰ কথা, ডিব্ৰুগড়ৰ কোনোবা এটা বিহু মঞ্চত প্ৰিয় শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ সংগীতানুষ্ঠান আছিল৷ কিন্তু ৰাতি একমান বজালৈকে আয়োজকসকলে এই মহান শিল্পী গৰাকীক মঞ্চত পৰিবেশন কৰিবলৈ নিদি বহিবলৈ দিছিল৷ বিহু অনুষ্ঠান যিকোনো প্ৰকাৰে ৰাতিপুৱাই দিব লাগিছিল কাৰণে লোকেল গায়ক এজন-দুজনে গান গোৱা আৰম্ভ কৰিছিল তেতিয়া৷ হঠাৎ ধুমুহা, বৰষুণ আহিল…….. মানুহবোৰ ঘৰমুৱা হ’বলৈ ধৰিলে৷ সেই সময়তে খগেন মহন্ত আৰু অৰ্চনা মহন্ত মঞ্চলৈ উঠি আহিল৷ জনপ্ৰিয় শিল্পীজনৰ বিহু কণ্ঠস্বৰ শুনা পোৱাৰ লগে লগে হেনো ধুমুহা-বৰষুণত তিতি-বুৰি অনুৰাগীসকল উভতি আহিল৷ সেইদিনাৰ বৰষুণত তিতি, বিহু নাচি তেওঁৰ অনুষ্ঠান ৰাতিপুৱালৈকে উপভোগ কৰাৰ আমেজ মোৰ দেউতাই এতিয়াও পাহৰিব পৰা নাই৷ কালি এই মহান শিল্পীজনৰ বিয়োগৰ খবৰ পাই দেউতাই কথাষাৰ কৈছিল৷ হয়, তেনে জনপ্ৰিয়তা বহুত কম শিল্পীয়ে জীয়াই থকা সময়ত লাভ কৰে৷ মহান শিল্পীজনৰ আত্মাই শান্তি পাওক……….৷৷৷

ৰক্তিম শৰ্মা
শ্ৰদ্ধাৰ গণশিল্পী খগেন মহন্তদেৱৰ দেহাৱসান অসমৰ সংগীতজগতৰ অপুৰণীয় ক্ষতিয়েই নহয়, অসমৰ কৃষিজীৱী জনগণে তেওঁলোকৰ একমাত্ৰ সাংস্কৃতিক প্ৰতিনিধিগৰাকীক চিৰকাললৈ হেৰুৱাই পেলালে। যিজনে কণ্ঠত কঢ়িয়াই লৈ ফুৰিছিল শ্ৰমজীৱী জীৱনৰ সুখ-দুখ-উল্লাস-বিষাদৰ স্বপ্নভৰা সাগৰ সদৃশ আবেগ। এনে এগৰাকী শ্ৰমজীৱী জনগণৰ সাংস্কৃতিক প্ৰতিনিধি যাৰ সুৰত অহৰহ বৈ থাকে স্বদেশৰ কেঁচা মাটিৰ সুৰৰ সুবাস, সেই সুৰ আৰু উভটি নাহে। প্ৰকৃততে ক’বলৈ গ’লে অসমৰ জনগণে সঁচা এজন জনতাৰ শিল্পীক হেৰুৱাই পেলালে। এই ক্ষতি অহা এশবছৰলৈ কোনোৱে পুৰণ কৰিব পাৰিবনে সন্দেহ।
“চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কঢ়িয়াও….. এৰি অহা সৰু পোনাটিৰ ঠুনুক ঠানাক মাতটি ঘুনুক ঘানাক উটি আহে…. কোমল ধানৰ কঠীয়া পেলালিনে নাই… “৷ “৷……এই গীতবোৰ শুনিলে বুকু বিষাই নাযায়নে! শ্ৰদ্ধাৰ খগেন মহন্তদেৱৰ প্ৰতিটো গীতেই চিৰসেউজীয়া গীত।
আজি অসমৰ সাংস্কৃতিক জগতৰ এটা যাত্ৰা শেষ হ’ল। সেই যাত্ৰা আছিল অসমৰ সংস্কৃতিক কৃষিজীৱী সমাজৰ পৰা বুটলি আনি বিশ্ব জনতাৰ চোতালত মূৰ তুলি থিয় দিয়াৰ যাত্ৰা। এতিয়াৰ যাত্ৰা ধনী-মধ্যবিত্তৰ পণ্যৰ জিকমিকনিৰ পৰা আৰম্ভ কৰি গোলকীয় বিশ্বৰ সৈতে জীণ যোৱাৰ যাত্ৰা। সেই যাত্ৰা আছিল সৃষ্টিৰ যাত্ৰা। আজিৰ যাত্ৰা ধ্বংসৰ যাত্ৰা। অসমৰ জনগণে অনাগত দিনত আৰু এজন খগেন মহন্তৰ জন্ম হোৱাটো বিচাৰিছে। কাৰণ আজিৰ সাংস্কৃতিক উত্তৰসুৰীয়ে যি বাটেৰে গৈছে তাৰ সৈতে শ্ৰম-সৃষ্টি-স্বদেশৰ কেঁচা মাটিৰ সুবাস নাই। আছে মাথোঁ লোকসংগীতক পণ্য কৰি গোলকীয় সংস্কৃতিৰ চকু চাট মৰা চিকমিকনি। তেখেতৰ সংগীতৰ যি ধাৰা তাৰ সঠিক মূলাংকন হোৱা দৰকাৰ। জনগণে তেখেতক দিয়া মৰ্যাদাৰো সঠিক মূল্যাংকন হওক। অন্যথা পিছলৈ নৱ প্ৰজন্মই সেই ধাৰাৰ সত্যক উপলব্ধি কৰাৰ পথ ৰূদ্ধ হ’ব। তেখেতৰ সংগীতৰ ধাৰা যুগজয়ী হৈ ৰওক তাৰেই কামনা কৰিছোঁ। অসমৰ জনগণৰ পৰম শ্ৰদ্ধাৰ প্ৰয়াত গণশিল্পী খগেন মহন্তদেৱ অমৰ হওক।

মনোজ কুমাৰ মহন্ত
অসমবাসীৰ বাবে দুর্ভাগ্যজনক ঘটনা। বিহু সম্রাট হিচাপে জনাজাত মহান শিল্পী জনাই নিজে সৃষ্টি কৰা কেচাঁ মাটিৰ গোন্ধ থকা ধাৰাটোৰ যোগ্য উত্তৰসুৰী এজন শিল্পীজনাই জীৱিত কালত দেখা নাপালে। আমি ভাবোঁ, ভবিষ্যতে এই ধাৰাটো আগবঢ়াই নিব পাৰিলে, সেয়া হ’ব শিল্পীজনৰ প্রতি অসমবাসীৰ শ্রেষ্ট কৃতজ্ঞতা।

মিতালী বৰ্মন
এনেবোৰ খবৰ শুনিবলৈ মুঠেই মন নাযায়। অসমীয়া সংগীত জগতৰ মুকুটবিহীন সম্ৰাট খগেন মহন্ত আমাৰ মাজত আৰু নাই। আমাক ৰেডিঅ’ৰ যোগেদি ‘অ’ তুলতুল অ’ বুলবুল অ’ সেউতী তৰা’ শিকোৱা আমাৰ সকলোৰে মৰমৰ খগেন মামা আৰু কেতিয়াও নাহে আমাক গীত শিকাবলৈ… মৰ্মাহত হৈছোঁ!!
আজি খগেন মামাই নলবাৰীলৈ বিহুৰ অনুষ্ঠান কৰিবলৈ অহা দিনটোলৈ বৰকৈ মনত পৰিছে। সিদিনা খগেন মামাই মঞ্চত উঠি হাৰম’নিয়ামত হাত বোলাই আৰম্ভ কৰিছিল “বৰষুণৰ বতৰত মইনা নুঠে মটৰত” (আমাৰ বয়সো তেতিয়া খগেন মামাৰ গীতৰ মইনাজনীৰ সমান)। লগে লগে ক’ৰ পৰা জানো হুৰহুৰাই এজাক ধুমুহা-বৰষুণ আহিছিল! ধুমুহা-বৰষুণৰ বাবে অনুষ্ঠান স্থগিত হৈ গৈছিল। সিদিনা আৰু বিহুৰ অনুষ্ঠান নহ’ল। কাকতালীয়ভাবে আজিও ৩মান বজাৰ পৰা দিল্লীত বৰষুণ আহি আছিল… আৰু মনৰ বাহিৰে-ভিতৰে বৰষুণ আনি খগেন মামা স্তব্ধ হৈ গ’ল চিৰদিনৰ বাবে…
মামা, আপোনাৰ বিয়োগত যাঁচিলোঁ একাঁজলি অশ্ৰু অঞ্জলি…

গীতাৰ্থ কৌশিক বৰঠাকুৰ
বেলি গ’ল গধূলি হ’ল হৰি নাম ল’বলৈ মনত নহ’ল… হৰি নাম ল’বলৈ মনত পেলাই দিয়াজন আজি নিজেই হৰি হৈ গ’ল…
তেখেতৰ বিদেহী আত্মাই সদগতি পায় যেন সেয়াই প্ৰাৰ্থনা….

ৰত্নেশ্বৰ নাথ
বাকৰূদ্ধ হৈ গৈছোঁ, অতি মৰ্মাহত! কি ক’ম কি কৰিম ভাবি পোৱা নাই! তেখেতে গোৱা প্ৰতিটো গীত মনলৈ আহিছে।

উচ্চজিৎ কলিতা
খগেনমামা নাই তাৰমানে  । অসমৰ খাটি খোৱা মানুহৰ গণশিল্পীৰ অৱশেষৰ দুজনৰ এজন নোহোৱা হ’ল। বিহুটি অনাথ হ’ল। সুমলাৰ জীয়েকৰ খবৰ ল’বলৈও কোনো নোহোৱা হ’ল। আপোনাৰ গানত আপোনাক সদায় পাই থাকিম। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ (বিশেষকৈ অৰ্চনা মহন্ত মামীদেউলৈ কাৰণ তেখেতৰ কৰ্ম আৰু জীৱনৰ সহযোগীজন নোহোৱা হ’ল) সমবেদনা যাচিলোঁ।

ধ্ৰুবজ্যোতি শৰ্মা
পাৰৰ পাখিত গাঁঠি দিবলৈ চিঠিখন আৰু নাই। নাই সেই ফুলাম চিঠিৰ লেখক। জগতক বিহুৰ ওলগণি জনাবলৈ তেওঁ অহা ব’হাগলৈ নৰ’ল। অসমৰ বহু প্ৰাণপৰশা সংগীত উপহাৰ দি অসুস্থ দেহাৰেই এই পৃথিৱীৰ পৰা মেলানি মাগিলে ‘বিহু সম্ৰাট’ খগেন মহন্ত। তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।

ৰিতুৰাজ বৰদলৈ
এটা সময় আছিল মঞ্চত বিহু বুলি ক’লে এইজনা শিল্পীৰ কথাই প্ৰথম মনলৈ আহে৷ সেইদিন সোঁৱৰণী হৈ ৰ’ল৷

হিমাংশু প্ৰদীপ বৰুৱা
অন্যতম প্ৰিয় গায়কজনলৈ শ্ৰদ্ধাঞ্জলি…..
এটা নাকি কণ্ঠস্বৰ। সৰুতে ৰেডিঅ’ত তেখেতৰ মাতটো প্ৰথম শুনোতে এনে এটা ভাবেই মোৰ হৈছিল, কিয়নো নিজেও এজন গান গোৱা ল’ৰা হিচাপে আমাক সেই সময়ত গান গাওঁতে নাকৰ উচ্চাৰণ নকৰাকৈ বা খুলি গাবলৈ শিকোৱা হৈছিল। সেই সময়ত খগেন-অৰ্চনা, ভূপেন-জয়ন্ত, দ্বীপেন-পুলকৰ গীতসমূহই আছিল আকাশবাণীত সৰ্ব্বাধিক প্ৰচাৰিত গীত। আমি সেই গীতসমূহকে বাৰম্বাৰ শুনিব লগা হৈছিল কাৰণ একমাত্ৰ ৰেডিঅ’টোৰ বাহিৰে সেই সময়ত বিনোদনৰ যে নাছিল একো বিকল্প। এনেদৰে শুনোতে শুনোতে এই শিল্পী কেইজনৰ কণ্ঠই মোক বাৰুকৈ প্ৰভাম্বিত কৰিছিল। ইয়াৰ ভিতৰত ‘কাউৰী পৰে’ গীতটো মই ৰেডিঅ’তকৈয়ো আগতে দেউতাৰ মুখতহে প্ৰথমে শুনিছিলোঁ, কাৰণ দেউতা আছিল সদ্য প্ৰয়াত খগেন মহন্তৰ ইউনিভাৰচিটিৰ সহপাঠী। দেউতাই কৈছিল কিদৰে ৬০ দশকত খগেন মহন্ত বিশ্ববিদ্যালয়ৰ সকলো অনুষ্ঠানৰ প্ৰাণ বিন্দু আছিল। আমি ঘৰত পঢ়া টেবুলখনতে হাতেৰে টুক্-টুকাই দেউতাই অৰ্থ ভাঙনিসহ সেই কালজয়ী গীতটো গাই থাকোঁতে মোৰো চকু জলজলিয়া হৈ পৰিছিল। কিদৰে চকুৰে নেদেখা দূৰণিত থকা পিয়ন এজনে নিজ স্ত্ৰী জেউতি, ঠুনুক-ঠানাক সৰু পোনাকণ আৰু গাঁওখনলৈ মন পেলাইছে, সম্ভৱত এই গীতটিৰ শ্ৰেষ্ঠ অভিব্যক্তিৰ দৰে আন এটা সমকক্ষৰ গীত অসমত বৰ্ত্তমানলৈকে হোৱা নাই চাগৈ। অৰ্ধশতকবাৰ ৰেডিঅ’, টিভিত যেতিয়াই এই ‘কাউৰী পৰে’ গীতটো শুনি আহিছোঁ অজানিতে মোৰ গাৰ নোম শিঁয়ৰি উঠে। এইদৰে এই নাকি কণ্ঠস্বৰৰ শিল্পীজনে মোৰ দৰে হাজাৰজনৰ মনত দ-কৈ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। ‘কাউৰী পৰে’ৰ পাছত ‘পাহৰৰ জুৰিটি’, ‘যায় অ’ কাণু বায় বেণু’, ‘মা আমি শদিয়ালৈ যাম এ’ আৰু ‘বাঁহৰ মুঢ়া বগৰীৰ গুৰা/এটা যে আছিল বুঢ়া’ শীৰ্ষক তেখেতৰ গীতকেইটি মোৰ সবাতকৈ প্ৰিয়। মাত্ৰ তিতাবৰত এবাৰ চাবলৈ পোৱা তেখেতৰ লাইভ প্ৰগ্ৰেমৰ বাহিৰে টিভিতহে পিছলৈ বেছিকৈ দেখিছোঁ। মিছা ক’ব নাপায় যি সময়ত আমাৰ দোভাগ ৰাতি টোপনি খটি কৰি, কেতিয়াবা বৰষুণত জুৰুলি জুপুৰি হৈ বিহু ফাংচন চোৱাৰ দিনবোৰ আছিল সেই সময়ত চহৰৰ প্ৰধান প্ৰধান বিহু সন্মিলনবিলাকত আমি ৰিদীপ দত্ত, অৰুণ দাস, উষা উথুপ, চাৰু গোঁহাই, জয়ন্ত নাথ বা জিতুল সোনোৱালকহে দেখিছিলোঁ। মহান বিহুমঞ্চ সম্ৰাট বুলি জনাজাত খগেন মহন্তৰ বিহু শুনিবলৈ দাঁতি কাষৰীয়া অঞ্চললৈ যাবলগীয়া হৈছিল; যিটো সেইসময়ত আমি চাইকেল মাৰি যোৱা সম্ভৱ নাছিল। গুৱাহাটীত পঢ়ি থাকোঁতে আকাশবাণী কেন্দ্ৰৰ সন্মুখত তেওঁক একেবাৰে ওচৰৰ পৰা পাইছোঁ। সেই সময়ত আকাশবাণীৰ আৰ্কাডৰ পৰা বহু প্ৰতিষ্ঠিত গায়ক গায়িকাৰ গীত মছি পেলোৱা বুলি খগেন মহন্তৰ এটা মিছা অপবাদো ওলাইছিল। কাৰণ তেওঁ আছিল আকাশবাণীৰ সেই সময়ৰ কেন্দ্ৰ সঞ্চালক। সি যি কি নহওঁক, মোৰ অন্যতম প্ৰিয় গায়কজনৰ আকস্মিক বিয়োগে আন বহুজন অনুৰাগীৰ দৰে মোকো মৰ্ম্মাহত কৰিছে যদিও আমি আশাবাদী তেওঁৰ সুযোগ্য পুত্ৰ পাপনে পিতৃৰ অভাৱৰ প্ৰতিটো মুহূৰ্ত্ত সগৌৰৱে পাহৰাই ৰাখি গণশিল্পীগৰাকীৰ বিহু সৃষ্টি আৰু শৈলীক বিশ্ব দৰবাৰলৈ বলিষ্ঠ ৰূপত লৈ যাব। শত শত শ্ৰদ্ধাঞ্জলিৰে বিদায় হে সংগীত মহীৰূহ…..।

চন্দ্ৰজিৎ দাস
১৯৬১ চন৷ অৰ্থাৎ ভাষা আন্দোলনৰ এবছৰ পাছৰ কোনোবা এটা দিনত তেখেতে তেতিয়াৰ কলিকতাত গীত পৰিবেশন কৰিবলৈ গৈছিল তেখেতৰ গীত শুনি এগৰাকী শ্ৰোতাই গভীৰ হুমুনিয়াহ পেলাই মন্তব্য কৰিছিল…”এত’ ভাল’ গান কৰে, মানুষ কাটে কি ৰকম৷” তেখেতৰ মতে, তেখেতৰ গান সম্পৰ্কে কৰা সেয়াই আছিল শ্ৰেষ্ঠ প্ৰশংসাসূচক মন্তব্য৷
এইজনেই গণশিল্পী, বিহুগীতৰ মুকুটবিহীন সম্ৰাট শ্ৰদ্ধাৰ খগেন মহন্তদেৱ; যিয়ে নিজৰ গীতৰ মাজেৰেই এটা জাতিৰ এখন সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিব পাৰিছিল৷

বিশ্বজিৎ সূত্ৰধাৰ
খগেন মহন্ত আৰু কেশৱ মহন্ত সম্পৰ্কীয়- দুয়োজনেৰ মিলিত প্ৰচেষ্টাই অসমত সৰ্বকালৰ বাবে কাউৰীক জনপ্ৰিয় কৰি গৈছে৷ সম্ভৱত খগেন মহন্তৰ কাউৰী পৰে গানটো এটা এনে অসমীয়া গান যিটো গানৰ কথাখিনি বেছিভাগ অনুৰাগীৰ মনত ৰৈ গৈছে৷ খুব কম গানেই ইমান জনপ্ৰিয় হৈছে (কাউৰীৰ সমান) আমাৰ সংগীত ইতিহাসত৷ আজি কাউৰীত উল্লেখ কৰাৰ দৰে ডাকোৱাল নাই, অথচ ডাকোৱালক আজিও এখন ছবি কৰি ৰাখিছে এই গানটোৱে৷ সঁচাকৈ ইমান ভাল আছিল খগেন মহন্তৰ গানবোৰ৷

গীতাৰ্থ বৰদলৈ
জগতখনক বিহুৰ ওলগনি জনোৱা শিল্পীজন আৰু নাই।

বিশ্বজিৎ বৰ্মন
শ্ৰদ্ধাৰ গণশিল্পী খগেন মহন্তদেৱৰ দেহাৱসান, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন উকা হৈ পৰিল।

পংকজ দাস
মৃত্যু চিৰন্তন সত্য যদিও ই এক অসমবাসীৰ অপূৰণীয় ক্ষতি॥

পল্লৱ কুমাৰ নাথ
তেওঁৰ আত্মাৰ সদগতি কামনা কৰিলোঁ।

মল্লিকা কলিতা
প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত অনুৰণিত হৈ ৰওক তেখেতৰ সৃষ্টি…

বিজয় মজুমদাৰ
খগেন দা………..আমি সকলোৱে আপোনাক আমাৰ হৃদয়ত জীয়াই ৰাখিম।

লক্ষ্য জ্যোতি নাথ
গাৰ নোমবোৰ শিঁয়ৰি উঠিছে খবৰটো ফেচবুকত পাই…
অসমৰ বিশিষ্ট সংগীত শিল্পী তথা অংগৰাগ পাপন মহন্তৰ দেউতাক খগেন মহন্ত আৰু আমাৰ মাজত নাই। মর্মাহত হৈ পৰিছোঁ সচাঁকৈয়ে। মই জন্ম গ্রহণ কৰা চতিয়াৰ এক বিহু ফাংচনত তেওঁৰ বিহুত ননচাকে থাকিব নোৱাৰিলোঁ, বিহু ফাংচনত ননচা ল’ৰাটোৱে সেইদিনা নাচিছিলোঁ খগেন মহন্তৰ বিহুগীতত।
আপোনাৰ আত্মাই সদগতি লাভ কৰক খগেন দা…

ৰূপম মহন্ত
“মা আমি শদিয়ালৈ যামে ..” – আকাশবাণীৰ ‘অকণিৰ মেল’ অনুষ্ঠানত শিকোৱা এই গীতেৰে আৰম্ভ কৰি তেখেতৰ সুমধুৰ কণ্ঠৰ অলেখ গীত শুনি ডাঙৰ হোৱা আমি তেখেতৰ মৃত্যুত বৰ দুখ অনুভৱ কৰিছোঁ৷ তেখেতৰ আত্মাই শান্তি লাভ কৰক আৰু অসমৰ মাটিৰ গোন্ধেৰে সুবাসিত গীতসমূহ অমৰ হওক৷

মৃন্ময় ৰাজখোৱা
খগেনদা আৰু আমাৰ মাজত নাই৷ কিন্তু তেওঁৰ স্মৃতি সদায় আমাৰ মাজত থাকিব৷ তেওঁৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিলোঁ৷

চিন্ময় দত্ত
পাৰৰ পাখিত গুজি দিলোঁ
ফুলাম চিঠিখনি
জনাওঁ বুলি জগতখনক
বিহুৰ ওলগনি…
পাৰৰ পাখিতে আজি উঠি গুচি গ’ল খগেন মহন্ত! তেখেতৰ বিয়োগত অসমৰ শিল্পীজগত তথা বিশেষকৈ অসমৰ পৰম্পৰাগত বিহুগীতৰ জগতত যি শূন্যতা সৃষ্টি হ’ল সেয়া কোনোকালেই হয়তো পূৰ নহ’ব। তেখেতৰ আত্মাই শান্তি পাওঁক; অসমবাসীৰ মাজত চিৰদিন ভোটাতৰা হৈ জিলিকি থাকিব খগেনদা। খগেনদা, আপুনি য’তেই নাথাকক শান্তিৰে থাকক, আপোনাৰ আত্মাই শান্তি পাওঁক।

ভাস্কৰ কোচ
“পাৰৰ পাখিত, পাৰৰ পাখিত…”
দৰ্শকৰ মাজৰ পৰা ফৰমাইচ্ আহিল৷
হাৰ্ম’নিয়ামটো দুয়ো হাতে ধৰি থকা মানুহজনে ক’লে,”এই ৰাতিখন পাৰ চৰাই ক’ত পাব! সব গঁৰালত সোমাই আছেগৈ৷”
এনেদৰেই মানুহজনে গাই গৈছিল নিজৰ গীত৷
সেয়া আছিল ২০০৬ চন মানত ধিতাই পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এৰাতিৰ কথা৷ বহুতৰে মনত আছে চাগৈ, আৰু কোনেও নাপাহৰে৷

জীবেশ্বৰ নাথ
অ’ তুলতুল, অ’ বুলবুল, অ ‘সেউতী তৰা
লুকা ভাকু ভাল নালাগে খেল কইনা-দৰা….
খগেনদাই সঁচাকে ভাল নোপোৱা খেলটোকে খেলিলে আমাৰ স’তে। আমাক এৰি চিৰদিনৰ বাবেই লুকাই গ’ল মহাশূন্যত। তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক এয়ে ভগবানৰ ওচৰত প্রার্থনা।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments