শৰত তুমি আহিলেই…(চন্দন গগৈ)


চন্দন গগৈ
 
তুমি আহিলেই মোৰ পদূলিত শেৱালি ফুলে
তুমি আহিলেই….
তাৰ তীব্ৰগোন্ধে মোক মোহিত কৰি
পাহৰাই তোলে দুখৰ স্বপ্ন
তাৰ উপস্থিতিৰ অনুভৱ কৰো মাথো মই৷
তুমি আহিলেই মোৰ বণত কহুৱা ফুলে
ৰিব্ ৰিব্ বতাহে হৰি নিয়ে
মোৰ দেহা, চঞ্ছল কৰে মোৰ হিয়া৷
তুমি আহিলেই মই প্ৰেমত পৰো তোমাৰ;
মই তোমাৰ প্ৰেমিক কবি
তুমি মোৰ কবিতাৰ প্ৰেম
তুমি আহিলেই মই কবিতা লিখো
তোমালৈ,
তুমি আহিলেই মই মাতাল হওঁ
তোমাৰ যৌৱনত
তোমাৰ ৰূপক লৈ লিখো কবিতা
প্ৰেমত পৰো
তুমি আহিলেই…..

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!