নানা দেশ নানা গীত (৭) (– ৰক্তিম গোস্বামী)

নানা দেশ নানা গীত

 

ৰক্তিম গোস্বামী

বব মাৰ্লীৰ জীৱনত এভূমুকি:

বিশ্ব সংগীত অনুৰাগী সকলৰ বাবে বব মাৰ্লী এটা অতি পৰিচিত আৰু আবেদনময়ী নাম। ৰেগে আৰু জামাইকান সংগীতক বৈপ্লবীকভাবে জনপ্রিয় কৰি তুলা এই শিল্পীজনৰ সম্পূৰ্ণ নামটো আছিল নেষ্টা ৰবাৰ্ট বব মাৰ্লী-(Nesta Robert “Bob” Marley)। বব একেৰাহে আছিল এজন সুদক্ষ গীটাৰবাদক, গায়ক আৰু গীতিকাৰ। তেওঁৰ কলা নিদৰ্শনৰ প্রতিভাই বিশ্ব পটভূমিত এৰি থৈ যোৱা সাঁচ অনবদ্য।

ফেব্রুৱাৰী ৬, ১৯৪৫ চনত ববৰ জন্ম হৈছিলে জামাইকাৰ ‘নাইন মাইলচ’ বুলি চেণ্ট এনৰ এটা দাতিকাষৰীয়া অঞ্চলত। ববক জন্ম দিয়াৰ সময়ত ববৰ মাক চেডেলা বুকাৰৰ বয়স আছিল মাথো ১৮ বছৰ। ববৰ দেউতাক আছিল এজন ৫০ বছৰীয়া বৃটিছ কেপ্তেইন ন’ৰভাল চিনক্লেয়াৰ মাৰ্লী, যি কৰ্মসূত্রে বহুসময়ৰ পৰা জামাইকাত আছিল। বব সৰু কালচোৱা মাকৰ লগত চেণ্ট এনত
কটাইছিল আৰু পিছলৈ জামাইকাৰ ৰাজধানী কিংগচট’নলৈ গৈ তাতে নিগাজীকৈ বাস কৰিবলৈ লয়। শৈশৱ কটোৱা কিংগচট’নৰ ছেন্টি টাউনত ববৰ জীৱনৰ হিংসা আৰু দাৰিদ্রৰে ভৰা এক শোকাকুল অধ্যায় আছিল। কিংগচট’ন ষ্টেফনি বিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি অতি কষ্টৰে এটি ৱেল্ডাৰৰ চাকৰি যোগাৰ কৰি সেই কামতে কিছুসময়লৈ ব্যস্ত থাকে।
গীৰ্জাত গোৱা ধৰ্মীয় গীত (church choir )সমূহেই ববৰ সাংগীতিক জীৱনৰ আৰম্ভনি বুলি ক’লে ভুল ন’হব। এই গীতসমূহৰ লগতে বন্ধুসকলৰ নিৰন্তৰ উৎসাহে ববক সংগীতৰ প্রতি বাৰুকৈ অনুপ্রাণিত কৰিলে। যৌৱন কালছোৱাত এই church choir বোৰৰ জড়িয়তে ববে সংগীতৰ লগত নিজৰ পৰিচয় গাঢ় কৰিলে। ববে পিছলৈ খ্রীষ্টান ধৰ্ম এৰি ৰাষ্টাফাৰিয়ানিজম*(Rastafarianism)ৰ আদৰ্শৰে নিজৰ জীৱন পৰিচালনা কৰাৰ সংকল্পৰে ধৰ্মান্তৰ হয়। ববে নিজৰ সাংগীতিক জীৱনত এই সিন্ধান্তৰ বাবে বহুবাৰ অবাঞ্চিত পৰিস্থিতিৰো সন্মুখীন হ’ব লগা হয়।
ফেব্রুৱাৰী ১০, ১৯৬৬ চনত ববে এলফাৰিটা এন্ডাৰচনৰ লগত যুগ্ম জীৱনৰ পাতনি মেলে। এলফাৰিটা এন্ডাৰচন ওৰফে ৰিতা ববৰ এবছৰ আগেয়ে পৰিচয় ঘটিছিল। ৰিতা এগৰাকী নাৰ্চৰ লগতে এগৰাকী গায়িকাও আছিল। ৰিতাৰ ‘আই-থ্রি’ বুলি নিজা এটা বেণ্ড আছিল যিটো পিছলৈ ববৰ বিখ্যাত বেণ্ড ‘ৱেইলাৰচ’ৰ বেকআপ বেণ্ড হয়। বব আৰু ৰিতাৰ মুঠ চেৰণ, জিগি, চিডিলা, ষ্টিভ
আৰু ডেমিয়েন নামেৰে পাচোটিকৈ সন্তানৰ গৰাকী হয়। এই পাঁচ সহোদৰে ডাঙৰ হৈ ‘মেলডী মেকাৰ্চ’ বুলি আন এক বেণ্ডৰ জন্ম দিয়ে।
আমেৰিকাত থকা কালছোৱাত ববে তেঁওৰ কেইজনমান বন্ধুৰ লগত একগোটহৈ The Wailers বুলি এটা বেণ্ডৰ জন্ম দিয়ে। বহু সংঘাটময় সময়ৰ পিছত  ১৯৭২ চনত Island Recordsয়ে দিয়া এক সুযোগৰ সহযোগত The Wailers য়ে আন্ত:ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়।
১৯৭৭ চনত মুকলি কৰা বব মাৰ্লীৰ “Exodus” নামৰ কেচেটক টাইমচ মেগাজিনে শতিকাৰ শ্রেষ্ঠ গীতৰ** কেচেট বুলি অভিহিত কৰিছিল আৰু বব মাৰ্লীৰ ‘One Love’ নামৰ গীতটিক BBC য়ে অভিহিত কৰিছিল ‘Song of the Millennium.’ ১৯৮৪চনত বব মাৰ্লীৰ সংগীতৰ সংকলন “Legend”
মুক্তি পোৱাৰ পিছত ইয়াৰ বাৰ্ষিক বিক্রি প্রায় ২,৫০,০০০ লাখ। ববমাৰ্লীৰ সংগীত কেতিয়াও গ্রেমী বঁটাৰে বিভূষিত হোৱা নাই কিন্তু ২০০১ত মোৰণোত্তৰ ভাবে বব মাৰ্লী বিভূষিত হৈছিল গ্রেমীৰ ‘The Grammy Lifetime Achievement Award’ৰে।

বিংশ শতিকাৰ এই মহান শিল্পীজনৰ ১১ মে, ১৯৮১ চনত কেৱল মাত্র ৩৬ বছৰ বয়সত মৃত্যু হয়। ফুটবল খেল এখনত পোৱা ভৰিৰ আঘাট দেখুৱাবলৈ গৈ ধৰা পৰিছিল ববক ইতিমধ্যেই গ্রাস কৰি পেলোৱা মগজু, লিভাৰ আৰু লাং কেঞ্চাৰ। বব মাৰ্লীৰ মৃত্যু হ’লেও তেখেতৰ গীতবোৰ আৰু গীতৰ মাজেৰে ক’ব বিচৰা কথাবোৰ পৃথিবী আৰু মানুহৰ বাবে সদায় প্রাসংগিক হৈ ৰ’ব।
‘তেখেতৰ আত্মাই চিৰশান্তি লভক’ !

*ৰাষ্টাফাৰিয়ানিজম-১৯৩০ৰ দশকত জামাইকাত গঢ় লোৱা এটা ধৰ্ম। উৎসুকসকলে সবিশেষ এই লিংকত পাব http://www.lastchanceministries.com/Rastafarianism.htm

**বব মাৰ্লীৰ কেইটামান শ্রেষ্ঠ গীতৰ তালিকা:

• One Love/People Get Ready
• No Woman, No Cry
• Three Little Birds
• Buffalo Soldier
• Redemption Song
• I Shot The Sheriff
• Stir It Up
• Get Up, Stand Up
• Is This Love
• Jammin’

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!