শৰাধ খোৱা জাতিত পৰিণত নহওক অসমীয়াসকল – দীপাঞ্জলী দাস পাঠক

 প্ৰেক্ষাগৃহ ভৰ্ত্তি দৰ্শকৰ বিপুল হাত চাপৰি গ্ৰহণ কৰি শিল্পীজন ঘৰমুৱা হৈছিল৷ চোলাৰ জেপত মাননি হিচাপে পোৱা কিছু টকা৷ সেয়াই আছিল তেওঁৰ সৰ্বস্ব উপাৰ্জন৷ জীৱনৰ জাজ মাৰিবলৈ দুয়োকুল নোজোৰা সাহসৰ সম্বল৷ লাহে লাহে বয়স পৰি আহিছিল৷ বাহুৰ বল আৰু মনৰ উদ্যম নতজানু হৈছিল বৰ্ধিত বয়সৰ সৈতে বাঢ়ি অহা বিবিধ শাৰীৰিক আহুকালৰ ওচৰত৷ তেওঁ এতিয়া অনুষ্ঠান প্ৰদৰ্শন কৰিব নোৱাৰে৷ উপাৰ্জন বন্ধ৷ জেপ খালি, হাতো উদং৷ ধাৰ – ঋণে আত্মসন্মান পুৰি গোটোৱা দুটকা খৰচ কৰে ক’ত? দৰৱত দিলে পেটলৈ গাঁথি পৰে পৰিয়ালটোৰ৷ অবিশ্বাস্য আৰ্থিক দীনতাই এনেদৰেই ক্ৰমশঃ শিল্পীজনক নিঃশেষ কৰি পেলাইছিল৷ অৱশেষত এদিন তেওঁ তেওঁৰ প্ৰাণাধিক প্ৰিয় ঢোলটো যিটো তেওঁৰ পৰিচয়ৰ প্ৰতীক স্বৰূপ আছিল সেইটো বিক্ৰী কৰি দিবলৈ বাধ্য হৈছিল কেইটামান টকাৰ বিনিময়ত৷ এয়া আছিল কিম্বদন্তী শিল্পী মঘাই ওজাৰ শেষ জীৱনৰ কাহিনী৷ অন্য এক কিম্বদন্তী শিল্পী গোৱালপৰীয়া লোকগীতৰ মুকুটবিহীন সাম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ দেহাৱসানৰ পিছতো পোহৰলৈ আহিছিল স্বনামধন্য শিল্পীগৰাকীৰ অতিশয় বিপৰ্যস্ত আৰ্থিক অৱস্থাৰ কথা৷ আৰু অনেক উদাহৰণ আছে যিবোৰ কথাই একেলগে মনত জুমুৰি দি আছে এইকেইদিন৷ বিশেষকৈ তাহানিৰ জনপ্ৰিয়তাৰ শীৰ্ষত থকা সুদৰ্শন ৰোমাণ্টিক নায়ক বিজু ফুকনৰ মৃত্যুৰ পিছত উন্মোচিত তেখেতৰ তীব্ৰ আৰ্থিক অনাটনৰ খবৰবোৰে গভীৰ ভাৱে জোকাৰি গ’ল৷ আমি জানো যে যিচোৱা সময়ত তেওঁলোক অসমীয়া চলচ্চিত্ৰ জগতৰ ব্যস্ত অভিনেতা আছিল সেই সময়চোৱাত তেওঁলোকৰ মাননি খুউব সামান্য আছিল৷ আনকি কোনো কোনো সময়ত পৰিচালক, প্ৰযোজকৰ অনুৰোধত যৎসামান্য মাননিৰ বিনিময়তে কাম কৰি দিছিল৷ আন কিছুমানে ইচ্ছাকৃত ভাৱে মাননিৰ ধন আদায় নিদিছিল৷

এই বিষয়ে সিদিনাখন এটা বিশেষ চেনেলত প্ৰবীন অভিনেতা নিপন গোস্বামীয়ে কৰা বিষোদগাৰ সঁচাকৈয়ে চিন্তনীয়৷ এগৰাকী শিল্পী যাৰ বাবে ৰাইজ উপচি পৰিছিল য’তেই তেওঁলোকৰ দেহৰ ঘাঁম সৰিছিল, মানুহৰ মৰম আৰু সন্মানৰ মেটমৰা ভাৰ কঢ়িয়াই কেতিয়াও নাভাগৰা তেওঁলোক যেন সম্প্ৰতি ভাৰাক্ৰান্ত হৈ পৰিছে জীৱনৰ জোৰা-টাপলি মাৰি৷ বহুজনে লোক চক্ষুৰ আঁৰত জৰা আৰু বাৰ্ধক্যৰে সহবাস কৰিছে৷ অনাহাৰ আৰু চিকিৎসাহীনতাৰে জীয়াতু ভুগি কোনো কোনো জনে ইহজীৱনৰ পৰা প্ৰস্থান কৰিছে৷ আনকি একালৰ ৰাইজৰ হিয়াৰ আমঠু শিল্পী কোনোজনৰ শেষকৃত্য সম্পন্ন কৰিবলৈও পৰিয়ালৰ সামৰ্থ নোহোৱা ধৰণৰ খবৰো মাজে মাজে শুনা যায়৷ শেহতীয়া ভাৱে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জনচ মহলীয়াৰ মৃতদেহ হস্পিতালৰ পৰা উলিয়াই আনিবলৈ পৰিয়ালৰ লোক অসমৰ্থ হৈছিল৷ এইখন অসমীয়া সাংস্কৃতিক জগতখনৰ জাকজমকতাৰ বিপৰীতে লুকাই থকা ভয়ানক অনাটনৰ এখন হতাশাজনক ছবি৷ য’ত কোনো ৰাইজ নাথাকে, হাত চাপৰিৰ অনুৰণন নাথাকে, মৰম আৰু আদৰৰ পাৰ ভঙা লহৰ নাথাকে৷ শিল্পীসকল পাহৰণি হয়, সোঁৱৰিবলৈও আমাৰ সময় নাথাকে৷ অৱলীলাক্ৰমে চকুৰ আঁতৰ হোৱাৰ লগতে তেওঁলোক আমাৰ মনৰ পৰাও হেৰাই যায়৷ আত্ম ব্যস্ত জীৱনচৰ্যাত আমি সময় উলিয়াব নোৱাৰো তেওঁলোকক এষাৰ মাত লগাবলৈ৷ জীৱিত কালতে তেওঁলোকৰ মনৰ বতৰা ল’বলৈ৷ বাৰ্ধক্য আৰু দীনতাই কোঙা কৰা “ৰাইজৰ শিল্পীজনক” নিসংগ আৰু অসহায় ভাৱে জীৱনৰ শেষ দিনকেইটা পাৰ কৰিবলৈ এৰি দিওঁ৷ আৰু এদিন যেতিয়া তেওঁলোকৰ মৃত্যুৰ খবৰ আহে আমিবোৰ শোক স্তব্ধ হওঁ৷ সমবেদনাৰ উক্তিৰে খবৰ কাগজ কিম্বা চচিয়েল মিডিয়াৰ পৃষ্ঠা ভৰাওঁ৷ কেৱল ফুলৰ মালা পিন্ধাই মৃতদেহক সন্মান প্ৰদৰ্শন কৰাটোৱে যেন এতিয়া আমাৰ কৰণীয় ৰৈ গৈছে গৈ৷ একেখিনি শ্ৰদ্ধা আৰু স্নেহ তেওঁলোকে জীৱিত অৱস্থাতো পোৱা হ’লে! কেৱল চৰকাৰে চাব, এইবোৰ চৰকাৰৰহে কাম বুলি মূৰ পোলোকা মাৰিলে, তেওঁলোকৰ সুখ -দুখৰ প্ৰতি দায়বদ্ধ নহ’লে, তেওঁলোকৰ মৃত্যুত চকুলো টোকাৰো নিশ্চয় আমাৰ কোনো অধিকাৰ নাই৷

শিল্পীসকল আমাৰ মনৰ মানুহ৷ আপোন প্ৰতিভা আৰু প্ৰদৰ্শনেৰে তেওঁলোকে আমাক মনৰ খোৰাক জগায় যাৰ তুলনা কোনো মূল্যৰ বিনিময়ত নহয়৷ তেওঁলোকৰ সৃষ্টিৰ সঁচা সমাদৰ হ’ব তেওঁলোকৰ প্ৰতি থকা আমাৰ সহমৰ্মিতা আৰু দায়ৱদ্ধতাৰ দ্বাৰাহে৷

মৃত্যুৰ পিছত নহয়, জীৱন – কালতে নমস্য শিল্পীসকলক সমাদৰ কৰোঁ আহক৷

বিশিষ্ট অভিনেতা এগৰাকীৰ পত্নীৰ সৈতে এদিন কথা পাতোঁতে তেওঁ এই বুলি মৃদু ক্ষোভ প্ৰকাশ কৰিছিল যে গিৰিহঁতে জীৱনটো সম্বৰ্ধনাৰ নামত কেৱল জাপি আৰু গামোচাকে গোটালে যে এতিয়া থোৱা ঠাইৰ নাটনি হৈছে৷ প্ৰয়োজনত কেইটামান টকা পালেহে সকাহ হয়৷ মোৰ অনুভৱ, বিভিন্ন অনুষ্ঠানৰ আয়োজকসকলে সম্বৰ্ধনা জ্ঞাপনৰ ক্ষেত্ৰত আৰ্থিক মাননিৰ লেখীয়া অলপ ব্যতিক্ৰমী পদক্ষেপ ল’লে তেওঁলোকৰ প্ৰকৃতপক্ষে সহায়ক হ’ব নিশ্চয়৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!