শৰ্মাজ স্পেশ্যেল ‘ভাপত দিয়া কুকুৰাৰ মাংস + চুপ’- এক গুলীত দুই চিকাৰ (মৃদুল কুমাৰ শৰ্মা)

যোগাৰ : আধা কিলোগ্ৰাম স্থানীয় বা ব্ৰইলাৰ কুকুৰাৰ সৰুকৈ কটা মাংস, কেঁচা জলকীয়া পাঁচ ছটামান, নহৰু আঠফোট, আদাৰ ডাঙৰ আকৃতিৰ টুকুৰা এটা, গোটা জালুক ২৫-৩০টামান, ধনীয়াপাত।

প্ৰস্তুতি : মাংসখিনি ধুই লওক। আদা, নহৰু, জলকীয়া, জালুক ধুই লৈ গোটেইখিনিৰে মিক্সিত বা পটাত ভালদৰে পে’ষ্ট এটা তৈয়াৰ কৰি লওক। এতিয়া মাংসখিনি নিমখ সহিতে পে’ষ্টটোৰে ভালদৰে সানি ১০-১৫ মিনিটমান ৰাখি থওক।

ৰন্ধন : এটা ইডলি মেকাৰৰ খোলকেইটাত মাংসখিনি ভালদৰে পাতি লওক। এটা ডাঙৰ প্ৰেচাৰ কুকাৰত দুবাতিমান পানী দি ইডলি ষ্টেণ্ডটো কুকাৰৰ ভিতৰত পাতি দিয়ক। লক্ষ্য ৰাখিব যাতে পানীৰ পৃষ্ঠৰ পৰা ইডলি ষ্টেণ্ডটোৰ একেবাৰে তলৰ খোলটো কিছু ওপৰত থাকে। এতিয়া কম জুইত প্ৰেচাৰ কুকাৰৰ ৮-৯ টামান সুহুৰি মাৰিবলৈ দি জুইৰ পৰা কুকাৰটো নমাই থওক। কুকাৰটো কিছু ঠাণ্ডা হোৱাৰ পিছত ঢাকনিখন খুলি ইডলি ষ্টেণ্ডটো উলিয়াই মাংসখিনি এটা পাত্ৰত উলিয়াই লৈ এবাৰ হেতা এখনেৰে লৰাই দি গৰমে গৰমে পৰিবেশন কৰক।
কুকাৰত ৰৈ যোৱা পানীখিনি চাকি চাই যদি নিমখ কম হৈ আছে ৰুচি অনুযায়ী অলপ নিমখ দি ধনীয়া পাতকেইটামান দি দিয়ক আৰু গৰমে গৰমে চুপ হিচাপে পৰিবেশন কৰক।

 

(ফ’টোৰ উৎস: ইণ্টাৰনেট)

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
8 years ago

বঢ়িয়া লাগিল । বনালো, খালো …আলহী আহিলেও খুৱাব লাগিব ।

Copying is Prohibited!