ট্ৰেফিক জেম (-বন্দনা দত্ত)

Traffic_Kobita_VandanaDutta

চলন্ত চহৰৰ
ব্যস্ত হাইৱেত
উইকএন্ডৰ লং ড্ৰাইভত
সপোন আৰু মই
বৃষ্টিস্নাতা গধুলিৰ
মায়াময় এই ক্ষণ,
উইন্ডশ্বিল্ডত তিৰবিৰাই
নিয়ন লাইটে ছটিওঁৱা
বৰষুণৰ সাতোৰঙী ৰং॥

ৰঙা হালধীয়া সেউজীয়া
পোহৰত নিয়ন্ত্ৰিত
ধাৱমান পথত
জীৱনৰ গতি
এখোজ আগুৱাই
দুখোজ পিছপৰি॥

কৃষ্ণচূড়াৰ ৰঙা যদিও আপোন
গতিৰূদ্ধ এই ৰঙা কিন্তু
নহয় কেতিয়াও প্ৰিয়
বিৰক্তিৰে উপচে মন॥

‘তুঝসে নাৰাজ নহী জিন্দেগী
হেৰাণ হুঁ মে’ … হঠাতে বাজি উঠে
এফএমত এটি পুৰণি প্ৰিয় সুৰ,
বিয়পি পৰা মোহাচ্ছন্নই ফুচফুচাই
ক’তদিন যেন পান নাই কৰা
এনে মধুৰ গীতৰ পিয়লা !!
আস !!…
ব্যস্ততাত পাহৰিছোঁ বুটলিবলৈ
এটি দুটি সুখৰ পল
অনুভৱ কৰোঁ …
স্থৱিৰতাতো যেন আছে
জীৱনৰ অনাবিল মাদকতা ॥

 

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!