ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
৷৷ষষ্ঠৱিংশ খণ্ড৷৷
৷৷শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ৷৷
৷৷প্ৰথম কীৰ্ত্তন৷৷
ঘোষা৷৷
মাধৱ পদ্মনাভ ভগৱন্ত৷
নাৰায়ণ নৰসিংহ অনন্ত৷৷১৪৮৷৷
পদ৷৷
বোলন্ত শুকে শুনা পৰীক্ষিত৷
এহিমতে কৃষ্ণে বলো সহিত৷৷
সমস্ত দৈত্যৰ চিন্তিয়া মাৰ৷
লীলায়ে হৰিলা ভূমিৰ ভাৰ৷৷১৭৮৪৷৷
গুণন্ত জগতৰ পতি পাছে৷
দুঃসহ মহা যদুবংশ আছে৷৷
ত্ৰৈলোক্য বিজয়ী একৈক বীৰ৷
নুগুছিল কিছু ভাৰ ভূমিৰ৷৷১৭৮৫৷৷
যিহেতু সৱাৰো মঞি আশ্ৰয়৷
কাহাতো হন্তে নাহি পৰাজয়৷৷
কন্দল লগাই তাসম্বাৰ মেলে৷
পৃথিৱীৰ ভাৰ হৰিবো হেলে৷৷১৭৮৬৷৷
এহি গুণি পাছে যাদৱ কুলে৷
দিয়াইলা প্ৰভু বিপ্ৰশাপ ছলে৷৷
মিলিল বিমঙ্গল দ্বাৰকাত৷
সৱাৰো মনে কৰে উতপাত৷৷১৭৮৭৷৷
ব্ৰহ্মাক আৱৰি ত্ৰিদশজাক৷
আসিল পাছে সৱে দ্বাৰকাক৷৷
কৃষ্ণৰ দৰশন অভিলাষে৷
ৰহিলা বিমান জুৰি আকাশে৷৷১৭৮৮৷৷
মহা সমৃদ্ধি দেখি দ্বাৰকাৰ৷
বিস্ময় ভৈলা আতি দেৱতাৰ৷৷
কৃষ্ণক পাছে দৰশন পাই৷
অদ্ভূত ৰূপক আছিলা চাই৷৷১৭৮৯৷৷
তৃপিতি নাহি চান্ত একদৃষ্টি৷
কৰন্ত শিৰে পাৰিজাত বৃষ্টি৷৷
কৃতাঞ্জলি কৰি এক যুকুতি৷
তৈৰে পৰা সৱে কৰন্ত স্তুতি৷৷১৭৯০৷৷
নমো নমো কৃষ্ণ তযু চৰণে৷
যাহাক পৰম ভকতজনে৷৷
হৃদয়ত চিন্তৈ কৰি প্ৰবন্ধ৷
অপ্ৰয়াসে তৰৈ সংসাৰ বন্ধ৷৷১৭৯১৷৷
ত্ৰিগুণা মায়াক কৰি আশ্ৰয়৷
আত্মাত স্ৰজা যত জীৱচয়৷৷
স্ৰজন পালন কৰা আপুনে৷
নপাৱে লাগ একো দোষ গুণে৷৷১৭৯২৷৷
তোহ্মাৰ শুনিয়া গুণ চৰিত্ৰ৷
যিমতে হোৱয় লোক পৱিত্ৰ৷৷
জ্ঞান দান তপ বেদ আচাৰে৷
সিমতে শুদ্ধি কৰিবাক নাৰে৷৷১৭৯৩৷৷
তোহ্মাৰ ইসৱ লীলা চৰিত৷
আক শুনৈ ভণৈ যিটো কলিত৷৷
অনেক পুৰুষ কৰি উদ্ধাৰ৷
সংসাৰক সুখে হোৱয় পাৰ৷৷১৭৯৪৷৷
ষোড়শ সহস্ৰ পত্নীসকলে৷
অনেক ভাৱ দৰশায়া চলে৷৷
মনক মথিবে নোৱাৰৈ যাৰ৷
হেন কৃষ্ণ পাৱে নতি আহ্মাৰ৷৷১৭৯৫৷৷
কৃষ্ণক আগত দেখি প্ৰত্যেক৷
কৰিলন্ত স্তুতি আৰো অনেক৷৷
নকৈলো পদ বিস্তৰক ডৰে৷
বোলা হৰি হৰি সমস্ত নৰে৷৷১৭৯৬৷৷
৷৷দ্বিতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
শিৱ শাৰঙ্গধাৰী মধুসূদন দৈত্যাৰি৷৷১৪৯৷৷
পদ৷৷
আকাশত থাকি ব্ৰহ্মা বোলে স্তুতি বাণী৷
মাতন্ত কৃষ্ণক শুনা প্ৰভু চক্রপাণি৷৷
খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ৷
দৈৱকীৰ গৰ্ভে আসি ভৈলা অৱতাৰ৷৷১৭৯৭৷৷
দুষ্ট ৰাজাগণক মাৰিলা কৰি লীলা৷
সন্তক ৰাখিলা প্ৰভু ধৰ্ম্মক থাপিলা৷৷
সমস্ত লোকৰ কৰি পাপৰ প্ৰলয়৷
দশোদিশ প্ৰকাশৈ তোহ্মাৰ যশচয়৷৷১৭৯৮৷৷
যদুকুলে অৱতৰি আছা দামোদৰ৷
পঞ্চিশ অধিক ভৈল শতেক বৎসৰ৷৷
দেৱকাৰ্য্য লাগে মানে সাধিলা সকলে৷
কুলকো নাশিলা প্ৰায় বিপ্ৰশাপ ছলে৷৷১৭৯৯৷৷
পৃথিৱীক এৰি আৱে আসা নিজ স্থান৷
আমি সৱ কিঙ্কৰক কৰা পৰিত্ৰাণ৷৷
মাধৱে বোলন্ত শুনিয়োক প্ৰজাপতি৷
পৃথিৱীক এৰিবে আহ্মাৰো আছে মতি৷৷১৮০০৷৷
কিন্তু যেৱে যাওঁ যদুকুল নসংহৰি৷
আৰ ভৰে দুনাই তল যাইবে বসুন্ধৰী৷৷
আগে আমি ইটো যদুকুল কৰি ক্ষয়৷
তেৱেসে চলিবো ব্ৰহ্মা তোহ্মাৰ নিলয়৷৷১৮০১৷৷
শুনি ব্ৰহ্মা প্ৰণামিয়া কৰি কৃতাঞ্জলি৷
ত্ৰিদশে সহিতে নিজস্থানে গৈলা চলি৷৷
দ্বাৰকাত অনেক মিলাৱৈ উতপাত৷
প্ৰত্যক্ষে দেখাৱে যেন প্ৰজাৰ বিঘাত৷৷১৮০২৷৷
বুলিলন্ত বাণী কৃষ্ণে বংশক শুনাই৷
প্ৰভাসক যাইবো আমি এৰি ইটো ঠাই৷৷
আহ্মাৰ বংশত হুয়া আছে ঋষিশাপ৷
ঘোৰ উতপাত দেখি মিলে হৃদিতাপ৷৷১৮০৩৷৷
আজি যাইবো প্ৰভাসক কৰিয়ো উদ্যোগ৷
তৈতে স্নানি চন্দ্ৰে এড়াইলন্ত যক্ষ্মাৰোগ৷৷
দক্ষশাপ গুচিল পাইলন্ত পূৰ্ণকলা৷
হেন জানি যদুগণ তৈকে লাগি চলা৷৷১৮০৪৷৷
সবংশে আমিয়ো গৈয়া তৈতে কৰি স্নান৷
বিপ্ৰক ভোজন কৰাই দেওঁ মহাদান৷৷
দানে পুণ্যে হুই ঘোৰ দুৰ্গতি নিস্তাৰ৷
যেন মহানাৱে সাগৰত কৰৈ পাৰ৷৷১৮০৫৷৷
কৃষ্ণৰ বচন শুনি যত যদুগণ৷
তীৰ্থক যাইবাক সৱে কৰিলা যতন৷৷
লৱৰা-লৱৰি কৰি ভৈলা কাছপাৰ৷
ৰথত তুলিলা আনি সমস্তে সম্ভাৰ৷৷১৮০৬৷৷
নিশান কোবাই সৱে এক স্থান ভৈল৷
বাল বৃদ্ধ স্ত্ৰী মাত্ৰ নগৰত ৰৈল৷৷
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি৷
পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷৷১৮০৭৷৷
৷৷তৃতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷ পৰমানন্দ ৰাম জোনো ছাড়হু মোক৷
হৰি জোনো তেজি যাহা মোক৷৷১৫০৷৷
পদ৷৷ যাইবে যদুগণ কাছে ভক্ত উদ্ধৱৰ পাছে
বিমঙ্গল দেখি কাম্পৈ কায়৷
কৃষ্ণৰ বচন শুনি মনে বিমৰিষি গুণি
বুজিলন্ত সৱে অভিপ্ৰায়৷৷
বিৰলত হৰিদাস কৃষ্ণৰ চাপিয়া পাশ
শিৰে প্ৰণামিলা পাৱ ছুই৷
অন্তৰ্গতে তনু তাৱে মাধৱক নম্ৰভাৱে
বুলিলন্ত কৃতাঞ্জলি হুই৷৷১৮০৮৷৷
যাদৱ বংশক তুমি সংহৰি এৰিবা ভূমি
অৱশ্যে জানিলো আক আমি৷
সি কাৰণে ঋষিশাপ ব্যৰ্থ নকৰিলা বাপ
তুমি হুয়া জগতৰ স্বামী৷৷
তোহ্মাৰ চৰণ এৰি নিমিষেক প্ৰভু হৰি
থাকিবে নপাৰো একো স্থান৷
তুমি এৰিলাত মোৰ মিলিবে সন্তাপ ঘোৰ
অৱশ্যে ছাড়িবে মোৰ প্ৰাণ৷৷১৮০৯৷৷
তুমি জপ তপ পুণ্য তুমি বিনা দেখো শূন্য
দিনতে আন্ধাৰ ত্ৰিজগত৷
অনেক কাৰ্পূণ্য কৰো দুয়ো চৰণত ধৰো
লৈয়া যায়ো আহ্মাক লগত৷৷
সম্যকে অমৃতময় তোহ্মাৰ চৰিত্ৰচয়
তাক মাত্ৰ শুনৈ যিটো নৰে৷
তাহাৰ উপজৈ ভাৱ নছাড়ৈ তোহ্মাৰ পাৱ
আন বিষয়কো পৰিহৰে৷৷১৮১০৷৷
শয়নে ভোজনে স্নানে তোহ্মাৰ ৰহস্য স্থানে
সদাসেৱা কৰি থাকো আমি৷
তুমি জীৱ তুমি প্ৰাণ তুমি বিনে নাহি আন
কিমতে বৰ্ত্তিবো আৱে স্বামী৷৷
অৱশেষ উপহাৰ ছাড় বস্ত্ৰ অলঙ্কাৰ
তোহ্মাৰেসে পিন্ধো সৰ্ব্বদায়৷
তোহ্মাৰ উছিষ্ট খায়া তৰিবো দুস্তৰ মায়া
হেনসে আছিল অভিপ্ৰায়৷৷১৮১১৷৷
যোগীগণে শ্ৰম কৰি প্ৰবন্ধে সমাধি ধৰি
সৱে কৰ্ম্মবন্ধ কৰি ক্ষীণ৷
তেজিয়া সংসাৰ নয় দেখৈ সৱে ব্ৰহ্মময়
তেৱেসে তোহ্মাত যায় লীন৷৷
আমি যত গৃহবাসী কৰ্ম্মপথে ভ্ৰমো আসি
ভজিলোহো চৰণে তোহ্মাৰ৷
তোহ্মাক হিয়াত স্মৰি তোহ্মাৰ কীৰ্ত্তন কৰি
তোহ্মাৰ কথায়ে হুইবো পাৰ৷৷১৮১২৷৷
চৰণ ছত্ৰক ইটো উপাসিয়া থাকৈ যিটো
সিটো এড়াই সংসাৰৰ তাপ৷
হেন পাদপদ্ম এড়ি ক্ষণেকো নিজীৱো হৰি
নিয়ো লগে জগতৰে বাপ৷৷
অনেক কাৰ্পূণ্য কৰি কৃষ্ণৰ আগত পড়ি
জুড়িলন্ত উদ্ধৱে ক্রন্দন৷
দেখি দুঃখ ভকতৰ আশ্বাসিলা দামোদৰ
উদ্ধৱক বুলিলা বচন৷৷১৮১৩৷৷
স্বৰূপ জানিলা তুমি এড়িবাক চাওঁ ভূমি
সংহৰিলো পৃথিৱীৰ ভাৰ৷
দেৱৰো সাধিলো কাজ তোহ্মাত নাহিকে বাজ
কুলৰো চিন্তিবো মহামাৰ৷৷
সাত দিন অৱসানে সমস্তে দ্বাৰকা মানে
সাগৰৰ জলে যাইবে তল৷
আমি এড়িলাত ভূমি ঐত নাথাকিবা তুমি
লোকত মিলিবে বিমঙ্গল৷৷১৮১৪৷৷
পীড়িবে দুৰ্জ্জন কলি সত্বৰে যায়োক চলি
এড়া বন্ধু বান্ধৱৰ স্নেহ৷
মঞি আত্মা হেন জানি আহ্মাক বান্ধৱ মানি
দেখা ভিন অপুনাৰ দেহ৷৷
যত দেখা যত শুনা যতেক মনত গুণা
সৱে মায়াময় স্বপ্নসম৷
সমস্তে জগতে হৰি জানিবা নিশ্চয় কৰি
গুচায়ো বুদ্ধিৰ ইটো ভ্ৰম৷৷১৮১৫৷৷
জ্ঞানযোগ কৰ্ম্মযোগ পৰম ভকতি যোগ
সমস্তে কহিলা উদ্ধৱত৷
সাংখ্যযোগ যত আছে উদ্ধৱে জানিলা পাছে
মাধৱৰ পাদ প্ৰসাদত৷৷
দুনাই পুটাঞ্জলি ধৰি কৃষ্ণক প্ৰণাম কৰি
বুলিলন্ত হুয়া নম্ৰ কায়া৷
জানিলো তুমিসি সঞ্চা আন যত সৱে মিছা
তথাপি দুস্ত্যজ মোহমায়া৷৷১৮১৬৷৷
বিষয়ৰ দুঃখ জানি তথাপিতো একো প্ৰাণী
নেড়ৈ দুনাই তাকে ভুঞ্জি মৰৈ৷
গলত বান্ধিয়া পাঘে কাটিবাক নেন্ত ছাগে
যেন নিৰ্লজ্জতা আতি কৰৈ৷৷
অনেক ভৰ্ৎসনি পায় উছিষ্ট ভুঞ্জিবে যাই
যেন আতি কুকুৰ নিৰ্গতে৷
কহিয়োক স্বৰূপত ইটো ঘোৰ বিষয়ত
বিৰকতি হোৱৈ কেনমতে৷৷১৮১৭৷৷
৷৷চতুৰ্থ কীৰ্ত্তন৷৷
ঘোষা৷৷
নৰহৰি কি এ ৰাম নিস্তাৰিয়া নিয়ো নাৰায়ণ৷
মাথাত ধৰিবো তুলি তোহ্মাৰ চৰণ৷৷১৫১৷৷
পদ৷৷
উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণে পাছে৷
কৰ্ম্মবন্ধ এড়াইবে প্ৰবন্ধ যাৰ আছে৷৷
বৈষ্ণৱৰ সঙ্গ সিটো লৈবে প্ৰথমত৷
মোহোৰ চৰিত্ৰ শুনিবেক ভকতত৷৷১৮১৮৷৷
মোৰ নাম কীৰ্ত্তন কৰিবে সৰ্ব্বক্ষণে৷
হৃদয়ত মোৰ ৰূপ চিন্তিবে যতনে৷৷
মোৰ যশ গায়া যিটো কৰৈ গীত নৃত্য৷
নাহি তাৰ ভয় সিটো ভৈল কৃতকৃত্য৷৷১৮১৯৷৷
শুনিয়ো উদ্ধৱ আৰো ৰহস্য ভকতি৷
কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি৷৷
সমস্ত ভূততে ব্যাপি আছো মই হৰি৷
সৱাকো মানিবা তুমি বিষ্ণুবুদ্ধি কৰি৷৷১৮২০৷৷
ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল৷
দাতাত চোৰত যেন দৃষ্টি একতুল৷৷
নীচত সাধুত যাৰ ভৈল একজ্ঞান৷
তাহাকেসে পণ্ডিত বুলিয় সৰ্ব্বজন৷৷১৮২১৷৷
বিশেষত মনুষ্যগণত যিটো নৰে৷
বিষ্ণুবুদ্ধিভাৱে সৰ্ব্বদায়ে মান্য কৰে৷৷
ঈৰিষা অসূয়া তিৰস্কাৰ অহঙ্কাৰ৷
সৱে নষ্ট হোৱৈ তেৱে তাৱক্ষণে তাৰ৷৷১৮২২৷৷
দেখি সখিগণে জোনো হাসৈ আসি বেঢ়ি৷
মই সাধু ইটো চোৰ হেন লজ্জা এৰি৷৷
কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম৷
জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম৷৷১৮২৩৷৷
সমস্ত ভূততে বিষ্ণুবুদ্ধি নোহে যাৱে৷
কায়বাক্যমনে অভ্যাসিবা এহিভাৱে৷৷
বিষ্ণুময় দেখৈ যিটো সমস্তে জগত৷
জীৱন্তে মুকুত হোৱৈ অচিৰ কালত৷৷১৮২৪৷৷
সকল প্ৰাণীক দেখিবেক আত্মসম৷
উপায় মধ্যত ইটো আতি মুখ্যতম৷৷
মোৰ ইটো ধৰ্ম্মৰ অল্পৰো নাহি হানি৷
যিহেতু সাক্ষাতে মই কৈলো তত্ত্ববাণী৷৷১৮২৫৷৷
দাম্ভিক শঠত নকহিবা ইটো তত্ত্ব৷
সদা উপদেশ দিবা বৈষ্ণৱ জনত৷৷
স্ত্ৰী শূদ্ৰো কৰৈ যদি আমাত ভকতি৷
তাহাত কহিবা ইটো জ্ঞান মহামতি৷৷১৮২৬৷৷
আক ভক্তি কৰি পঢ়ে যিটো জ্ঞানীলোক৷
মহাশুদ্ধ হুয়া জ্ঞানদীপে দেখৈ মোক৷৷
জানিলা উদ্ধৱ আৱে দিলো উপদেশ৷
তোহ্মাৰ কি শোক মোহ গুচিল নিঃশেষ৷৷১৮২৭৷৷
ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া৷
পৰম সুন্দৰ মোৰ দেখা ইটো কায়া৷৷
সৱাতো অধিক মোৰ তুমি প্ৰিয়তম৷
নাহি আন বান্ধৱ উদ্ধৱ তুমি সম৷৷১৮২৮৷৷
ভকতেসে মোৰ হৃদি জানিবা নিশ্চয়৷
ভকতজনৰ জানা আমিসে হৃদয়৷৷
মঞি বিনা ভকতে নিচিন্তে কিছু আন৷
ভকতত পৰে মই নিচিন্তোহো আন৷৷১৮২৯৷৷
৷৷পঞ্চম কীৰ্ত্তন৷৷
ঘোষা৷৷
কমলাপতি হোক গতি ৰাম৷
মোৰ মতি তোহ্মাৰ চৰণে৷৷১৫২৷৷
পদ৷৷
উদ্ধৱে কৃষ্ণৰ শুনি বাণী৷
কৃতাঞ্জলি ভৈলা মহামানী৷৷
মাতিবে নোৱাৰি আছা ৰহি৷
চক্ষুৰ লোতক পৰৈ বহি৷৷১৮৩০৷৷
স্নেহত আকুল ভৈল মন৷
ধৈৰ্য্য ধৰি ভৈলা সন্ধুক্ষণ৷৷
আগবাঢ়ি গৈলা ধীৰে ধীৰে৷
কৃষ্ণৰ চৰণ ছুই শিৰে৷৷১৮৩১৷৷
বুলিলা কৰিয়া নমস্কাৰ৷
গুচাইলা মোহ অন্ধকাৰ৷৷
সূৰ্য্যৰ কাছত যিটো থাকে৷
তাক কি আন্ধাৰে আৰ ঢাকে৷৷১৮৩২৷৷
কিনো কৃপা ভৃত্যক কৰিলা৷
বিজ্ঞান প্ৰদীপ মোক দিলা৷৷
প্ৰভু এড়ি তোহ্মাৰ পাৱক৷
কোনজনে ভজিবে আনক৷৷১৮৩৩৷৷
ছিণ্ডিলা সুদৃঢ় মোহপাশ৷
বিষয়ত কৰিলা উদাস৷৷
দূৰ ভৈল বান্ধৱৰ স্নেহ৷
দেখো ভিন্ন আপুনাৰ দেহ৷৷১৮৩৪৷৷
নমো নমো যোগেশ্বৰ হৰি৷
ভৃত্যক শিখাৱা ভাল কৰি৷৷
মুক্ত অৱস্থাতো মোৰ মন৷
নেড়ৈ যেন তোহ্মাৰ চৰণ৷৷১৮৩৫৷৷
মাধৱে বোলন্ত এহি হৌক৷
বদাৰিকাশ্ৰমক যায়োক৷৷
অলকানন্দাক দৰশনে৷
এড়িবে সমস্ত পাপগণে৷৷১৮৩৬৷৷
পিন্ধিবাহা বাকলি বসন৷
বন্যফল কৰিবা ভোজন৷৷
থাকিবাহা ইন্দ্ৰিয়ক দমি৷
হৈবা শান্ত মনক নিয়মি৷৷১৮৩৭৷৷
আহ্মাক স্মৰিবা বাক্যমনে৷
মোৰ ৰূপ চিন্তিবা যতনে৷৷
সংসাৰৰ বন্ধে হৈবা হীন৷
তেৱে চিত্ত মোতে যাইব লীন৷৷১৮৩৮৷৷
যিটো জ্ঞান শিখাইলো তোহ্মাক৷
বিচাৰিয়া অভ্যাসিবা তাক৷৷
পাইবা তাৰ অল্পতে প্ৰমাণ৷
এতিক্ষণে এৰা ইটো স্থান৷৷১৮৩৯৷৷
তৰিবাহা সংসাৰৰ ক্লেশ৷
দিবাহা লোকক উপদেশ৷৷
ভণিল শঙ্কৰে কৃষ্ণ পদে৷
হৰি হৰি বোলা সভাসদে৷৷১৮৪০৷৷
৷৷ষষ্ঠ কীৰ্ত্তন৷৷
ঘোষা৷৷
ত্ৰাহি হৰি জগন্নাথ৷৷১৫৩৷৷
পদ৷৷
হেন যেৱে বুলিলা মাধৱে৷
কৰযোড়ে উঠিলা উদ্ধৱে৷৷
বান্ধৱৰ স্নেহে ভৈলা হীন৷
কৰিলা কৃষ্ণক প্ৰদক্ষিণ৷৷১৮৪১৷৷
পড়ি প্ৰণামিলা মহাবীৰ৷
কৃষ্ণৰ চৰণে থৈয়া শিৰ৷৷
স্নেহে ভৈল আকুল স্বভাৱ৷
লোতকে তিয়াইলা দুয়ো পাৱ৷৷১৮৪২৷৷
আজি এড়ো প্ৰভুৰ চৰণ৷
এহি বুলি জুড়িলা ক্রন্দন৷৷
যদ্যপি জানিলা মহাজ্ঞান৷
তথাপিতো ছাড়ৈ যেন প্ৰাণ৷৷১৮৪৩৷৷
ভৈলন্ত বিহ্বল আতি স্নেহে৷
যাইবাক খোজন্তে হৃদি দহে৷৷
কৃষ্ণক এড়িবে নপাৰন্ত৷
চৰণত পড়িয়া কান্দন্ত৷৷১৮৪৪৷৷
হৃদিতাপ কৰন্ত উদ্ধৱে৷
চলা চলা বোলন্ত মাধৱে৷৷
কৃষ্ণৰ সুদৃঢ় আজ্ঞা জানি৷
উঠি আখি মুচি মহামানী৷৷১৮৪৫৷৷
প্ৰভুৰ পাদুকা শিৰে বান্ধি৷
প্ৰণামি লড়িলা কান্দি কান্দি৷৷
আগক নবাঢ়ে আৰ ভৰি৷
কৰন্ত প্ৰণাম দুনাই পড়ি৷৷১৮৪৬৷৷
উঠি যান্ত ভৰি পাঞ্চ ছয়৷
আৰকা পৰন্ত মহাশয়৷৷
কৃষ্ণৰ চৰণ এড়ি যান্ত৷
নযায় ভৰি উলটি চাহন্ত৷৷১৮৪৭৷৷
ধৰিবাক নৱাৰন্ত চিত্ত৷
দণ্ডৱতে পৰন্ত ভূমিত৷৷
দুনাই উঠি কৰন্ত গমন৷
কৃষ্ণৰ বিয়োগে দহে মন৷৷১৮৪৮৷৷
কৃষ্ণে যিটো শিখাইলন্ত জ্ঞান৷
কৰিলা হৃদয়ে তাক ধ্যান৷৷
কৃষ্ণৰ খৰম মাথে লৈয়া৷
দ্বাৰকাৰ বাজ ভৈলা গৈয়া৷৷১৮৪৯৷৷
যাদৱ বংশক কৃষ্ণে আনি৷
বুলিলা মাধৱে হেন বাণী৷৷
দেখা কেন ঘোৰ উতপাত৷
দ্বাৰকাত মিলিবে বিঘাত৷৷১৮৫০৷৷
স্ত্ৰী বাল বৃদ্ধ আছে যত৷
থাকোক ৰহিয়া দ্বাৰকাত৷৷
প্ৰভাসক চলি যাওঁ আমি৷
স্নান দান কৰো জলে নামি৷৷১৮৫১৷৷
দানেসে দুৰ্গতি সৱে হৰে৷
ঐৰ আসা অন্তৰো সত্বৰে৷৷
শুনি বাল বৃদ্ধ তিৰী যত৷
সৱে আসি ৰৈলা দ্বাৰকাত৷৷১৮৫২৷৷
যতেক পুৰুষ বলিয়াৰ৷
নাৱে ভৈলা সাগৰৰ পাৰ৷৷
ৰথে চড়ি গৈলা প্ৰভাসক৷
অৰ্চিলন্ত দেৱ ব্ৰাহ্মণক৷৷১৮৫৩৷৷
কৃষ্ণকথা শুনা সৰ্ব্বজনে৷
উদ্ধাৰিবে কৃষ্ণৰ কীৰ্ত্তনে৷৷
মোক্ষ পাইবা গৃহবাসে থাকি৷
জানি হৰি হৰি বোলা ডাকি৷৷১৮৫৪৷৷
৷৷সপ্তম কীৰ্ত্তন৷৷
ঘোষা৷৷
মন শ্ৰীৰাম কৃষ্ণ হৰি বুলিয়ো যতনে৷
ধৰিয়ো একান্ত চিত্তে কৃষ্ণৰ চৰণে৷৷১৫৪৷৷
পদ৷৷
ভৈল কালগ্ৰস্ত সৱে যত যদুজাক৷
গণ্ডগোল কৰি পিলে বাৰুণী সুৰাক৷৷
মাধৱৰ মায়ায়ে কৰিলা বুদ্ধিহত৷
মদ্য লাগি ভৈল সৱে পৰম উন্মত্ত৷৷১৮৫৫৷৷
উঠিল দুঃসহ ক্রোধ হৰিল চেতন৷
অন্যোঅন্যে কৰে সৱে অনেক গৰ্জ্জন৷৷
অস্ত্ৰ শস্ত্ৰ ধৰি সৱে ৰণত প্ৰবুদ্ধ৷
আপুনাৰ মাজত লগাইলে ঘোৰ যুদ্ধ৷৷১৮৫৬৷৷
টঙ্কাৰিয়া ধনুক বৰিষৈ শতধাৰে৷
গদা মুদ্গৰ অসি পৰশু প্ৰহাৰে৷৷
সাম্ব কামদেৱৰ লাগিল ঘোৰযুদ্ধ৷
কৰৈ ঘোৰ সমৰ সাত্যকি অনিৰুদ্ধ৷৷১৮৫৭৷৷
সুভদ্ৰ সংগ্ৰামজিতে কৰে হুলস্থল৷
সুমিত্ৰ সুৰথে দুয়ো কৰন্ত তুমুল৷৷
উুকে নিশঠে ভৈল দুৰ্ঘোৰ কন্দল৷
শতজিত সমে যুজে ভানু মহাবল৷৷১৮৫৮৷৷
অত্ৰূৰে সহিতে কৃতবৰ্ম্মা মহাবীৰ৷
কৰন্ত সমৰ কোপে কম্পিত শৰীৰ৷৷
ভৈল সৱে উন্মত্ত চেতন নাহি গাত৷
বৰিষন্ত নিশিত শায়ক অসংখ্যাত৷৷১৮৫৯৷৷
পৰিঘ পট্টিশ অসি কৰন্ত প্ৰহাৰ৷
অন্যোঅন্যে শত্ৰুবুদ্ধি চিন্তৈ মহামাৰ৷৷
তৰ্জ্জয় গৰ্জ্জয় কতো কৰে হতাহতি৷
মাধৱৰ মায়ায়ে মোহিত ভৈলা আতি৷৷১৮৬০৷৷
ভোজ বৃষ্ণি অন্ধক সাত্ত্বত যদুবংশ৷
বিষ্ণুৰ মায়ায়ে সৱে ভৈল বুদ্ধি ভ্ৰংশ৷৷
হুয়া আতি বিস্মৃতি পিতৃক পুত্ৰে মাৰে৷
শশুৰে জামাইক ভাই ভ্ৰাতৃক প্ৰহাৰে৷৷১৮৬১৷৷
শ্যালকে ভিনীসি মাৰে আৰ্য্যকক নাতি৷
খুড়ায়ে ভাতিজে কটাকটি কৰে আতি৷৷
মিত্ৰে মিত্ৰে কৰৈ যুদ্ধ ভাগিনে মাতুলে৷
সুহৃদ সোদৰে যেন নচাৱৈ বাতুলে৷৷১৮৬২৷৷
ঢুকুৱাইলা অস্ত্ৰ ধনু ভাঙ্গিল কোবত৷
প্ৰহাৰৈ মাদুৰি ধৰি পৰম ক্রোধত৷৷
শৰীৰত পৰৈ যেন বজ্ৰৰ সন্ধান৷
বিমূৰ্ছিত হুই যদুগণে ছাড়ৈ প্ৰাণ৷৷১৮৬৩৷৷
পাছে ৰামকৃষ্ণে উঠি হাতক উচাই৷
মাজে পশি সৱাকো বাধন্ত দুয়োভাই৷৷
দেখি যদু বীৰগণো ক্রোধে খেদি গৈল৷
শত্ৰুবুদ্ধি তাসম্বাক মাৰিবাক লৈল৷৷১৮৬৪৷৷
খঙ্গি ৰাম মাধৱো মাদুৰি লৈলা তুলি৷
অনেক যাদৱী সেনা মাৰিলা সমুলি৷৷
বিপ্ৰশাপে অন্যোঅন্যে বংশ ভৈলা ছন৷
বাংশৰ অগনি যেন পোড়ৈ বাংশবন৷৷১৮৬৫৷৷
সাগৰৰ তীৰক ঢাকিল মৰা শৱে৷
এৱেসে গুচিল ভাৰ জানিলা মাধৱে৷৷
পাছে বলভদ্ৰ গৈলা সাগৰৰ তীৰ৷
যোগ চিন্তি এড়িলন্ত মনুষ্য শৰীৰ৷৷১৮৬৬৷৷
কৃষ্ণৰ অদ্ভূত লীলা শুনা সৰ্ব্বজন৷
প্ৰাণ থাকে মানে কেহো নেৰিবা কীৰ্ত্তন৷৷
হেন জানা অন্তকে কেশত আছৈ ধৰি৷
এড়ায়ো যমৰ দায় ডাকি বোলা হৰি৷৷১৮৬৭৷৷
৷৷অষ্টম কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম হৰি বোলা মুখে৷
সংসাৰ তৰিয়ো সুখে৷৷১৫৫৷৷
পদ৷৷
দেখিলা কৃষ্ণে ৰাম মহাভাগ৷
কৰিলা যোগবলে তনু ত্যাগ৷৷
মাধৱো পাছে প্ৰভাসৰ জলে৷
স্নান কৰি গৈলা অশ্বত্থ তলে৷৷১৮৬৮৷৷
মাটিত বসিয়া ভৈলন্ত চুপ৷
ধৰিলা দিব্য চতুৰ্ভুজ ৰূপ৷৷
দেহাৰ জ্যোতি জ্বলৈ দিশপাশ৷
বিধুম বহ্নিৰ যেন প্ৰকাশ৷৷১৮৬৯৷৷
নৱমেঘ যেন শ্যাম আকৃতি৷
তাতে পীত বস্ত্ৰে কৰৈ দীপিতি৷৷
বদন পঙ্কজ আছৈ প্ৰকাশি৷
নুগুচৈ সদায় ঈষত হাসি৷৷১৮৭০৷৷
প্ৰকাশৈ কপালে অলকা পান্তি৷
পদ্মক নিন্দৈ নয়নৰ কান্তি৷৷
কিৰীটি শিৰে সম নাহি তুলে৷
কৰ্ণত মকৰ কুণ্ডল দোলে৷৷১৮৭১৷৷
আজানুলম্বী চাৰু চাৰি হাত৷
কেয়ূৰ কঙ্কণে প্ৰকাশৈ তাত৷৷
আঙ্গুলিগণক দেখন্তে তুষ্টি৷
ৰত্নময় পিন্ধি আছৈ আঙ্গুষ্ঠি৷৷১৮৭২৷৷
কম্বুকণ্ঠে আতি কৌস্তুভ জ্বলে৷
মুকুতাৰ হাৰ শোভৈ উৰঃস্থলে৷৷
গলত বনমালা কৰৈ কান্তি৷
হিয়াত প্ৰকাশৈ শ্ৰীবৎস পান্তি৷৷১৮৭৩৷৷
কান্ধে নৱগুণ উত্তৰী পীত৷
ৰত্নৰ মেখলা জ্বলৈ কটিত৷৷
নূপুৰ ৰঞ্জৈ পাদ পদ্ম দুই৷
ভকতে যাক দেখি সুখী হুই৷৷১৮৭৪৷৷
যতেক অস্ত্ৰ চক্র আদি কৰি৷
চৌপাশে উপাসন্ত মূৰ্ত্তি ধৰি৷৷
দক্ষিণ উৰুত থৈয়া চৰণ৷
বসি আছা হৰি ধৰি আসন৷৷১৮৭৫৷৷
মৃগ মুখাকাৰ দেখিয়া ভৰি৷
মাৰিল ব্যাধে শৰ লক্ষ্য কৰি৷৷
সন্ধানে কৃষ্ণৰ পাৱক ভেদি৷
পড়িল বুলি ব্যাধ আইলা খেদি৷৷১৮৭৬৷৷
দেখি বসি আছা জগন্নিৱাস৷
পেহ্লাইলা ধনু হুয়া মহাত্ৰাস৷৷
ডৰিল জীৱ ভৈল যেন মৰা৷
কৃষ্ণৰ আগত পড়িল জৰা৷৷১৮৭৭৷৷
শুনা সৰ্ব্বজনে হৰি চৰিত৷
আতপৰে ধৰ্ম্ম নাহি কলিত৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷
বোলা হৰি হৰি সমস্ত নৰে৷৷১৮৭৮৷৷
৷৷নৱম কীৰ্ত্তন৷৷
ঘোষা৷৷
প্ৰণামো ৰাম প্ৰভু পদ্মপাণি৷৷১৫৬৷৷
পদ৷৷
অনেক বিনয় কৰিলা ব্যাধ৷
ক্ষমিয়ো হৰি মোৰ অপৰাধ৷৷
অধম পাপী মই দামোদৰ৷
নজানি তোহ্মাক কৰিলো শৰ৷৷১৮৭৯৷৷
মনুষ্য লোকত যত অজ্ঞান৷
যাহাক স্মৰণে কৰে নিৰ্য্যাণ৷৷
হেন মাধৱৰ দ্ৰোহ আচৰি৷
কেনে জীওঁ এভো নযাওঁ মৰি৷৷১৮৮০৷৷
চাহিবে নলাগে কাটিয়ো মোক৷
পাপীৰ মোৰ প্ৰায়শ্চিত্ত হোক৷৷
আউৰ যেন মই অধম পাপ৷
নকৰো মহন্তক উপতাপ৷৷১৮৮১৷৷
শঙ্কৰ ব্ৰহ্মা আদি দেৱগণ৷
যাহাৰ মায়ায়ে মোহিত মন৷৷
নজানন্ত যাৰ মহিমা আতি৷
জানিবো কিবা আমি অন্ত্যজাতি৷৷১৮৮২৷৷
মাধৱে বোলন্ত শুনিয়ো জৰা৷
উঠিয়ো সত্বৰে ভয় নকৰা৷৷
কৰিলি আহ্মাৰ বাঞ্ছা সফল৷
মোৰ বোলে আৱে স্বৰ্গক চল৷৷১৮৮৩৷৷
শুনিয়া মাধৱক ভয়ে হীন৷
কৰিলা তিনিবাৰ প্ৰদক্ষিণ৷৷
প্ৰণামিয়া পাছে বিমানে চড়ি৷
সশৰীৰে গৈলা স্বৰ্গক লড়ি৷৷১৮৮৪৷৷
কৃষ্ণৰ সাৰথি পাছে দাৰুকে৷
ৰথে চড়ি চাই ফুৰৈ নিচুকে৷৷
কৃষ্ণৰ বিচাৰ কৰি প্ৰবন্ধে৷
পাইলন্ত গৈয়া তুলসীৰ গন্ধে৷৷১৮৮৫৷৷
সন্মুখ হুয়া দেখিলন্ত পাছে৷
মূৰ্ত্তি ধৰি অস্ত্ৰ চৌপাশে আছে৷৷
প্ৰকাশৈ দেহা যেন পূৰ্ণশশী৷
অশ্বত্থ তলত আছন্ত বসি৷৷১৮৮৬৷৷
বজাইলা লোতক আকুল ভাৱে৷
পড়িলা দাৰুক কৃষ্ণৰ পাৱে৷৷
কান্দিলা হুমাহুমি অধোমুখে৷
মাতিলা পাছে মহা মনোদুখে৷৷১৮৮৭৷৷
তোহ্মাৰ চৰণ নেদেখি স্বামী৷
গুচিল চক্ষু অন্ধ ভৈলো আমি৷৷
নজানোহো একো বিদিশ দিশ৷
নাহি সুখ শান্তি জগতঈশ৷৷১৮৮৮৷৷
যেন চন্দ্ৰ বিনা ৰাতি আন্ধাৰ৷
তুমি মুখ্য প্ৰভু প্ৰাণ আহ্মাৰ৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্ত জনে৷৷১৮৮৯৷৷
৷৷দশম কীৰ্ত্তন৷৷
ঘোষা৷৷
হৰি গোৱিন্দ জয় কৃষ্ণ গোপাল ৰাম৷৷১৫৭৷৷
পদ৷৷
এহিমতে দাৰুকে বোলন্তে পাছে ৰথ৷
আকাশে ধৰিলা বেগে বৈকুণ্ঠৰ পথ৷৷
পাছতে লড়িলা চক্র আদি অস্ত্ৰচয়৷
দেখিয়া দাৰুক ভৈলা পৰম বিস্ময়৷৷১৮৯০৷৷
তবধ নয়নে চাই আছে উপৰক৷
মাধৱে বুলিলা পাছে বাক্য দাৰুকক৷৷
চলিয়োক দাৰুক সত্বৰে দ্বাৰকাক৷
বান্ধৱত কহা গৈয়া আহ্মাৰ বাৰ্ত্তাক৷৷১৮৯১৷৷
অন্যোঅন্যে জ্ঞাতিগণ মৰিল সমস্ত৷
প্ৰত্যক্ষে দেখিলা বলভদ্ৰো গৈলা অস্ত৷৷
শৰঘাৱে ভৈলো আমি মৃতক সমান৷
পিতৃক মাতৃক গৈয়া তুমি দিয়া জান৷৷১৮৯২৷৷
দ্বাৰকাত আউৰ নথাকিবা একো নৰে৷
মঞি এড়িলাত আসি বুড়াইবে সাগৰে৷৷
সবন্ধু বান্ধৱে সাগৰত হৈবা পাৰ৷
নেড়িবাহা বৃদ্ধ পিতৃ মাতৃক আহ্মাৰ৷৷১৮৯৩৷৷
আসিব অৰ্জ্জুন সখি দেখিবাক মোক৷
তান লগে যাইবা দ্বাৰকাৰ যত লোক৷৷
ৰাখি নিবা পথে ধনঞ্জয় মহাৰথ৷
বঞ্চিবাহা তুমি সৱে গৈয়া ইন্দ্ৰপ্ৰস্থ৷৷১৮৯৪৷৷
তুমি আচৰিবা ভাগৱত ধৰ্ম্মচয়৷
জ্ঞাননিষ্ঠ হুয়া সৱে এড়িবা বিষয়৷৷
মায়াৰ ৰচনা ইটো জগতকে জানি৷
পাছে মোক পাইবা তুমি কৈলো সত্যবাণী৷৷১৮৯৫৷৷
শুনিলা দাৰুকে পাছে কৃষ্ণৰ আদেশ৷
কৰযোড়ে উঠিলা মনত মহা ক্লেশ৷৷
প্ৰদক্ষিণ প্ৰভুক কৰিলা সাতবাৰ৷
দুনাই দুনাই পড়িয়া কৰন্ত নমস্কাৰ৷৷১৮৯৬৷৷
শিৰত আছিলা ধৰি দুখানি চৰণ৷
লোতকে চল্লল আখি কৰন্ত ক্রন্দন৷৷
চলিলোহো মঞি প্ৰাণপ্ৰভুক উপেক্ষি৷
ইজন্মত ভৈলো পৰিছেদ দেখাদেখি৷৷১৮৯৭৷৷
এহি বুলি লড়িলা কৃষ্ণৰ পাৱ এড়ি৷
হা কৃষ্ণ বুলিয়া পাড়ন্তে যাই গেড়ি৷৷
অনন্তৰে যতেক আছিল দেৱজাক৷
তহিতে মিলিল আসি আৱৰি ব্ৰহ্মাক৷৷১৮৯৮৷৷
সিদ্ধমুনি বিদ্যাধৰ কিন্নৰ চাৰণ৷
পাৰ্ব্বতী সহিতে আসিলন্ত ত্ৰিনয়ন৷৷
কৃষ্ণৰ নিৰ্য্যাণ দেখিবাক অভিলাষে৷
বিমানে বেঢ়িয়া আসি বহিলা আকাশে৷৷১৮৯৯৷৷
মাধৱৰ চৰিত্ৰ শুনিয়ো সৰ্ব্বজন৷
নেড়িবা সদায় কেহো কৃষ্ণৰ কীৰ্ত্তন৷৷
কলিযুগে আনধৰ্ম্ম নাহি আতপৰে৷
হেন জানি হৰি হৰি বোলা নিৰন্তৰে৷৷১৯০০৷৷
৷৷একাদশ কীৰ্ত্তন৷৷
ঘোষা৷৷
কৃষ্ণ নাথ যাদৱ মাধৱ মধুৰিপু৷৷১৫৮৷৷
পদ৷৷
মাধৱক চাই দেৱগণে৷
কৰিলা প্ৰণাম ৰঙ্গমনে৷৷
ৰূপ দেখি চান্ত এক দৃষ্টি৷
কৰন্ত আনন্দে পুষ্পবৃষ্টি৷৷১৯০১৷৷
কৰযোড়ে আতি ভক্তি ভাৱে৷
জুমাজুমি কৃষ্ণ গুণ গাৱে৷৷
কতো হৰি কীৰ্ত্তন কৰন্ত৷
তাৰ ছেৱে কতোহো নাচন্ত৷৷১৯০২৷৷
বাজৈ যন্ত্ৰ আকাশক ছানি৷
কৰৈ দেৱে দুন্দুভিৰ ধ্বনি৷৷
ঘনে ঘনে পুষ্প বৰিষন্ত৷
জয় কৃষ্ণ বুলি জঙ্কাৰন্ত৷৷১৯০৩৷৷
শুনি হৰি উপৰক চাইল৷
ব্ৰহ্মাক আগতে ভেট পাইল৷৷
আন সৱ দেৱতাক দেখি৷
মুদিলন্ত কৃষ্ণে দুয়ো আখি৷৷১৯০৪৷৷
পাছে যোগ ধাৰণা ধৰিলা৷
আপুনাক আত্মাতে থাপিলা৷৷
নিমিষেকে নৰচেষ্টা এড়ি৷
বৈকুণ্ঠত প্ৰৱেশিলা হৰি৷৷১৯০৫৷৷
যেন মেঘে বিজুলী ছটাক৷
নৱাৰিল কেৱে লক্ষিবাক৷
কৃষ্ণৰ গতিক সৱ দেৱে৷
সেহিমতে নলক্ষিল কেৱে৷৷১৯০৬৷৷
যিটো দেহা ধ্যানৰ আলয়৷
দেখি হোন্ত আপুনি বিস্ময়৷৷
হেন তনু ভৈলা অন্তৰ্দ্ধান৷
বিজুলী ছটাক যেন থান৷৷১৯০৭৷৷
শ্ৰীধৰ্ম সত্য ধৃতি যত৷
সৱে গৈল কৃষ্ণৰ লগত৷৷
হেন দেখি যত দেৱগণে৷
সৱাৰো বিস্ময় ভৈলা মনে৷৷১৯০৮৷৷
কৃষ্ণৰ অদ্ভূত যোগ গতি৷
দেখি সৱে প্ৰশংসিলা আতি৷৷
স্বকী স্বকী স্থানে চলি গৈলা৷
শুকমুনি নৃপতিত কৈলা৷৷১৯০৯৷৷
ৰাজা আত বিস্ময় নকৰা৷
মৰা পুত্ৰ অন্তকৰো পৰা৷৷
গুৰুক দক্ষিণা আনি দিলা৷
স্বদেহে ব্যাধকো স্বৰ্গে নিলা৷৷১৯১০৷৷
ব্ৰহ্ম অস্ত্ৰে দহন্তে তোহ্মাক৷
ৰাখিলন্ত ধৰিয়া গদাক৷৷
হেন হৰি দেৱ আদি মূল৷
নৰাখিলা ইটো যদুকুল৷৷১৯১১৷৷
মনুষ্যত নাই স্বস্থ গতি৷
অন্তকালে সৱে বিসঙ্গতি৷৷
হেনসে দেখাই দেৱহৰি৷
গৈলা লড়ি কুলক সংহৰি৷৷১৯১২৷৷
ইটো লীলা কৃষ্ণৰ চৰিত৷
কৰয় কীৰ্ত্তন যিটো নিত৷৷
তাৰ হুইবে বৈকুণ্ঠত বাস৷
হেন জানি তেজিয়ো আলাস৷৷১৯১৩৷৷
হৰিৰ কীৰ্ত্তন সদা কৰা৷
বৃথা কথা কহিয়া নমৰা৷৷
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে৷
হৰি হৰি বোলা নিৰন্তৰে৷৷১৯১৪৷৷
৷৷দ্বাদশ কীৰ্ত্তন৷৷
ঘোষা৷৷
মন মাধৱ ৰাম৷
ৰাম জপ অৱিশ্ৰাম৷৷১৫৯৷৷
পদ৷৷
শুকমুনি বদতি শুনিয়ো পৰীক্ষিত৷
পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত৷৷
এহিমতে মাৰিলে যতেক যদুজাক৷
অনন্তৰে দাৰুক গৈলন্ত দ্বাৰকাক৷৷১৯১৫৷৷
গোৱিন্দৰ বিয়োগে বিহ্বল আতি দুঃখে৷
চাই আছে নৰনাৰী কৰি উৰ্দ্ধমুখে৷৷
বসুদেৱ উগ্ৰসেনো আছে দুঃখভাৱে৷
পড়িল দাৰুক গৈয়া দুহান্তৰো পাৱে৷৷১৯১৬৷৷
চক্ষুৰ লোতকে তিয়াইলন্ত দুইৰো ভৰি৷
কান্দিলা অনেক ৰাম কৃষ্ণক সুমৰি৷৷
দাৰুকক বেঢ়িয়া সোধন্ত নাৰী নৰে৷
কি ভৈল সাৰথি কথা কহিয়ো সত্বৰে৷৷১৯১৭৷৷
মুচিলন্ত আখি আতি গদগদ মাত৷
কহিলা দাৰুকে পাছে সকল বৃত্তান্ত৷৷
কি কহিবো কথা মোৰ দহয় হৃদয়৷
অন্যোঅন্যে যদুগণ গৈল যমালয়৷৷১৯১৮৷৷
নৰৈল জনৈক নিৰন্তৰে ভৈলা হত৷
হেন শুনি অগ্নি যেন লাগিল গাৱত৷৷
ক্রন্দনৰ উৰ্মি উথলিল আতি বড়৷
প্ৰভাসক লাগি সৱে দিলেক লৱৰ৷৷১৯১৯৷৷
গালত চাপৰ মাৰৈ শোকে শ্ৰুতি নাই৷
হা পতি পুত্ৰ বুলি গেৰিয়ান্তে যায়৷৷
এহিমতে গৈয়া সৱে দেখিলন্ত পাছে৷
প্ৰভাসৰ তীৰক মৃতকে বেঢ়ি আছে৷৷১৯২০৷৷
মৰা পতি পুত্ৰ সোদৰৰ গলে ধৰি৷
কান্দৈ নাৰীগণে আতি আৰ্ত্তৰাৱ কৰি৷৷
মহাশোকে বসুদেৱ দৈৱকী ৰোহিণী৷
বলভদ্ৰ কৃষ্ণক চাহন্তে ফুৰে তিনি৷৷১৯২১৷৷
নপাইলন্ত লাগ খুজি কৰিয়া বিচাৰ৷
হৰাইল চেতন শোকে দেখে অন্ধকাৰ৷৷
তিনিয়ো তেজিল প্ৰাণ কৃষ্ণ কৃষ্ণ বুলি৷
মাটিত উফৰি পড়ি মৰিল সমূলি৷৷১৯২২৷৷
ক্রন্দন এড়িয়া নাৰীগণ অসংখ্যাত৷
স্বামীক আলিঙ্গি আৰোহিলন্ত চিতাত৷৷
ৰেৱতী প্ৰমুখ্যে আছৈ যত নাৰীগণ৷
ৰামক আলিঙ্গি প্ৰৱেশিলা হুতাশন৷৷১৯২৩৷৷
কৃষ্ণ মাতৃগণে বসুদেৱক আৱৰি৷
চিতাত উঠিয়া সৱে গৈলন্ত সৈতাৰি৷৷
ৰতি আদি মাধৱৰ পুত্ৰবধু যত৷
গৈলা সৱে স্বকী স্বকী স্বামীৰ লগত৷৷১৮২৪৷৷
ৰুণিী প্ৰমুখ্যে অষ্ট মহিষী কৃষ্ণৰ৷
নপাইল বিচাৰি মাধৱৰ কলেৱৰ৷৷
প্ৰৱেশিলা বহ্নিত স্বামীক কৰি ধ্যান৷
কৃষ্ণক চিন্তিয়া সৱে এড়িলন্ত প্ৰাণ৷৷১৯২৫৷৷
এহিমতে এৰি যেৱে গৈলা দামোদৰে৷
ক্ষণেকতে দ্বাৰকাক বুৰাইল সাগৰে৷৷
নৰহিল কিছু তল গৈল সামৰাজে৷
ৰুণিী দেৱীৰ মুখ্য মন্দিৰত বাজে৷৷১৯২৬৷৷
নেৰন্ত যাহাক মধুসূদনে ক্ষণেক৷
অদ্যাপিও সাগৰত দেখিয় প্ৰত্যেক৷৷
সূৰ্য্য সম জ্বলৈ সিটো কৃষ্ণৰ আলয়৷
যাক দৰশনে কৰৈ পাপৰ প্ৰলয়৷৷১৯২৭৷৷
কৃষ্ণৰ নিৰ্য্যাণ শুনিয়োক সৰ্ব্বজনে৷
তৰিবা সংসাৰ আৰ শ্ৰৱণ কীৰ্ত্তনে৷৷
গৃহতে থাকিয়া সুখে মহাপুণ্য সাঞ্চা৷
বোলা হৰি হৰি যম যাতনাক বঞ্চা৷৷১৯২৮৷৷
৷৷ত্ৰয়োদশ কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰামে হোক মতি
ৰাম চৰণে গতি৷৷১৬০৷৷
পদ৷৷
অৰ্জ্জুনে শুনিল হেন কৃষ্ণৰ প্ৰয়াণ৷
ভৈলন্ত বিহ্বল শোকে নাহি শ্ৰুতি জ্ঞান৷৷
মহামৰ্ম্মে কৃষ্ণক সুমৰি কুন্তীসুত৷
হা প্ৰাণ কৃষ্ণ বুলি কান্দিলা বহুত৷৷
কহি আছে মাধৱে গীতাত যিটো জ্ঞান৷
প্ৰবন্ধে হিয়াত তাক কৰিলন্ত ধ্যান৷৷
চিৰকালে চিত্তক কৰিয়া বীৰে স্বস্থ৷
প্ৰেতকাৰ্য্য জ্ঞাতিৰ কৰাইলা মহাৰথ৷৷১৯৩০৷৷
অনুক্রমে দিয়াইলন্ত পিণ্ড জলাঞ্জলি৷
কৃষ্ণৰ আদেশ পাছে শুনি মহাবলী৷৷
স্ত্ৰী বাল্য বৃদ্ধক কৰিয়া বীৰে স্বস্থ৷
সৱাকো লগতে লৈয়া গৈলা ইন্দ্ৰপ্ৰস্থ৷৷১৯৩১৷৷
তহিতে থৈলন্ত নিয়া যত যদুচয়৷
পাছে যুধিষ্ঠিৰক দেখিয়া ধনঞ্জয়৷৷
চৰণত নিঢালে পৰিলা অধোমুখে৷
সমিধান নেদন্ত মনত মহাদুঃখে৷৷১৯৩২৷৷
আকুল হৃদয় ভৈলা দেখি যুধিষ্ঠিৰ৷
ভ্ৰাতৃত পুছন্ত পাছে কৰি চিত্ত স্থিৰ৷৷
বান্ধৱৰ বাৰ্ত্তাক অৰ্জ্জুন মোত কহ৷
কুশলে কি আছে সিটো সুৰ মাতামহ৷৷১৯৩৩৷৷
মমা বসুদেৱ কিবা আছন্ত কল্যাণে৷
ভালে কি আছয় তান পত্নীগণ মানে৷৷
সাম্ব কাম অনিৰুদ্ধ ভালে কি আছন্ত৷
সময়ত তেসম্বে কি মোক সুমৰম্ভ৷৷১৯৩৪৷৷
গোৱিন্দৰো বাৰ্ত্তা বাপ কহিয়ো আহ্মাত৷
সুখে কি আছন্ত কৃষ্ণ দেৱ দ্বাৰকাত৷৷
যদুবীৰগণ যাৰ বাহুক আশ্ৰয়৷
পৰম আনন্দে সৱে নিৰ্ভয়ে ক্রীড়য়৷৷১৯৩৫৷৷
সভ্যভামা সতী যাৰ চৰণ সেৱাত৷
দ্বাৰতে ৰুৱাইলা শচীৰ পাৰিজাত৷৷
হেন প্ৰাণ কৃষ্ণৰ সত্বৰে কহ কথা৷
কিয় হেন ভৈল বাপ তোহ্মাৰ অৱস্থা৷৷১৯৩৬৷৷
চিৰকাল প্ৰৱাসত কিবা পাইলি দুঃখ৷
তনু তোৰ নিস্তেজ মলিন দেখো মুখ৷৷
প্ৰাৰ্থকক নেদিলাহা প্ৰতিশ্ৰুত দান৷
নকৰিলা প্ৰাণীক ভয়ত পৰিত্ৰাণ৷৷১৯৩৭৷৷
অতিথিক নেদি কিবা কৰিলা ভোজন৷
সিজিলা পাতক কিবা অগম্যাগমন৷৷
অধমে জিনিলে কিম্বা আসন্তে পথত৷
কিসক মিলিল বাপ দুঃখ হেনমত৷৷১৯৩৮৷৷
কহিয়োক বাপু এৱে দুঃখৰ কাৰণ৷
বুলিবে খোজন্তে নোহ্লায় মুখত বচন৷৷
চক্ষুক মলচি পাছে শোকক তম্ভাই৷
কাঢ়িল নিশ্বাস বীৰে নৃপতিক চাই৷৷১৯৩৯৷৷
সৌহৃদ্য সখিত্ব সুমৰিয়া মাধৱৰ৷
বোলন্ত অৰ্জ্জুনে ৰাজা শুনা অথন্তৰ৷৷
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি৷
পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷৷১৯৪০৷৷
৷৷চতুৰ্দ্দশ কীৰ্ত্তন৷৷
ঘোষা৷৷
গোপাল হৰি কৰো প্ৰণাম৷
নেড়োক মুখে ৰামকৃষ্ণ নাম৷৷১৬১৷৷
পদ৷৷
কিবা সোধা ৰাজা মোৰ অৱস্থা৷
সৰ্ব্বনাশ ভৈলে কি কৈবো কথা৷৷
বন্ধুৰূপী কৃষ্ণে ভৈলো বঞ্চিত৷
কিমতে আৱে সম্বৰিবো চিত্ত৷৷১৯৪১৷৷
যাহাক আশ্ৰয়ে দ্ৰুপদ ঘৰে৷
জিনিলো ৰাজাগণ একেশ্বৰে৷৷
মৎস্যক ভেদি পাইলো দ্ৰৌপদীক৷
হেন কৃষ্ণ বিনে জীৱন ধিক৷৷১৯৪২৷৷
দহিলো খাণ্ডৱ যাৰ সহায়৷
ভঙ্গাইলো বাসৱক সমুদায়৷৷
অদ্ভূত সভা সাজি দিলে ময়৷
কৰিলো ৰাজসূয় যাগ তয়৷৷১৯৪৩৷৷
এড়িয়া গৈলা হেন কৃষ্ণে মোক৷
কিসক জীওঁ নগৈ যম লোক৷৷
হৰক যুজিলো যাহাক গয়৷
দিলা অস্ত্ৰ হৰে হুয়া বিস্ময়৷৷১৯৪৪৷৷
যাহাৰ প্ৰসাদে ভৈলো স্বৰ্গগামী৷
ইন্দ্ৰৰো অৰ্দ্ধাসন পাইলো আমি৷৷
এড়িয়া গৈলা হেন যদুৰায়৷
কেনে জীওঁ প্ৰভু প্ৰাণ নযায়৷৷১৯৪৫৷৷
যাহাৰ তেজে বৃকোদৰ বীৰে৷
দুঃশাসন হিয়া কুঠাৰে ছিৰে৷৷
প্ৰতিজ্ঞা সাম্ফলি পিলা ৰুধিৰ৷
ভাঙ্গিলা উৰু কুৰু নৃপতিৰ৷৷১৯৪৬৷৷
বান্ধৱ বুলি ত্ৰিজগত পতি৷
কৰিলো সাৰথি মই কুমতি৷৷
ব্ৰহ্মা আদি যত ত্ৰিদশগণে৷
সদায় সেৱন্ত যাৰ চৰণে৷৷১৯৪৭৷৷
দেৱৰো দেৱ হেন প্ৰভু হৰি৷
মাতন্ত মোক পৰিহাস কৰি৷৷
ওবা পাৰ্থ ওবা সখি অৰ্জ্জুন৷
কতেক কহিবো প্ৰভুৰ গুণ৷৷১৯৪৮৷৷
ভ্ৰমন্তে ভুঞ্জন্তে কৃষ্ণৰ সঙ্গে৷
নানা উপালম্ভ কৰিলো ৰঙ্গে৷৷
সহিলন্ত তাক যেন বান্ধৱে৷
বঞ্চিত ভৈলোহো হেন মাধৱে৷৷১৯৪৯৷৷
কিবা সোধা ৰাজা আহ্মাৰ কথা৷
কোননো নভৈল মোৰ অৱস্থা৷৷
ৰাখিয়া আনো কৃষ্ণপত্নীজাক৷
গোৱালে কাঢ়ি নিলে তাসম্বাক৷৷১৯৫০৷৷
স্ত্ৰীক যেন জিনিলেক মোকে৷
প্ৰাণ ফুটি যায় এহিসে শোকে৷৷
কৃষ্ণৰ বিয়োগে দগধ মন৷
মাতিবে নোৱাৰো হৰায় চেতন৷৷১৯৫১৷৷
অৰ্জ্জুন এহি বুলি মৌন ভৈলা৷
কৃষ্ণৰ চৰণ চিন্তিবে লৈলা৷৷
বিষয় বিষে ভৈল বিৰকতি৷
কৃষ্ণ পাদপদ্মে নছাড়ে মতি৷৷১৯৫২৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
কৃষ্ণ কথা শুনা সমস্ত জনে৷৷
যেৱে সুখে যাইবা সংসাৰ তৰি৷
সদায় ডাকি বোলা হৰি হৰি৷৷১৯৫৩৷৷
৷৷পঞ্চদশ কীৰ্ত্তন৷৷
ঘোষা৷৷
গোপাল গোৱিন্দ ৰাম কৃষ্ণ হৰি গতি৷
কি ৰাম হৰি গতি কি ৰাম হৰি গতি৷৷১৬২৷৷
পদ৷৷
এহিমতে কৃষ্ণক চিন্তন্তে মহাবীৰ৷
বাঢ়িল ভকতি মল গুচিল বুদ্ধিৰ৷৷
পাসৰি আছিল যিটো শিখিবাৰ তত্ত্ব৷
দুনাই ভৈল অৰ্জ্জুনৰ মনত বেকত৷৷১৯৫৪৷৷
ভৈলা ব্ৰহ্ম সম্পত্তি এৰাইলা শোক ভয়৷
মনত আছিল মানে গুচিল সংশয়৷৷
মায়ায়ে এৰিল লিঙ্গশৰীৰ ভাগিল৷
আপুনাৰ আত্মা পৰমাত্মাতে থাপিল৷৷১৯৫৫৷৷
ভকতিৰ বলে জ্ঞান লভিলা নিৰ্গুণ৷
জীৱন্তে মুকুত হুই ৰহিলা অৰ্জ্জুন৷৷
কুন্তী শুনিলন্ত পাছে কৃষ্ণৰ নিৰ্য্যাণ৷
কৃষ্ণতে অৰ্পিয়া চিত্ত ছাড়িলন্ত প্ৰাণ৷৷১৯৫৬৷৷
কৃষ্ণৰ নিৰ্য্যাণ শুনি ৰাজা যুধিষ্ঠিৰ৷
শোক মোহ এড়ি চিত্ত কৰিলন্ত স্থিৰ৷৷
হৰি এৰিলাত কলি প্ৰৱেশিলা জানি৷
পৰীক্ষিত তোহ্মাক পাতিলা ৰাজা আনি৷৷১৯৫৭৷৷
এড়িলা বিচিত্ৰ বস্ত্ৰ ৰত্ন অলঙ্কাৰ৷
পিন্ধিলা বাকলি ৰাজা ভৈলা নিৰাহাৰ৷৷
মৌন ব্ৰত ধৰিয়া মুকুত কৰি কেশ৷
ভৈল যেন জড় আতি পিশাচৰ বেশ৷৷১৯৫৮৷৷
কৃষ্ণপদপঙ্কজক ধৰি হৃদয়ত৷
হৰিভক্তি দহিলে মনৰ মল যত৷৷
বিষ্ণুৰ ধ্যানত পৰে আন গতি নাই৷
পাইলন্ত পৰম গতি পাছে পাঞ্চো ভাই৷৷১৯৫৯৷৷
কৃষ্ণপদপঙ্কজ হৃদয়ে কৰি স্থিৰ৷
ধৰিলা উত্তৰ পথ ৰাজা যুধিষ্ঠিৰ৷৷
দ্ৰৌপদী দেখিলা এৰিলন্ত পঞ্চপতি৷
কৃষ্ণৰ চৰণে পাছে স্থিৰ কৰি মতি৷১৯৬০৷৷
কৃষ্ণকে