সংখ্যাটোৰ আঁৰত

এই সংখ্যাৰ আঁৰৰ কথা….
সাহিত্য ডট্ অৰ্গ’ৰ দৰে এখন মানবিশিষ্ট অনলাইন আলোচনীৰ আগষ্ট’,২০১৭ সংখ্যাটোৰ সম্পাদকৰ দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰথমেই কৃতজ্ঞতা জ্ঞাপন কৰিম অকবৰ প্ৰশাসকমণ্ডলীক, যিসকলে অনভিজ্ঞ মোক এই দায়িত্ব দিয়াৰ বাবে উপযুক্ত বিবেচনা কৰি মোৰ আত্মবিশ্বাসৰ স্তৰ উচ্চ কৰিলে ।
এই সংখ্যাটোৰ সম্পাদনাৰ ক্ষেত্ৰত মোক বিভিন্ন সময়ত বিশেষভাৱে সহায়ৰ হাত আগবঢ়োৱা শ্ৰী মৃদুল কুমাৰ শৰ্মা,ৰূপাংকৰ চৌধুৰী, ভাস্কৰজ্যোতি দাস, দীপজ্যোতি বৰা, মিতালী বৰ্মন, মৌচুমী বৰি, ধ্ৰুৱজ্যোতি শৰ্মা, গীতাৰ্থ বৰদলৈ, উৎপলা কৌৰ আৰু জ্যোতিৰূপম দত্তলৈ আন্তৰিক ধন্যবাদ জনালোঁ৷
এই সংখ্যাটোৰ বিভিন্ন লিখনিৰ বাবে অকবৰ মজিয়াৰ উপৰি দুই এক চকুত লগা লিখনিৰ বাবে বিশেষভাৱে কেইগৰাকীমান লিখকক ব্যক্তিগতভাৱে যোগাযোগ কৰা হৈছিল । অত্যাধিক ব্যস্ততাৰ মাজতো তেওঁলোকে মোৰ অনুৰোধ ৰাখি খুব কম সময়ৰ ভিতৰতে প্ৰদান কৰা লিখনিয়ে এই সংখ্যাটিক এক সুকীয়া ৰূপ দিব, সেয়া বহলাই কোৱাৰ প্ৰয়োজন নাই । এই চেগতে নাম ল’ব পাৰি ড০ বিপ্লব কুমাৰ বৰঠাকুৰ, সুকন্যা শৰ্মা ইত্যাদি সম্ভাৱনাপূৰ্ণ লিখকৰ ।
অলংকৰণৰ ক্ষেত্ৰত নাম ল’ব লাগিব শ্ৰী দীপজ্যোতি তালুকদাৰ সহিতে শ্ৰী বিশ্বজিৎ গগৈ আৰু শ্ৰী গুণাভি সোণোৱালৰ । লগতে বিভিন্ন দিহা পৰামৰ্শৰ বাবে অকবৰ প্ৰশাসক তথা শৈশৱৰ লগৰী মৌচুমী বৰিলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
ইয়াৰ বাহিৰে মোৰ প্ৰতিজন শুভাকাংক্ষী, ‘অসমীয়াত কথা বতৰা’ গোটৰ সমূহ সদস্যবৃন্দ তথা ‘সাহিত্য ডট্ অৰ্গ’ৰ শ্ৰদ্ধাৰ পাঠকসকলক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনালোঁ৷
ধন্যবাদেৰে,
পাৰবীন চুলতানা
সম্পাদক, সাহিত্য ডট অৰ্গ
আগষ্ট’,২০১৭

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!